/asomiyapratidin/media/media_files/2025/06/24/ap-bikhekh-lekha-9-2025-06-24-13-31-57.jpg)
মৃদুল কুমাৰ সন্দিকৈ
অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ কথা ওলালেই প্ৰায় সকলোৰে লক্ষ্য হৈ পৰে শিক্ষক- শিক্ষয়িত্ৰীসকল। চৰকাৰী বিদ্যালয়ৰ শিক্ষক মানেই যেন চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাৰ আজিৰ অৱস্থাৰ বাবে দায়ী তেনে এক মনোভাবৰে আমি এতিয়া গৰাকী।
আচলতে শিক্ষকসকল চৰকাৰী শিক্ষা ব্যৱস্থাক ধ্বংস কৰাৰ বাবে দায়ী নহয়। শিক্ষা বিভাগৰ মুৰব্বী হৈ বহি থকা এচাম উচ্চ পদস্থ বিষয়াৰ ভুল নীতি, দুৰ্নীতিৰ বাবেই ৰাজ্যৰ শিক্ষা খণ্ডৰ এই অধোন্নতি হৈছে। বিশেষকৈ মাধ্যমিক শিক্ষা বিভাগৰ দুৰ্নীতি আৰু অনিয়মৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
ৰাজ্যখনত থকা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ বহুততে নাই স্থায়ী অধ্যক্ষ। যিবোৰ বিদ্যালয়ত স্থায়ী বা ভাৰপ্ৰাপ্ত অধ্যক্ষ নিয়োগ কৰা হৈছে, সেই নিযুক্তিৰ নামতো এচাম অভিজ্ঞ আৰু জ্যেষ্ঠ শিক্ষকক বঞ্চিত কৰিছে শিক্ষা বিভাগে।
এখন এন অ’ চিক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই জটিলতা। বৰ্তমানৰ মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক মমতা হোজাইয়ে ১৯/১২/২৩ত স্কুল পৰিদৰ্শকসমূহলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰিছিল। এই নিৰ্দেশনাত আসাম চিভিল চাৰ্ভিছ কনডাক্ট ৰুলছ ১৯৫৫ৰ দোহাই দি শিক্ষকসকলে এন অ’ চি অবিহনে লোৱা ডিগ্ৰী অবৈধ ঘোষণা কৰা হৈছিল।
ইয়াৰ বাবে বহু শিক্ষকে যোগ্যতা আৰু অভিজ্ঞতা থকাৰ পাছতো অধ্যক্ষ হ’ব পৰা নাছিল। তেনে বহুবোৰ গোচৰ ৰুজু হৈছিল ন্যায়ালয়ত। মমতা হোজাইৰ এই এন অ’ চি কেন্দ্ৰিক জাননীৰ বিৰুদ্ধে বঞ্চিত শিক্ষকসকলে ন্যায়ালয়ৰ কাষ চপাৰ পাছত শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে।
কেচ নম্বৰ WP(C) / 416/2024 ৰায়দান কৰি ন্যায়ালয়ে অধ্যক্ষ পদৰ পৰা এই এন অ’ চিৰ বাবেই বঞ্চিত হোৱা এজন শিক্ষকৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। দিশপুৰ গ'ভমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দয়ানন্দ ভূঞাৰ সন্দৰ্ভত ন্যায়ালয়ে এই ৰায়দানত ক’ব লগা হৈছে যে, স্থায়ী অধ্যক্ষ পদৰ বাবে প্ৰয়োজনীয় বি- এড আৰু স্নাতকোত্তৰ ডিগ্ৰী থকাৰ পাছত তেওঁক স্থায়ী অধ্যক্ষৰূপে নিযুক্তি দিবলৈ সেই ডিগ্ৰী গ্ৰহণ কৰোতে এন অ’ চি আছে নে নাই সেয়া বিচাৰ্য বিষয় হ’ব নালাগে।
ন্যায়ালয়ে ৰায়দানটোত শেষৰ ফালে কৈছে যে, মেধাৰ ভিত্তিত স্থায়ী অধ্যক্ষ নিযুক্তি হ’ব লাগে , এন অ’ চি আছে নে নাই তাৰ আধাৰত স্থায়ী অধ্যক্ষৰ নিযুক্তি হ’ব নালাগে। এই ৰায়দানৰ পাছতে সঞ্চালক মমতা হোজাইয়ে ইয়াক কিদৰে কাৰ্যকৰী কৰে, সেয়াহে লক্ষ্যণীয় হৈ পৰিছে।
উল্লেখযোগ্য যে, দীৰ্ঘদিন এই বিভাগটোত থকা মমতা হোজাইৰ বিৰুদ্ধে ইতিমধ্যে ১২৫টাৰো অধিক আদালত অৱমাননাৰ গোচৰ শিক্ষকসকলে তৰাৰ তথ্য পোহৰলৈ আহিছে। সম্পূৰ্ণ মতগৰ্বিতাৰে বিভাগটোক পৰিচালনা কৰা মমতা হোজাইৰ বাবে বহু শিক্ষক নিযুক্তিৰ নামত চৰম অনিয়ম সংঘটিত হোৱাৰ তথ্যও পোহৰলৈ আহিছে।
শেহতীয়াকৈ চৰকাৰী শিক্ষক নিযুক্তিৰ বাবে শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিলেও হাইস্কুলৰ শিক্ষকৰ নিযুক্তিৰ বাবে হোৱা টেট পৰীক্ষাৰ ফলাফলে সেই দাবীক নস্যাৎ কৰিছে। মমতা হোজাই পৰিচালিত মাধ্যমিক শিক্ষা বিভাগে ২০২৩ চনতে এটা বিজ্ঞাপন প্ৰকাশ কৰিছিল। এই বিজ্ঞাপনত ৮,৩০৪টা হাইস্কুলৰ স্নাতক শিক্ষকৰ পদৰ বাবে আবেদন বিচৰা হৈছিল।
টেট – কাম ৰিকুইটমেণ্ট এই পৰীক্ষাৰে শিক্ষক নিযুক্তি দিবলৈ অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফলাফল ২০২৫ৰ ২৩ জুনত প্ৰকাশ কৰা হয়। ২,০১১১ টা বিজ্ঞানৰ স্নাতক শিক্ষক পদ, ১,৭৩৭ টা গণিত স্নাতক শিক্ষক, ৩,৩০০টা কলা স্নাতক শিক্ষক, ৬৩০টা হিন্দী স্নাতক শিক্ষক, ২২৫টা সংস্কৃত স্নাতক শিক্ষক নিযুক্তিৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছিল ২০২৫ বৰ্ষৰ ১৯ জানুৱাৰীত।
নিযুক্তিৰ বাবে মাধ্যমিক শিক্ষা বিভাগে মেধাৰ যি তালিকাৰ কাট মাৰ্কসহ ফলাফল প্ৰকাশ কৰিলে, সেয়া দেখি সাধাৰণ লোকৰ চকু কপালত উঠিছে। ১৪০ নম্বৰৰ এই পৰীক্ষা ৮,০০০ পদৰ বাবে ৩৫ হাজাৰৰো অধিক আবেদনকাৰী আছিল।
ফলাফল অনুসৰি গণিতৰ স্নাতক শিক্ষক পদৰ বাবে সৰ্বাধিক কাট মাৰ্ক ১০০.৭৫ হোৱাৰ বিপৰীতে সংৰক্ষিত পদৰ গণিত স্নাতক শিক্ষক পদৰ বাবে কাট মাৰ্ক হৈছে মাত্ৰ ২.২৫ নম্বৰ। ইয়াৰ অৰ্থ এয়াই যে, ১৪০ নম্বৰৰ ভিতৰত মাত্ৰ ২ নম্বৰ পোৱা প্ৰাৰ্থীয়েও বিদ্যালয়ত গণিত পঢ়াবগৈ।
ইফালে সংস্কৃতত ন্যূনতম কাট মাৰ্ক হৈছে ৭ নম্বৰ। বিজ্ঞান স্নাতক শিক্ষকৰ মুঠ পদৰ সংখ্যা ২,১১১টা। এই পদত নিযুক্তিৰ বাবে সংৰক্ষিত প্ৰাৰ্থীৰ বাবে ন্যূনতম কাট মাৰ্ক ধাৰ্য কৰা হৈছে ১৯.৭৫। কলা স্নাতক শিক্ষক পদত সংৰক্ষিত আসনৰ বিপৰীতে ন্যূনতম কাট মাৰ্ক মাধ্যমিক শিক্ষা বিভাগে ধাৰ্য কৰিছে ১১ নম্বৰ।
বিশেষভাৱে সক্ষম লোকৰ বাবে সংৰক্ষিত পদৰ ক্ষেত্ৰত এনে ন্যূনতম কাট মাৰ্ক নিৰ্ধাৰণ কৰি দিছে মাধ্যমিক শিক্ষা বিভাগে। পূৰ্বতে টেট পৰীক্ষা অনুষ্ঠিত কৰি সেই পৰীক্ষাত পোৱা নম্বৰ, উচ্চতৰ মাধ্যমিক বা স্নাতক শ্ৰেণীত পোৱা নম্বৰ, বি- এড ডিগ্ৰী, ডি- এল এডত পোৱা নম্বৰৰ আধাৰত মেধাৰ তালিকা প্ৰস্তুত কৰা হৈছিল।
সেই নীতি সংশোধন কৰি মমতা হোজাইৰ নেতৃত্বত শিক্ষক নিযুক্তিৰ নামত অনুষ্ঠিত কৰা এই পৰীক্ষা যেন প্ৰহসন হৈ পৰিছে। বিশেষভাৱে সক্ষম লোকৰ প্ৰমাণপত্ৰ দাখিলৰ এখন ক’লা বজাৰ ৰাজ্যজুৰি গঢ় লৈ উঠিছে। তাত উদগনি যোগাই আহিছে মাধ্যমিক শিক্ষা বিভাগে।
বিশেষভাৱে সক্ষম লোকৰ প্ৰমাণপত্ৰ দাখিল কৰা লোকসকলক উপযুক্ত অনুসন্ধান কৰিলে বহুতো ভুৱা প্ৰাৰ্থী ওলাব, যিসকলে ধনৰ বলত প্ৰকৃত লোকসকলক বঞ্চিত কৰি এই নিযুক্তি লাভ কৰি আহিছে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিশেষভাৱে সক্ষম লোকসকলৰ পৰীক্ষা জি এম চিৰ এক ব’ৰ্ডৰ দ্বাৰাই কৰাই যদিও মাধ্যমিক শিক্ষা বিভাগে সেই এতিয়াও কৰা নাই।
ছাত্ৰ- ছাত্ৰীসকলৰ ভৱিষ্যতৰ বাবে এই নিযুক্তি কিমান আশাব্যঞ্জক হ’ব পাৰে সেয়া নিযুক্তি পৰীক্ষাৰ নামত চলা এই কাট অৱ মাৰ্কে প্ৰমাণ কৰে। মাধ্যমিক শিক্ষা বিভাগটোত দীৰ্ঘদিন ধৰি দায়িত্বত থকা মমতা হোজাইৰ ভুল নীতি আৰু স্থিতিৰ বাবে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ এই শ্মশান যাত্ৰা হৈছে বুলি সৰ্বত্ৰে চৰ্চা হৈছে।
অধ্যক্ষ নিযুক্তি, শিক্ষক নিযুক্তি আদিত এনে বেমেজালি আৰু ল’ৰা ধেমালি কৰা মাধ্যমিক শিক্ষা বিভাগত চলে আৰু বহু কাহিনী। নাৰায়ণ কোঁৱৰৰ দৰে সৎ, নিকা আৰু দক্ষ বিষয়া এই বিভাগৰ শীৰ্ষতম পদত থকাৰ পাছতো মমতা হোজাইৰ দৰে লোকসকলৰ ওপৰত থকা ৰাজনৈতিক কৃপাই বিভাগটেক গেলাই পেলাইছে।