হৈছে নেকি খেলিমেলি অধিবক্তাৰ নিযুক্তিত !

কি হৈ আছে ? বুজি পোৱা নাই ৪হাজাৰৰো অধিক অধিবক্তাই। ক’ৰবাত যে কিবা এটা গণ্ডগোল হৈছে সেই কথা এইবোৰ কাৰবাৰ দেখিলে সকলোৰে সন্দেহ হ’ব।

author-image
Asomiya Pratidin
New Update
bikhekh lekha new (4)

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

কি হৈ আছে ? বুজি পোৱা নাই চাৰি হাজাৰৰো অধিক অধিবক্তাই। ক’ৰবাত যে কিবা এটা গণ্ডগোল হৈছে সেই কথা এইবোৰ কাৰবাৰ দেখিলে সকলোৰে সন্দেহ হ’ব। 

কিয়নো ৰাজ্যৰ অতিকৈ গুৰুত্বপূৰ্ণ এটা বিভাগে নিযুক্তিৰ নামত ল’ৰামতিয়া এক কাৰবাৰ কৰিছে। স্বচ্ছ নিযুক্তিৰ কথা কোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতে বা অজ্ঞাতে সংঘটিত হোৱা এই অনিয়মৰ তদন্ত বিচাৰিছে একাংশ অধিবক্তাই। 

ৰাজ্যৰ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টে ২০২৪ চনতে নিযুক্তিৰ এক বিজ্ঞাপন দিছিল। ২৯৯টা পদৰ বাবে দিয়া এই নিযুক্তিৰ বিজ্ঞাপনত উল্লেখ কৰিছিল যে, এছিচটেণ্ট পাব্লিক প্ৰচিকিউৰেটৰ, পাব্লিক প্ৰচিকিউৰেটৰ আৰু অন্যান্য পদৰ বাবে আবেদন বিচৰা হৈছিল।

এই আবেদন জমা দিয়া অন্তিম তাৰিখ আছিল ৩০ জানুৱাৰী ২০২৪। এই পদত নিযুক্তিৰ বাবে কিছু বিশেষ চৰ্ত বান্ধি দিয়া হৈছিল। নিযুক্তিৰ বাবে নিৰ্বাচিত অধিবক্তাসকলৰ দৰমহাৰ নিৰিখ আছিল ৩০ হাজাৰৰ পৰা ১ লাখ ১২ হাজাৰ টকালৈকে প্ৰতি মাহত।

মুঠ পদ আছিল ২৯৯টা। তাৰে ২৬ টা আছিল পাব্লিক প্ৰচিকিউৰেটৰ আৰু বাকীবোৰ আছিল ক্ৰমে এছিচটেণ্ট পাব্লিক প্ৰচিকিউৰেটৰ আৰু অন্যান্য। উক্ত পদসমূহৰ বাবে প্ৰাৰ্থীসকলৰ মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল মাৰ্চ ২০২৫ত। 

সাক্ষাৎকাৰৰ সময়ত আবেদনকাৰী অধিবক্তাসকলক তেওঁলোকৰ আইনৰ ডিগ্ৰী, অভিজ্ঞতা আৰু তেওঁলোকে কৰা ৩টা গোচৰৰ সবিশেষ লৈ আহিবলৈ দিয়া হৈছিল। অসম এডমিনিষ্ট্ৰেটিভ কলেজত অনুষ্ঠিত হৈছিল এই মৌখিক সাক্ষাৎকাৰ।

তাৰ পাছত আবেদনকাৰী প্ৰাৰ্থীসকলে ভাবি আছিল তেওঁলোকে কৰা আবেদনৰ ভিত্তিত যোগ্যতা অনুসৰি সেই নিযুক্তি লাভ কৰিব। ফলাফল ওলাব ওলাব বুলি ভাবি থাকোতেই ফলাফল নোলাল। কিন্তু ওলাল এখন তালিকা।

সেই তালিকাৰ ভিত্তিত বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা পত্ৰত কিছু প্ৰাৰ্থীৰ চি এন এ ভেৰিফিকেচন বিচৰা হ’ল। বিশ্বনাথ চাৰিআলিৰ আৰক্ষী অধীক্ষকে মেম’ নম্বৰ SB.IX/5/8/2025/89 তাং ২৯-০৭-২৫ৰ আধাৰত সেই জিলাখনৰ থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ প্ৰেৰণ কৰে এখন নিৰ্দেশনা। 

এয়া এখন জিলাৰ আৰক্ষী অধীক্ষকে চি এন এ ভেৰিফিকেচনৰ বাবে কিছু প্ৰাৰ্থীৰ নামসহ প্ৰেৰণ কৰা তালিকাৰ নমুনা। এই নিৰ্দেশনাটোত আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰিছে যে, কাহিলিপাৰা এছ বিৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পৰা পোৱা পত্ৰ অনুসৰি তলত উল্লেখিত প্ৰাৰ্থীসকলৰ চৰিত্ৰ আৰু অন্যান্য দিশ ভেৰিফিকেচন কৰি ৩১ জুলাই ২০২৫ৰ ভিতৰত সেই ভেৰিফিকেচন ৰিপ’ৰ্ট জমা দিব লাগিব।

আন জিলাৰ আৰক্ষী অধীক্ষকসকলেও তেনে তৎপৰতাৰে চি এন এ ভেৰিফিকেচনৰ বাবে জৰুৰী নিৰ্দেশনা জাৰি কৰে। বিশ্বনাথ জিলাত মুঠ ১১জন প্ৰাৰ্থীক চি এন এ ভেৰিফিকেচনৰ বাবে ক্ৰমে বিশ্বনাথ চাৰিআলি, জিনজিয়া, বিহালী, হেলেম, গহপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক এই নিৰ্দেশ দিয়া হৈছিল। 

মুঠ ২৪৫ জনীয়া এখন তালিকা ৰাজহুৱা হৈছে। ফলাফল নিদিয়াকৈ কেনেকৈ এই তালিকা প্ৰস্তুত হ’ল আৰু কিহৰ ভিত্তিত এইসকল প্ৰাৰ্থী পুলিচ ভেৰিফিকেচনৰ বাবে নাম পঠোৱা হ’ল তাক লৈ অধিবক্তাসকলৰ মাজতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। 

আবেদনকাৰী অধিবক্তাসকলে ফলাফল ঘোষণা কৰিব লগা প’ৰ্টেলত এই পদৰ বাবে হোৱা সাক্ষাৎকাৰৰ ফলাফল প্ৰকাশ নকৰাত বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰে। ১ আগষ্টৰ দিনলৈকে আসাম ষ্টেট প’ৰ্টেলত বা বাতৰিকাকতত ফলাফল প্ৰকাশৰ অবিহনে কেনেকৈ ২৯ জুলাই ২০২৫ত এছ বিৰ পৰা প্ৰাৰ্থীসকলৰ চি এন এ ভিৰেফিকেচনৰ বাবে জিলা আৰক্ষী অধীক্ষকলৈ এছ বিৰ জৰিয়তে প্ৰাৰ্থীৰ তালিকা পঠিওৱা হৈছিল, সেইটো এক ডাঙৰ প্ৰশ্ন হৈ পৰে।

পৰৱৰ্তী সময়ত এই প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি আসাম ষ্টেট প’ৰ্টেলত ফলাফল প্ৰকাশ কৰা বুলি জানিব পাৰে আবেদনকাৰী অধিবক্তাসকলে। কিন্তু তেওঁলোকৰ মনত ৰৈ গ’ল এক সন্দেহ। ন্যায় ব্যৱস্থাৰ সৈতে জড়িত এই অধিবক্তাসকলক নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা বিসজৰ্ন দিয়া হ’ল নেকি ?

এগৰাকী আবেদনকাৰী অধিবক্তাই অভিযোগ কৰা মতে, ফলাফল ঘোষণাৰ পূৰ্বে এনে তালিকা প্ৰস্তুত কৰা হৈছিল। সেই নিযুক্তিত যথেষ্ট অনিয়ম সংঘটিত হোৱাৰ সম্ভাৱনা আছে। প্ৰয়োজনত ইয়াৰ তদন্ত ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অনুৰোধ জনাইছে। 

অসম চৰকাৰক হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টেও নিশ্চয় বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰাটো প্ৰয়োজন। নহ’লে এই নিযুক্তি পৰ্বৰ স্বচ্ছতা আৰু নিকাক লৈ স্বাভাৱিকতে সন্দেহ ৰৈ যাব বহুজনৰ মনত।

অধিবক্তা