নেতাই ভোগ কৰিছে, দুগৰাকী আইতাই যমৰ যন্ত্ৰণা ভুগিছে...

দুয়োৰে ঘৰ আছিল ঢকুৱাখনাৰ সমজিলাৰ ঘিলামৰা থানাৰ অন্তৰ্গত বেবেজীয়া কাঠগাঁৱত। দৰিদ্ৰতাৰ সৈতে যুঁজি কোনোমতে জীৱন-নিৰ্বাহ কৰা এই দুই বৃ্দ্ধাক চাউলধোৱাৰ পৰা ধৰি সশস্ত্ৰ আৰক্ষীয়ে লৈ গৈছিল লখিমপুৰ সদৰ থানালৈ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ৈৈ

দুগৰাকী আইতাৰ কৰুণ কাহিনী। নদীবান্ধৰ সৈতে তেওঁলোকৰ নাছিল কোনো সম্পৰ্ক। আন্দোলনকাৰী নেতা সাৰি গ'ল,নিৰপৰাধী দুগৰাকী আইতাৰহে ১৫ বছৰীয়া আদালত যাত্ৰাৰ অন্ত নহ'ল। কি হৈছিল এই দুগৰাকী আইতাৰ সৈতে, পঢ়ক অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই বিশেষ প্ৰতিবেদনত...

Advertisment

দুগৰাকী বৃদ্ধা, জীৱনৰ বহ্নিবেলা তেওঁলোকৰ। হৰিনাম লোৱাৰ বয়সো উকলিল এক অৰ্থত। সেই বয়সত তেওঁলোক দৌৰিব লগা হৈছে আদালতৰ দুৱাৰে-দুৱাৰে। চমন আহে দুয়োৰে নামত। আইন-আদালতৰ জটিলতা তেওঁলোকে একোকে নুবুজে। 

এগৰাকীৰ বয়স প্ৰায় ৭১ বছৰ। আনগৰাকীৰ বয়স ৮৭ বছৰ। তেওঁলোকৰ বিৰুদ্ধে আছে নদীবান্ধ আন্দোলনৰ সময়ত দিয়া গোচৰ। সেই সময়ত নদীবান্ধৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হৈছিল। ১৫ বছৰ আগৰ কথা এয়া।

চাউলধোৱা আছিল সেই আন্দোলনৰ অন্যতম কেন্দ্ৰবিন্দু। ধন-জনৰ লগতে ৰাজহুৱা ধনৰ হানি হোৱা অভিযোগ তুলি সেই সময়ত শাসনত থকা কংগ্ৰেছ চৰকাৰে এটাৰ পাছত আনটো গোচৰ ৰুজু কৰিছিল আন্দোলনকাৰীৰ বিৰুদ্ধে।

এনে গোচৰতে গ্ৰেপ্তাৰ হৈ অখিল গগৈ। ৭ মাহৰ বাবে কাৰাগাৰালৈ যাব লগা হৈছিল। সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বুজা নাছিল আন্দোলনকাৰীৰ ভাষা। আন্দোলনকাৰীক দমন কৰিবলৈ থানাই থানাই ৰুজু কৰিছিল গোচৰ।

গোগামুখ,চাউলধোৱা,বিহপুৰীয়া,লখিমপুৰ আদি থানাত ৰুজু হোৱা গোচৰবোৰ গৈছিল আদালতৰ মজিয়ালৈ। সেই সমূহীয়া গোচৰৰ বিচাৰ চলি আছে লখিমপুৰ জিলা ন্যায়িক আদালতত। জি আৰ গোচৰ নং ৬৪৩/ ২০১২ ৰ অভিযুক্ত এই দুই আইতাও।

মুঠ ৪১ জন লোকৰ বিৰুদ্ধে চলি থকা এই গোচৰৰ শুনানি পৰ্বত  হাজিৰ হ'বলৈ তেওঁলোকে এই বয়সত আহিব লাগে আদালতলৈ। এতিয়া ৮৭ বছৰীয়া আইতা গৰাকীৰ নাম লাহেশ্বৰী চুতীয়া, ৭১ বছৰীয়া আইতা গৰাকীৰ নাম প্ৰতিভা চুতীয়া।

২০১১ চনৰ এই নদীবান্ধৰ বাবে কেম্প পতা ঘাগৰত প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান। সেই সময়ত ঘটনা ক্ৰমে উক্ত স্থানত উপস্থিত হৈছিল এই দুগৰাকী আইতা। জীয়ৰীৰ ঘৰত মিতিৰ খাবলৈ আহিছিল দুয়ো। এগৰাকী আইতাৰ জীয়াৰীৰ ঘৰ আছিল ধেমাজিৰ বৰদলনিৰ ফালে আৰু আনগৰাকী আইতাৰ জীয়াৰীৰ ঘৰ আছিল লখিমপুৰত।

বাট-পথত গাড়ীবোৰ বন্ধ কৰি দিছিল আন্দোলনকাৰীয়ে। তেওঁলোকো নামিছিল সেই স্থানত। বুজি নাপাই নদীবান্ধ কি? কিয় চলিছে এই সংগ্ৰাম? পুলিছে পাই তেওঁলোককো সজাই দিলে সংগ্ৰামী নেত্ৰী। এয়াইতো সেই সময়ত তৰুণ গগৈ চৰকাৰৰ বাহাদুৰী আছিল।

দুয়োৰে ঘৰ আছিল ঢকুৱাখনাৰ সমজিলাৰ ঘিলামৰা থানাৰ অন্তৰ্গত বেবেজীয়া কাঠগাঁৱত। দৰিদ্ৰতাৰ সৈতে যুঁজি কোনোমতে জীৱন-নিৰ্বাহ কৰা এই দুই বৃ্দ্ধাক চাউলধোৱাৰ পৰা ধৰি সশস্ত্ৰ আৰক্ষীয়ে লৈ গৈছিল লখিমপুৰ সদৰ থানালৈ।

পুলিছে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল তেওঁলোকক। প্ৰকৃত আন্দোলনকাৰী সকল ক'ৰবাতেই থাকি গ'ল। এন এছ পি চিৰ বহু বিতৰ্কিত নদীবান্ধো সম্পূৰ্ণ হ'ল। পাহাৰ খহে,সুৰংগ ভাগি পৰে, বিশেষজ্ঞ কমিটীয়ে গেৰুকামুখৰ এই নদীবান্ধ বিপদজনক হ'ব বুলি মত দিলে, কিন্তু জলবোমা সদৃশ সেই নদীবান্ধৰ কাম বন্ধ নহ'ল।

সেই সময়ত নদীবান্ধৰ বিৰুদ্ধে বিজেপি নেতা ৰাজনাথ সিঙো আন্দোলনত নামিছিল, কিয়নো তেতিয়া তেওঁলোক শাসনত নাছিল। কৃষক মুক্তি সংগ্ৰাম সমিতি, আছু,এজেৱাইচিপি,টিএমপিকে,চুতীয়া ছাত্ৰ সন্থাকে ধৰি ৩০ টাতকৈ অধিক দল-সংগঠনে এই আন্দোলনত অংশ লৈছিল।

সেই সংগঠনসমূহৰ নেতাবোৰৰ হাৰাশাস্তি হোৱা নাই এতিয়া। টিএমপিকে ৰ নেতা ইন্দ্ৰ চুক্ৰাং, বিৰেন দলে, এজেৱাইচিপিৰ সেই সময়ৰ নেতা মনোজ বৰুৱা,পলাশ চাংমাই,সৌৰভ দাস,আছুৰ নেতা সৰ্বানন্দ সোণোৱাল, শংকৰ ৰায় বা আন স্থানীয় নেতাৰ নাম নাই এই গোচৰত।

আচৰিত নহয়নে এইবোৰ? ৮৭ বছৰীয়া লাহেশ্বৰী চুতীয়া বিশেষভাৱে সক্ষম, স্তনৰ কৰ্কট ৰোগতো আক্ৰান্ত তেওঁ। এই আন্দোলনত অন্যতম অংশ লোৱা কৃষক মুক্তিৰ গুৰুত্বপূৰ্ণ নেতাৰ নামেই নাথাকিল গোচৰত। এতিয়া তেওঁলোক ৰাজনৈতিক সমীকৰণ মিলোৱাত ব্যস্ত।

কংগ্ৰেছৰ ভিতৰৰ মানুহ নহৈও কংগ্ৰেছী নেতাৰ একোজন পৰামৰ্শ দাতাৰ ৰূপত আঁৰত থাকি ৰাজনৈতিক কুচ-কাৱাজ চলাই গৈছে। কোনোৱাজন সেই সময়ৰ নেতা এতিয়া বিজেপিৰ শিৱিৰৰ মানুহ।আৰু এই লাহেশ্বৰী চুতীয়া,প্ৰতিভা চুতীয়াৰ দৰে নিৰপৰাধী লোকসকলে কৰি ফুৰিব লগা হৈছে লৰা-ঢপৰা।

ফল নধৰাকৈয়ে আন্দোলন হেৰাই গ'ল। অখিল গগৈ বিধায়ক হ'ল। নদীবান্ধৰ এই আন্দোলন ইতিহাস হৈ ৰ'ল। কিয় সেই সকল আন্দোলনকাৰীয়ে এই নিৰপৰাধী দুই বৃদ্ধাক আইনগতভাৱে উদ্ধাৰ কৰিবলৈ ইমান দিনে কোনো ব্যৱস্থা নল'লে? সেইটোহে জানো নহয় এতিয়া আন এক ডাঙৰ প্ৰশ্ন।

কৃষক মুক্তিৰ নতুনকৈ সভাপতিৰ দায়িত্ব লোৱা ৰাজু বৰপাত্ৰ গোহায়ে তেওঁলোকৰ ঘৰলৈ গৈ চৰণ চুই আশীৰ্বাদ বিচাৰিলে, সেয়া ভাল কথা। কিন্তু এনেকৈয়ে জানো তেওঁলোক হ'ব উদ্ধাৰ। প্ৰায়ে যায় ঘিলামৰা থানাৰ আৰক্ষী। দি আহে আদালতত উপস্থিত থাকিবলৈ চমন। তাৰ পাছত তেওঁলোকৰ অৱস্থা কি হ'ব পাৰে?

সকলো সময়তে সৰৱ আৰু সক্ৰিয় বুলি দাবী কৰা অখিল গগৈয়ে কিয় লোৱা নাই তেওঁলোকৰ খবৰ? কিয় এবাৰো সোধা নাই অসম বিধানসভাত তেওঁলোকৰ হৈ প্ৰশ্ন? ওলাবনে কোনোবা অভিজ্ঞ দায়িত্বশীল লোক, যিসকলে এই নিৰপৰাধী দুই আইতাৰ বাবে দিব পাৰে এখন নিস্বাৰ্থ আইনী যুঁজ। কিয়নো আইন আৱেগত নচলে, আদালতত নিৰ্দোষী বুলি আইনী প্ৰক্ৰিয়াৰে প্ৰমাণ কৰিব লাগে।

নদীবান্ধ ঢকুৱাখনা আৰক্ষী লখিমপুৰ অখিল গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতি