Advertisment

অন্ত পৰাৰ দিশে যুগলৰ যুগ ...

কৈ থাকিলে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু অনিয়মৰ কাহিনীৰ অন্ত নপৰে। এখন মহাবিদ্যালয়ৰ অধ্যক্ষ নহয় যেন তেওঁ দুৰ্নীতি আৰু অনিয়মৰ এজন চৰ্দাৰহে ...

New Update
0

নৰ্থ বেংক কলেজ

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

কৈ থাকিলে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু অনিয়মৰ কাহিনীৰ অন্ত নপৰে। এখন মহাবিদ্যালয়ৰ অধ্যক্ষ নহয় যেন তেওঁ দুৰ্নীতি আৰু অনিয়মৰ এজন চৰ্দাৰহে ! মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত তেওঁ কিদৰে এই অনিয়মৰ বেহাৰ পাতি এখন মহাবিদ্যালয়ৰ মুৰব্বীৰ পদত অধিষ্ঠিত হৈ আছে, সেয়াহে এতিয়া বহুতৰ বাবে কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে।

এনে দুৰ্নীতিৰ অভিযোগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে শেহতীয়াকৈ চলি আছে তদন্ত। লখিমপুৰ জিলাৰ এগৰাকী অতিৰিক্ত আয়ুক্তৰ নেতৃত্বত চলা এই ৫জনীয়া তদন্ত কমিটীয়ে ইতিমধ্যে বহু অভিযোগ লাভ কৰিছে। উচ্চ শিক্ষা সঞ্চালকালয়তো এই নৰ্থ বেংক কলেজ, ঘিলামৰাৰ বিতৰ্কিত অধ্যক্ষ যুগল শইকীয়াৰ বিৰুদ্ধে দাখিল কৰা অভিযোগৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া চলিছে। 

আশা কৰা হৈছে- এইগৰাকী বিতৰ্কিত অধ্যক্ষৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষেও বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। কেৱল মহাবিদ্যালয় লৈ আৱণ্টিত ধনৰ হৰণ- ভগনতেই তেওঁৰ দুৰ্নীতিৰ দস্তাবেজ শেষ হোৱা নাই। নামে- বেনামে তেওঁ ঘটা সম্পত্তিৰ তালিকাখনো বৰ দীঘলীয়া। চতুৰ অধ্যক্ষগৰাকীয়ে তেওঁৰ এগৰাকী আত্মীয়ৰ জৰিয়তে বহু ধন ঠিকাৰ নামত আত্মসাৎ কৰাৰো অভিযোগ আছে।

পত্নীৰ ভাতৃকো এই অনিয়মৰ সংগী কৰি লোৱা নৰ্থ বেংক মহাবিদ্যালয়ৰ অধ্যক্ষ যুগল শইকীয়াৰ দুৰ্নীতিৰ বহু কাহিনী সাক্ষী তেওঁৰ খুলশালীয়েক। এই অভিযোগ স্থানীয় লোকৰ। ইফালে নিজৰ মৰ্জি অনুসৰি মহাবিদ্যালয়ৰ পুঁজি ব্যয় আৰু আত্মসাৎ কৰা যুগল শইকীয়াই বহু মেধাৱী ছাত্ৰ- ছাত্ৰীৰ জীৱনো অন্ধকাৰৰ মাজলৈ ঠেলি দিছে।

সেই কাহিনী ক’লে কেইবাজনো তেনে মেধাবী ছাত্ৰ- ছাত্ৰীয়ে। যি ইচ্ছা তাকে কৰিব বিচৰা যুগল শইকীয়াই অতি শেহতীয়াকৈ মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগত খালী হোৱা এটা পদৰ বাবে বিজ্ঞাপন দিছিল।

দৈনিক অসম নামৰ কাকতত ৪ জুলাই ২০২৪ত প্ৰকাশ পোৱা এই বিজ্ঞাপনটো আছিল- ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক পদৰ। আৰ পি নং ২ অ’ বি চি/ এম অ’ বি চিৰ বাবে সংৰক্ষিত এই পদৰ বাবে সাক্ষাৎকাৰ ধাৰ্য কৰা হৈছিল ১৩/০৯/ ২০২৪ তাৰিখে।

উক্ত পদটোৰ বাবে বহু কেইগৰাকী প্ৰাৰ্থীয়ে আবেদন জনাইছিল। তাৰ ভিতৰত এজন আছিল প্ৰণয় প্ৰতীম বৰুৱা। নৰ্থ বেংক মহাবিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ আছিল প্ৰণয়। মেধাৱী এইগৰাকী ছাত্ৰই নৰ্থ বেংক মহাবিদ্যালয়ৰ পৰা ৮.৫৫ চি জি পি এ লৈ স্নাতক ডিগ্ৰী লৈছিল ৰাজনীতি বিজ্ঞানত।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৭.৪৭ চি জি পি এসহ স্নাতকোত্তৰ ডিগ্ৰী লোৱা প্ৰণয়ে ২০২৩ৰ প্ৰথম ভাগতে নেটত উত্তীৰ্ণ হৈছিল। সেয়েহে এই পদৰ বাবে আবেদন কৰিবলৈ তেওঁ সকলো দিশৰ পৰাই উপযুক্ত আছিল। যুগল শইকীয়াই কিন্তু এই মেধাৱী ছাত্ৰগৰাকীক বঞ্চিত কৰিবলৈ অলপো কুণ্ঠাবোধ কৰা নাছিল।

আবেদনকাৰীসকলৰ আবেদনসমূহ স্কেনিং কৰাবলৈ তেওঁ এখন নিজা মানুহেৰে কমিটী গঠন কৰিছিল। য’ত ৰাজনীতি বিজ্ঞান বিভাগৰ নৰ্থ বেংক মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপকগৰাকীকে সেই স্কেনিং কমিটীত স্থান দিয়া নহ’ল। তাৰ সলনি তেওঁৰ কথা “ইয়েছ ছাৰ”ৰূপে মনা অৰ্থনীতি বিভাগৰ এজন লোকক সেই কমিটীত অন্তৰ্ভুক্ত কৰা হৈছিল।

এই পদটোত আবেদন কৰা সকলৰ ভিতৰত আন এজন মেধাৱী ছাত্ৰ আছিল বিতু প্ৰতিভ বৰুৱা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ বিতু প্ৰতিভৰ কেৰিয়াৰো বৰ ভাল আছিল। তেনেকৈ আন এগৰাকী ঘিলামৰাৰে বুধিন নামৰ মেধাৱী ছাত্ৰগৰাকীও এই পদৰ বাবে আবেদন জনাইছিল।

স্কেনিং কমিটীৰ জৰিয়তে আবেদনসমূহ পৰীক্ষা কৰি যুগল শইকীয়াই মাত্ৰ ৪জন আবেদনকাৰীক এই পদৰ সাক্ষাৎকাৰৰ বাবে মাতিবলৈ চূড়ান্ত তালিকা প্ৰস্তুত কৰিছিল। যোগ্য মেধাৱী ছাত্ৰ প্ৰণয় প্ৰতীম বৰুৱাই নেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰ আৰু গৱেষক ছাত্ৰ বিতু প্ৰতিভ বৰুৱাই বেংক ড্ৰাফট দিয়া নাই বুলি দেখুৱাই তেওঁলোকৰ আবেদন নাকচ হোৱাতো দেখুৱাইছিল যুগল শইকীয়াই।

স্কেনিং কমিটীৰ জৰিয়তে এই কাম চতুৰ যুগল শইকীয়াই কৰিছিল যদিও তেওঁৰ এই অনিয়মৰ কথা পোহৰলৈ আহে মেধাৱী ছাত্ৰকেইজনৰ তৎপৰতাৰ বাবে। প্ৰণয় প্ৰতীমে জনোৱা মতে তেওঁ আবেদনৰ সৈতে নেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰ গাঁঠি দিছিল। ১২ নং পৃষ্ঠাত আছিল সেই প্ৰমাণপত্ৰখন।

ইফালে বিতু প্ৰতিভ বৰুৱাইয়ো প্ৰয়োজনীয় ডিমাণ্ড ড্ৰাফট আৰু প্ৰমাণপত্ৰ আবেদনৰ সৈতে গাঁঠি দিছিল। তেওঁলোকক অযোগ্য ঘোষণা কৰিবলৈ সম্ভৱতঃ সেই প্ৰমাণপত্ৰবোৰ সেই আবেদনৰ পৰা আঁতৰাই ফালি পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

সাক্ষাৎকাৰলৈ নমতাৰ বাবে দুয়ো গৈ অধ্যক্ষ যুগল শইকীয়াৰ পৰা এই সন্দৰ্ভত কাৰণ জানিব বিচৰাত চতুৰ অধ্যক্ষগৰাকীয়ে তেওঁলোকক পুনৰ আবেদন পত্ৰ জমা দিবলৈ পৰামৰ্শ দিছিল। সেই মতে প্ৰণয় প্ৰতীম আৰু বিতু প্ৰতিভ বৰুৱাই ৩ ছেপ্তেম্বৰ ২০২৪ত মহাবিদ্যালয়খনৰ গভ’ৰ্ণিং ব’ডীৰ সভাপতিৰ হাতত নতুনকৈ আবেদন দাখিল কৰিছিল।

এই সমগ্ৰ বিষয়টো ছাত্ৰ দুগৰাকীয়ে উচ্চ শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত অৱগত কৰিছিল। তেনে পৰিস্থিতিত প্ৰথমবাৰ সাক্ষাৎকাৰৰ দিন বাতিল কৰিবলৈ বাধ্য হৈছিল যুগল শইকীয়া। জানিব পৰা মতে এই পদটোত নিজৰ এগৰাকী আত্মীয়ক নিযুক্তি দিয়াৰ বাবে অধ্যক্ষ যুগল শইকীয়াই এই ব্লু- প্ৰিণ্ট ৰচনা কৰিছিল। 

কিমান তলৰ পৰ্যালয়লৈ যাব পৰা লোক এই গৰাকী অধ্যক্ষ, তাৰ বহু প্ৰমাণৰ এয়া এটাহে। তেওঁৰ এনে অনিয়মৰ বাবে বহু মেধাৱী ছাত্ৰৰ কেৰিয়াৰ ধ্বংস হোৱাৰ লগতে হতাশাত ভুগি জীৱন হেৰুৱাব লগা হোৱাৰ উদাহৰণো আছে। 

যুগল শইকীয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু অনিয়মৰ উপযুক্ত তদন্ত হ’লে কেচু খান্দোতে সাপ ওলাব। শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই দুৰ্নীতিগ্ৰস্ত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে কেতিয়া ল’ব বিহিত ব্যৱস্থা ? মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ইয়াৰ তদন্ত কৰিলেই গম পাব- কি স্তৰত দুৰ্নীতি সংঘটিত কৰিছে অধ্যক্ষ যুগল শইকীয়াই।

ghilamara north bank college