হে মানুহ, কিয় তুমি ইমান অমানুহ...

গুৱাহাটীৰ এটা ফ্লেটৰ কাহিনী। সেই কাহিনী শুনি বিশিষ্ট প্ৰকৃতিপ্ৰেমী মেনকা গান্ধীও হৈছে আচৰিত। নিজেই ফোন কৰিছে তেওঁ ফ্লেটটোৰ চ’ছাইটিৰ সভাপতি- সম্পাদকলৈ। বুজাই দিছে আইনী কথাবোৰ, কৈছে- আপোনাৰ দৰে সেই ইতৰ জীৱবোৰৰো আছে এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰ।

New Update
ap BIKHEKH LEKHA (11)

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

গুৱাহাটীৰ এটা ফ্লেটৰ কাহিনী। সেই কাহিনী শুনি বিশিষ্ট প্ৰকৃতিপ্ৰেমী মেনকা গান্ধীও হৈছে আচৰিত। নিজেই ফোন কৰিছে তেওঁ ফ্লেটটোৰ চ’ছাইটিৰ সভাপতি- সম্পাদকলৈ। বুজাই দিছে আইনী কথাবোৰ, কৈছে- আপোনাৰ দৰে সেই ইতৰ জীৱবোৰৰো আছে এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰ।

নুশুনে তেওঁলোকে মেনকা গান্ধীৰ কথা। নুবুজে উচ্চতম ন্যায়ালয়ে দি থোৱা ৰায়ৰ ভাষা। এই ফ্লেটটোৰ চ’ছাইটিৰ দায়িত্বত থকা সভাপতি- সম্পাদকৰ এটাই হেনো কথা- ফ্লেটৰ তলত কোনোৱেই কৰিব নোৱাৰিব এই কাম। 

থানা পালেগৈ অভিযোগ। আৰক্ষীয়েও সমাধান কৰিব নোৱাৰিলে এই সমস্যাৰ। এতিয়া আদালতেই শেষ ভৰষা। বিষয়টো সেই ফ্লেটটোৰ চ’ছাইটি আৰু তাতেই থকা এগৰাকী আৱাসীৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। এয়া এক ঐতিহাসিক গোচৰ হোৱাৰ দিশত।

মানুহ কিমান অমানুহ হ’ব পাৰে তাৰ প্ৰমাণ এয়া। ডাঙৰ ডাঙৰ চাকৰি কৰি ঘৰত বিলাতী কুকুৰ- মেকুৰী পোহা এচাম আঢ্যৱন্ত মানুহৰ মানসিকতাৰ পৰিচয়। জীৱ- জন্তুৰ কল্যাণৰ হকে কাম কৰা এটা বেচৰকাৰী সংস্থাৰ এজন বিষয়ববীয়াই জানিবলৈ দিছিল এই খবৰ।

সেই খবৰৰ সত্যতা নিৰূপণৰ বাবে ফ্লেটটোত থকা যুৱতী বাসিন্দা এগৰাকীৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও তেওঁ এই বিষয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকিল, কিন্তু কথাবোৰ অস্বীকাৰ নকৰিলে।

জানিব পৰা মতে, যুৱতীগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে এই ফ্লেটটোত দীৰ্ঘদিন ধৰি বাস কৰি আহিছে। জীৱ- জন্তুৰ প্ৰতি তীব্ৰ প্ৰেম এই দম্পত্তীৰ। সেয়েহে জেপৰ ধন ভাঙি ফ্লেটৰ তলৰ আওঁহতীয়া এক অংশত সেই স্থানতে থকা মালিক নোহোৱা দুটা কুকুৰ আৰু কেইটামান মেকুৰীক খাবলৈ দিয়ে প্ৰতিদিনাই।

তাতেই তেওঁলোকৰ অপৰাধ। ফ্লেটৰ তলত কিয় খাব দিব জীৱ-জন্তুক ? আবেলি প্ৰায় ৩-৩০ বজাত তেওঁলোক থকা ভাড়াৰ ফ্লেটটোৰ বাবে সংৰক্ষিত পাৰ্কিং এৰিয়াৰ এটা কোণত দুটা কুকুৰ আৰু কেইটামান মেকুৰীক তেওঁলোকে খাবলৈ দিয়ে। 

জীৱ- জন্তুৰ বাবে মানিব লগা আইন মানি সেই কুকুৰ আৰু মেকুৰীকেইটাক নিজা খৰচত ভেকচিনেচন আৰু বংশবৃদ্ধি যাতে নহয়, তাৰ প্ৰতিৰোধৰ ব্যৱস্থাও জেপৰ ধন ভাঙি কৰিছে। খাবলৈ দিয়া অংশটো যাতে লেতেৰা নহয়, তাৰ বাবে বিশেষ দৃষ্টি ৰাখে। 

আনকি মেকুৰীৰ বাবে গোটা খাদ্যৰো ব্যৱস্থা কৰে। তাৰ পাছতো তেওঁলোকক দিয়া হৈছে বাধা। ফ্লেটৰ তলত কোনো কাৰণতে কুকুৰ- মেকুৰীক খুৱাব নোৱাৰিব বুলি জাৰি কৰা হৈছে তালিবানী হুকুম। গইনা লৈছে এক বিশেষ ঘটনাৰ।

কিছুদিনৰ পূৰ্বে তাৰেই এটা কুকুৰে এটা শিশুক কামুৰিছিল। সেয়াও আছিল এক দুৰ্ঘটনা। তাৰ পাছতো তেওঁলোকৰ এই হেঁচা অধিক তীব্ৰতৰ হোৱাই নহয়, সেই ভাড়াঘৰৰ পৰা তেওঁলোকক খেদাৰ ব্যৱস্থা কৰিবলৈ ফ্লেটৰ মালিকক চ’ছাইটিৰ পৰা কঠোৰ সাৱধানবাণী দিয়া হৈছে।

পৰিণতিত মালিকে এই ভাড়াতীয়া দম্পত্তীক এমাহৰ ভিতৰত ফ্লেট খালী কৰি দিবলৈ জাননী দিছে। কুকুৰ- মেকুৰী আৰু চৰাই- চিৰিকটিক খাদ্য দিয়াত কোনেও বাধা দিব নোৱাৰে বুলি যুৱতীগৰাকীয়ে দিয়া এটা হোৱাট-এপৰ ভয়চ মেছেজক সম্বল কৰি লৈ সেই ফ্লেটৰ একাংশই এনে এখন নাটকৰ সৃষ্টি কৰিছে যেন যুৱতীগৰাকীয়ে মহাপাপ কৰিছে।

যুৱতীগৰাকীয়ে কাষ চাপিছে এতিয়া আইনৰ। ভাৰতীয় আইনত পদপথত থকা জীৱ-জন্তু সন্দৰ্ভতো আছে বহু বিধান। এনে জীৱ- জন্তুৰ বাবে গঠন কৰা হৈছে ‘এনিমেল ৱেলফেয়াৰ ব’ৰ্ড অৱ ইণ্ডিয়া।‘ সেই সংস্থা আৰু প্ৰতিষ্ঠান তথা দেশৰ আইনে এনে কাৰ্যৰ পৰা কোনো লোকে, কোনো এজন লোকক বঞ্চিত কৰিব নোৱাৰে বুলি উল্লেখ থকাৰ পাছতো কিয় এনে আচৰণ কৰিছে তথাকথিত সেই সভ্য লোক সকলে ?

চিন্তিত এতিয়া সেই যুৱতীগৰাকী। তেওঁলোকে ঘৰ এৰি গুচি যাব, তাত বাধা নাই। কিন্তু সেই স্থানত থকা কুকুৰ-মেকুৰীকেইটাৰ বাবে বিকল্প ব্যৱস্থা কি হ’ব, তাকলৈহে চিন্তা। যোৱা ৮/৯ বছৰ ধৰি যুৱতীগৰাকী আৰু তেওঁৰ স্বামীয়ে এই জীৱ- জন্তুবোৰক খাদ্য যোগান ধৰি আহিছে। 

মহানগৰীৰ হাতীগাঁৱৰ লখিমী নগৰত থকা ‘সদাশিৱ’ নামৰ এটা ফ্লেটৰ কাহিনী এয়া। চাকৰিৰ পৰা অৱসৰ ল’বলৈ কেইটামান দিন থকা এজন মানুহৰ নেতৃত্বত দিয়া হৈছে এই কাৰ্যত বাধা। তেওঁলোকে বাৰু এই সমস্যাৰ সমাধান আলাপ-আলোচনাৰ মাজেৰে কৰাৰ সলনি কিয় এই যুৱতীগৰাকীক এনে কাৰ্যৰ বাবে নিৰ্যাতন চলাইছে সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন।

আগবাঢ়ি আহিবনে তথাকথিত জীৱ-জন্তুৰ প্ৰতি সজাগ-সচেতন সংস্থাসমূহ ? সু-বুদ্ধি উদয় হ’বনে এনে কাৰ্যক বাধা দিয়া এই সকল ভব্য-গব্য লোকৰ ? তেওঁলোকে কিয় ভাবে- এই পৃথিৱী কেৱল তেওঁলোকৰ বাবে, এৰা-ধৰাৰ মাজেৰে সমাধান কৰিব পৰা সমস্যা এটাক লৈ সৃষ্টি কৰিছে কিয় ইমান জটিলতা ?

তেওঁলোকৰ উদাৰতাই এক মহানুভৱতাৰ পৰিচয় দিব। লেতেৰা হয় বুলি ভাবিলে সেই স্থান পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব পৰা যায়। কিন্তু এই যুক্তিতে এনে মহান কামৰ সৈতে নিঃস্বাৰ্থভাৱে জড়িত কাৰোবাক জানো সেই কামৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰিব পাৰি ?

তেওঁলোকে বুজা উচিত, গুৰুজনাৰ সেই বাণী। উপলব্ধি কৰক গুৰুজনাৰ এই কথা- কুকুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম/ জানিয়া সবাকো কৰিবা প্ৰণাম ।।

গুৱাহাটী কুকুৰ