সাৰ পাইহে পালে খবৰ- আজি হেনো ৰিজাল্ট দিব...

সময় বহু সলনি হ’ল ! পুৰণি আৰু বৰ্তমানৰ মাজত আকাশ- পাতাল পাৰ্থক্য। একেই পৰীক্ষা, একেই ফলাফল। কিন্তু তেতিয়াৰ দৰে এতিয়া এই ফলাফলকলৈ যেন পূৰ্বৰ দৰে আবেগভৰা উৎসুকতা আৰু আমেজ নাই

author-image
মৃদুল কুমাৰ সন্দিকৈ
আপডেট কৰা হৈছে
New Update
ৰিজাল্ট

সময় বহু সলনি হ’ল ! পুৰণি আৰু বৰ্তমানৰ মাজত আকাশ- পাতাল পাৰ্থক্য। একেই পৰীক্ষা, একেই ফলাফল। কিন্তু তেতিয়াৰ দৰে এতিয়া এই ফলাফলকলৈ যেন পূৰ্বৰ দৰে আবেগভৰা উৎসুকতা আৰু আমেজ নাই, প্ৰসংগ- হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

Advertisment

ক’ৰবাত যদি এনে ফলাফল ঘোষণাৰ প্ৰক্ৰিয়াত প্ৰত্যক্ষ- পৰোক্ষ ক্ষমতাশালী পক্ষৰ ইচ্ছা- অনিচ্ছাৰ প্ৰতিফলিত হৈছে, আন ক’ৰবাত জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰতি মানুহৰ আগ্ৰহ আৰু মনোযোগ হ্ৰাস পাইছে। সেই উপলব্ধি হয়তো বহুতে কৰে, সেয়েহে হুমুনিয়াহ কাঢ়ি এই দিনটোৰ কথা মনত পেলাই কয়- আমাৰ দিনত মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ দিনাৰ কথাই বেলেগ আছিল।

গাঁৱখনত থকা মেট্ৰিক পৰীক্ষাৰ্থী কেইজনৰ ফলাফলকলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল সমগ্ৰ গাঁওবাসীয়ে। বিদ্যালয়ৰ জাননী ব’ৰ্ডত মৰা ফলাফলৰ তালিকাৰ পৰা ৰিজাল্ট আনিবলৈ যোৱা জনে কাগজ এখনত টুকি অনা নম্বৰবোৰ চাবলৈ মানুহৰ যে কিমান হেতা-ওপৰা লাগিছিল।

ৰিজাল্টৰ বুকলেটখন কোনোবাই মেলি চাব পৰাতো আছিল সৌভাগ্যৰ কথা। তথ্য- প্ৰযুক্তিয়ে আমাক এনে এক পৰ্যায়লৈ লৈ গ’ল যে, এতিয়া মোবাইলে মোবাইলে পি ডি এফৰ ৰূপত সেই ফলাফলৰ বুকলেট উপলব্ধ। ফলাফল ঘোষণা কৰাৰ পিছতে এপছ আৰু ৱেবচাইটৰ জৰিয়তে নিজৰ ৰিজাল্ট চোৱাৰ লগতে নম্বৰৰ তালিকা অৰ্থাৎ মাৰ্কশ্বিট ডাউনলোড কৰি ল’ব পাৰি।

ইতিবাচক এই পৰিৱৰ্তনে হয়তো পূৰ্বৰ দৰে সাধাৰণ লোকৰ আগ্ৰহ প্ৰতিফলিত কৰিব পৰা পৰিৱেশ অতীত কৰি পেলালে। কিন্তু তাৰ মাজতো আন বহু কথা থাকি যায়, যিবোৰ উপেক্ষা কৰিব পৰা নাযায়। এতিয়াতো সকলোৱে মেধাৱী। ৮০/৯০ শতাংশ নম্বৰ লাভ কৰাতো সাধাৰণ কথা হৈ পৰিছে।

এটা দিন আছিল মেট্ৰিকত পাছ নে ফেইল সেইটোৱে ডাঙৰ খবৰ আছিল। ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দেখা পোৱা গ’ল এই পৰীক্ষাত ৪,২২,৭৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ২,৭০,৪৭১ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’ল। 

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলৰ ভিতৰত ৮৯,০৪১ জনে প্ৰথম বিভাগ, ১,৩৫,৫৬৮ জনে দ্বিতীয় বিভাগ আৰু ৪৫,৮৬২জনে তৃতীয় বিভাগ পালে। এই সফল পৰীক্ষাৰ্থীসকলৰ ভিতৰত প্ৰথম ৩টা শীৰ্ষ স্থান লাভ কৰিলে দুখন ব্যক্তিগতখণ্ডৰ বিদ্যালয়ে। 

তিনিওৰে মাজত নম্বৰৰ পাৰ্থক্য মাত্ৰ ৩। অৰ্থাৎ প্ৰথম স্থান পোৱা জনে দ্বিতীয় স্থান পোৱা জনতকৈ ১ নম্বৰ বেছি আৰু দ্বিতীয় স্থান পোৱা জনে তৃতীয় স্থান পোৱা জনতকৈ ১ নম্বৰ বেছি পালে। এতিয়া ছাত্ৰ- ছাত্ৰীৰ মাজত এনেকৈ প্ৰতিযোগিতা হয়। 

এই মেধাৰ তুলনা নম্বৰৰ জৰিয়তে কৰা হয় যদিও স্থান পাবলৈ সক্ষম নোহোৱা বহু ছাত্ৰ- ছাত্ৰীয়ে অলপৰ বাবে সেই কৃতিত্ব আৰু গৌৰৱৰ অধিকাৰী হোৱাৰ পৰা বঞ্চিত হ’ল। সেই সকল সফল ছাত্ৰ- ছাত্ৰীক অভিনন্দন। ৫,৩৩৬ গৰাকী শিক্ষাৰ্থীয়ে ডিষ্ট্ৰিংচন, ১৬,৫১৭গৰাকী ষ্টাৰ আৰু ১,৬৮,৩১২ জনে এই পৰীক্ষাত লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে।

সেই সফলতাৰ মাজতো বিফল হোৱা ছাত্ৰ- ছাত্ৰীৰ সংখ্যা কম নহয়। ২০২৩ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ আছিল ৭২.৬ শতাংশ। ২০২৪ বৰ্ষত এই হাৰ ৭৫.৭ শতাংশলৈ বৃদ্ধি হৈছিল। ২০২৫ বৰ্ষত উত্তীৰ্ণৰ হ্ৰাস হয় ৬৩.৯৮ শতাংশলৈ।

১০০জন ছাত্ৰ- ছাত্ৰীৰ ভিতৰত প্ৰায় ৬৪জন ছাত্ৰ- ছাত্ৰী উত্তীৰ্ণ হৈছে। আন ৩৬জন ছাত্ৰ- ছাত্ৰী উত্তীৰ্ণ হ’ব নোৱাৰাতোহে শিক্ষা বিভাগে বা বিদ্যালয়সমূহে গুৰুত্বসহকাৰে লোৱা উচিত। দশম শ্ৰেণীৰ এই পৰ্যায়ৰ পৰীক্ষাত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেখা পোৱা যায় উত্তীৰ্ণৰ হাৰ সদায় ৯০ শতাংশৰো ওপৰত থাকে।

কিন্তু অসমত এই পৰ্যায়ৰ পৰীক্ষাত লাখ লাখ ছাত্ৰ- ছাত্ৰীয়ে উত্তীৰ্ণ হ’ব নোৱাৰে। এইবাৰো ১ লাখ ৫২ হাজাৰ ২শ ৬৬গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ নহ’ল। সেই সংখ্যা আৰু এনেদৰে সফল নোহোৱা ছাত্ৰ- ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যৎ কি হ’ব, সেই দিশটো অন্যতম বিচাৰ্য হোৱা উচিত।

একেদৰে এনে পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত প্ৰশ্নকাকত ফাদিল হোৱা, পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্ন অহা সমস্যাবোৰ আজিও সমাধান নহ’ল। সেই খবৰবোৰে পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰীসকলক পৰীক্ষা দি থকাৰ সময়ত মানসিকভাৱে প্ৰভাৱ পেলায়।

পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে এক সুনিৰ্দিষ্ট শৈক্ষিক কেলেণ্ডাৰ কিয় আজিও সম্ভৱ হৈ উঠা নাই ? পৰীক্ষা কেতিয়াৰ পৰা অনুষ্ঠিত হ’ব, কেতিয়া ফলাফল ঘোষণা কৰিব তাৰ আগতীয়া দিনপঞ্জী আছাম ষ্টেট স্কুল ইডুকেছন ব’ৰ্ড বা শিক্ষা বিভাগে প্ৰস্তুত কৰিব লাগে। নহ’লে কোনোবাই এক্স হেণ্ডেলত পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰিব বুলি দিয়া টুইটৰ ওপৰতে আমি নিৰ্ভৰশীল হ’ব লগা হয়। পুৱা টুইট, সেই দিনাই ১০-৩০ বজাত ফলাফল। যাৰ বাবে সাধাৰণ মানুহেও ভাবিবলৈ বাধ্য হৈছে- এনেকৈয়েনো ঘোষণা হয়নে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল !

হাইস্কুল শিক্ষান্ত পৰীক্ষা