গুৱাহাটী…

গুৱাহাটী…

author-image
asomiyapratidin
New Update
গুৱাহাটী…

মৃদুল কুমাৰ সন্দিকৈ

গুৱাহাটী কাৰোৱে নহয়। গুৱাহাটী আমাৰ সকলোৰে। গুৱাহাটী উত্তৰ-পূৱৰ দুৱাৰমুখ। ঐতিহ্য আৰু প্ৰকৃতিৰ ৰম্যভূমি। গুৱাহাটীক সৰ্বাংগ সুন্দৰ কৰি ৰখাৰ দায়িত্ব সকলোৰে আছে।

গুৱাহাটীৰ ভৱিষ্যত কি। কি হব গুৱাহাটীৰ। গুৱাহাটী ৰাজনীতি নহয়। কংগ্ৰেছ, বিজেপিয়ে কৃত্ৰিম বানপানীক লৈ পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে অভিযোগৰ আঙুলি তুলিলেও গুৱাহাটী আজি পৰিৱেশৰ বাবে শাসনত থকা সকল দায়ী।

গুৱাহাটীৰ উন্নয়নৰ বাবে বছৰি বছৰি কোটি কোটি টকা ধাৰ্য কৰা হয়। সেই ধন কত ব্যয় কৰে। যদি কামেই নহয় , তেনেহলে এনেই ধন ব্যয় কৰাৰ প্ৰয়োজন কত। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই মহানগৰীৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৰষুণ অত্যাধিক হোৱাৰ বাবে কৃত্ৰিম বান হৈছে বুলি মন্তব্য কৰিছিল।

যদি বৰষুণ হলে মহানগৰীত তিনি চাৰি দিনলৈকে পানীত ডুব গৈ থকা পৰিস্থিতি হয় তেনেহলে স্বাভাৱিকভাৱে সেই পৰিৱেশ উন্নত হোৱালৈ অপেক্ষা কৰাৰ বিপৰীতে গুৱাহাটী পৌৰ নিগম বা চৰকাৰৰ একো কৰণীয়ই নাথাকিব।

কৃত্ৰিম বানৰ সুযোগ লৈ গুৱাহাটীক কেন্দ্ৰ কৰি ৰাজনীতি চলিছে। সুযোগ সন্ধানী সকলে নিজকে ভাল আৰু দক্ষ বুলি কবলৈ গৈ প্ৰকৃত কিছু সত্যক উদঙাই দিছে। এই কথা সত্য যে পূৰ্বতে গুৱাহাটীৰ উন্নয়ণৰ দায়িত্বত থকা আৰু বৰ্তমান মন্ত্ৰীত্ব নোপোৱা সকলোৰ ক্ষোভৰ মাজতেই গুৱাহাটীৰ নামত যে লুণ্ঠন চলে সেয়া স্পষ্ট হৈছে।

প্ৰয়োজন বা ব্যৱহাৰ কৰিব নোৱাৰা যন্ত্ৰপাতি, ঠিকা আৰু বাৰিষা অহাৰ পূৰ্বে নল-নৰ্দমা চাফা কৰিবলৈ নিবিদা আহ্বান কৰি দেখাত গুৱাহাটীৰ বাবে বহু কৰা যেন দেখুৱালেও মূলত এইবোৰ কামৰ জৰিয়তে সেই চক্ৰৰে জড়িত ঠিকাদাৰ, বিষয়াৰ জেপ গৰম হয়।

গুৱাহাটীৰ কৃত্ৰিম বান, খোৱাপানী ডাঙৰ সমস্যা। এই পানীৰ সমস্যা সমাধানৰ বাবে গুৱাহাটীবাসীয়ে কিমান আৰু কাকূতি-মিনতি কৰিব। ৰাজ্য চৰকাৰে বিভিন্ন জিলাত কেবিনেট বৈঠক পাতি এই জিলা সমূহৰ আন্ত গাঠনি, উন্নয়ণ সাধিবৰ বাবে প্ৰচেষ্টা হাতত লৈছে।

এতিয়া সেয়ে জলবন্দী হৈ থকা গুৱাহাটীবাসীয়ে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে বাহিৰত কেবিনেট বৈঠক পতাৰ দৰে আমাৰ গুৱাহাটীৰ অনিল নগৰ, নবীন নগৰ, হাতীগাঁও, ৰুক্মিনী গাঁও আদি জলমগ্ন হৈ থকা ঠাইতে কেবিনেট বৈঠক এখন পাতক।

ৰাইজে অন্তত দীৰ্ঘদিন ধৰি সন্মুখীন হৈ থকা কৃত্ৰিম বানৰ সমস্যাৰ কথা প্ৰত্যক্ষভাৱে চৰকাৰক জনাব পাৰিব আৰু পূৰ্বৰ স্থান সমূহত মুখ্যমন্ত্ৰীয়ে কৰা বহু ঘোষণাৰ দৰে কৃত্ৰিম বান প্ৰতিৰোধৰ সমস্যাও সমাধান হব ধৰণৰ এক ঘোষণাও থাকিব!

গুৱাহাটী উন্নয়ণৰ কথা চিন্তা কৰা সকলে ফুটপাথত টাইলচ লগাই,ফুট ব্ৰীজ বনাই, ডিভাইডাৰৰ ভঙা আৰু বনোৱাৰ নামত কিমান ধন ব্যয় কৰিলে সেই কথাৰো হিচাপ লব লগা আছে।

এতিয়া চুপাৰ চাকাৰ মেছিন গুৱাহাটীত প্ৰয়োজনহীন হোৱাৰ দৰে। অনা বাবে হয়তো দুই এঠাইত চলাই চমক দিয়াৰ বাদে এইবোৰ মেছিনৰ জৰিয়তে গুৱাহাটীৰ নলা-নৰ্দমা নিষ্কাষণ কৰাটো যে সম্ভৱ নহয় সেই উপলব্ধি হৈছে।

এই মেছিনবোৰৰ দামেই নহয়, প্ৰতিদিনেই এই মেছিনবোৰ চোৱা চিতা কৰাৰ নামতো ব্যপক ধনৰ অপব্যয় হয়। কোনোবাই যদি চুপাৰ চাকাৰ মেছিন কিনিছিল আন কোনোবাই নৰ্দমাত নামি নলা চাফা কৰিব পৰা ৰবট আনি বাকচত ভৰাই থৈছেহি।

ধন ঠিকেই ব্যয় হৈ আছে।কিন্তু কত সেই ধন কেনেকৈ ব্যয় কৰিব লাগিব সেই উপলব্ধি থকা মানুহৰ অভাৱ এতিয়া গুৱাহাটীত। বাৰিষা যোৱাৰ পাছত গুৱাহাটীত চূন তেল সনা ঢং উঠে।

ফুল পুলি ৰোৱা, ৰং কৰাৰ নামত কোটি কোটি ধন দুই তিনি মাহৰ বাবে ব্যয় কৰা হয়। সেই সকলে গুৱাহাটীত জমা হব পৰা অতিৰিক্ত পানী উলিয়াই নিব পৰা এক বিকল্প ব্যৱস্থা কিয় আজিও কৰিব পৰা নাই ।

যি কেইখন নদীয়ে গুৱাহাটীত জমা হোৱা পানী ব্ৰহ্মপুত্ৰৰ বুকুত পৰেগৈ সেই নদী কেইখন বাম হৈ যোৱাত বা ঠায়ে ঠায়ে পোত খাই পৰিছে। আনহে নালাগে ভৰলু খননৰ কথা কিমান দিন কলে চৰকাৰে।

গুৱাহাটী মহানগৰবাসীত মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছিল জুনত মহানগৰবাসীয়ে পানী পাব। ২০০৭ চনতে জাইকাৰ পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰি ১৫ বছৰৰ অন্তত পানী পাব বুলি ঘোষণা কৰিলেও সেয়া যে সম্ভৱ নহয় মহানগৰবাসীয়ে বুজি উঠিছে।

মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে মহানগৰবাসীয়ে জুনতে পানী পালে কিন্তু সেই পানী হল কৃত্ৰিম বানপানী।গুৱাহাটীক লৈ এতিয়া বহুতৰ মাজত বিতৰ্ক চলিছে। এপক্ষ গুৱাহাটীৰ হৈ, আন একপক্ষই গুৱাহাটীৰ বিৰুদ্ধে মাত মাতিছে সামাজিক মাধ্যমত।

গুৱাহাটী সঁচাই বসবাসৰ অনুপযুক্ত হৈ পৰিছে। কিন্তু সেই বুলি গুৱাহাটীক এৰি কোনোৱেই চলিব নোৱাৰে। গুৱাহাটী ঐতিহ্য, ৰাজনীতি, সমাজ, ব্যৱসায়, সাংস্কৃতিক,যোগাযোগ সকলো দিশৰ পৰাই গুৰুত্বপূৰ্ণ। গুৱাহাটীক সমালোচনা কৰা সকলে কেতিয়াও কব নোৱাৰে কেথানো নাযাও গুৱাহাটী।

গুৱাহাটীক সুন্দৰ কৰি তুলিবলৈ এক জন আন্দোলন লাগিব। নেতা, বিষয়া বা ঠিকাদাৰক আৰু কিমান দিনলৈ গুৱাহাটীৰ নামত লুণ্ঠন ৰাজ চলাবলৈ এৰি দিব। গুৱাহাটী কাৰোবাৰ সোণৰ কণী পৰা হাঁহ হব আৰু গুৱাহাটীবাসীয় জীয়াতু ভুগিব সেইটো সদায় হৈ নাথাকিব।

assam bjp flood himanta biswa sarma guwahati