জুলী আইৰ হাতত ৬০ গীৰ গাই !

মন্ত্ৰীগৰাকীয়ে তেওঁৰ ফাৰ্মত থকা গীৰ গাইৰ সংখ্যা ৬০ বুলি ক'লে। তাৰ ভিতৰত নিশ্চয় গৰুখুঁটিলৈ অনা ৪০ জনী গীৰ গায়ো আছে। প্ৰশ্ন হয় গৰুখুঁটি প্ৰকল্পলৈ অনা এই ৪০ জনী গীৰ গাই মন্ত্ৰীগৰাকীক বিনামূল্যে দিয়া হ'ল নে....

author-image
Asomiya Pratidin
New Update
ap BIKHEKH LEKHA malla

মৃদুল কুমাৰ সন্দিকৈ

২০২৩ চনৰ ১৪ মাৰ্চ। অসম বিধান সভাত তৰাবিহীন প্ৰশ্ন নং ৫১ ৰ উত্তৰ দিছিল কৃষি মন্ত্ৰী অতুল বৰাই। বিধায়ক আমিনুল ইছলামে (জ্যেষ্ঠ) গৰুখুঁটি প্ৰকল্প সন্দৰ্ভত তিনিটা প্ৰশ্ন সুধিছিল। সেই প্ৰশ্নবোৰৰ এটা আছিল দুগ্ধ উৎপাদনৰ বাবে এই প্ৰকল্পলৈ কিমান গাই অনা হৈছিল?

Advertisment

প্ৰশ্নটোৰ উত্তৰত কৃষিমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্যৰ ভিতৰত উল্লেখযোগ্য তথ্যতো আছিল- সেই সময়ত গৰুখুঁটি প্ৰকল্পত ১২২ জনী গীৰ প্ৰজাতিৰ গাই গৰু আছে। গাই সমূহ ২০২১ বৰ্ষৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত এই প্ৰকল্পস্থলীলৈ অনা হৈছিল।

অসমৰ সংবাদ মাধ্যমত গৰুখুঁটি প্ৰকল্পলৈ উন্নত প্ৰজাতিৰ গীৰ গাই অনা খবৰে বিশেষ চৰ্চা লাভ কৰিছিল। গৰুখুঁটি প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়াই সদৰি কৰা তথ্য মতে, ২৫.১১.২০২১ ত প্ৰথম পৰ্যায়ত গৰুখুঁটিলৈ ৯৮ জনী গীৰ গাই অনা হৈছিল।

পৰিবহন ব্যয়কে ধৰি এই গীৰ গাই কেইজনী আনোতে মুঠ ব্যয় হৈছিল ৮২ লাখ ৬ হাজাৰ ৫৫২ টকা। বিধান সভাতে প্ৰকাশ কৰা আন তথ্য অনুসৰি গৰুখুঁটি প্ৰকল্পলৈ বুলি অনা প্ৰায় ৯০ জনী গাই হিতাধিকাৰীৰ মাজত বিলাই দিয়া হৈছিল।

সেই সময়তে প্ৰশ্ন উঠিব লাগিছিল গৰুখুঁটিৰ বহুমুখী প্ৰকল্পলৈ বুলি অনা এই গাই সমূহ কোন কোন হিতাধিকাৰীৰ মাজত বিলোৱা হৈছিল? গৰুখুঁটিত যদি ইমান সংখ্যক গীৰ গাই প্ৰতিপালন কৰিবৰ বাবে স্থানে নাছিল তেন্তে লাখ লাখ টকা খৰচ কৰি গুজৰাটৰ পৰা এই গীৰ গাইবোৰ কাৰ স্বাৰ্থত অনা হৈছিল?

এজন আই এ এছ বিষয়াৰ তত্বাৱধানত গৰুখুঁটি প্ৰকল্পৰ সমগ্ৰ পৰিকল্পনা আৰু ইয়াক ৰূপায়ণ কৰা হৈছিল। বিনোদ শেষাণ নামৰ আই এ এছ বিষয়া জনৰ নেতৃত্বতে এই প্ৰকল্পৰ বাবে অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত মৰ্মে ২০২১-২২ বিত্তীয় বৰ্ষত মোকলাই দিয়া হৈছিল ৯ কোটি ৫২ লাখ ৯৩ হাজাৰ ৩৮০ টকা।

ৰঙিয়াত নমোৱা গীৰ গাইবোৰ গৰুখুঁটি প্ৰকল্পৰ ধনেৰে ক্ৰয় কৰা হৈছিল যদিও অভিযোগ মতে সেই গাইবোৰৰ ৪০ জনীৰ মালিক হৈছিল অসমৰ এজন মন্ত্ৰীৰ পত্নী। গীৰ গাইৰ ভাগ পাইছিল শাসকীয় দলৰ কেবাজনো বিধায়কে। 

নামবোৰ তেতিয়া চৰ্চালৈ অহা নাছিল। শেহতীয়াকৈ গো পালকৰ বাবে ৰূপায়ণ কৰা এখন আঁচনিত হিতাধিকাৰী হিচাবে এজন মন্ত্ৰীৰ পত্নীৰ নাম অন্তৰ্ভুক্ত হোৱাক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছত বহুবল্কী মন্ত্ৰীজনে স্বীকাৰ কৰি পেলালে তেওঁৰ ঘৰতে আছে ৬০ জনী গীৰ গাই।

প্ৰতিক্ৰিয়া দিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে তেওঁৰ ফাৰ্মত থকা গীৰ গাইৰ সংখ্যা ৬০ বুলি ক'লে। তাৰ ভিতৰত নিশ্চয় গৰুখুঁটিলৈ অনা ৪০ জনী গীৰ গায়ো আছে। প্ৰশ্ন হয় গৰুখুঁটি প্ৰকল্পলৈ অনা এই ৪০ জনী গীৰ গাই মন্ত্ৰীগৰাকীক বিনামূল্যে দিয়া হ'ল নে ইয়াৰ বিনিময়ত তেওঁ উচিত মূল্য গৰুখুঁটি প্ৰকল্পৰ নামত জমা দিলে?

যদি সেইধন দিয়া নাই তেন্তে কেনেকৈ বিনামূল্যে এইসকল জনপ্ৰতিনিধিয়ে গীৰ গাই লাভ কৰিলে? আনহাতে গীৰ গাইৰ বিনিময়ত যদি ধন জমা দিছিল তাৰ তথ্য কি? উৰ্ধ বাহু দি নচা মন্ত্ৰীগৰাকীয়ে এতিয়া বিনামূল্যে এই গীৰ গাই কেইজনী নি সম্প্ৰতি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছত গৰুখুঁটি প্ৰকল্পৰ কৰ্তৃপক্ষক গীৰ গাই কেইজনীৰ বিনিময়ত ধন গ্ৰহণ কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰা খবৰ মিছা নেকি?

চৰকাৰী ধন ব্যয়ৰে গৰুখুঁটি প্ৰকল্পলৈ অনা এজনী গীৰ গাইৰ বিনিময়ত কিমান ধন দিব লাগিব আৰু কি পৰিস্থিতিত প্ৰায় দুবছৰৰ পূৰ্বে সেই গৰু কেইজনী বিলাই দিয়া হৈছিল তাৰ উত্তৰ এতিয়া কোনে দিব? মন্ত্ৰীৰ পত্নী হ'ল বুলিয়ে দুগ্ধ উৎপাদন কৰিব নোৱাৰিব বুলি  কথা নাই।

আন গো পালকৰ দৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নী জুলী ডেকা বৰুৱায়ো গো পালন কৰিব পাৰে। চৰকাৰী আঁচনিৰ ৰাজ সাহাৰ্যও তেওঁলোকে লাভ কৰাত আপত্তি থাকিব নোৱাৰে। কিন্তু এই হিতাধিকাৰী হ'বলৈ যাওতে ৰাজ্যৰ লাখ লাখ গো পালকক বঞ্চিত কৰি ক্ষমতাৰ অপপ্ৰয়োগেৰে ভূৱা গো পালক ৰূপত আত্মপ্ৰকাশ কৰিলে স্বাভাৱিকতে হাজাৰজনে প্ৰশ্ন কৰিবই।

এই প্ৰশ্ন কৰাতোৱেই যদি সংবাদ মাধ্যমৰ অপৰাধ তেন্তে সেই সত্যৱান বুলি নিজকে দাবী কৰা মন্ত্ৰী গৰাকীয়ে উত্তৰ দিয়ক তেওঁৰ ফাৰ্মত থকা গীৰ গাই সমূহ গৰুখুঁটি বহুমুখী প্ৰকল্পলৈ অনা গীৰ গাই হয় নে নহয়? 

ব্যক্তিগত প্ৰচেষ্টাত যদি ৬০/৭০ হাজাৰ টকীয়া গীৰ গাই তেওঁৰ নিজৰ ফাৰ্মলৈ ক্ৰয় কৰি আনিছিল তেন্তে ৰাজহুৱা কৰক ক'ৰ পৰা কেতিয়া এই গীৰ গাই সমূহ কিমান মূল্যত ক্ৰয় কৰিছিল। ৰাজনীতিত অংশ লোৱাৰ পূৰ্বৰে পৰা দুগ্ধ উৎপাদনৰ সৈতে জড়িত বুলি সংবাদ মাধ্যমক নিজ মুখে কোৱা এই মন্ত্ৰীজনে ২০২১ চনত অসম বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰোতে সম্পত্তিৰ তালিকাত এই গৰু ফাৰ্মৰ বিষয়ে কোনো উল্লেখ নাছিল। 

তাৰমানে এইটো ধৰি ল'ব পাৰি নেকি যে সঁচাকৈয়ে তেওঁৰ সেই সময়ত এই কোটিটকীয়া দুগ্ধপাম নাছিল। ২১ ৰ নিৰ্বাচনৰ পাছতহে গৰুখুঁটিলৈ গীৰ গাই অনা হৈছিল, সেয়েহে তাৰ পাছতহে তেওঁ এনে এখন গৰু ফাৰ্মৰ গৰাকী হ'ব পাৰিছিল গৰুখুঁটিলৈ অনা গীৰ গাইৰ জৰিয়তে।

এনে গৰু ফাৰ্ম স্থাপন কৰিবলৈ, গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰে লোৱা আঁচনিৰ হিতাধিকাৰী হ'বলৈ কোন বেংকৰ পৰা কেনেকৈ কোটি টকাৰ ঋণ লৈছে সেয়াও এক আন অধ্যায়। ৰাজ সাহাৰ্য্যৰ লোভত এই ক্ষমতাশালী ৰাজনৈতিক নেতা সকলক ঋণ দিবলৈ বহি আছে বিতৰ্কিত এপেক্স বেংকৰ দৰে প্ৰতিষ্ঠান।

আত্মপক্ষক সমৰ্থন কৰিব নোৱাৰি আন প্ৰসংগৰে নিজক ৰক্ষা কৰিব বিচৰা এই মন্ত্ৰীগৰাকীয়ে প্ৰথমে দিয়ক তেওঁ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সঠিক উত্তৰ। ৰাজ্যত দুগ্ধ পালক সকলে কি পৰ্যায়ত সমস্যাৰ সন্মুখীন হৈছে তাক লৈ কাণ-সাৰ নাই চৰকাৰৰ, এই সকল জনপ্ৰতিনিধি বা মন্ত্ৰীৰ।

সাধাৰণ মহিলাক অৰুণোদয়ৰ ১২৫০ টকা দি হিতাধিকাৰী সজোৱা সকলে ঘৰৰ গৃহিণীক ১০ কোটি,৫০ লাখ টকীয়া হিতাধিকাৰী সজাইছে। এয়াই এতিয়া ৰাজ্যত বাস্তৱৰ প্ৰতিচ্ছবি। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল গো পালক সকলক প্ৰতি লিটাৰ গাখীৰত ৫ টকাকৈ ৰাজসাহৰ্য দিব। সেই ঘোষণা ঘোষণাতে ৰ'ল।

অসমত এতিয়া যথেষ্ঠ পৰিমাণৰ দুগ্ধ উৎপাদন হয়। গাঁৱে-ভূঞে বহু কষ্ট কৰি গো পালক সকলে গাখীৰ উৎপাদন কৰে যদিও সেই গাখীৰ বিক্ৰীৰ বাবে এক বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধ ব্যৱস্থা নাই। এতিয়াও চৰকাৰে গুজৰাট মডেলৰ ৩ স্তৰীয় আন্তঃগাঁথনি গঢ়ি তুলিব নোৱাৰিলে। 

অসম চৰকাৰ, নেশ্যনেল ডায়ৰী ব'ৰ্ড আৰু WAMUL (পশ্চিম অসম সমবায় দুগ্ধ সংঘ)ৰ মাজত হোৱা বিতৰ্কিত ত্ৰিপাক্ষীক চুক্তি অন্ত পেলোৱা নাই। সমবায় ভিত্তিক গো পালক সকলে গঠন কৰা সমবায়সমূহ ধ্বংস কৰাৰ বাবে জিলাই জিলাই ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত চলি আহিছে ষড়যন্ত্ৰ।

বন্ধ হৈ আছে গাখীৰ প্ৰ'চেছিঙৰ চৰকাৰী ইউনিট সমূহ। দুগ্ধ উন্নয়নৰ নামত কোটি কোটি টকা ব্যয় কৰি সেই ধনৰ গৰাকী হয় এনে এচাম পুঁজিপতি বা ভূৱা হিতাধিকাৰী। জিলাই জিলাই আছে ডায়েৰী অফিছ, আছে বিষয়া। সেই বিষয়া সকলৰ দৰমহাৰ নামত ৰাজকোষৰ পৰা ব্যয় হয় বছৰি কেবাকোটি টকা।

তেওঁলোকৰ কাম কিন্তু কেৱল বহি থকা। প্ৰকৃত গো পালক সকলে বাধ্যত পৰি কিলিঙ নৈতে গাখীৰ পেলাই চিন্তন প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছিল। চৰকাৰে নামত আলোচনালৈ মাতি নল'লে কোনো ব্য়ৱস্থা। তাৰ বিপৰীতে এতিয়া এচাম পুঁজিপতি,ক্ষমতাশালী লোক হৈ পৰিছে দুগ্ধ উৎপাদনৰ এই ক্ষেত্ৰখনৰ একো একো জন ৫০ লাখ টকীয়া হিতাধিকাৰী।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বেয়া পালেও দুগ্ধ উৎপাদন ক্ষেত্ৰখনত সংঘটিত এই সঁচা কথাবোৰ ক'বই লাগিব। কঁৰীয়া লৈ তেওঁৰ পত্নীয়ে গীৰ গাই খীৰাবলৈ যাওঁক তাত আমাৰ আপত্তি নাই, সেই গাখীৰ মন্ত্ৰীত্ব যোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে মহলদাৰ ৰূপত ঘৰ চলাবলৈ মন্ত্ৰীয়ে ঘৰে ঘৰে বিক্ৰী কৰক তাতো আপত্তি নাই। আপত্তি কেৱল এটাই, প্ৰকৃত গো পালকক বঞ্চিত কৰি কোনোবা প্ৰকল্পৰ নামত অহা বিনামূল্যে পোৱা গীৰ গাই খীৰাই দুগ্ধ পালক হ'বলৈ যায়...

জয়ন্ত মল্লবৰুৱা গৰুখুঁটি