/asomiyapratidin/media/media_files/2025/05/30/BIwhQJrguD80c8LTVfwo.jpg)
গুৱাহাটী বাৰিষা নৰক হৈ পৰে। এজাক বৰষুণতে কৃত্ৰিম বানে ভৰি পৰাতো এতিয়া সাধাৰণ কথা হৈ পৰিছে। এই কৃত্ৰিম বানৰ পৰা গুৱাহাটীক ৰক্ষা কৰাৰ দায়িত্ব মূলতঃ গুৱাহাটী পৌৰ নিগম, জি এম ডি এ আদি সংস্থাসমূহে ল’ব লাগে যদিও প্ৰতিজন মহানগৰবাসীৰো কৰণীয় থাকে।
গুৱাহাটীত এতিয়া সমস্যাৰ অন্ত নাই। সেই সমস্যাবোৰৰ সমাধানৰ বাবে দায়িত্বশীল লোকসকলৰ আন্তৰিকতাৰ অভাৱ এটা দীৰ্ঘদিনীয়া কাৰক হিচাপে চিহ্ণিত হৈ আহিছে। অবৈধভাৱে গুৱাহাটীত চকুৰ সন্মুখতে পাহাৰ খনন, নিৰ্মাণকাৰ্য্য চলি আহিছে।
সেইবোৰ অনিয়মক কেইটামান ধনৰ বিনিময়ত জি এম চি আৰু জি এম ডি এ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া- কৰ্মচাৰীয়ে নিয়ম মতে হোৱা বুলি চৰকাৰী নথিত লিপিবদ্ধ কৰাৰ বহু তথ্য আছে। আনকি মুখ্যমন্ত্ৰী সহজ গৃহ নিৰ্মাণ আঁচনিৰ নামতো এনে অনিয়ম সংঘটিত কৰিবলৈ একাংশ জি এম চিৰ বিষয়া- কৰ্মচাৰীয়ে কুণ্ঠাবোধ নকৰে।
পাথৰকুঁৱৰীত নিৰ্মাণ কৰা তেনে এক ঘৰৰ ক্ষেত্ৰত জি এম চিৰ দায়িত্বশীল বিষয়াই কি কাণ্ড সংঘটিত কৰিলে, সেই কথা সবিস্তাৰে জানিলে চকু কপালত উঠিব। কে দেৱী নামৰ মহিলা এগৰাকীৰে মুখ্যমন্ত্ৰী সহজ গৃহ নিৰ্মাণ আঁচনিৰ নামত জি প্লাছ -২ এক ঘৰ নিৰ্মাণৰ বাবে অনুমতি লাভ কৰিছিল।
GMC / BP/ MM SGNA/ 20211201/20656 তাং ১/১২/২০২১ৰ নিৰ্দেশযোগে এই নিৰ্মাণৰ বাবে জি এম চিয়ে অনুমতি প্ৰদান কৰিছে। এই অনুমতিত উল্লেখ কৰা আছিল যে, ঘৰটো নিৰ্মাণ কৰোতে সন্মুখৰ ভাগত ৬ মিটাৰ আৰু চাইড/ৰেয়াৰ মাৰ্জিন ১.৮ মিটাৰ খালী ৰাখিব লাগিব।
ঘৰটোৰ নিৰ্মাণৰ অন্তত এক অভিযোগৰ ভিত্তিত নিৰ্মাণস্থলী পৰিদৰ্শন কৰি জি এম চিৰ অভিযন্তাই দেখিলে- অনুমতি নিৰ্দেশত থকা অনুসৰি চৰ্ত পূৰণ কৰা নাই নিৰ্মাণকাৰীয়ে। ৫/৪/২০২৪ত অভিযন্তাকাৰীয়ে জোখ- মাখ কৰি পালে সেই গৃহটোৰ নিৰ্মাণৰ সময়ত ক্ৰমে- ০.৬ মিটাৰ সন্মুখৰ ভাগত আৰু ০.৩ মিটাৰহে ঘৰটোৰ কাষৰ অংশবোৰ এৰি দিয়া হৈছে।
এই আসোঁৱাহ দেখা পাই জি এম চিয়ে ১৯/৮/২০২৪ত U/S 337(1) আৰু 2ৰ আধাৰত এই অবৈধ নিৰ্মাণকাৰ্য্যৰ বাবে নিৰ্মাণকাৰীলৈ জাননী প্ৰেৰণ কৰে। সেই জাননীৰ নম্বৰ আছিল- GPL/ UC/ 52/ 467/ 2023/ 255। তাৰ পাছত আকৌ এই অবৈধ নিৰ্মাণকাৰ্য ভাঙি পেলাবৰ বাবে গুৱাহাটী মিনিচিপালিটী ক’ৰ্পাৰেচন এক্ট ১৯৭১ৰ অধীনত U/S 337(3)ৰ আধাৰত আন এখন জাননী জাৰি কৰিছিল।
সেই জাননীখনৰ নম্বৰ আছিল GPL/UC/52/467/2023 তাং ৬/১২/২০২৪। য’ত অনুমোদন আছিল গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্তৰ। এই গৃহ নিৰ্মাণৰ বাবে জি এম চিৰ যিটো ফাইল খোলা হৈছিল, সেই ফাইলটোৰ নম্বৰ আছিল GPL/UC/52/467/2023।
ওপোৰক্ত এই তথ্যখিনি সঁচা নে মিছা সেই নম্বৰৰ ফাইলটো বিচাৰি জি এম চিৰ বৰ্তমানৰ আয়ুক্ত, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, গুৱাহাটী উন্নয়ণৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে পৰীক্ষা কৰি চাব পাৰে। অবৈধ নিৰ্মাণৰ বাবে যিটো ঘৰ ভাঙি দিবলৈ জাননী জাৰি কৰিছিল সেই ঘৰটো কিন্তু ৰহস্যজনকভাৱে ভঙা নহ’ল।
এয়া জি এম চিত ধনৰ বলত হোৱা ওলট-পালটৰ এটা উদাহৰণহে। তেনেকুৱা অজস্ৰ উদাহৰণেৰে গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয় ভৰি আছে। একেটা ঘৰৰ বাবেই জি এম চিত আৰু এটা নতুন ফাইল খোলা হ’ল। কিয়নো এই ঘৰটো নিৰ্মাণকাৰীগৰাকীয়ে ২২/১০/২০২৪ত জি প্লাছ- ৩ নিৰ্মাণৰ বাবে এখন নতুন ড্ৰয়িং জমা দি তাৰ অনুমোদনৰ বাবে আবেদন জনায়।
গুৱাহাটী পৌৰ নিগমৰ এগৰাকী অতিৰিক্ত আয়ুক্তৰ নিৰ্দেশত সেই অনুমোদনৰ বাবে একেটা ঘৰৰ বাবেই খোলা নতুন ফাইলটোৰ নম্বৰ হ’ল – GPL/ OC/430/2024 । অনীতিগত আৰু নিয়ম নামানি অবৈধভাৱে নিৰ্মাণ কৰা ঘৰটোৰ ভাঙিবলৈ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই দিয়া নিৰ্দেশৰ বিপৰীতে এই নতুন ফাইলযোগে উক্ত ঘৰটো নিৰ্মাণৰ বৈধতা প্ৰদান কৰিলে পৌৰ নিগমৰে আন এগৰাকী অতিৰিক্ত আয়ুক্তই।
অতিৰিক্ত আয়ুক্তগৰাকীয়ে এই নতুন ফাইলটো ৰেগুলাইছ কৰিবলৈ তেওঁৰ বিশ্বস্ত জ’নেল ইঞ্জিনিয়াৰ সৌৰভ দত্তক বিশেষভাৱে দায়িত্ব দিলে। কিয়নো সেইটো তেওঁৰ বিশেষ কাম। মহানগৰীৰ পাথৰকুঁৱৰীৰ অঞ্চলটোত এইবোৰ কাম চোৱা- চিতা কৰিবলৈ দায়িত্ব থকা ইঞ্জিনিয়াৰগৰাকীৰ বিপৰীতে সৌৰভ দত্তক এই দায়িত্ব কিয় দিয়া হৈছিল, সেয়া নিশ্চয় বুজাই নক’লেও হ’ব।
এই ঘৰটো মুখ্যমন্ত্ৰী সহজ গৃহ নিৰ্মাণ আঁচনিৰ অধীনত নিৰ্মাণৰ বাবে ২০২১ চনত আবেদন জনোৱা হৈছিল যদিও জি এম চিয়ে দুই যাদুকৰ ক্ৰমে অতিৰিক্ত আয়ুক্ত আৰু জ’নেল ইঞ্জিনিয়াৰগৰাকীৰ লগ লাগি ঘৰটো ২০০৮ চনৰ পৰাই নিৰ্মাণ হোৱা দেখুৱালে। কেৱল সেয়াই নহয়, ইয়াৰ বাবদ ঘৰটোৰ মালিকে পাৰ কোৱাৰ্টাৰ দিব লগা জি এম চিৰ টেক্সো মাত্ৰ ৮৭ টকা কৰি দিলে।
এয়া কৰিবলৈ তেওঁলোকে বহু তথ্যই সাল- সলনি কৰি পেলালে। যিটো ঘৰ ভাঙিবলৈ জি এম চি আয়ুক্তই জাননী জাৰি কৰিছিল সেই ঘৰটোৱে নিৰ্মাণৰ ন্যায্যতা নতুন ফাইল খুলি সম্পূৰ্ণ কৰি পেলালে তেওঁৰে কনিষ্ঠ
বিষয়াই। ইফালে ঘৰটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাই নাই।
প্ৰথম আৰু দ্বিতীয় মহলাত ঘৰটোৰ দেৱালে গথা হোৱা নাই। তাৰ পাছতো জি এম চিৰ কৃপাত এই বিল্ডিংটো ৰেগুলাইজ হ’ল। কাষত থকা অন্য ঘৰৰ গৃহস্থৰ পৰা সীমাৰ পৰা 0.3মিটাৰ মাৰ্জিন থাকিলেও এই ঘৰটো নিৰ্মাণত কোনো অসুবিধা নাই শপতনামা প্ৰস্তুত কৰা হ’ল।
মুখ্যমন্ত্ৰী সহজ গৃহ নিৰ্মাণ আঁচনি কেৱল ঘৰৰ বাবে। কিন্তু এই বিশেষ ঘৰটোৰ ভূ-মহলা ব্যৱসায়িক প্ৰতিষ্ঠানক ভাড়া দিবৰ বাবে সজাৰ পাছতো সেই আঁচনিত অন্তৰ্ভূক্ত কৰি যাৱতীয় অনুমোদন দিলে জি এম চিৰ অতিৰিক্ত আয়ুক্তগৰাকীয়ে। যিটো একেবাৰে অন্যায় আৰু মুখ্যমন্ত্ৰীৰ এই আঁচনিৰ নামত সংঘটিত এক ডাঙৰ দুৰ্নীতি।
এই সমগ্ৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ গুৱাহাটী পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত দীপু ডেকাৰ বিৰুদ্ধে। এ চি এছ এই বিষয়াগৰাকীয়ে সংঘটিত কৰা এটা দুৰ্নীতি আৰু অনিয়মৰ উদাহৰণহে এইটো। গুৱাহাটী পৌৰ নিগমত এনে অনিয়ম হেনো চলিয়েই থাকে। চাওতা নাই, কওতা নাই। ধন দিলেই তেওঁলোকে সকলো কৰি দিব পাৰে। কেৱল কৰিব নোৱাৰে গুৱাহাটীৰ কৃত্ৰিম বান, জাবৰ নিষ্কাষণ বা আন মৌলিক সমস্যাৰ সমাধান।