/asomiyapratidin/media/media_files/2025/07/10/ap-bikhekh-lekha-17-2025-07-10-10-43-30.jpg)
ইমান নিকৃষ্ট ৰাজনীতি কিয় ? যি ৰাজনীতিত ন্যূনতম মানৱতাক বিসৰ্জন দি বানত সৰ্বহাৰাসকলক পণপন্দী কৰা হ’ল। ৰাজনীতি মানেই কেৱল নিজৰ স্বাৰ্থ সিদ্ধিয়েই নেকি ? বিপদৰ মুহূৰ্তত ইয়াৰ উৰ্ধলৈ গৈ এজন মানুহ হিচাপে নিজক পৰিচয় দিয়াৰ মানসিকতাকো পৰিহাৰ কৰা সকলক কি আখ্যা দিয়া যায় !
প্ৰসংগ এখন চৰকাৰী জাননী। কাৰণ দৰ্শোৱা জাননী এইখন। কোনো দিনে, কোনো চৰকাৰী বিষয়াই জাৰি নকৰা সেই জাননীখনক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৭ জুলাই ২০২৫। সেই দিনা সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বানত আক্ৰান্ত কিছু লোকক সাহাৰ্য দিবলৈ গৈছিল এজন ব্যক্তি।
ধনশিৰি নৈৰ বাঢ়নী পানীয়ে কেইবাখনো গাঁও বুৰাই পেলাইছিল। বানাক্ৰান্ত ৰাইজক আশ্ৰয় দিয়া হৈছিল বিভিন্ন অস্থায়ী আশ্ৰয় শিবিৰত। তেনে এটা আশ্ৰয় শিবিৰ আছিল বৰপথাৰ শিমলু চাপৰি প্ৰাথমিক বিদ্যালয়ত। কিছু লোকে শিঙিমাৰি মথাউৰিতো আশ্ৰয় লৈছিল।
সেই বানত সৰ্বহাৰা হোৱা লোকসকলক সহায় কৰাৰ মানসেৰে স্থানীয় যুৱ ব্যৱসায়ী জীৱন চুতীয়াই লৈ গৈছিল কিছু সাহাৰ্য সামগ্ৰী। সেইবোৰৰ ভিতৰত আছিল গাখীৰৰ পেকেট, ট্ৰিপাল, চাৰ্জিং বাল্ব, পানীৰ বটল, বিস্কুট, মহ খেদোৱা ধূপ, চাবোন, ফেনাইল, হাৰপিক আদি। আবেলি ৪-০০মান বজাত তেওঁ এই সামগ্ৰীবোৰ শিমলু চাপৰি প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লৈ থকা প্ৰায় ৬০ টা পৰিয়ালৰ মাজত বিতৰণ কৰিছিল।
এই অস্থায়ী শিবিৰটো গোলাঘাট জিলাৰ প্ৰশাসনৰ উদ্যোগত স্থাপন কৰা হৈছিল। যিটো শিবিৰ তদাৰকৰ দায়িত্বত আছিল সৰুপথাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনোজ দলে। বিপদৰ সময়ত এনে সহায় আগবঢ়োৱাৰ বাবে সাধুবাদ দিব লগা আছিল এই যুৱ ব্যৱসায়ীগৰাকীক।
কেৱল এই শিবিৰটোতে নহয়, বানত আক্ৰান্ত প্ৰায়বোৰ লোকৰ কাষত এই যুৱ ব্যৱসায়ীগৰাকীয়ে থিয় দি মহানুভৱতাৰ পৰিচয় দিছিল। ধনশিৰিৰ বলীয়া বানে ২নং পদুমণি ৰঙাগৰা ঘাটৰ বহু পৰিয়ালকো ক্ষতিগ্ৰস্ত কৰিছিল। সেই লোকসকলৰ কাষতো তেওঁ থিয় দিছিল নিজস্বঃ সামৰ্থ অনুসৰি।
কিন্তু তাতেই লাগিল লেঠা। সাধুবাদ পোৱাৰ সলনি তেওঁক আচৰিত কৰি কিয় বানত আক্ৰান্ত লোকসকলৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ কৰা হৈছে তাৰ কাৰণ বিচাৰি সৰুপথাৰ ৰাজহ চক্ৰৰ বিষয়াগৰাকীয়ে এখন জাননীহে প্ৰেৰণ কৰিলে। SRC04/2024-25/Part-iv/264 নম্বৰৰ এই জাননীখন প্ৰেৰণ কৰা হ’ল ৮ জুলাই ২০২৫ত।
কাৰণ দৰ্শোৱাৰ জাননীখনত উল্লেখ কৰা হ’ল শিমলু চাপৰি এল পি স্কুলৰ ৰিলিফ কেম্পত তেওঁ কাৰ অনুমতি লৈ সাহাৰ্য সামগ্ৰী বিতৰণ কৰিছিল। ডেজিষ্টাৰ মেনেজমেণ্ট এক্টৰ ৩৪ নম্বৰৰ ধাৰাক দোহাই দি কোৱা হ’ল তেওঁক এই শিবিৰটোত কেম্প মেনেজমেণ্ট নিয়ম ভংগ কৰিছে।
সেয়েহে তেওঁৰ ওপৰত কিয় বিহিত ব্যৱস্থা লোৱা নহ’ব তাৰ কাৰণ দৰ্শাবলৈ কোৱা হৈছে। ৩দিনৰ ভিতৰত সেই কাৰণ দৰ্শাই উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে জীৱন চুতীয়াক। জাননীখন পাই তেওঁ অবাক হ’ল, লগতে এনে এখন জাননী কিয় প্ৰশাসনে তেওঁলৈ পঠিয়ালে তাৰ উত্তৰ বিচাৰোতে বহুকেইটা উন্মোচিত হৈ পৰিল।
এই জাননী পোৱাৰ পাছত জীৱন চুতীয়াই সৰুপথাৰ ৰাজহ চক্ৰ বিষয়াৰ ওচৰত অনাগত দিনবোৰত আন বানত আক্ৰান্ত লোকক সাহাৰ্য দিবলৈ অনুমতি বিচাৰি এখন আবেদন জনালে। এই আবেদনখন গ্ৰাহ্য কৰা নহ’ব বুলি তেওঁক ইতিমধ্যে জনাই দিয়া হৈছে। তাৰ কাৰণ হিচাপে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে কৈছে- আবেদনৰ সৈতে আপুনি কি সামগ্ৰী দিব, কিমান দিব, কেতিয়া, ক’ত দিব তাৰ সবিশেষ উল্লেখ কৰি দিলেহে আমি আবেদনখন বিবেচনা কৰিব পাৰিম।
কি হাস্যকৰ পৰিৱেশ এতিয়া ৰাজ্যৰ প্ৰশাসনত ? বহু চৰকাৰী অস্থায়ী শিবিৰত সাহাৰ্য সামগ্ৰী বিতৰণ কৰা হয়। সেয়া সহায়ৰ হাত বুলি গ্ৰহণ কৰে প্ৰশাসনে। কেতিয়াও তেনে কৰাৰ বাবে কাকো কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা উদাহৰণ নাই।
জীৱন চুতীয়াই সাহাৰ্য সামগ্ৰী দিয়া অস্থায়ী চৰকাৰী বান শিবিৰটোত কেইবাটাও জাতীয় সংগঠনে সাহাৰ্য সামগ্ৰী যোগান ধৰিছে। তেওঁলোকলৈ এনে কাৰণ দৰ্শোৱাৰ জাননী কিন্তু অহা নাই। এই আশ্ৰয় শিবিৰটোত জীৱন চুতীয়াই সাহাৰ্য সামগ্ৰী প্ৰদান কৰাৰ নিশা স্থানীয় সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে নিশাৰ আহাৰ যোগান ধৰিছিল।
ইয়াৰ বাবে বিধায়ক ফুকনে কোনো অনুমতি লোৱা নাছিল। তাৰ কাৰণে বিধায়কগৰাকীক জবাবদিহি কৰা হোৱা নাই। জীৱন চুতীয়াৰ বাবে এই আইনৰ ব্যাখ্যাৰে কাৰণ দৰ্শোৱাৰ জাননী লিখা চক্ৰ বিষয়াগৰাকীয়ে বিধায়কজনক অনুৰূপ কামৰ বাবে একেই পদক্ষেপ ল’ব নোৱাৰিলে কিয় ?
জানিব পৰা মতে এয়া সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে কাৰোবাৰ নিৰ্দেশত এই বিষয়াগৰাকীয়ে লোৱা এক পদক্ষেপ। সেই ক্ষমতাশালী লোকজন কোন এতিয়া জানিবলৈ বাকী নাই। সৰুপথাৰ সমষ্টিত বিজেপিৰ অন্যতম শক্তিশালী প্ৰাৰ্থিত্বৰ দাবীদাৰ জীৱন চুতীয়া।
২০২১চনতো তেওঁ দলটোৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল। বৰ্তমানৰ বিধায়কজনৰ বিতৰ্কিত কাম- কাজ আৰু তৃণমূল পৰ্যায়ত গণ বিচিন্ন হোৱাৰ বিপৰীতে জীৱন চুতীয়াই এক শক্তিশালী স্থিতিৰে নিজক আগুৱাই নিয়াৰ বাবেই প্ৰশাসনক ব্যৱহাৰ কৰি তেওঁক এনেবোৰ সমাজসেৱাৰ কামৰ পৰা বিৰত ৰখোৱাৰ অপচেষ্টা এয়া।
জীৱন চুতীয়াও বিজেপিৰে কৰ্মী। ২০০৮ চনৰ পৰা তেওঁ দলটোত সেৱা আগবঢ়াই আহিছে। এয়া স্থানীয় ৰাইজে কোৱা কথা। আপদে- বিপদে তেওঁ সন্মুখত থাকি ৰাইজক সহায় কৰে। সেয়েহে জীৱন চুতীয়া নিজ দলৰ সদস্য হ’লেও সৰুপথাৰৰ বৰ্তমানৰ বিধায়কজনৰ বাবে চকুৰ কুটা দাঁতৰ হুল হৈ পৰিছে।
তাৰ পৰিণতিতে জীৱন চুতীয়ালৈ এনে এখন কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ কথা ৰাইজে বুজি উঠিছে। খবৰ মতে জীৱন চুতীয়াক স্থানীয় বিধায়কজনে তেওঁ উপস্থিত থকা সভা- সমিতিলৈ নামাতিবৰ বাবেও প্ৰায়েই সকিয়াই দিয়ে। আনকি দলীয়া সভাতো জীৱন চুতীয়াক পৰোক্ষ- প্ৰত্যক্ষ সমালোচনা কৰে।
কিমান নীচ হ’ব লাগিব এইসকল নেতাৰ মানসিকতা। এনে কাৰ্যত আচৰিত হৈ বিজেপিৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই সামাজিক মাধ্যমতে ইয়াৰ বিৰোধ কৰিছে। কাৰ বাবে জীৱন চুতীয়া প্ৰশাসনৰ ৰোষত পৰিছে বুলি প্ৰশ্ন তুলিছে খুমটাইৰ বিজেপিৰে বিধায়কগৰাকীয়ে।
এয়া এক সাধাৰণ বিষয় নহয়। জীৱন চুতীয়াই সাহাৰ্য সামগ্ৰী বিতৰণ কৰি ফেচবুকত দিয়া ফটো আৰু ভিডিঅ’ ডিলিট কৰি দিবলৈও তেওঁক অনুৰোধ কৰিছিল প্ৰশাসনে। কি যুক্তিত আৰু কাৰ স্বাৰ্থত সেই অনুৰোধ কৰিব পাৰে এজন চৰকাৰী বিষয়াই। এতিয়া কি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত সমাজসেৱা আৰু বিপদত ৰাইজৰ কাষত থিয় হ’বলৈ লাইচেন্স লাগিব নেকি ?