/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/AP-bikhekh-lekha-1.jpg)
মৃদুল কুমাৰ সন্দিকৈ
মানুহৰ খং উঠিছে। কিয় খং উঠিছে মুখ্যমন্ত্ৰীয়ে বুজিছে। সেয়েহে ভিডিঅ' কনফাৰেন্স যোগে বান পৰিস্থিতি পৰ্যালোচনাৰ বৈঠকত কেইবাজনো জিলা উপায়ুক্তক টানকৈ কথা শুনাইছে।
ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হ'লেও এতিয়াও বানপানীৰ সৈতে ৩০ লাখৰো অধিক লোকে সহ অৱস্থান কৰিব লগা হৈছে। বন্যাৰ্ত সকলক খাদ্য, পানী এই মুহুৰ্তত যোগান ধৰাটো প্ৰশাসনৰ দায়িত্ব যদিও বান সাহায্যৰ নামত কোনো কোনো ঠাইত ল'ৰা ধেমালীহে হৈছে।
পাথৰিঘাটত বান সাহায্য বিচাৰি যোৱা লোকৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ খবৰে মানুহৰ খং আৰু বঢ়াইছে।সাহায্য বিচৰাটোও অপৰাধ হৈছে।আৰক্ষীৰ গোৰ খাব লগীয়া হৈছে বিশেষভাৱে সক্ষম লোকে।
যিবোৰ স্থানত বান সাহায্য দিয়া হৈছে সেই স্থানবোৰত সাহায্যৰ নামত কেই কিলোমান চাউল, সৰু মিঠাতেলৰ পেকেট, অলপ নিমখ,কিছু পৰিমাণৰ দাইল দিয়েই দায়িত্ব সামৰিছে।
এই সংকটৰ মুহুৰ্তত মঙলদৈৰ পৰিস্থিতি আৰু অধিক হাহাকাৰ হৈ পৰিছে। খোৱাপানী, শিশু খাদ্য আদি নাই। বানৰ লগতে বেমাৰেও অৱস্থা কাহিল কৰিছে। চিকিৎসালয়লৈ যাবলৈ নাই বাট-পথ। তেনে এক পৰিস্থিতিত আশ্ৰয় শিবিৰ আৰু বন্যাৰ্ত লোকৰ কাষলৈ চিকিৎসক , চিকিৎসাকৰ্মী দল যাব লাগে যদিও সেয়াও হৈ উঠা নাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুহাত খুলি সাহায্য দিবলৈ নিৰ্দেশ দিছে প্ৰশাসনক। বান সাহায্যৰ দায়িত্বত থকা বিষয়া সকলক মতে বহু স্থানত নাই পৰ্যাপ্ত খাদ্য সামগ্ৰী। মন্ত্ৰীয়ে নিৰ্দেশ ছেকেণ্ডৰ ভিতৰতে দি দিয়ে কিন্তু কাৰ্যত সেইবোৰ হৈ নুঠে।
বন্যাৰ্তৰ ওপৰত আৰক্ষীৰ গোৰ কিয়? সেই প্ৰশ্নৰ উত্তৰ এতিয়া মুখ্যমন্ত্ৰীয়ে যে দিব লাগিব সেই কথা মুখ্যমন্ত্ৰীয়ে জানে। বান মুক্ত অসমৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। দ্বিতীয়বাৰলৈ শাসনলৈ অহা বিজেপিয়ে বানমুক্ত কৰিব নোৱাৰিলে। অসমৰ প্ৰতিখন জিলা এতিয়া বানৰ কবলত।
বান সাহায্য প্ৰদানৰ নামত চূড়ান্ত খেলিমেলি। কেৱল উপায়ুক্তক গালি দি মুখ্যমন্ত্ৰীয়ে তেওঁৰ কঠোৰতাৰ প্ৰদৰশন কৰিব পাৰিলেও বন্যাৰ্তৰ পেটৰ ভোক গুচাব নোৱাৰে। ৰাজ্যৰ প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰী আছিল। সেই মন্ত্ৰী সকলে সেই আপদৰ মুহুৰ্তত কি কৰিছে?
কিয় বানাক্ৰান্ত জিলা সমূহলৈ গৈ সেই লোক সকলৰ মাজত থাকি পৰিস্থিতি চম্ভলা নাই। চিৰা, মুৰি খাই শ শ লোকে দিন ৰাতি কটাইছে। বাৰিষাৰ এই সময়চোৱাত বানপানীৰ বাবে প্ৰশাসন সাজু হৈ থাকিব লাগে। প্ৰশাসনৰ যদি এন তৎপৰতা আছিলেই তেনেহ'লে কিয় আজি এই অৱস্থা?
মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ উপায়ুক্তক ধমক দিব লগা হৈছে। কাগজে পত্ৰই বান সাহায্য বিলাইছে নেকি? বানৰ পৰিস্থিত স্বাভাৱিক হোৱাৰ পাছত হিচাপ ওলাব হাজাৰ হাজাৰ মেট্ৰিকটন চাউল ,দাইল, পশুধনৰ খাদ্য, ঔষধ, পানী আদি বিলোৱা হৈছে।
বাস্তৱত বান সাহায্যৰ নামত ভেঁকোভাওনাহে চলে নেকি? প্ৰকৃত বানত বুৰ গৈ থকা লোকে বানপানীৰ সময়ত খাদ্য সামগ্ৰী, উপযুক্ত ক্ষতিপূৰণ যদি নাপাই সেই ধনবোৰে কাৰ জেপ গধুৰ কৰেগৈ?
বহুতৰ বাবে বানপানী খিৰতী গাই।সেই ধাৰাবাহিকতা এতিয়াও অন্ত পৰা নাই। চূড়ান্তভাৱে বান সাহ্য বিতৰণত ব্যৰ্থ হোৱা কথা মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াতে ফুটি উঠিছে।বন্যাৰ্তক উপযুক্ত সাহায্য প্ৰদান কৰক। বানত ডুব গৈ থকা লোক সকলক লৈ ল'ৰা ধেমালী কৰা উচিত নহয়।
মঙলদৈৰ অৱস্থা অতি বেয়া। চহৰৰ মানুহে এতিয়া বান সাহায্য পোৱা নাই। প্ৰশাসনে কৈছে দিয়া হৈছে। বন্যাৰ্তৰ নামত আৱন্টন দিয়া এই খাদ্য সামগ্ৰী, সা সুবিধা বোৰ কত হৰলুকি হৈছে।
বাট-পথৰ অৱস্থা কাহিল। যোগাযোগ বিচ্ছিন্ন হৈ পৰা ঠাই বোৰলৈ প্ৰশাসনৰ লোক পানীৰ সময়ত নাৱেৰে যায় যদিও পানী শুকোৱাৰ পাছত সইবোৰ স্থানত বিভিন্ন ৰোগ উপসৰ্গই দেখা দিয়ে।
বিনা চিকিৎসাই বহু লোকৰ মৃত্যু হয়। তেওঁলোকৰ বাবে সু চিকিৎসাৰ ব্যৱস্থা স্বাস্থ্য বিভাগে কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশলৈ কিয় সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী সকল বাট চাই আছে। কিয় উপায়ুক্ত সকলে মানৱীয় দৃষ্টি কোণেৰে এই দিশবোৰ তদাৰক কৰা নাই।
সঁচাকৈয়ে বন্যাৰ্ত সকলৰ সন্মুখত ভয়ানক বিপদ। খাদ্য, পানী বিচাৰি বন্যাৰ্তই হাহাকাৰ কৰা মুহুৰ্তত আৰক্ষীৰ বৰ্বৰতাও গৰিহনাৰ যোগ্য। এয়া কেৱল সহায়ৰ সময়।
আৰু পঢ়ক: চিৰাঙত বৰ্দ্ধিত অপৰাধমূলক কাৰ্য বন্ধ কৰাৰ দাবীত প্ৰতিবাদ…