নীলমণি দাস : এনেকৈয়ে হেৰাই যায় কিমান মন্ত্ৰী...

আমেৰিকাত গৱেষণা আধাতে এৰি আহি অসমত মন্ত্ৰী হ’ব লগা হৈছিল তেওঁ । ১৯৮৫ৰ কাহিনী আছিল সেয়া । গৱেষণাৰ মাজতে কিছুদিনৰ বাবে তেওঁ আহিছিল মঙলদৈৰ ঘৰখনলৈ । অসম চুক্তিৰ পাছত নিৰ্বাচনী বতাহ বলিছিল ৰাজ্যত ।

New Update
নীলমণি দাস

আমেৰিকাত গৱেষণা আধাতে এৰি আহি অসমত মন্ত্ৰী হ’ব লগা হৈছিল তেওঁ। ১৯৮৫ৰ কাহিনী আছিল সেয়া। গৱেষণাৰ মাজতে কিছুদিনৰ বাবে তেওঁ আহিছিল মঙলদৈৰ ঘৰখনলৈ। অসম চুক্তিৰ পাছত নিৰ্বাচনী বতাহ বলিছিল ৰাজ্যত।

Advertisment

অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল তেওঁ। কৃষি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীলৈ কিছুদিন কাম কৰিছিল অসম কৃষি বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে। ১৯৮৩চনত গৱেষণাৰ বাবে গৈছিল আমেৰিকাৰ নিউ জাৰ্চী কুক কলেজলৈ। 

সেই গৱেষণা আধাতে এৰি ২৯ বছৰ বয়সত মঙলদৈ বিধানসভাৰ পৰা তেওঁ ১৯৮৫ত বিধায়কৰূপে নিৰ্বাচিত হৈছিল। প্ৰফুল্ল কুমাৰ মহন্ত মন্ত্ৰীসভাত কৃষি আৰু মীন বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে স্থান পাইছিল। মূলতঃ তেওঁ আছিল কৃষি আৰু খাদ্য বিজ্ঞানৰ বিজ্ঞানী।

ৰাইজৰ হেঁচাত ৰাজনীতিত প্ৰৱেশ কৰা নীলমণি দাসৰ ৰাজনৈতিক কেৰিয়াৰ কেনেকৈ অন্ত পৰিল ? উচ্চ শিক্ষিত এইগৰাকী কৃষি বিজ্ঞানীয়ে কিন্তু ৰাজনীতিত তিষ্ঠিব নোৱাৰিলে। মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কোপদৃষ্টি পৰি নীলমণি দাসৰ হৈছিল লটিঘটি।

মহন্তৰ কোপদৃষ্টি পৰা তেঁৱেই আছিল অগপৰ প্ৰথমজন বিধায়ক। বিদেশৰ বুকুৰ পৰা ওপজা মাটিলৈ তেওঁক জোৰ কৰি মাতি অনা হৈছিল নিৰ্বাচন খেলিবলৈ। তেওঁ আছিল স্পষ্টবাদী আৰু কোনো কাৰণতে ৰাজনীতিৰ মুনাফাৰ বাবে কাৰোবাৰ ওচৰত হাৰ নমনা ব্যক্তি।

মন্ত্ৰী হৈ তেওঁ দুবছৰো থাকিব নাপালে। ১৯৮৭চনৰ জুনত প্ৰফুল্ল মহন্তই তেওঁক মন্ত্ৰীসভাৰ পৰা খেদিলে। কৃষি বিভাগত সংঘটিত হৈছিল আলুৰ বীজ কেলেংকাৰী। এই কেলেংকাৰীৰ সন্দৰ্ভত গঠন হৈছিল সদন কমিটী। সদন কমিটীয়ে ১৯৮৭ৰ মাৰ্চত দাখিল কৰিছিল প্ৰতিবেদন।

বিভাগীয় মন্ত্ৰী হিচাপে এই কেলেংকাৰীৰ সৈতে নীলমণি দাসৰ কোনো সম্পৰ্ক নাছিল বুলিয়েই প্ৰতিবেদনত উল্লেখ আছিল। তথাপিও প্ৰফুল্ল মহন্তই ৰাজনৈতিক অংকত তেওঁক মন্ত্ৰীসভাৰ পৰা বাদ দিলে। বহুতৰ বাবে সাঁথৰ হ’ল এই সিদ্ধান্ত। 

পিছত গম পোৱা গৈছিল- প্ৰফুল্ল মহন্তৰ এই সিদ্ধান্তৰ আঁৰৰ কাৰণ। নীলমণি দাসে নাজানে ৰাজনৈতিক তৈলমৰ্দন। মহন্তক সেয়ে এই সুযোগ লৈ কোনোৱে লগাইছিল মহন্ত বিৰোধী এক হাৱা লাগিছে নীলমণিৰ গাত। সেই সময়ত তেওঁ দুজন বন্ধুৰ সৈতে দিল্লীলৈ গৈছিল। 

মন্ত্ৰী হ’লেও আন মন্ত্ৰীৰ দৰে অসম ভৱনৰ বিলাসী কোঠা তেওঁ বিচৰা নাছিল। এজন বন্ধুৰ চিকিৎসাৰ বাবে আছিল এই দিল্লী যাত্ৰা। অসম ভৱনৰ বিপৰীতে তেওঁ আছিল দিল্লীৰ এখন হোটেলত। সেই সময়তে দিল্লীলৈ গৈছিল প্ৰফুল্ল মহন্ত। 

ইয়াতেই তেওঁক জনোৱা হ’ল দিল্লীত হোটেলত মন্ত্ৰী নীলমণি দাসে বাহৰ পাতি আছে। প্ৰফুল্ল মহন্তই হোটেলৰ পৰা তেওঁক মতাই আনিছিল। কৈছিল- মন্ত্ৰী হৈ আপুনি অসম ভৱনত নাথাকি হোটেলত কি কৰি আছে ? ইতিমধ্যে নীলমণি দাসৰ সন্দৰ্ভত বহু কথা মহন্তক লগোৱা হৈছিল। 

সেই সকলো অগপ নেতাই আছিল। নীলমণি দাসৰ পৰা তেওঁলোকে তেওঁৰ বিভাগটোত ভবা ধৰণে দুৰ্নীতি কৰাৰ সুযোগ পোৱা নাছিল। লগতে আন ৰাজনৈতিক কথা- বতৰাও আছিল। তাৰ পাছত মহন্তই নীলমণি দাসক কৈছিল- আপুনি ৰিজাইন দিব লাগিব।

এবাৰো চিন্তা নকৰাকৈ দিল্লীৰ পৰা ঘূৰি আহি নীলমণি দাসে পদত্যাগ পত্ৰ তুলি দিলে মুখ্যমন্ত্ৰীৰ হাতত। মহন্তই সেই পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে। প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্যকালৰ শেষৰ ফালে মহন্তই তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিছিল। 

মহন্তৰ ভুল ভাগিছিল। নীলমণি দাসক পুনৰ মন্ত্ৰীসভাত লোৱাৰ সিদ্ধান্ত লৈছিল। মাতি পঠাইছিল শপতগ্ৰহণ অনুষ্ঠানলৈ। নীলমণি দাস সেই শপতগ্ৰহণ অনুষ্ঠানলৈ নগ’ল। মহন্তলৈ পঠালে এখন চিঠি। য’ত লিখা আছিল- ব্যক্তিগত অসুবিধাৰ বাবে এই শপতগ্ৰহণ অনুষ্ঠানত সেইদিনা তেওঁ উপস্থিত থাকিব নোৱাৰিব।

মুখ্যমন্ত্ৰী মহন্তই উত্তৰ দিছিল- ৰাজ্যপালৰ লগত কথা পাতি আন এদিন তেওঁক শপতগ্ৰহণ কৰোৱা হ’ব। তাৰ পাছত আৰু সেই দিনটো নাহিল। এদিন মহন্তক লগ কৰিবলৈ তেওঁ গৈছিল। কিন্তু মহন্ত ওলাই নাহিল।

মন্ত্ৰী হোৱাৰ তেওঁৰ হাবিয়াস নাছিল। স্বভাৱসুলভ নম্ৰতাৰে তেওঁ সেই সময়ত ৰাজনীতিত ইমান লটিঘটি হোৱাৰ পাছতো মাত মতা নাছিল। বৃন্দাবন গোস্বামীকে ধৰি কেইবাজনৰ হেঁচাতহে তেওঁ ৰাজনীতিত ভৰি থৈছিল। 

ৰাজনীতি নজনা সেই মানুহজনক লৈ কেৱল ষড়যন্ত্ৰ চলিছিল। আলু বীজ কেলেংকাৰীৰ তদন্তৰ সময়ত এই কেলেংকাৰীৰ বাবে দায়ী কেইবাজনো বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীৰ পৰা অনুমতি বিচাৰিছিল। সেই অনুমতিতো নিদিলেই বৰঞ্চ তেওঁলোকক পদোন্নতিহে দিয়া হৈছিল পিছত।

তেওঁৰ মন্ত্ৰিত্ব যোৱাৰ পাছত তেওঁৰ ঘৰত থকা নিৰাপত্তাৰক্ষীসকলকো আঁতৰাই লৈ গৈছিল। সকলো নীৰৱে সহ্য কৰি গৈছিল তেওঁ। প্ৰমাণ হৈছিল আকৌ এবাৰ ভাল মানুহ ৰাজনীতিত থাকিব নোৱাৰে বুলি। 

১৯৯৬ চনত তেখেতৰ মৃত্যু হ’ল। নীলমণি দাসৰ ঘৰ আছিল মঙলদৈৰ আৰেঙত। তেওঁৰ দুই ভাই ক্ৰমে- চন্দনমণি দাস আৰু চিন্ময় দাস এই সংসাৰত নাই। তেওঁলোকৰ পৰিয়াল থাকে গুৱাহাটীত। নীলমণি দাসৰ একমাত্ৰ ভগ্নী মলয়া দাস মহন্ত মঙলদৈৰ বামুণীপাৰাৰ বাসিন্দা।

নীলমণি দাসৰ পত্নীৰ নাম ডা০ প্ৰণতি দাস। বৰ্তমান তেওঁ বাস কৰে গুৱাহাটীত। চিকিৎসক আছিল তেওঁ। ২০২৪ চনত অৱসৰ গ্ৰহণ কৰিলে উজনি অসমৰ স্বাস্থ্য বিভাগৰ উপ সঞ্চালক হিচাপে। মঙলদৈৰ এই ঘৰটোত এতিয়া পৰিয়ালৰ কোনো লোকেই নাথাকে।

এটা পৰিয়ালক থাকিব দিয়া হৈছে ঘৰটোত। নীলমণি দাসৰ আছিল দুই কন্যা। তেওঁলোকক বৰ্তমান সুপ্ৰতিষ্ঠিত। এগৰাকী চিকিৎসকৰূপে দিল্লীৰ বিখ্যাত ছফদৰজং হাস্পতালত কৰ্মৰত। আনগৰাকী অভিযন্তা। তেওঁ থাকে দিল্লীত। 

ৰাজনীতিয়ে তেওঁক একো নিদিলেও অতি নীৰৱতাৰে তেওঁ ৰাজনীতিত এৰি থৈ গ’ল সততা। বহুতে নাজানে এইজন মন্ত্ৰীৰ কথা। কথা পাতোতে নীলমণি দাসৰ পত্নী প্ৰণতি দাসে ক’লে- এইবোৰ বহু কথা। ৰাজনীতিলৈ নহা হ’লেই ভাল আছিল তেওঁ। 

ৰাজনীতি এনেকুৱাই। মন্ত্ৰী হয়, মন্ত্ৰিত্ব যায়। এসময়ৰ ক্ষমতাশালী মানুহজনো সময়ত অসহায় হৈ পৰে। সময়ে ৰাজনীতিৰ ক্ষেত্ৰখনত কাক, ক’ত এৰি দিয়ে কোনেও গেৰাণ্টী দিব নোৱাৰে...।

অসম গণ পৰিষদ প্ৰফুল্ল মহন্ত