"হেল্ল', ড০ পৰিধি নেকি?" - নহয় চিআইডি, মই ধ্ৰুৱজ্যোতি...

ধ্ৰুৱজ্যোতি শইকীয়া নামৰ শিৱসাগৰৰ দিখৌমুখ ভৰলুৱা গাঁৱৰ যুৱকজনৰ কাষত এজন পৰিচিত সাংবাদিক সেই সময়ত উপস্থিত থকা সূত্ৰে তেওঁৰ সৈতে পোনপটিয়া যোগাযোগ সম্ভৱ হৈছিল। ইতিমধ্যে ফাদিল হৈছিল ছদ্মবেশী পৰিধি শৰ্মা যে এই যুৱকজনেই। 

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
আঁৰত ধ্ৰুৱজ্যোতি

আঁৰত ধ্ৰুৱজ্যোতি

মৃদুল কুমাৰ সন্দিকৈ 

Advertisment

কিছু দিনৰ আগতে অসমৰ এজন প্ৰতিষ্ঠিত লিখকে ফোন কৰি সুধিছিল- পৰিধি শৰ্মা কোন হে? সেইদিনা তেখেতক এই প্ৰশ্নৰ উত্তৰ দিব পৰাকৈ কোনো উত্তৰ নথকাত এক সন্দিহান মন লৈ তেওঁৰ বিষয়ে একো নাজানো বুলিয়েই বিষয়টো সামৰিছিলো। 

লেখিকাগৰাকীৰ সন্দৰ্ভত বি বি চিৰ সাংবাদিক শচীন গগৈয়ে দিয়া এটা সামাজিক পোষ্টে বিষয়টোক লৈ পুনৰ সন্দিহান কৰি তুলিছিল। বহুতে পৰিধি শৰ্মাৰ সপক্ষে আৰু আন কিছুৱে এয়া এক কাল্পনিক চৰিত্ৰ বুলি মন্তব্য কৰিছিল। 

তাৰ পাছত পৰিধি শৰ্মাকলৈ কোনো উৎসুকতা নাছিল। হঠাৎ পৰিধি শৰ্মাৰ সন্ধান ওলোৱাৰ খবৰে সামাজিক মাধ্যম ভৰি পৰিল। সেয়েহে পৰিধি শৰ্মাক লৈ পুনৰ কিছু উৎসুকতা সৃষ্টি হ’ল। ইতিমধ্যে চি আই ডিয়ে পৰিধি শৰ্মাৰ প্ৰকৃত পৰিচয় লাভ কৰাৰ পাছত ইয়াৰ আঁৰৰ যুৱকজনক দুটামান কথা সুধাৰ ইচ্ছা আছিল। 

ধ্ৰুৱজ্যোতি শইকীয়া নামৰ শিৱসাগৰৰ দিখৌমুখ ভৰলুৱা গাঁৱৰ যুৱকজনৰ কাষত এজন পৰিচিত সাংবাদিক সেই সময়ত উপস্থিত থকা সূত্ৰে তেওঁৰ সৈতে পোনপটিয়া যোগাযোগ সম্ভৱ হৈছিল। ইতিমধ্যে ফাদিল হৈছিল ছদ্মবেশী পৰিধি শৰ্মা যে এই যুৱকজনেই। 

যুৱকজনক সুধিছিলো কিয় আপুনি এনে এটা নাম নিৰ্বাচন কৰিছিল? লিখা-মেলা কৰিবলৈ তেওঁৰ নিজৰ নামটোৱেই যথেষ্ট নাছিল নেকি? কিহৰ বাবে এইয়া তেওঁ কৰিছিল? ৩৬ বছৰীয়া যুৱকজনে উত্তৰ দিলে তেওঁ ধ্ৰুৱজ্যোতি শইকীয়াৰ নামতেই প্ৰথম লেখা-মেলা কৰিছিল। 

তেওঁৰ লেখাবোৰ যি গুৰুত্বসহকাৰে প্ৰকাশ কৰিব লাগিছিল সেয়া হোৱা নাছিল। সেয়েহে তেওঁ ২০২২ চনত এই নামটো লৈ লেখাবোৰ কাকত-আলোচনী আদিলৈ পঠিয়াইছিল। সামাজিক মাধ্যমতো তেতিয়াই পৰিধি শৰ্মাৰ নামত এটা ফেচবুক একাউণ্ট খুলিছিল। য’ত তেওঁ ড০ পৰিধি শৰ্মা বুলি লিখি নিজকে দিল্লী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে পৰিচয়ত উল্লেখ কৰিছিল। 

পৰিধি শৰ্মা আৰু ধ্ৰুৱজ্যোতি শইকীয়াৰ নামত লেখামেলা কৰাৰ পাছত তেওঁ কি পাৰ্থক্য দেখা পাইছিল? ধ্ৰুৱজ্যোতিৰ মতে পৰিধি শৰ্মাৰ লেখাৰ বাবে বহু কাকত-আলোচনীৰ সম্পাদক ৰৈ থাকে। তেওঁ লেখা কেতিয়াও প্ৰকাশ নোহোৱাকৈ নাথাকে। অতি কমেও ১০০ ৰো অধিক লেখা এই দিন কেইটাত ধ্ৰুৱজ্যোতিয়ে অসমৰ প্ৰায় কেইখন কাকত-আলোচনীত লিখিছে। 

ধ্ৰুৱজ্যোতিয়ে আৰু জনালে অসমৰ কোন প্ৰতিষ্ঠিত লোকে তেওঁৰ সৈতে কেনেদৰে যোগাযোগ ৰক্ষা কৰে। অৱশ্যে সেই নামবোৰ তেওঁ প্ৰকাশ নকৰাৰ প্ৰতিশ্ৰুতিৰেহে জানিবলৈ দিলে। সেয়াও আন এক আখ্যান হ’ব। 

ধ্ৰুৱজ্যোতি কিমান পঢ়া? এই প্ৰশ্নৰ উত্তৰত তেওঁ ক’লে তেওঁ গণিত বিষয়ত স্নাতক। গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিছিল যদিও পাৰিবাৰিক কাৰণত সেয়া সম্পূৰ্ণ নহ’ল। ১৫ বছৰ মানৰ আগতেই তেওঁৰ পিতৃ বুদ্ধ শইকীয়া প্ৰয়াত হৈছিল। 

২০২২ চনৰ আগষ্টত তেওঁ মাতৃক হেৰুৱাইছিল। এজন ভাতৃ আছে তেওঁৰ পৰিয়ালত। তেওঁ কাম কৰে এটা কোম্পানীত আৰু স-পৰিয়ালে তেওঁ থাকে গুৱাহাটীত। শিৱসাগৰৰ ঘৰখনত অকলেই থাকে ধ্ৰুৱজ্যোতি। বিয়াবাৰু পতা নাই এতিয়াও। 

মূলতঃ টিউচন কৰিয়েই তেওঁ চলি আছে। এয়া ধ্ৰুৱজ্যোতিৰ ভাষ্য। বিজ্ঞান আৰু গণিত বিষয়ত লেখামেলা কৰি তেওঁ ভাল পায়। প্ৰয়োজনত সমালোচনামূলক আৰু ৰাজনীতিৰ বিষয়টো লেখামেলা কৰে। 

পৰিধি শৰ্মাৰ যিখন ফটো পৰিচিত হৈ পৰিছে সেই ফটোখননো কাৰ? ধ্ৰুৱজ্যোতিয়ে কোৱা মতে সেয়া কৰ্ণাটকৰ এগৰাকী আই এছ বিষয়াৰ ফটো। নাম সম্ভৱতঃ জি ৰোহিণী। এয়াই পৰিধি শৰ্মাৰ আঁৰৰ কাহিনী। 

ধ্ৰুৱজ্যোতিয়ে এইদৰে ফেচবুক একাউণ্টত কাৰোবাৰ ফটো ব্যৱহাৰ কৰি অপৰাধ কৰা নাইনে? এই কথা তেওঁ উপলব্ধি কৰিছে। আজিৰ পৰা এমাহ, ডেৰমাহ মানৰ পূৰ্বেই চি আই ডিৰ এজন বিষয়াই তেওঁক গৌৰীসাগৰ থানালৈ মাতি নিছিল। 

পৰিধি শৰ্মাৰ পৰিচয় সন্দৰ্ভত সৃষ্টি হোৱা সন্দেহৰ অৱসান ঘটাবলৈ পলাশ ৰঞ্জন বৰুৱাই এটা গোচৰ তৰিছিল। ৪ ফেব্ৰুৱাৰী ২০২৫ ত এই গোচৰ ৰুজু কৰা হৈছিল চি আই ডিৰ উলুবাৰী মুখ্য কাৰ্যালয়ত। এই অভিযোগৰ ভিত্তিতেই চি আই ডি বিষয়া ৰূপজ্যোতি নাথক ইয়াৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল। 

CID/Cell-VII(A)/ENQ No. 04/2025/416, Dated: 17.02.2025 যোগে দুই পৃষ্ঠাৰ এক প্ৰতিবেদন চি আই ডিৰ পৰিদৰ্শক নাথে চি আই ডিৰ মুখ্য কাৰ্যালয়ৰ বিশেষ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰিছিল। সেই প্ৰতিবেদনত উল্লেখ আছে কেনেদৰে তেওঁ পৰিধি শৰ্মা নাম লৈ ভুৱা পৰিচয়েৰে মানুহক আভুৱা ভাৰি অহা শিৱসাগৰৰ যুৱকজনক বিচাৰি উলিয়াইছিল। 

মূলতঃ ইমেইল, ফেচবুকৰ উৎস ব্যৱহাৰেৰে পৰিধি শৰ্মাৰ কাষ চাপিবলৈ সক্ষম হৈছিল চি আই ডি। পৰিধি শৰ্মাৰ নামত দুটা ফোন নম্বৰ ব্যৱহাৰ কৰা হৈছিল। যি দুটা ফোন নম্বৰ আছিল ৬৯০১৬ ৮৬৮৪০ আৰু ৬৯০১১ ৪৩৭০২ ।

দুয়োটা ফোন নম্বৰ আছিল ধ্ৰুৱজ্যোতি শইকীয়া নামৰ যুৱকজনৰ নামত। কেৱল পৰিধি শৰ্মাই নহয়, আন দুটা মহিলাৰ ছদ্ম নাম লৈ আছিল ধ্ৰুৱজ্যোতি শইকীয়াই। তাৰে এটা নাম আছিল ৰঞ্জিতা ছামনেট্ৰা। তেওঁক আনি গৌৰীসাগৰ থানাত চি আই ডিৰ বিষয়াই সোধপোছ কৰিছিল। 

এই সকলো বোৰ কথা স্বীকাৰ কৰিছিল ধ্ৰুৱজ্যোতিয়ে। ইয়াৰ আধাৰতে গৌৰীসাগৰ থানাত ৰুজু কৰা গোচৰৰ নম্বৰ আছিল ০৮/২০২৫। BNSRW ধাৰাৰ ৩১৯ (২) আৰু IT Act ৰ ৬৬ (ডি) ধাৰাত এই গোচৰ ৰুজু কৰা হৈছিল। 

ছদ্ম নাম লোৱাটো অপৰাধ হ’ব নোৱাৰে। কিন্তু ধ্ৰুৱজ্যোতিয়ে কেইবাটাও আইনৰ দৃষ্টিয়ে অপৰাধ সংঘটিত কৰিছিল। যাৰ তদন্ত নিশ্চয় হ’ব। তেওঁ ফোনত মহিলাৰ কণ্ঠস্বৰে ঘণ্টাৰ পাছত ঘণ্টা ধৰি বিশেষ কিছু ব্যক্তিৰ সৈতে বাৰ্তালাপতো মিলিত হৈছিল। এই কথা প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ আছে। 
 
লিখা-মেলাক বাদ দি এনেদৰে পৰিধি শৰ্মাৰ নামত ধ্ৰুৱজ্যোতিয়ে যি কৰিছিল সেয়া আন এক অনুসন্ধানৰ বিষয়। এই কাহিনীবোৰৰ উন্মোচনে পৰিধিৰেই নহয়, আন বহু প্ৰতিষ্ঠিত লোকৰ মুখৰ আঁৰৰ মুখা খোল খাই পৰাৰ ভয় আছে। 

কিয়নো চি আই ডিৰ প্ৰতিবেদনত উল্লেখ থকা মতে বহুসংখ্যক বুদ্ধিজীৱি, কাকতৰ সম্পাদক এই ধ্ৰুৱজ্যোতি শইকীয়াৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি চলিছিল। আৰু ধ্ৰুৱজ্যোতিয়ে পৰিধি বুলি পৰিচয় দি মহিলাৰ কণ্ঠৰে তেওঁলোকৰ সৈতে ঘণ্টাৰ পাছত ঘণ্টা কথা পাতিছিল। 

ধ্ৰুৱজ্যোতিয়ে ভাল লিখে। সেই দক্ষতা আৰু প্ৰতিভা পৰিধি শৰ্মাৰ নামত তেওঁ প্ৰকাশ কৰাৰ বিপৰীতে কিন্তু বহুবোৰ অপৰাধ ইয়াৰ জৰিয়তে সংঘটিত কৰিছিল। অৱশ্যে তেওঁ আন এক সত্যকো তুলি ধৰিলে যে, প্ৰতিষ্ঠা আৰু সৌন্দৰ্য থাকিলে এই ক্ষেত্ৰখনত সকলো সম্ভৱ। 
 
পৰৱৰ্তী দিনবোৰত ধ্ৰুৱজ্যোতিয়ে নিজস্ব শৈলীৰে লিখা-মেলা কৰি যোৱাৰ কথা ক’লে। বহুতে তেওঁক পৰিধি শৰ্মাৰ নামতেই লিখিবলৈ কৈছে যদিও পৰিধি শৰ্মাৰ অধ্যায় ইমানতে ইতি পৰিছে বুলি তেওঁ ধৰি লৈছে।  

চিআইডি পৰিধি শৰ্মা দিল্লী বিশ্ববিদ্যালয়