/asomiyapratidin/media/media_files/2025/03/22/Gc07Ea75MLeFuj8WQmH1.jpg)
কিছুমান ঘটনাই মানুহৰ মনত স্বতঃস্ফুৰ্তভাৱে এক ধাৰণাৰ সৃষ্টি কৰে। সাধাৰণ লোকেও বুজে বা উপলব্ধি কৰে ভাল নে বেয়া হৈছে। অসম বিধানসভাত শেহতীয়াকৈ সংঘটিত এক কাণ্ড আৰু এজন জনপ্ৰতিনিধিৰ আচৰণকলৈ মানুহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
শাসকীয় দলৰ অভিজ্ঞ বিধায়কজনৰ এই আচৰণক লৈ বিধানসভা পৰিচালনা কৰা উপাধ্যক্ষগৰাকীয়ে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা অৱশ্যে নল’লে। সাধাৰণ কথাতেই বিৰোধীৰ বিধায়কক সদনৰ পৰা বাহিৰ কৰি দিয়া হয় যদিও এজন সতীৰ্থ বিধায়কক মাৰিবলৈ চোঁচা লোৱা, অসংসদীয় শব্দৰে গালি পৰা এই বিধায়কজনৰ বিৰুদ্ধে কিন্তু তেওঁৰ দলৰ নেতৃত্বই প্ৰেৰণ কৰা এখন পত্ৰই বিশেষ তাৎপৰ্য বহন কৰিছে।
যিখন পত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বিধায়কজনলৈ সম্বোধন কৰি লিখিলে-
"প্রতি,
শ্রীৰূপজ্যোতি কুর্মী
বিধায়ক, মৰিয়নী বিধানসভা সমষ্টি
বিষয় : যোৱা ২১ মার্চ তাৰিখে অসম বিধানসভাত আপোনাৰ আচৰণ সন্দৰ্ভত।
শ্রদ্ধেয় শ্রীকুর্মী ডাঙৰীয়া,
কালি অসম বিধানসভাৰ পৱিত্ৰ মজিয়াত আপোনাৰ বক্তব্যৰ মাজতে সদনৰ নিজৰ আসনৰ পৰা উঠি গৈ সতীর্থ বিধায়কলৈ খেদি যোৱা বিষয়টো অসমৰ ৰাইজৰ দৃষ্টিগোচৰ হৈছে। আপোনাৰ এই আচৰণ সদনৰ পৰম্পৰাৰ পৰিপন্থী।
নিশ্চিতভাৱে আপুনি অসমৰ এগৰাকী প্রতিষ্ঠিত ৰাজনীতিবিদ। ৰাইজৰ আশীর্বাদত আপুনি কেবাবাৰো বিধানসভালৈ নির্বাচিত হৈ আহিছে। এগৰাকী অভিজ্ঞ ৰাজনীতিবিদ হিচাপে বিধানসভাত আপোনাৰ অপ্রত্যাশিত আচৰণত ভাৰতীয় জনতা পার্টিৰ কার্যকর্তা হিচাপে আমি আশ্বৰ্য্যচকিত হৈছো।
ভাৰতীয় জনতা পার্টি এটা অনুশাসনসমৃদ্ধ আৰু এক বিশেষ সংস্কাৰৰ দ্বাৰা পৰিচালিত আৰু প্ৰতিপালিত সংগঠন। ইয়াত সহিষ্ণুতা, সংযমৰ লগতে প্রয়োজন সাপেক্ষে আদর্শগত যুঁজৰ বাবেও আমি আমাৰ উদাহৰণ প্ৰতিপন্ন কৰিছো। সদনত আপোনাৰ আচৰণত ভাৰতীয় জনতা পার্টিৰ কাৰ্যকৰ্তাৰ সংস্কাৰৰ লগত যথেষ্ট পার্থক্য পৰিলক্ষিত হৈছে।
ইতিমধ্যে এগৰাকী জনপ্রতিনিধি হিচাপে বিষয়টো সন্দর্ভত সদনত ক্ষমা প্রার্থনাৰে নিজস্ব দায়ৱদ্ধতা পালন কৰিছে যদিও এনেধৰণৰ আচৰণৰ পুনৰাবৃত্তি নকৰিবলৈ আপোনাক পৰামৰ্শ প্রদান কৰা হ'ল। একে সময়তে উক্ত বিষয়ত অসমৰ জনসাধাৰণৰ ওচৰতো ক্ষমা প্রার্থনা বিচাৰিবলৈ আপোনাক নির্দেশনা প্রদান কৰা হ'ল। "
নতুনকৈ অসম ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লোৱা দিলীপ শইকীয়া দেশৰে এজন অভিজ্ঞ ৰাজনীতিবিদ। লোকসভাতো সদন পৰিচালনা কৰাৰ অভিজ্ঞতাৰে পুষ্ট শইকীয়াই ভালদৰে বুজি পাইছে যে, শাসকে হওক বা বিৰোধী দলৰে বিধায়ক হওক; এনে আচৰণ কোনো কাৰণেতেই গ্ৰহণযোগ্য হ’ব নোৱাৰে।
সেয়েহে, নিজ দলৰ বিধায়কগৰাকীলৈ এনে এখন পত্ৰ লিখি অৱক্ষয় ঘটিবলৈ ধৰা এই ৰাজনৈতিক পৰিৱেশত শইকীয়াই এক নজিৰ স্থাপন কৰিলে। লগতে বিধানসভাৰ ভিতৰচ’ৰাত সেই সময়ত অধ্যক্ষৰ আসনত বহি থকা উপধ্যক্ষগৰাকীৰ ভূমিকাৰ প্ৰতিও দিলীপ শইকীয়াই এক প্ৰশ্নবোধক চিন এৰি গ’ল।
সভাপতিৰ দায়িত্ব লৈয়েই দিলীপ শইকীয়াই সুস্থ আৰু ৰুচিবোধৰ ৰাজনৈতিক পৰিৱেশ গঢ়াৰ কেইবাটাও ইংগিত প্ৰদান কৰিছে। যি সময়ত ড০ হীৰেণ গোহাঁইৰ দৰে বুদ্ধিজীৱীক চূড়ান্ত অসভ্যালিৰে বিজেপিৰ একাংশ নেতা- মন্ত্ৰীয়ে সমালোচনা কৰিছিল, সেই সময়ত কিন্তু ড০ হীৰেণ গোহাঁইক সমালোচনা কৰিবলৈ দিলীপ শইকীয়াই এটাও অসংসদীয় শব্দ ব্যৱহাৰ কৰা নাছিল।
বিৰোধী দলসমূহক ঐক্যৱদ্ধ কৰিবলৈ ড০ গোহাঁয়ে আহ্বান জনোৱা সভাৰ সন্দৰ্ভত তেওঁ অতি ৰুচিসন্মতভাৱে কোনো দিনেই সফল হ’ব নোৱাৰা এক প্ৰয়াস বুলি আখ্যা দি এয়া ড০ গোহাঁই ছাৰৰ আন্তৰিক চেষ্টা বুলি তেওঁ ইয়াক আখ্যা দিছিল। যি সময়ত মুখ্যমন্ত্ৰীৰ দৰে লোকেও ড০ হীৰেণ গোহাঁইক সমালোচনা কৰোতে তেওঁক চৈধ্য গোষ্ঠী উজাৰি গালি পৰাৰ প্ৰয়াস কৰিছিল, সেই সময়ত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ এই মন্তব্যই বহুতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
সংবাদ মাধ্যমক হকে- বিহকে আক্ৰমণ কৰাতো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক বেমাৰসদৃশ হৈ পৰিছে। নিজেই পতা জালত বন্দী হৈও মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ দোষ কোনো ব্যক্তি বিশেষলৈ এৰি নিজক ধোৱা তুলসীৰ পাত সজোৱাতো এক পৰম্পৰা হৈছে।
বাহিৰত সভা- সমিতিক বাদে সদনৰ মজিয়াতো সংবাদ মাধ্যমৰ ওপৰত তেনে আক্ৰমণ চলাই তেওঁ এক আসুৰিক তৃপ্তি লাভ কৰা দেখা যায়। কিন্তু তাৰ বিপৰীতে দিলীপ শইকীয়াক তেওঁৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰা এটা সংবাদ গোষ্ঠীয়ে এদিন সংবাদ মাধ্যমটোৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত সংবাদ মাধ্যমটোক উচ্চ প্ৰশংসা কৰি গণতান্ত্ৰিক ব্যৱস্থাত ইয়াৰ প্ৰাসংগিকতাৰ কথা দোহাৰিলে।
লগতে তেওঁ ইয়াকো কৈ গ’ল যে, তেওঁৰ বিৰুদ্ধে বাতৰি প্ৰকাশ হ’লে সাধাৰণ মানুহৰ বেয়া লগাৰ দৰে তেওঁৰো বেয়া লাগে। এই কথা কেইটায়ো দিলীপ শইকীয়াৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ৰুচিবোধৰ উমান দি গৈছিল। সমান্তৰালভাৱে সংবাদ মাধ্যমৰ ভূমিকা আৰু সমালোচনাৰ কিমান প্ৰয়োজন সেই উপলব্ধি কৰাৰো সুযোগ দিছিল।
কেৱল বিজেপিৰ সভাপতি হোৱাৰ বাবে কোনোবাই তেওঁক সমালোচনা কৰিব খুজিলেও সুক্ষ্মভাৱে চালে দেখা যায় যে, তেওঁৰ আদৰ্শ আৰু স্থিতিত ৰাজনৈতিক প্ৰমূল্যবোধ আছে। হয়তো এদিন দিলীপ শইকীয়াই এনে প্ৰমূল্যবোধৰ বাবেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা লৈও ৰূপজ্যোতি কুৰ্মীলৈ লিখাৰ দৰে এখন পত্ৰ লিখিব, য’ত মুখ্যমন্ত্ৰীক তেওঁ পৰামৰ্শ দিব- মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি হকে- বিহকে কাকোৱেই তুচ্চ- তাচ্চিল্য নকৰিব। ঐ পুলিচ, ঐ ডি চি বুলি মানুহৰ আত্মসন্মানক লাঘৱ কৰাৰ চেষ্টা নচলাব। আপুনি যদিও এইবোৰ কৰি তৃপ্তি পায়, মানুহে কিন্তু আপোনাৰ এই কথাবোৰ, আচৰণবোৰ দেখি- শুনি ভাল নাপায়।
হয়তো তেওঁ মুখ্যমন্ত্ৰীৰ দৰে নতুনকৈ বিজেপিত যোগ দি ক্ষমতাশালী হৈ পৰা আন বহু মন্ত্ৰী- বিধায়কক লৈও এনে পৰামৰ্শ পত্ৰ লিখিব লগা হ’লে আচৰিত হ’ব লগা নাই। কিয়নো দম্ভ- অহংকাৰত মত্ত হৈ নিজক পাহৰি যোৱা সকলক নিয়ন্ত্ৰণ কৰিবলৈ যুগে যুগে এনেকুৱা কোনোবা এজনৰ জন্ম হয়।