মৃদুল কুমাৰ সন্দিকৈ
মা কামাখ্যাও সাৰি নগ'ল, মূল সুঁতিৰ একাংশ ভাৰতীয়ৰ উত্তৰ-পূৰ্বৰ প্ৰতি থকা অৱহেলাপূৰ্ণ মনোভাৱৰ পৰা। ইমান তৰলকৈ তেওঁলোকে কথাবোৰ ভাৱে আৰু কয় যে, প্ৰতিটো মুহূৰ্ততে আমাৰ সভ্যতা সংস্কৃতি আৰু ভাৰতীয়বোধৰ ওপৰত অসন্মানৰ পূৰ্ণহতীয়া চৰ পৰে।
এখন ৰাষ্ট্ৰীয় কাকতৰ পাছত এটা ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত সোণম ৰঘুবংশীয়ে সংঘটিত কৰা নাৰকীয় হত্যাকাণ্ডৰ খবৰ দিবলৈ গৈ বিশ্ব প্ৰসিদ্ধ মা কামাখ্যা মন্দিৰকলৈ বিতৰ্কিত মন্তব্য প্ৰকাশ পোৱা দেখা গ'ল। চি এন এন নিউজ 18 নামৰ ৰাষ্ট্ৰীয় চেনেলটোৱে এই সন্দৰ্ভত প্ৰকাশ কৰা এক খবৰত কোৱা হ'ল কামাখ্যা মন্দিৰত দিয়া হয় নৰবলি।
মেঘালয়লৈ যোৱা পূৰ্বে সোণম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশী কামাখ্যা মন্দিৰ দৰ্শনলৈ যোৱা বুলি খবৰ প্ৰকাশ হৈছিল। তাৰ আধাৰতে এই খবৰো সংবাদ মাধ্যমত প্ৰকাশ হৈছিল যে সোণমে ৰাজা ৰঘুবংশীক কামাখ্যা মন্দিৰতে হত্যা কৰাৰ কথা ভাৱিছিল।
কিন্তু কামাখ্যাৰ আধ্যাত্মিক পৰিৱেশ, জনসমাৱেশ আদিৰ বাবে সেয়া সম্ভৱ কৰিব পৰা নাছিল সোণমে।এই খবৰৰে আঁত ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি চেনেলটোৱে ৰাজা ৰঘুবংশীৰ এগৰাকী পৰিয়ালৰ লোকৰ সাক্ষাত গ্ৰহণ কৰি এই সমগ্ৰ ঘটনাৰ সৈতে কামাখ্যা মন্দিৰক সাঙুৰি পেলালে।
বাতৰি পৰিৱেশন কৰা এংকৰ গৰাকীয়ে হনিমুন হত্যাকাণ্ডৰ সৈতে কামাখ্যাক একাকাৰ কৰি ক'লে যে কামাখ্যাত প্ৰায়ে নৰবলি হয়। এংকৰ গৰাকীয়ে এই ধাৰণা দিবলৈ চেষ্টা কৰিলে যে সোণমে যেন স্বামীক নৰবলি দিবলৈ হে পৰিকল্পনা কৰি লৈ গৈছিল কামাখ্যালৈ।
পূৰ্বতেও ক্ৰাইমপ'ৰ্ণ হিলচ বুলি মেঘালয়ক তুচ্ছ-তাচ্ছল্য কৰা পাছত আন এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কামাখ্যা সন্দৰ্ভত এনে অপপ্ৰচাৰে উত্তৰ-পূৰ্বাঞ্চলৰ লোক সকলৰ ধৰ্মীয় চেতনাত চূড়ান্ত আঘাত হানিলে। অথচ এই কামাখ্যালৈ নাহে কোন?
মা কামাখ্যাৰ আশীৰ্বাদ পাবলৈ পুঁজিপতি শ্ৰেণীৰ পৰা আৰম্ভ কৰি বলিউডৰ নামি-দামী চেলিব্ৰেটি নিয়মীয়াকৈ নীলাচল পাহাৰৰ আলহী হয়হি। সৌ সেইদিনা ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ গৌতম গম্ভীৰ আহি কামাখ্যা দৰ্শনেৰে সফলতাৰ কামনাৰে সেৱা লৈ গৈছেহি।
তেনে এক আধ্যাত্মিক আৰু বিশ্ব প্ৰসিদ্ধ তীৰ্থস্থানক নৰবলি চলে বুলি ইতিহাস আৰু বৰ্তমান নজনা কোনোবা সংবাদ কৰ্মীয়ে এনে অপপ্ৰচাৰ চলোৱাতো কম পৰিতাপৰ কথা নহয়। কামাখ্যাৰ ঐতিহ্য আৰু মৰ্যদাত অন্তৰ্নিহিত হৈ আছে আমাৰ সভ্যতা আৰু সংস্কৃতি।
ৰাষ্ট্ৰীয় পৰ্যায়ত কোনোবাই ভূলবশতঃ হ'লেও এনে মন্তব্য কৰাটো এই অঞ্চলটোৰ প্ৰতি কিমান অৱজ্ঞা তাৰ পূৰ্ণ প্ৰতিফলন ইতিমধ্যে ঘটিছে। সেই সকল লোকক কেৱল ক্ষমা খুজিলেই ক্ষমা কৰি দিয়া আমাৰ সৰল প্ৰৱণতাক দুৰ্বলতা বুলি ভৱা ধাৰণাক সলনি কৰাৰ সময় এতিয়া।
নাজানিলে কোনো কথা নোকোৱাতোৱে শ্ৰেয়। তাকে নকৰি অল্প বিদ্যাৰে শিক্ষিত হৈ যি ভাৱে তাকে কৈ দিয়া সকলক শিক্ষা আৰু তেওঁলোকৰ অজ্ঞতাক দূৰ কৰিব পৰাকৈ জ্ঞান দিব লাগিব আমিয়েই। নহ'লে এই ধৰণৰ প্ৰৱণতাৰে আহি থকা দিনবোৰতো ভাৰতীয়বোধেৰে নিজক সৰ্বশ্ৰেষ্ঠ বুলি ভৱা একাংশই আমাক এনেকৈয়ে তুচ্ছ-তাচ্ছল্য কৰি যাব।
সনাতনী এই প্ৰমূল্যবোধত গভীৰ আস্থা ৰাখি বিপন্ন কৰিব খোজা আমাৰ সংস্কৃতিক নিৰাপত্তা দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি দাবী কৰা সকলে আন সকলৰ ক্ষেত্ৰত লোৱা পদক্ষেপ এই প্ৰভাৱশালী সংবাদ গোষ্ঠীটোৰ বিৰুদ্ধে ল'ব পাৰিবনে? আনিব পাৰিবনে তেওঁলোকক শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা উলিয়াই আমাৰ পৰম্পৰাগত বহু হাজাৰ বছৰীয়া সভ্যতা-সংস্কৃতিৰ আধুনিক বুনিয়াদৰ বাস্তৱক উপলব্ধি কৰাব?
মানুহৰ খং দেখি,মানুহৰ ক্ষোভ দেখি তেওঁলোকে এক্স হেণ্ডেলত এটা সামান্য পোষ্ট দিলেই তেওঁলোকৰ দোষ মৰিষণ হৈ যাব নেকি? ১০ জুন, ২০২৫ ত এই ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানটোৰ এংকৰে কামাখ্যাত নৰবলি হয় বুলি কৈছিল। সেই নৰবলিৰ ধাৰাবাহিকতা কামাখ্যাত আজিও চলে বুলি তেওঁ ধাৰণা বিয়পাব বিচাৰিছিল।
প্ৰতিক্ৰিয়াৰ পাছত সংবাদ প্ৰতিষ্ঠানটোৱে এক্স হেণ্ডলত লিখা কথাখিনি আছিল- "In one of the shows aired yesterday, in the context of Raja Raghuvanshi murder case, CNN News18 anchor referred erroneously to 'human sacrifice' at the holy Kamakhya Temple in Assam. This was a complete error of judgment. We had no intention whatsoever. We apologize profusely to anyone whose religious sentiments are hurt after these comments. Further, we have deleted any reference to such a clip from all our platforms. We deeply regret these comments and apologise profusely for the same."
ক্ষমা পিছত হ'ব। বাৰে বাৰে ভুল কৰি, আমাৰ ধৰ্মীয় চেতনাত আঘাত হানি, আমাৰ ৰাষ্ট্ৰীয়তাবাদৰ নামত ধ্বজা উৰুৱাই আৰু কিমান দিনলৈ আমাক উপলুঙা কৰি থাকিব তাৰ উত্তৰ জানো আমাক নালাগিব? আমাৰ জীয়াৰী-বোৱাৰী বহিঃ ৰাজ্যত মৃত্যু হৈছে, সেই খবৰ বোৰৰ গভীৰতা,সঠিক অনুসন্ধানেৰে বিস্তাৰিত বাতৰিৰ প্ৰকাশৰ পৰা বিৰত থকা সকলে বুজা উচিত উত্তৰ-পূব মানেই দ্বিতীয় শ্ৰেণীৰ ভাৰতীয় বুলি তেওঁলোকে আমাক গণ্য কৰি অপমান কৰিলেও আমি গৌৰবী ভাৰতীয় বুলি নিজকে ভাৱো।
আন ধৰ্মীয় স্থানক লৈ পাৰিবনে এনে ভিত্তিহীন মন্তব্য কৰিব? তেওঁলোকৰ বাবে সদায় ছফট টাৰ্গেট হয় উত্তৰ-পূৰ্বাঞ্চল। তেওঁলোকে ভাৱে উত্তৰ-পূব বাসী মানে একো নাজানে। যি ইচ্ছা কৈ দিলেও তেওঁলোকে ধৰি নাথাকে।
সেই এংকৰগৰাকীয়ে ষ্টুডিঅ'ৰ দুৱাৰ খুলি এবাৰ আহক নীলাচললৈ। চাই যাওঁক কামাখ্যাত কি হয়, কি নহয়? এটা বাক্যৰে তেওঁ এই অঞ্চলটো আৰু লোক সকলৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় পেক্ষাপটত যিখন ছবি দাঙি ধৰিলে সেই ছবি এক্স হেণ্ডেলৰ এটা টুইটে মচি পেলোৱাতো অসম্ভৱ। এয়া ক্ষমাৰ অযোগ্য।
আমাক মানসিক আঘাত দিয়াটোৱে যেন তেওঁলোকৰ উদ্দেশ্য। ইতিকিং,উপলুঙা, ইতিহাস আৰু তথ্য বিভ্ৰাটেৰে উত্তৰ-পূববাসীক তুচ্ছ-তাচ্ছিল্য কৰা তেওঁলোক যেন তথাকথিত সেই মূল সুঁতি ৰাষ্ট্ৰীয়তাবাদী সকলৰ নতুন প্ৰতিনিধি।
ষ্টুডিঅ'ৰ পৰা ওলাই নীলাচললৈ আহি চাই যাওঁকহি এদিন...
ক্ষমা পিছত হ'ব। বাৰে বাৰে ভুল কৰি, আমাৰ ধৰ্মীয় চেতনাত আঘাত হানি, আমাৰ ৰাষ্ট্ৰীয়তাবাদৰ নামত ধ্বজা উৰুৱাই আৰু কিমান দিনলৈ আমাক উপলুঙা কৰি থাকিব তাৰ উত্তৰ জানো আমাক নালাগিব?