/asomiyapratidin/media/media_files/2025/07/26/whatsapp-2025-07-26-16-11-43.jpeg)
সকলো স্বাভাৱিকেই আছিল। নলবাৰীৰ পৰা আহি গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰাৰ পাছত গাড়ীৰ গতি কমিছে। জালুকবাৰী উৰণ সেতুৰ তলত এখন প্ৰতিযোগিতা। সন্মুখত এখন চিটি বাছ আৰু তাৰ পিছত দুখন গ্ৰীণ বাছ। এনেদৰে বাছকেইখন ৰখাই থৈছে যে, আমিনগাঁও দিশৰ পৰা অহা কোনো গাড়ীয়েই গুৱাহাটীত প্ৰৱেশ কৰিব পৰা নাই।
কেইবাখনো গাড়ীয়ে হৰ্ণ বজোৱাৰ পাছত ৰাস্তাত প্ৰায় পথালিকৈ ৰখাই থোৱা গ্ৰীণ বাছখনে কিছু আগুৱাই দিয়াত সেই ফাঁকেৰে সৰকি সৰু বাহনবোৰ আগবাঢ়িব লগা হৈছে মালিগাঁও দিশে। গুৱাহাটীত এতিয়া যান- বাহন চলোৱাতো চিটী বাছ, ই- ৰিক্সা আদিৰ বাবে ভীষণ সমস্যা।
আদাবাৰীৰ পুৰণি চিটী বাছ আস্থানটো অতিক্ৰম কৰি আমি অহা বাহনখন আগবাঢ়িব লওতেই পথৰ বাঁও-ফালে থকা চিটী বাছখনে সোঁ-ফাললৈ এনেদৰে চপাই দিলে যে, আমাৰ বাহনখনৰ সন্মুখৰ ভাগটো চিটী বাছখনৰ আঘাতত যথেষ্ট ক্ষতি হ’ল।
ওচৰৰ বহুকেইজন লোকে এই ঘটনাটো প্ৰত্যক্ষ কৰিছে। চিটী বাছখনৰ চালকজনক গাড়ীখন ৰখাবলৈ কোৱাত তেওঁ দ্ৰুতগতিৰে চিটী বাছখনলৈ সেই ঠাই এৰাৰ চেষ্টা চলালে। আমাৰ বাহনখনে চিটী বাছখন অতিক্ৰম কৰি চিটী বাছখনক ৰখাবলৈ চেষ্টা কৰোতে চিটী বাছখনৰ চালকজনে আকাৰেৰে এনে ইংগিত দিলে যে, তেওঁক বাধা দি লাভ নাই !
প্ৰয়োজনত তেওঁ আকৌ খুন্দা মাৰি পলাই যোৱাৰ প্ৰৱণতাৰ ইংগিত পোৱা গ’ল। পদপথত থকা কেইজনমান যুৱকৰ তৎপৰতাত চিটী বাছখন ৰখোৱা হ’ল। চিটী বাছ চালকজনক গাড়ীৰ পৰা নামিবলৈ কোৱা হ’ল। কিন্তু তেওঁৰ এনে বেপৰুৱা আচৰণ যে, তেওঁ কোনো কথাই শুনিব নোখোজে আৰু এই দুৰ্ঘটনাৰ বাবে তেওঁৰ যে ভুল হৈছে সেই কথাও স্বীকাৰ কৰি নল’লে।
এ এছ ০১- এল চি- ৭০৮৪ নম্বৰৰ চিটী বাছখনৰ চালক চৈফুদ্দিনক সেই সময়ত ৰখোৱাই টান হৈ পৰিল। চিঞৰি চিঞৰি তেওঁ এই বিষয়টোৰ পৰা আঁতৰি এইবোৰ দুৰ্ঘটনা যে দুৰ্ঘটনা নহয়েই তেনে আচৰণ কৰি পুনৰ গাড়ীখনত উঠি সেই ঠাই ত্যাগ কৰাৰ চেষ্টা চলালে।
সৌভাগ্য যে, সেই সময়ত স্থানীয় যুৱককেইজনে সমগ্ৰ ঘটনা জালুকবাৰী আৰক্ষী থানাৰ যান- বাহন শাখাক জনোৱাত থানাৰ এজন কনিষ্টবল গৈ সেই স্থানত উপস্থিত হৈছিলগৈ। আকৌ সেই নাটক গাড়ী চালকজনৰ। তেওঁ চলোৱা চিটী বাছখন ৰিজাৰ্ভ আছে বুলি কৈ যাবলৈ চেষ্টা কৰিলে দ্বিতীয়বাৰ। আৰক্ষী কনিষ্টবলজনৰ ধমকিত এইবাৰ তেওঁ পলাই যাবলৈ নোৱাৰিলে যদিও সেই ঠাই বিনষ্ট কৰি পেলালে।
ৰাজ্যৰ এজন জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ সৈতে নলবাৰীত সদ্য প্ৰয়াত বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ পৰিয়ালৰ খবৰ লৈ ঘূৰি আহোতে গুৱাহাটীৰ ৰাজপথত সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাৰ বৰ্ণনা এয়া।
দুৰ্ঘটনা হৈ যায়। কোনো পক্ষৰ ভুলৰ বাবে সংঘটিত এই দুৰ্ঘটনা অলপ সাৱধান হ'লেই এৰাই চলিব পাৰি। কিন্তু গুৱাহাটীত ইচ্ছা কৰিলেও একাংশ উদ্ভণ্ডালি কৰা গাড়ী চালকৰ এনে কাৰ্যৰ বাবে সাধাৰণ লোকসকলে প্ৰায়েই সমস্যাত পৰে।
মহানগৰীত প্ৰায়বোৰ দুৰ্ঘটনাৰ কাৰণ হয় অবাধ গতিত আৰু অনিয়ন্ত্ৰিতভাৱে চলা এই চিটী বাছবোৰ। তেওঁলোকক যেন নিয়ন্ত্ৰণ কৰাৰ কাৰো ক্ষমতা নাই। চিটী বাছৰ চালকৰ আসনত বহাৰ পাছত একাংশ চিটী বাছ চালকে তেওঁ চলোৱা চিটী বাছখনক এক মৃত্যুদূতলৈ সলনি কৰে।
এই স্বাক্ষুক অভিজ্ঞতা হোৱাৰ পাছত চিটী বাছ চালকজনৰ ব্যৱহাৰত ক্ষুন্ন হৈ গুৱাহাটীৰ এজন উচ্চ পদস্থ বিষয়াক জনোৱা হৈছিল এই পথ দুৰ্ঘটনাৰ কথা। তেখেত এখন জৰুৰী বৈঠকত বহি থকাৰ বাবে আন এগৰাকী উচ্চ পদস্থ বিষয়াক সেই খবৰ দি ব্যৱস্থা গ্ৰহণৰ বাবে কোৱাত উক্ত বিষয়াজনে সবিশেষ ফোনতে জানি ল’লে।
তাৰ পাছত জালুকবাৰী থানাৰ এটা আৰক্ষীৰ দল গৈ দুয়োখন গাড়ী থানালৈ লৈ আহিল। আৰক্ষীৰ এই তৎপৰতা দেখিহে চিটী বাছ চালকজনে চিটী বাছৰ মালিকৰ লগত কথা পাতক বুলি আমাৰ গাড়ীখনৰ চালকৰ আসনত থকা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তলৈ ফোনটো আগবঢ়াই দিছিল।
ইতিমধ্যে তেওঁৰ আচৰণত ক্ষুন্ন হৈ পৰা চালকজনক কোৱা হ’ল- যি আছে থানাতে পাতিলে হ’ল। ইমান বেপেৰুৱা কিয় হয় এই মানুহ ! বাহিৰৰ দেশত ব্যৱহাৰৰ ক্ষেত্ৰত চালকসকলৰ এক সুনাম থাকে। কিন্তু একাংশ চিটী বাছ চালকৰ মাত – কথা, আচৰণে আৰু তেওঁলোকে চলোৱা গাড়ীৰ ধৰণ দেখি ভয়তে জীৱ ওলাই যোৱাৰ অৱস্থা হয়।
এই চিটী বাছ চালকসকলক বাৰু সুপৰিকল্পিতভাৱে যান- বাহন চলাচলৰ ক্ষেত্ৰত এতিয়া এক নৈতিক শিক্ষাৰো প্ৰয়োজন হৈ পৰিছে। গ্ৰীণ বাছবোৰৰ ক্ষেত্ৰতো এনে বহু অভিযোগ আছে আৰু এই উদণ্ড একাংশ চিটী বাছ চালকে ভালদৰে যান-বাহন চলোৱা অন্য চালকসকলকো দীৰ্ঘদিন ধৰি বদনামী কৰি আহিছে।