/asomiyapratidin/media/media_files/2025/02/21/zshUIOl0FITACOoDlGTL.jpg)
মৃদুল কুমাৰ সন্দিকৈ
এ পি এছ চিৰ কেলেংকাৰীৰ খলনায়কসকলে এতিয়া এই কেলেংকাৰীকলৈ সৰৱ হৈ পৰিছে। এই কেলেংকাৰীৰ মহাখলনায়ক ৰাকেশ পাল নামৰ মানুহজনক গঢ়ি-পিতি তেনে এক কেলেংকাৰীৰ বাবে সাজু কৰি দিয়া সকলে এতিয়া এই কেলেংকাৰীৰ বোকা কালৈ ছটিয়াব পাৰি তাৰ দস্তাবেজ প্ৰস্তুত কৰাত সফল হৈছে।
ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ ন্যায়িক প্ৰতিবেদনৰ আধাৰত সেই বোকা ছটিওৱা খেলখন বৰ সুন্দৰভাৱে খেলি থকা হৈছে। অথচ প্ৰত্যক্ষ- পৰোক্ষভাৱে জড়িতসকলৰ নাম গোন্ধ এই ন্যায়িক প্ৰতিবেদনত দেখিবলৈ পোৱা নগ’ল।...
২০১৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাথমিক (প্ৰিলিমছ)পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই ইয়াৰ বিসংগতিকলৈ প্ৰশ্ন উত্থাপন হৈছিল। কেইবাটাও বিষয়ৰ প্ৰশ্নৰ কি এনচাৰ ভুল থকাৰ পাছতো কেনেকৈ পৰীক্ষাৰ্থীয়ে সম্পূৰ্ণ নম্বৰ লাভ কৰিছিল তাকলৈ মানস প্ৰতিম বৰুৱা নামৰ এগৰাকী পৰীক্ষাৰ্থীয়ে প্ৰশ্ন তুলি ন্যায়ালয়ৰ কাষ চাপিছিল।
এয়া আছিল সেই বৰ্ষত অনুষ্ঠিত কৰা এ পি এছ চিৰ সংযুক্ত পৰীক্ষাৰ কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া। পৰীক্ষা অনুষ্ঠিত হোৱাৰ প্ৰায় দুবছৰ পাছত ১২ মে’ ২০১৫ত চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই এই অভিযোগ সত্য প্ৰমাণিত হৈছিল।
ধনৰ বিনিময়ত এ পি এছ চিৰ চাকৰি বিক্ৰী কৰাৰ অভিযোগক লৈ ৰাজ্যৰ বিভিন্ন দল- সংগঠন সৰৱ হৈ পৰিছিল। একাংশ ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ আৰু কিছু সংখ্যক ক্ষমতাশালী লোকৰ ফৰ্মাইছ থকা প্ৰাৰ্থীয়ে এ পি এছ চিৰ চাকৰি লাভ কৰাৰ পাছত বিষয়টোৱে সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল।
এই সন্দৰ্ভত অসম পাব্লিক ৱৰ্কছে সংবাদমেল অনুষ্ঠিত কৰি এ পি এছ চি পৰীক্ষাত সংঘটিত অনিয়ম আৰু কেলেংকাৰীৰ তদন্তৰ দাবী জনাইছিল। এ পি ডব্লিঅ’ৱে দাবী কৰা অনুসৰি প্ৰায় ১০০ কোটি টকাৰ কেলেংকাৰী এ পি এছ চিৰ চাকৰিক নামত হৈছিল।
সেই সময়ত অসমৰ ৰাজ্যপাল আছিল পি বি আচাৰ্য্য। ৰাজ্যপালৰ হাততো এ পি ডব্লিঅ’ৱে স্মাৰকপত্ৰ দাখিল কৰিছিল ২০২১৫ত। সেই অভিযোগৰ ভিত্তিতেই ৰাজ্যপাল আচাৰ্য্যই ২০১৫ৰ ২২ জুনত এ পি এছ চিৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালক চমন দি ৰাজভৱনলৈ মাতি নিছিল।
সমান্তৰালভাৱে এ পি ডব্লিঅ’ৰ নেতৃত্বকো ৰাজভৱনলৈ মাতি অভিযোগৰ সবিশেষ শুনিছিল। অৱশ্যে পৃথকে পৃথকে তেওঁ পাল আৰু এ পি ডব্লিঅ’ৰ নেতৃত্বক সাক্ষাৎ কৰিছিল। ৰাকেশ পালে এনে অভিযোগ অস্বীকাৰ কৰিছিল আৰু ৰাজ্যপাল আচাৰ্য্যই বিষয়টোৰ সন্দৰ্ভত সেই সময়ত মুখ্যমন্ত্ৰীয়ে দিয়া তদন্তৰ ফলাফলৰ বাবে অপেক্ষা কৰিবলৈ এ পি ডব্লিঅ’ক অনুৰোধ জনাইছিল।
ইয়াৰ পূৰ্বে অনুৰূপ অভিযোগৰ ভিত্তিতেই দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ আৰক্ষী অধীক্ষক মুকুল শইকীয়াই এক প্ৰতিবেদন প্ৰস্তুত কৰি জমা দিছিল। ৰাজ্য চৰকাৰে সেই প্ৰতিবেদনলৈ কোনো দৃষ্টিপাত নকৰি ৰাকেশ পালক এই কেলেংকাৰী সংঘটিত কৰি যাবলৈ সুযোগ প্ৰদান কৰিছিল।
২০১৫ৰ ২৬ মে’ত এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰিছিল এ পি ডব্লিঅ’ৰহৈ অভিজিৎ শৰ্মাই। সেই সংবাদমেলত লক্ষ্যণীয়ভাৱে ৰাজ্য চৰকাৰক ৰাকেশ পালৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰাৰ লগতে তেওঁৰ ৫সহযোগীৰ সহায়ত কেনেদৰে প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰিছে সেই বিষয়ে তথ্য ৰাজহুৱা কৰিছিল।
আৰক্ষীক এই সংবাদমেলৰ জৰিয়তে সেইদিনা ৫টা নম্বৰলৈ অহা ফোন কলৰ সবিশেষ তথ্য পৰীক্ষা কৰিবলৈ আহ্বান জনোৱা হৈছিল। এই নম্বৰকেইটা আছিল ক্ৰমে- ৯৪০২৮৭ ৪২৬, ৮২৫৯৯৭৮৪৩৮, ৮৭৬১৮৭৭১৬২, ৯৮৫৪০৫১৭২৭, ৯৪৩৫০১১৯৪৮। সংবাদমেলত ৰাজহুৱা কৰা এই নম্বৰসমূহ পৰীক্ষা কৰিলে দেখা পোৱা যায় ইয়াৰে প্ৰথমটো নম্বৰ আছে সুদীপদা (জয়গুৰু)ৰ নামত। দ্বিতীয়টো নম্বৰ লাতাং পুই নামৰ এজন ব্যক্তিৰ নামত। তৃতীয়টো নম্বৰ ৰাকেশ পালৰ নামত। চতুৰ্থটো নম্বৰ ৰাকেশ পালৰ গাড়ী চালক সঞ্জয় সাহাৰ নামত আৰু পঞ্চমটো নম্বৰ আছিল ৰাকেশ পালৰ দ্বিতীয়টো নম্বৰ।
এই নম্বৰসমূহ পৰীক্ষা কৰাহেঁতেন এতিয়াই বহু কথা উন্মোচন হ’লহেঁতেন ! কিন্তু সেই সময়ৰ ৰাজ্য চৰকাৰে ইয়াক বিশেষ গুৰুত্ব নিদিলে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও বিভিন্ন তথ্যৰ আধাৰত এ পি এছ চি কেলেংকাৰীৰ বিৰুদ্ধে ২০১৫ চনৰ পৰাই প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।
৫জুন ২০১৫ত অসম লোকসেৱা আয়োগৰ কাৰ্যালয় ঘেৰাও কৰিছিল কৃষক মুক্তিয়ে। কৃষক মুক্তিয়ে অধ্যক্ষ ৰাকেশ পালক অপসাৰণ, চি বি আইৰ তদন্ত আৰু আয়োগৰ সংস্কাৰৰ দাবী তুলিছিল। সেই দাবীৰ ভিত্তিত কৃষক মুক্তিয়ে তেতিয়াৰ অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ আৰু অসম বিধানসভাৰ বিৰোধী দলপতিলৈ সেইদিনা স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল।
তাৰ পাছত এই কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈ ২০১৫ৰ ১৫জুনত অনশনত বহিছিল অখিল গগৈ। তেওঁ লোকসেৱা আয়োগৰ কেলেংকাৰীৰ তদন্ত, ৰাকেশ পালৰ অপসাৰণ আৰু আয়োগৰ সংস্কাৰৰ দাবীৰে এই অনশন অৱ্যাহত ৰাখিছিল।
১৬জুন ২০১৫ত অখিল গগৈক অসম আৰক্ষীৰ এটা দলে অনশনস্থলীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। অনশনস্থলীৰ পৰা সেইদিনা অখিল গগৈৰ উপৰিও কৃষক মুক্তিৰ নেতা কমল কুমাৰ মেধি, মুকুট ডেকা, পৃথীৰাজ দলেক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ উপৰিও অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল দাসকো গ্ৰেপ্তাৰ কৰি নিছিল আৰক্ষীয়ে।
তাৰ পাছত ১৭ জুন ২০১৫ত ৰাজ্যজুৰি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে ব্যাপক আন্দোলন গঢ়ি তুলিছিল। কৃষক মুক্তিৰ সাধাৰণ সম্পাদক অনিল বড়োকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল ১৭জুন ২০১৫ত।
১৮জুন ২০১৫ত এ পি এছ চিৰ দুৰ্নীতি তদন্তৰ দাবীত কৃষক মুক্তিৰ উদ্যোগত আয়োজন কৰা হৈছিল বিশাল নাগৰিক সভা। ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল কৃষক মুক্তিয়ে। সেই নাগৰিক সভাৰ জৰিয়তে ৰাজ্যপাললৈ তেওঁ হস্তক্ষেপৰ দাবীৰে স্মাৰকপত্ৰও প্ৰেৰণ কৰিছিল।
৩০জুন ২০১৫ত কৃষক মুক্তিয়ে আয়োগৰ দুৰ্নীতিৰ তথ্য তদন্তকাৰী বিষয়াৰ হাতত তুলি দিছিল। তাৰ পাছত ৪জুলাই ২০১৫ত কৃষক মুক্তি সমিতিয়ে ৰাজ্যপালক সাক্ষৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে। ৬ জুলাই ২০১৫ত কৃষক মুক্তিৰ কেইবাসহস্ৰাধিক সমৰ্থকে লোকসেৱা আয়োগৰ কাৰ্যালয় ঘেৰাও কৰিছিল।
৭জুলাই ২০১৫ত কৃষক মুক্তিয়ে এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত মুখ্য সচিবক সাক্ষাৎ কৰে। সংগঠনটোৱে সুভাষ দাস তদন্ত সমিতিৰ পৰিসৰ বৃদ্ধিৰ বাবে জনোৱাৰ দাবী সন্দৰ্ভত মুখ্য সচিবে তেওঁলোকক প্ৰতিশ্ৰুতি প্ৰদান কৰে।
সেইদিনা ৬দফীয়া দাবীসম্বিলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰি কৃষক মুক্তিয়ে ইয়াক তদন্তৰ দায়িত্ব চি বি আইক দিবলৈ দাবী জনায়। ১০ জুলাই ২০১৫ত অখিল গগৈ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে আদালতে। ১৭ জুলাই ২০১৫ত কৃষক মুক্তিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰে।
যিখন আবেদনৰ ভিত্তিত আদালতত ৰুজু হোৱা গোচৰ নম্বৰ আছিল- ৪৮/২০১৫। এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ বাবে ৰাকেশ পাল বাহিনীয়ে বহু তথ্য- প্ৰমাণ নষ্ট কৰিব নোৱাৰিলে। তাৰ মাজতো এই চক্ৰটোৱে এনে গুৰুত্বপূৰ্ণ বহু তথ্য নষ্ট কৰি পেলাইছিল।
এনে তথ্যও পোহৰলৈ আহিছিল যে ধনৰ বিনিময়ত চাকৰি বিক্ৰী কৰা ৰাকেশ পাল কোম্পানীয়ে এ পি এছ চিৰ নকল উত্তৰবহী প্ৰস্তুত কৰি তাক শুদ্ধ উত্তৰ সেই প্ৰাৰ্থীৰ হৈ নিজৰ এজেণ্টৰ জৰিয়তে লিখিছিল। আৰু ওপৰত মূল উত্তৰবহীৰ সন্মুখৰ পেজ দুটা পিন-আপ কৰি দিছিল। তেনে কৰোতে অসাৱধানবশতঃ ভিতৰৰ উত্তৰবহীত লিখা উত্তৰৰ কিছু অংশ পিন- আপ কৰা স্থানৰ ভিতৰভাগলৈ সোমাই পৰিছিল।
যিটো এজন পৰীক্ষাৰ্থীয়ে এনেদৰে উত্তৰবহীত পিন- আপ কৰাৰ ভিতৰভাগ লিখাতো অসম্ভৱ কথা। এই সৰু ভুলবোৰেই ৰাকেশ পাল বাহিনীয়ে কিন্তু এৰি থৈ গৈছিল।
১৬ আগষ্ট ২০১৫ত স্বাধীনতা দিৱসৰ দিনা অনশন কৰিবলৈ যোৱা অখিল গগৈক আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে। তাৰ পাছত ১৫ অক্টোবৰ ২০১৫ত এ পি এছ চি কেলেংকাৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান কৰি চি বি আইৰ তদন্ত ঘোষণা কৰে।
এনেবোৰ ঘটনাক্ৰমৰ মাজতে ৰাকেশ পালক ডিব্ৰুগড়ৰ এক গোচৰতে ২০১৬ৰ ৪ নবেম্বৰত গ্ৰেপ্তাৰ কৰা হয়। নৱকান্ত পাটিৰ নামৰ অভিযন্তা এগৰাকীয়ে অংশুমিতা গগৈ নামৰ চাকৰি প্ৰত্যাশীৰ পৰা চাকৰিৰ বিনিময়ত ১০ লাখ টকা বিচৰাৰ এই গোচৰ ৰুজু হৈছিল ডিব্ৰুগড়ত। যিটো গোচৰৰ নম্বৰ আছিল- ৯৩৬/১৬।
দুৰ্নীতি প্ৰতিৰোধ আইন ১৯৮৮ ৭/১৩(১) ডি ডি আৰু আই পি চি ১২০ বি, ৪২০ ধাৰাত এই গোচৰ ৰুজু হৈছিল। তাৰ পাছৰ কাহিনী আৰু উন্মোচন হোৱা তথ্য মানুহৰ সন্মুখত। এ পি এছ চিৰ চাকৰিৰ নামত মাছৰ বজাৰ মেলা ৰাকেশ পালৰ এই কুকৃৰ্তীৰ বাবে ক্ষমতাত থকা আৰু একাংশ ক্ষমতাৱান লোকেই মূলতঃ দায়ী।
সেই সকলৰ বিষয়ে ন্যায়িক তদন্ত আয়োগত সবিস্তাৰে থাকিব বুলি আশা কৰা হৈছিল। কিন্তু এই দিশত বিপ্লৱ শৰ্মাৰ এই প্ৰতিবেদনে সৰ্বসাধাৰণ ৰাইজক হতাশ কৰিলে। বৰঞ্চ এই প্ৰতিবেদনক এক ৰাজনৈতিক হাঠিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ সুযোগ যেন লাভ কৰিলে এই লোকসকলে।
আনহাতে প্ৰতিবেদনত উল্লেখিত ৰাকেশ পালৰ এই দুৰ্নীতিৰ সহযোগী ডা০ মৃগেন শইকীয়াৰ ভাষ্যক লৈও মানুহৰ মনত সন্দেহৰ সৃষ্টি হৈছে। কিয়নো ২০১৫ত উন্মোচিত এই কেলেংকাৰীকলৈ সৰৱ হোৱা নেতাক ২০১৪তে ধন দিয়া বুলি স্বীকাৰোক্তি দিছে ডা০ মৃগেন শইকীয়াই।
প্ৰতিবেদনৰ ৫০০ পৃষ্ঠাৰ পৰা ৫০৮ পৃষ্ঠাত এই বিষয়ে লিপিবদ্ধ হৈ আছে। য’ত মৃগেন শইকীয়াই গাড়ীচোৰ গোচৰত দুলাল বৰাক ২লাখ আৰু কমল কুমাৰ মেধিক ৰাকেশ পালৰ হৈ ৩লাখ টকা ২০১৪তে দিয়াৰ কথা উল্লেখ কৰিছে।
আনহাতে ৰাকেশ পালৰ নৈতিক চৰিত্ৰকলৈ নামসহ মৃগেন শইকীয়াই কেইবাগৰাকী মহিলাৰ নাম উল্লেখেৰে আগবঢ়োৱা মন্তব্যক লৈও প্ৰশ্ন উঠিছে। যিজন মৃগেন শইকীয়াক ন্যায়ালয়ে ৰাজসাক্ষী কৰিবলৈ অস্বীকাৰ কৰিছিল, সেইজন অভিযুক্তৰ ভাষ্যকলৈ এই তদন্ত প্ৰতিবেদনত সন্তুষ্টি লভাতো সমীচিন হ’বনে?
তদন্ত প্ৰক্ৰিয়াক প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা আগুৱাই নিয়া আৰক্ষী বিষয়া মুকুল শইকীয়াৰ ভাষ্য মৃগেন শইকীয়াতকৈ গুৰুত্বপূৰ্ণ আৰু বিশ্বাসযোগ্য হ’ব পাৰিলে হয় ! ইতিমধ্যে এখন গ্ৰন্থৰ জৰিয়তে বহু বিস্ফোৰক কথা প্ৰকাশ কৰিছে এইগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই। কিন্তু তেওঁক এৰাই চলা হ’ল।
একেদৰে কোনোবা সাক্ষকাৰীয়ে ভাষ্য প্ৰদান কৰা অনুসৰি অভিযোগৰ আঙুলি উঠা সকলকো আয়োগে এনে তদন্তৰ আওতালৈ আনিব পাৰিলেহেঁতেন ! সঁচাকৈয়ে কোনোবা মন্ত্ৰীয়ে প্ৰাৰ্থীৰ তালিকা পঠিয়াইছিল নেকি ? কোন কোন নেতা-মন্ত্ৰীৰ প্ৰাৰ্থীয়ে চাকৰি পাইছিল, ৰাকেশ পালৰ সৈতে কাৰ কাৰ প্ৰত্যক্ষ যোগাযোগ আছিল; এই প্ৰশ্নসমূহৰ বিশ্বাসযোগ্য তথ্য আৰু উত্তৰ ৰাইজে ন্যায়িক আয়োগৰ পৰা বিচাৰিছিল।
সেই প্ৰশ্নবোৰৰ উত্তৰৰ সন্ধান নকৰাকৈ এনে এখন তদন্তৰ প্ৰতিবেদন দাখিল আৰু ইয়াৰ আধাৰত প্ৰকৃত দোষী আৰু পৃষ্ঠপোষকসকলক এৰাই চলি হাতী চোৰক এৰি বেজী চোৰৰ পিছত পৰাৰ দৰে হ’ল নেকি এই তদন্ত ? সেই পোষ্টমৰ্টেম কিন্তু এতিয়া সাধাৰণ মানুহে কৰিছে...।