একচন আৰম্ভ এ পি ডি চি এলত !

এ পি ডি চি এলৰ দুৰ্নীতি আৰু এই দুৰ্নীতি- অনিয়মৰ সৈতে জড়িত ৪শীৰ্ষ বিষয়াৰ বিৰুদ্ধে তথ্যসহকাৰে উত্থাপিত অভিযোগ সঁচা বুলি স্বীকাৰ কৰিলে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই। 'অসমীয়া প্ৰতিদিন ডিজিটেল'ত এই বিষয়ে সবিস্তাৰে ১জুলাই ২০২৫ত প্ৰকাশ পাইছিল খবৰ।

New Update
ap BIKHEKH LEKHA (7)

এ পি ডি চি এলৰ দুৰ্নীতি আৰু এই দুৰ্নীতি- অনিয়মৰ সৈতে জড়িত ৪শীৰ্ষ বিষয়াৰ বিৰুদ্ধে তথ্যসহকাৰে উত্থাপিত অভিযোগ সঁচা বুলি স্বীকাৰ কৰিলে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই। 'অসমীয়া প্ৰতিদিন ডিজিটেল'ত এই বিষয়ে সবিস্তাৰে ১জুলাই ২০২৫ত প্ৰকাশ পাইছিল খবৰ।

Advertisment

তাৰ পাছতে এ পি ডি চি এলে ৪জন শীৰ্ষ বিষয়াৰ ভিতৰত দুজনক উক্ত ক্ষমতাশালী পদৰ পৰা অপসাৰণ কৰিছে। এ পি ডি চি এলৰ মুখ্য প্ৰৱন্ধকে অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰকাশিত খবৰৰ এদিনৰ পাছতে জাৰি কৰিলে এই সন্দৰ্ভত জাননী।

MD / APDCL / T&P / IT / 2022 /72ৰ জাননী নম্বৰযোগে এ পি ডি চি এলৰ পৰিচালন সঞ্চালকগৰাকীৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে নিয়োজিত পুলক বৰ্মনক এই পদৰ পৰা অৱ্যাহতি দিছে। এই জাননীত পুলক বৰ্মনক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত অস্থায়ীভাৱে এজিএম (আই টি) পদত কাৰ্যনিৰ্বাহক কৰি থাকিব বুলি উল্লেখ কৰা হৈছে।

ইফালে এপিডিচিএলত সংঘটিত ভয়ানক কেলেংকাৰীৰ অন্যতম আন এজন খলনায়ক নৱৰত্ন আচাৰ্য্যকো তেওঁৰ পদৰ পৰা অপসাৰণ কৰা নিৰ্দেশ জাৰি কৰিছে এ পি ডি চি এলৰ এইছ আৰ এৰ দায়িত্বত থকা মুখ্য প্ৰৱন্ধকগৰাকীয়ে। জাননী নম্বৰ MD / APDCL /27 /2015/ 234(A) যোগে এজিএম (এফ এণ্ড এ)বাজেট এণ্ড হেডকোৱাটাৰ কেচ পদৰ পৰা অব্যাহতি দিয়াৰ কথা সদৰী কৰা হৈছে।

এই বিষয়াগৰাকীক অস্থায়ীভাৱে বদলি কৰা হৈছে এজিএম এষ্টাব্লিছ ছেকচন পদলৈ। উল্লেখযোগ্য যে, এপিডিচিএলৰ ধন ঠিকাদাৰ আৰু আন ব্যৱসায়িক প্ৰতিষ্ঠানেৰে মিলি বৃহৎ হাৰত আত্মসাৎ কৰাৰ অভিযোগ ৪জন বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছিল। তাৰ ভিতৰত প্ৰধান অভিযোগ আছিল- এপিডিচিএলৰ এগৰাকী অধ্যক্ষ তথা অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাৰ বিদায় সভা অনুষ্ঠিত কৰিবলৈ এই বিষয়াসকলে ২৭ লক্ষাধিক টকা ব্যয় কৰা দেখুৱাই এজন ঠিকাদাৰৰ জৰিয়তে ভুৱা বিলেৰে ধন আত্মসাৎ কৰিছিল।

এই দুজন বিষয়াৰ উপৰিও এপিডিচিএলৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু আন দুজন বিষয়াৰ বিৰুদ্ধে। তেওঁলোক ক্ৰমে- পি পি এণ্ড ডি শাখাৰ চিজিএম বিজয় শংকৰ বৰুৱা আৰু ফাইনেন্স এণ্ড একাউণ্ট শাখাৰ উচ্চ পদস্থ বিষয়া মনীষ দাস গুপ্তা।

দুজন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে যদিও তদন্তৰ স্বাৰ্থত আন দুজন এপিডিচিএলৰ বিষয়াৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে এপিডিচিএলৰে অভিযন্তা তথা আন বিষয়া কৰ্মচাৰী সংস্থা সমূহে। এই চক্ৰটোৱে মিলি একপ্ৰকাৰে এপিডিচিএলৰ ধন শৰাধ কৰি আহিছিল। 

দীৰ্ঘদিন ধৰি এপিডিচিএলৰ ভিতৰচ’ৰাত এনে দুৰ্নীতি সংঘটিত কৰিছিল চক্ৰটোৱে। তেওঁলোকে দীপজ্যোতি শৰ্মা নামৰ ঠিকাদাৰজনৰ জৰিয়তে অতি কৌশলৰে এই লুণ্ঠনৰাজ অৱ্যাহত ৰাখিছিল। ঠিকাদাৰ দীপজ্যোতি শৰ্মাৰ উপৰিও জীৱিকা ইভেণ্ট এণ্ড কনষ্ট্ৰাকচন, পাৰিক এণ্ড কোম্পানী, স্কোৱেৰ বুক আদি প্ৰতিষ্ঠানৰে মিলি বিভিন্ন ইভেণ্ট আৰু ঠিকা দিয়াৰ নামত এই দুৰ্নীতি সংঘটিত কৰিছিল।

প্ৰায় প্ৰতিখন পাৰ্চেচ অৰ্ডাৰতে দেখা পোৱা গৈছিল- কিদৰে তেওঁলোকৰ আশীৰ্বাদত এই ঠিকাদাৰী প্ৰতিষ্ঠানবোৰক অধিক হাৰত ধন এপিডিচিএলৰ একাউণ্টৰ পৰা উলিয়াই দিছিল। ইতিমধ্যে অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰকাশ পাইছিল যে, এপিডিচিএলে ১৫খন শাৰী কিনাৰ নামত কেনেকৈ লাখ টকা আদায় দিছিল। সেই শাৰীকেইখন কিয় কিনিছিল সেয়া অৱশ্যে উল্লেখ নাছিল পাৰ্চেচ অৰ্ডাৰত। 

পৰিচালন সঞ্চালকৰ অ’ এছ ডি পুলক বৰ্মন আৰু ফানেন্স এণ্ড একাউণ্ট বিভাগৰ মুখ্য জেনেৰেল মেনেজাৰ মনীষ দাস গুপ্তাৰ নেতৃত্বতে এই লুণ্ঠনৰাজ চলিছিল। য’ত সম্পূৰ্ণ সহযোগিতা আছিল বিজয় শংকৰ বৰুৱাৰ। এপিডিচিএলৰ পাব্লিক ৰিলেচনৰ দায়িত্বত থকা বৰুৱাই লক্ষ্যণীয়ভাৱে এনে দুৰ্নীতিৰ অভিযোগৰ প্ৰত্যুত্তৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল।

যি সময়ত গ্ৰাহকে বৰ্ধিত বিদ্যুৎ মাচুলৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে, সেই সময়ত এপিডিচিএলৰ এই আৰ্থিক কেলেংকাৰীৰ খবৰে তীব্ৰ প্ৰতিতক্ৰিয়াৰ সৃষ্টি কৰিছে। আনকি বিজুলী ভৱনৰ ভিতৰচ’ৰাতে এই সকল বিষয়াৰ লুণ্ঠন দেখি তবধ মানিছিল এপিডিচিএলৰ সৎ আৰু কৰ্তব্যনিষ্ঠা থকা বিষয়া- কৰ্মচাৰীসকলে।

দুজন বিষয়াক দায়িত্বৰ পৰা অব্যাহতি দিলেই এই অনিয়ম প্ৰতিৰোধ নহয়। ইয়াৰ উপযুক্ত তদন্তৰ ব্যৱস্থা বৰ্তমানৰ এপিডিচিএলৰ অধ্যক্ষগৰাকীয়ে কৰিব পাৰিলেহে আৰু সেই সকল অভিযুক্ত বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’লেহে ৰক্ষা পৰিব এপিডিচিল।

এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে, এপিডিচিএলৰ এখন সাধাৰণ ৰেভিনিউ ৰিভিউ মিটিং পতাৰ নামত ব্যয় কৰা হয় লাখ লাখ টকা। তেনে এক উদাহৰণ হ’ল- ৭ আগষ্ট ২০২৩ত অনুষ্ঠিত কৰা এখন ৰেভিনিউ ৰিভিউ মিটিং। এই ৰিভিউ মিটিংখনৰ বাবে আহাৰৰ নামতে ব্যয় কৰা হৈছিল ৫লাখ ৭৭ হাজাৰ ৯শ ৫টকা। 

দীপজ্যোতি শৰ্মাকে এই ৰিভিউ মিটিংৰ খাদ্য যোগানৰ ঠিকা দিয়া হৈছিল। পিপিঅ’ নম্বৰ ৪৪০০০১০৫৬(ভি অ’)যোগে সেই ধন ২৫ আগষ্ট ২০২৩ত আদায় কৰিছিল এপিডিচিএলে।

জন স্বাৰ্থৰ খাতিৰতে এতিয়া এপিডিচিএলৰ এই আৰ্থিক অনিয়মৰ উপযুক্ত তদন্তৰ দাবী উত্থাপন হৈছে। বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ হস্তক্ষেপৰো দাবী উঠিছে। 

বিজুলী ভৱনৰ ভিতৰত এতিয়া সৰৱ চৰ্চা এই অভিযোগবোৰকলৈ। আন দুজন বিষয়াৰ বিৰুদ্ধে প্ৰাথমিক ব্যৱস্থা গ্ৰহণেৰে তেওঁলোকক বৰ্তমানৰ পদৰ পৰা অব্যাহতি দি সঠিক তদন্তৰ ব্যৱস্থা নকৰিলে এই তদন্ত অসাৰ প্ৰতিপন্ন হ’ব।

assam govt apdcl