সাংস্কৃতিক ঐতিহ্য বনাম গণতান্ত্ৰিক অধিকাৰ

সাংস্কৃতিক ঐতিহ্য বনাম গণতান্ত্ৰিক অধিকাৰ

লক্ষ্মীপ্ৰিয়া দত্ত

সন্মুখত ৰঙালী বিহু। হেঁপাহৰ ৰঙালীক আদৰিবলৈ বিহু বলিয়া ৰাই়জৰ মাজত ব্যাপক উছাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে অসমীয়া নৱবৰ্ষৰ লগতে বিহুটিক আদৰিবলৈ এতিয়া অসমীয়াৰ গাত তৎ নাই। ৰঙালীৰ সমান্তৰালভাৱে ৰাজ্যত বলিছে লোকসভা নিৰ্বাচনৰ গৰম বতাহ।

অসমীয়া জাতিৰ বাপতিসাহোন এই বিহুটি প্ৰতিগৰাকী অসমীয়াৰ শিৰাই শিৰাই সঞ্চাৰিত হৈ আছে। এইবাৰ ৰঙালী প্ৰতিগৰাকী অসমীয়াৰ বাবে পূৰ্বতকৈ হ'ব ব্যতিক্ৰম। কিয়নো দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সাত বিহুৰ মাজতে পৰিছে। নিৰ্বাচনৰ ভৰপকৰ সময়তে প্ৰতিজন অসমীয়াই ৰাজ্যজুৰি পালন কৰিব অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু।

নিৰ্বাচন আয়োগৰ এনে সিদ্ধান্তত বহুজন অসন্তুষ্ট হৈছে। হেঁপাহৰ বিহুত এইবাৰ নিৰ্বাচনৰ বাবেই দূৰণিত কৰ্মৰত বহু চৰকাৰী কৰ্মচাৰীয়ে ঘৰলৈ, গাঁৱলৈ আহিব নোৱাৰিব। এই বেদনা লৈয়ে নিৰ্বাচনী দায়িত্ব পালন কৰিব। এইবাৰ ৰঙালীৰ উল্লাসৰ মাজতে প্ৰতিজন অসমীয়া জনসাধাৰণৰ মাজত এক স্পষ্ট দায়িত্ববোধ প্ৰতিফলিত হৈছে।

কাৰণ আগন্তুক পাঁচ বছৰলৈ অসমৰ হৈ সংসদত মাত মতা, অসমৰ জলন্ত সমস্যা সমূহ সংসদ উত্থাপন কৰি অসমৰ উন্নয়নৰ হকে কাম কৰা একোজন জনপ্ৰতিনিধি প্ৰতিজন অসমীয়াই বিচাৰে। যাৰবাবে এখন গণতান্ত্ৰিক দেশৰ আটাইতকৈ ডাঙৰ উৎসৱৰ সমান্তৰালকৈ অসমৰ বাপুতি সাহোন বহাগ বিহুও সমানে উদযাপন কৰিব প্ৰতিজন অসমীয়াই।

ৰীতি-নীতি আৰু পৰম্পৰাৰে চহকী অসমীয়াই নিজৰ সাংস্কৃতিক ঐতিহ্য আৰু গণতান্ত্ৰিক আদৰ্শ দুয়োটাকে সমান উদ্যমেৰে আঁকোৱালি লৈ এক বৈচিত্ৰ্যৰ উদাহৰণ দাঙি ধৰিবলৈ ইতিমধ্যে সাজু হৈছে। বিহুৰ ঢোলৰ-পেপা আৰু কুঁহিপাতৰ সুগন্ধিৰ মাজত নিৰ্বাচনী প্ৰক্ৰিয়াই জাতিটোক একত্ৰিত কৰা গণতান্ত্ৰিক মনোভাৱক শক্তিশালী কৰি তোলে। এইবাৰৰ বহাগ কেৱল অসমৰ সাংস্কৃতিক স্পন্দন নহয়, গণতন্ত্ৰৰ নীতি-নিয়ম ৰক্ষা কৰাৰ লগতে প্ৰতিজন নাগৰিকৰ কণ্ঠ শুনাটো নিশ্চিত কৰাৰ দায়বদ্ধতাৰ এক উদযাপন।

ইয়াৰোপৰি এইবাৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা পালন কৰিব প্ৰথমবাৰলৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলোৱা ১৮ বছৰৰ নতুন ভোটাৰসকলে। অসমৰ মুঠ ২৪৩০১৯৬০ গৰাকী ভোটাৰৰ ভিতৰত এইবাৰ ১৮-১৯ বছৰৰ নতুন ভোটাৰ হৈছে ৪,৩৫,৫০৩ গৰাকী। যাৰবাবে নিৰ্বাচন আয়োগে এইসকল ভোটাৰক আকৰ্ষিত কৰিবলৈ দেশজুৰি কেইবাটাও কেম্পেইন চলাইছে।

ইফালে নিৰ্বাচনক লৈ ভোটাৰ ৰাইজ আৰু জন প্ৰতিনিধিসকলৰ মনত ব্যাপক উৎসাহ আৰু ব্যস্ততা। এফালে ভোটাৰৰ মন জয় কৰিবলৈ ব্যস্ত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকল আৰু আনফালে ভাল জন প্ৰতিনিধি নিৰ্বাচন কৰিবলৈ ৰাইজৰ মাজত উৎকন্ঠা। একেদৰে এইবাৰ ৰঙালী বিহুক কিন্তু সঠিক ৰূপত ব্যৱহাৰ কৰিছে প্ৰতিটো দলৰ প্ৰতিজন প্ৰাৰ্থীয়ে।

নিৰ্বাচনী বতৰত ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু তেওঁলোকৰ সমৰ্থকসকল ওতঃ-প্ৰোতঃভাৱে জড়িত থাকি ব্যস্ত হৈ পৰা বাবে কিছু পৰিমাণে তেওঁলোকৰ বাবে হয়তো ম্লান পৰিছে ৰঙালীৰ ৰঙ-আনন্দ। কিন্তু নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাইজৰ কাষ চাপি সকলোৰে মন জয় কৰিব বিচাৰিছে প্ৰাৰ্থীসকলে।

নিৰ্বাচনৰ এনে ধামখুমীয়া পৰিস্থিতিৰ মাজতে হেপাঁহৰ ব'হাগক লৈ এতিয়া অসমীয়াৰ মাজত উৎসুকতা বাঢ়িছে। নিৰ্বাচনী বতাহ যিমানে নবলক কিয় বিহুৰ বতৰত অসমীয়াৰ মনৰ উৎসাহ-উদ্দীপনা কেতিয়াও ম্লান পৰি নাযায়। অসমীয়া শিপিনীসকল ব্যস্ত হৈ পৰিছে তাঁতশালত, গামোচাত বাচিছে বুটা। শালে শালে প্ৰিয়জনৰ বাবে লগাইছে বিহুৱান।

নিৰ্বাচনৰ সামান্তৰলকৈ এনেদৰেই এতিয়া সমগ্ৰ ৰাজ্যবাসী ব্য়স্ত হৈছে ৰঙালীক আদৰাত। ঢুলীয়াই তানিছে ঢোলৰ বৰতী, তাঁতশালত ব্যস্ত কাজী শিপিনী ।

সাংস্কৃতিক ঐতিহ্য বনাম গণতান্ত্ৰিক অধিকাৰ
৫ টা প্ৰশ্ন কৰাঃ লাখ টকাৰ দাঁতা ভূপেন বৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in