আমি হাবিৰ মানুহ, এদিন হাবিলৈ উভতি যাব লাগিবঃ য়ানুং জামহ লেগ'

প্ৰকৃতিৰ পৰা উপলব্ধ বিভিন্ন উদ্ভিদ আৰু সামগ্ৰীৰে ঔষধ প্ৰস্তুত কৰি বিগত ৩০ বছৰত ৩,০০,০০০ৰো অধিক লোকক নিৰোগী কৰা অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ এইগৰাকী মহিলাই বৰ্তমান দেশখনৰ ভিতৰতে বিশেষ চৰ্চা লাভ কৰিছে। 

New Update
bikhekh lekha (7)

চয়নিকা শইকীয়া

জীৱন! প্ৰত্যেকজন লোকৰ বাবে জীৱনৰ অভিধা বেলেগ বেলেগ ৷ কাৰোবাৰ মতে জীৱন মানে এক সংগ্ৰাম৷ আন কাৰোবাৰ মতে জীৱন হৈছে সফলতাৰ এক মাপকাঠি। কোনোৱে যদি কেৱল নিজৰ কাৰণে জীয়াই থাকে আন একাংশই আনৰ সুখত নিজৰ সুখ বিচাৰি লয়।

আমাৰ আশে পাশে এনে অনেক উদাহৰণ আছে। তীব্র যন্ত্রনাৰ মাজেত নিৰাশাৰে ভৰা জীৱন অতিবাহিত কৰা লোকক সহায় কৰি মুখৰ হাঁহি ঘূৰাই অনাৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে অৰুণাচলৰ এগৰাকী বনৌষধি বিশেষজ্ঞই।

মহিলাগৰাকীৰ নাম য়ানুং জামহ লেগ'। বিভিন্ন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ভাৰাক্ৰান্ত হোৱা দুখীয়া নিচলাৰ বাবে ভগৱান স্বৰূপ পাছিঘাটৰ এইগৰাকী মহিলা। আৰ্তজনক কৰা সেৱাই তেওঁক আধ্যাত্মিক সন্তুষ্টি দিয়ে। আনক সহায় কৰা এই মহানুভৱতাৰ বাবে তেওঁ সমাজত আদৰণীয় হৈ পৰিছে।

প্ৰকৃতিৰ পৰা উপলব্ধ বিভিন্ন উদ্ভিদ আৰু সামগ্ৰীৰে ঔষধ প্ৰস্তুত কৰি বিগত ৩০ বছৰত ৩,০০,০০০ৰো অধিক লোকক নিৰোগী কৰা অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাছিঘাটৰ এইগৰাকী মহিলাই বৰ্তমান দেশখনৰ ভিতৰতে বিশেষ চৰ্চা লাভ কৰিছে। 

বনজ সম্পদেৰে চহকী উত্তৰ পূৰ্বাঞ্চল। চিকিৎসা বিজ্ঞানত ব্যৱহৃত বিভিন্ন উদ্ভিদেৰে সমৃদ্ধ উত্তৰ-পূৱৰ বনাঞ্চল সমূহ। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত আকৌ অৰুণাচল প্ৰদেশত যথেষ্ট সংখ্যক ঔষধি উদ্ভিদ আৰু জীৱনদায়িনী সম্পদ উপলব্ধ ।

যাৰ বাবে গৱেষকসকলে অৰুণাচলৰ ভূমিত জীৱনদায়িনী ঔষধৰ সন্ধানত বিভিন্ন পৰীক্ষা নিৰীক্ষা চলাই আহিছে। ঠিক তেনেদৰে প্ৰায় ৩০ বছৰে এই কাম কৰি আহিছে পাছিঘাটৰ য়ানুং জামহ লেগ' নামৰ মহিলাগৰাকীয়ে। অনবৰতে কেৱল প্ৰকৃতিৰ মাজতে সময় অতিবাহিত কৰে তেওঁ। 

উল্লেখ কৰা প্ৰয়োজন যে, কঠোৰ পৰিশ্ৰমেৰে পাছিঘাটৰ পাহাৰৰ বুকুত থকা বনৌষধি গছৰ পাত, শিপা আদিৰ পৰা বিগত প্ৰায় ৩০ বছৰ ধৰি বন ঔষধ প্ৰস্তুত কৰি লেগ'ই বহু দুৰাৰোগ্য ৰোগৰ চিকিৎসা কৰিছে। কৰ্কট, পাথৰৰ সমস্যা, মৃগীৰোগ, ছালৰ ৰোগ, বন্ধ্যাত্ব, কুষ্ঠ, মেলেৰিয়া, টাইফয়েড, ডেংগু, জাপানীজ এনকেফেলাইটিছ, ষ্ট্ৰ'ক কৰা ৰোগী, হাঁপানী, চাইনাচাইটিছ, থাইৰয়ড, হৃদযন্ত্ৰ, হাওঁফাওঁৰ সমস্যা, স্ত্ৰীৰোগ সমস্যা, গেষ্ট্ৰাইটিছ, গেষ্ট্ৰিক আলচাৰ, চিষ্ট, টিউমাৰত আক্ৰান্ত হোৱা বহু সংখ্যক লোকে তেওঁৰ ওচৰত উপকৃত।

১৯৬৩ চনত জন্ম লাভ কৰা য়ানং কিশোৰ কালৰ পৰাই বনৌষধৰ প্ৰতি আকৰ্ষিত আছিল ৷ দৰাচলতে য়ানুঙৰ পিতৃ গাঁৱৰে এগৰাকী খ্যাতনামা চিকিৎসক আছিল। সৰু বয়সতে তেওঁ পিতৃৰ পৰা বনৌষধি চিনাক্তকৰণ, সংৰক্ষণ আৰু চিকিৎসাৰ প্ৰাথমিক জ্ঞান লাভ কৰিছিল।

অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৮৮ চনত তেওঁ অৰুণাচল প্ৰদেশ চৰকাৰৰ কৃষি বিভাগত যোগদান কৰিছিল। দীঘলীয়া সময়ৰ বাবে সততা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াই ২০২৩ চনত অৱসৰ লৈছিল য়ানুঙে।

ইয়াৰ পাছতে তেওঁ বনৌষধৰ অভিযান আৰম্ভ কৰিছিল। ২০০৯ চনত তেওঁ “Indigenous Herbal Heritage” নামৰ এক সংস্থা প্ৰতিষ্ঠা কৰে। ইয়াৰ জৰিয়তে তেওঁলোকে প্ৰতিবছৰে ৫০০০ বনৌষধি গছ ৰোপণ কৰি, স্থানীয় ৰাইজ আৰু যুৱ সমাজক বনৌষধিৰ প্ৰয়োজনীয়তা আৰু চিকিৎসা সম্পৰ্কে শিক্ষা দি আহিছে।

১৯৯৫ চনৰ পৰা তেওঁ বনৌষধি চিকিৎসাৰ কাৰ্যত নিজকে নিয়োজিত কৰে। বিভিন্ন ৰোগৰ চিকিৎসাত তেওঁৰ দক্ষতা অৰ্জন কৰি বহু ৰোগীৰ জীৱনত নতুন আশা জাগ্ৰত কৰিছে। পৰম্পৰাগত চিকিৎসা প্ৰণালীৰ পুনৰুজ্জীৱনত তেওঁৰ নাম আজি এক জ্বলন্ত উদাহৰণ।

কৰ্কটৰ দৰে দুৰাৰোগ্য ৰোগৰ চিকিতসাও তেখেতৰ বাবে সহজ বুলি ইতিমধ্যে বিভিন্ন বনৌষধিৰ গুণাগুণৰ ওপৰত গৱেষণা কৰি দাবী কৰিছে য়ানুং জাম লেগ'ই। ইফালে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে আমেৰিকা, ফ্রান্স, চুইজাৰলেণ্ড আদিৰ দৰে আগশাৰীৰ দেশতো চলি আছে য়ানুং জাম লেগৰ বনৌষধিৰ চিকিৎসা।

উল্লেখযোগ্য যে, তেওঁৰ এই চিকিৎসা পদ্ধতি একেবাৰে ব্যয়বহুল নহয়। তেনেই সাধাৰণ খৰছত চিকিৎসা প্ৰদান কৰা য়ানুৰ বনৌষধি প্ৰস্তুতৰ উদ্যোগটোৰ সৈতে জড়িত হৈ আছে ২০ৰো অধিক স্থানীয় লোক। অৰ্থাতবহু লোকক সংস্থাপনো দিছে য়ানুঙে। তেওঁৰ একাগ্ৰতা আৰু উদ্যমী মনে তেওঁক আনতকৈ বিশেষ কৰি তুলিছে।

ব্যতিক্ৰমী অৱদানৰ বাবে য়ানুঙক ২০০৭ চনত “সৃষ্টি সন্মান বঁটা” আৰু ২০১৯ চনত অৰুণাচল প্ৰদেশ ৰাজ্যিক বঁটা প্ৰদান কৰা হয়। ইয়াৰোপৰি ২০১৩ চনত তেওঁক “পৰম্পৰাগত বৈদ্য ৰত্ন” বঁটাৰেও সন্মানিত কৰা হৈছিল।

য়ানুঙৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ২০২৪ চনৰ এপ্ৰিল মাহত ভাৰত চৰকাৰে ৰাষ্ট্ৰপতি ভৱনত য়ানুং জামহ লেগ’ক পদ্মশ্ৰী সন্মান প্ৰদান কৰে ৷ বনৌষধি গৱেষণাত নিজকে নিয়োজিত কৰি বহু ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হয়।

তাৰোপৰি চলিত বৰ্ষত ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পছৰ অধীনস্থ ছিগাৰ মিলিটাৰী ষ্টেচনে পৰম্পৰাগত নিৰাময় পদ্ধতি আৰু ঔষধি উদ্ভিদ সংৰক্ষণৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে বিশেষ অনুষ্ঠানৰ জৰিয়তে প্ৰখ্যাত বনৌষধি চিকিৎসা বিজ্ঞানী পদ্মশ্ৰী য়ানুং জামহ লেগ'ক সম্বৰ্ধনা জনায়।

য়ানুং জামহ লেগ'ৰ পৰিচয় কেৱল এগৰাকী চিকিৎসক নহয়, তেওঁ এগৰাকী সমাজ সংস্কাৰক। প্ৰকৃতিৰ সৈতে সংহতি স্থাপন কৰি ৰোগ-ব্যাধিৰ চিকিৎসা প্ৰদান কৰা এইগৰাকী সেৱিকাৰ মূলমন্ত্ৰ  হৈছে-
“প্ৰকৃতি হ’ল আমাৰ জীৱনৰ সাৰথী। বনৌষধি হ’ল সেই প্ৰকৃতিৰ দান, যিয়ে ৰোগ-ব্যাধি দূৰ কৰি জীৱনক নতুন আশা দিব পাৰে। আমি হাবিৰ মানুহ, এদিন হাবিলৈ উভতি যাব লাগিব”...

য়ানুং জামহ লেগ'