/asomiyapratidin/media/media_files/2025/12/01/bikhekh-protibedon-1-3-2025-12-01-10-45-23.jpg)
এইডছ দিৱস! এই ৰোগত আক্ৰান্ত বা মৃত্যুবৰণ কৰা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আৰু ইয়াৰ চিকিৎসা আৰু ইয়াৰ লগত জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য়ে আজি সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব এইডছ দিৱস। এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...
আজি ১ ডিচেম্বৰ, বিশ্ব এইডছ দিৱস। এইচ আই ভি এবিধ সংক্ৰমণ যাক বিশ্বৰ আটাইতকৈ জটিল ৰোগৰ শ্ৰেণীত ৰাখিব পাৰি। ২০২৫ বৰ্ষৰ বাবে বিশ্ব এইডছ দিৱসৰ মূল বিষয়বস্তুহৈছে- "সমস্যাৰ সৈতে মোকাবিলা কৰি এইডছ প্রতিৰোধ ব্যৱস্থালৈ পৰিৱৰ্তন অনা" (Overcoming disruption, transforming the AIDS response)।
যদিও চিকিৎসা আৰু সাৱধানতা অৱলম্বন কৰি বহু ক্ষেত্ৰত এই ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা যায়, কিন্তু এই ৰোগৰ বাবে মৃত্যুৰ হাৰ যে অতি বেছি, সেই কথা অস্বীকাৰ কৰিব নোৱাৰি । ইয়াৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা আৰু এই ৰোগ আৰু ইয়াৰ সৈতে জড়িত ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা চাই এই ৰোগৰ ভয়াৱহতা অনুমান কৰিব পাৰি।
এইডছ সন্দৰ্ভত ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি, ২০২১ চনত প্ৰায় ১.৫ কোটি লোক এইচ আই ভিত সংক্ৰমিত হোৱা বুলি নিশ্চিত হয়, ইয়াৰে ৬.৫০ লাখ লোকৰ এই সংক্ৰমণ আৰু আনুষংগিক ৰোগৰ বাবে মৃত্যু হয়।
এই প্ৰতিবেদন অনুসৰি এতিয়ালৈকে সমগ্ৰ বিশ্বতে প্ৰায় ৮ কোটি ৪২ লাখ লোক এইডছত আক্ৰান্ত হৈছে, ইয়াৰে প্ৰায় ৪ কোটি ১ লাখ লোকৰ মৃত্যু হৈছে। এই পৰিসংখ্যাৰ ভিত্তিত এইচ আই ভি বৰ্তমান বিশ্বৰ অন্যতম বৃহৎ স্বাস্থ্যজনিত সমস্যা বুলি ক’লে ভুল নহ’ব ।
এইডছ সংক্ৰমণৰ বিষয়ে বিশ্বৰ মঞ্চত মানুহক সজাগ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত ভুল ধাৰণা আৰু চিকিৎসাৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু তথ্য প্ৰদান কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে ১ ডিচেম্বৰত বিশ্ব এইডছ দিৱস পালন কৰা হয়।
লক্ষ্যণীয় যে, চিকিৎসা বিজ্ঞানৰ ব্যাপক উন্নতিৰ ফলত HIV আক্ৰান্ত লোকসকলে এতিয়া দীৰ্ঘ আৰু স্বাস্থ্যৱান জীৱন যাপন কৰিবলৈ সক্ষম হৈছে যদিও, ২০৩০ চনৰ ভিতৰত এইডছ মহামাৰীৰ অন্ত পেলোৱাৰ লক্ষ্য এতিয়াও দূৰত। ২০২৫ চনত বহুতো দেশত এইডছৰ প্ৰতিক্ৰিয়াৰ বাবে বিত্তীয় সাহায্য হ্ৰাস কৰা হৈছে, যিয়ে এই ক্ষেত্ৰত দশকজোৰা প্ৰগতিত বাধাৰ সৃষ্টি কৰিছে।
সচৰাচৰ গ্ৰাম্যাঞ্চল বা চৰাঞ্চলৰ একাংশ লোকৰ মনত আজিও এক অন্ধ বিশ্বাসে বাহ লৈ থকা দেখা যায় যে এইডছ ৰোগ হেনো সংস্পৰ্শৰ দ্বাৰা বিয়পে। কিন্তু চিকিৎসকসকলে জনোৱা অনুসৰি এই ৰোগৰ সংক্ৰমণ সংস্পৰ্শৰ দ্বাৰা নহয় বৰং ই তেতিয়াহে সংক্ৰমিত হয় অসুৰক্ষিত শাৰীৰিক সম্পৰ্ক স্থাপন তথা ৰোগীৰ ৰক্ত কণিকা সুস্থ লোকৰ তেজত মিহলি হ'লে।
অৱশ্যে এনেবোৰ কাৰণৰ বাবে একাংশ বেচৰকাৰী সংস্থা,দল-সংগঠনে বিভিন্ন সময়ত এইডছ বা তেনে ৰোগ সম্পৰ্কে সজাগতা সভা-সমিতি অনুষ্ঠিত কৰি আহিছে। কিন্তু এইক্ষেত্ৰত ৰজাঘৰীয়াৰো যথেষ্ট কৰণীয় আছে। কিয়নো ওপৰত উল্লেখ কৰা গাঁও বা চৰ অঞ্চলৰ একাংশ লোকে এতিয়াও ৰজঃস্বলাৰ সময়ত চেনিটাৰী নেপকিনৰ সলনি কাপোৰ বা লেতেৰা অসুৰক্ষিত ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়।
তেনেস্থলত তেঁওলোকৰ মনত বিজ্ঞানসন্মত চিন্তাৰ খোৰাক জগোৱাৰ বাবে চৰকাৰে স্বাস্থ্য বিভাগৰ দ্বাৰা সজাগতা সভা আদি অনুষ্ঠিত কৰি এক সুস্থ চিন্তা চেতনা জগোৱাত উৎকৰ্ষ সাধন কৰিব পাৰে।
আজি এইডছ দিৱস উপলক্ষে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই ৰাষ্ট্ৰীয় পর্যায়ৰ অনুষ্ঠানৰ নেতৃত্ব দিব। এইচ আই ভি প্ৰতিৰোধৰ লগতে চিকিৎসা, যত্ন আৰু নেতিবাচক মনোভাৱ দূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্রুতিবদ্ধতাক দোহাৰি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
অনুষ্ঠানত চৰকাৰী নেতা, বিভিন্ন অংশীদাৰ, যুৱ প্রতিনিধি, এইচ আই ভিত আক্রান্ত লোক আৰু আগশাৰীৰ চিকিৎসা কর্মীসকলে অংশগ্রহণ কৰিব। ইয়াৰ জৰিয়তে জনস্বাস্থ্যৰ প্রতি প্রত্যাহ্বান স্বৰূপ এইডচ প্ৰতিৰোধ কৰাৰ অর্থে দেশৰ একত্রিত প্রচেষ্টা প্রতিফলন কৰা হ'ব।
অনুষ্ঠানত ৰাষ্ট্রীয় এইডচ নিয়ন্ত্রণ সংস্থাৰ সজাগতা অভিযান সংক্রান্তিয় এলানি নতুন ভিডিঅ মুকলি কৰিব। তদুপৰি এইচ আই ভি-ৰ আগতীয়া পৰীক্ষা, চিকিৎসা তথা আত্মবিশ্বাসেৰে জীয়াই থকাক বিষয়বস্তু হিচাপে লৈ এটা বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us