প'ষ্ট মেলনে হওঁক বা শ্বাকিৰা, স্থান মঞ্চতহে!

হয়তো সঁচাকে এদিন অসমলৈ শ্বাকিৰাও আহিব। প'ষ্ট মেলন বা শ্বাকিৰাৰ দৰে শিল্পীক অসমত আদৰণী জনোৱাতো অসমীয়াৰ আধুনিক ৰুচিক সূচায়, কিন্তু  সেয়া কোনো সাংস্কৃতিক ভেটি নহয়।

New Update
WhatsApp Image 2025-12-08 at 9.10.18 PM

চয়নিকা শইকীয়া

দুগৰাকী শিল্পী! এগৰাকী অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰাণস্বৰূপ জুবিন গাৰ্গ আৰু আনগৰাকী আন্তঃৰাষ্ট্ৰীয় গ্লেমাৰৰ প্ৰতীক প'ষ্ট মেলনআজি অসমত পোন প্ৰথমবাৰৰ বাবে বিশ্ব বিখ্যাত আমেৰিকান পপষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্ট খানাপৰাৰ খেলপথাৰত আয়োজন কৰা হৈছে। সন্ধিয়াৰ পৰা ভিৰ কৰিছে অনুৰাগীয়ে। দিল্লী,মুম্বাই বিদেশৰ পৰাও আহিছে শিল্পী গৰাকীৰ অনুৰাগী।

ইয়াৰ মাজতে প্ৰশ্ন উঠিছে যিসময়ত প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যবাসী ডুব গৈ আছে সেই সময়তে গুৱাহাটীত প'পষ্টাৰ গৰাকীৰ অনুষ্ঠান আয়োজন কৰাতো কিমান গ্ৰহণযোগ্য? প'ষ্ট মেলনৰ অনুষ্ঠানৰ প্ৰতি সঁহাৰি দিয়া বহুতেই ইতিমধ্যে সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হৈছে।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ তাৰকাৰ অনুষ্ঠানত বৃহৎ সংখ্যক অসমীয়া যুৱক-যুৱতীৰ উপস্থিতি আৰু ইয়াৰ বিপৰীতে অসমীয়া সংগীতৰ সৰ্বকালৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি থকা আৱেগিক দায়বদ্ধতাক লৈ একাংশই প্ৰশ্ন উত্থাপন কৰিছে- আমি সঁচাকৈয়ে জুবিন গাৰ্গক পাহৰি গৈছো নেকি?

এইখিনিতে ক'ব বিচাৰো, জুবিন গাৰ্গৰ সংগীত আৰু ব্যক্তিত্ব অসমীয়া সংস্কৃতিৰ এক ভেটি। তেওঁৰ গীতসমূহ কেৱল সংগীত নহয়, ই আৱেগ, ভাষাৰ প্ৰতি থকা দায়বদ্ধতা আৰু অসমীয়া জাতীয়তাবোধৰ অংশ। এই ভেটিক কোনেও লৰচৰ কৰিব নোৱাৰে।

জুবিন গাৰ্গে যিদৰে এটা প্ৰজন্মৰ আৱেগক স্পৰ্শ কৰিছে, সেই আৱেগ চিৰস্থায়ী। তেওঁ হৈছে 'প্ৰয়োজনৰ শিল্পী'। তাৰ বিপৰীতে প'ষ্ট মেলনৰ দৰে তাৰকাৰ অনুষ্ঠান হৈছে এককালীন অভিজ্ঞতা। এনে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত সম্পূৰ্ণ ব্যক্তিগত মনোৰঞ্জনহে মাথো।

অসমীয়াই জুবিন গাৰ্গক পাহৰি যোৱা নাই। বৰঞ্চ, প'ষ্ট মেলনৰ দৰে আন্তঃৰাষ্ট্ৰীয় তাৰকাক আদৰি লোৱাটোৱে এইটোহে প্ৰমাণ কৰে যে অসমীয়া সমাজে নিজৰ ভেটি ধৰি ৰাখিও নতুন বিশ্বক আঁকোৱালি ল'বলৈ সক্ষম হৈছে। জুবিন গাৰ্গৰ স্থান হৃদয়ত; প'ষ্ট মেলনৰ স্থান মঞ্চতহে।

অৱশ্যে এই বিষয়টোক লৈ জুবিন অনুৰাগীৰ লগতে বিৰোধীৰ সমালোচনাৰ সন্মুখীন হৈছে আয়োজক সমিতি। তাৰোপৰি ৰাজ্য চৰকাৰকো বিভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰিছে বিধায়ক অখিল গগৈয়ে। ৰাইজৰ দলৰ সভাপতি আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অসম চৰকাৰৰ সাংস্কৃতিক নীতি আৰু আগ্ৰাধিকাৰক লৈ যি তীব্ৰ সমালোচনা কৰিছে, সেয়া কেৱল দুগৰাকী শিল্পীৰ নিৰাপত্তাজনিত তুলনাতে সীমাবদ্ধ নহয়, বৰঞ্চ ই ৰাজ্যৰ ৰাজনীতিত সাংস্কৃতিক সত্তা আৰু ৰাজ্যিক দায়বদ্ধতাৰ এক গভীৰ সংঘাতক উন্মোচিত কৰিছে। 

আমেৰিকান ৰেপাৰ প'ষ্ট মেলনৰ বাবে যোগান ধৰা উচ্চস্তৰীয় নিৰাপত্তা ব্যৱস্থাৰ সৈতে অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ প্ৰতি চৰকাৰৰ সমৰ্থনৰ বৈপৰীত্যক লৈ উত্থাপিত এই প্ৰশ্নই এতিয়া ৰাজ্যৰ ৰাজনীতিত এক নতুন বিতৰ্কৰ সূচনা কৰিছে।

কেৱল অখিল গগৈয়ে নহয়, বৰ্তমান প্ৰতিগৰাকী জুবিন অনুৰাগীৰ চৰকাৰলৈ মাথো এটাই পোনপটীয়া প্ৰশ্ন চৰকাৰৰ প্ৰাধান্য কোন? এগৰাকী বিদেশী শিল্পীৰ বাবে সমগ্ৰ প্ৰশাসনিক আৰু আৰক্ষী বাহিনীক নিয়োজিত কৰি ভিভিআইপি নিৰাপত্তা আৰু সেৱা প্ৰদান কৰাত যিদৰে গুৰুত্ব প্ৰদান কৰা হৈছে ইয়াৰ বিপৰীতে, জুবিন গাৰ্গৰ দৰে শিল্পীৰ নিৰাপত্তা, স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থা বা তেওঁৰ সামাজিক স্থিতিক লৈ অহা যিকোনো অন্যায়ৰ ক্ষেত্ৰত চৰকাৰী সমৰ্থন পৰ্যাপ্ত নহয়।

প্ৰণিধানযোগ্য যে, এই বিতৰ্কই এক গুৰুত্বপূৰ্ণ দিশো উনুকিয়াই দিছে। জুবিন গাৰ্গে বছৰ বছৰ ধৰি অসমৰ সংগীত উদ্যোগত বিনিয়োগ কৰি আহিছিল। তেওঁৰ জৰিয়তে স্থানীয় সাংস্কৃতিক দল, ষ্টুডিঅ', লাইভ শ্ব'ৰ আয়োজক আৰু হাজাৰ হাজাৰ সংগীত শিল্পীয়ে জীৱিকা লাভ কৰি আছিল। সেইগৰাকী শিল্পীক ন্যায় প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে সন্দেহজনক ভূমিকা পালন কৰি আহিছে। 

আনহাতে প'ষ্ট মেলনৰ অনুষ্ঠানত অসম চৰকাৰে এটকাও খৰচ কৰা নাই বুলি ইতিমধ্যে স্পষ্টীকৰণ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ২০২৫ চনৰ ২১ মে'ত এক অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত এইগৰাকী মুখ্যমন্ত্ৰীয়ে কৈছিল যে- ডিচেম্বৰত অসমত এটা ডাঙৰ কনচাৰ্ট হ'বলৈ হৈ আছে। আমিও শ্বিলঙৰ সৈতে ফেৰ মাৰিব পাৰিম। তাৰোপৰি শ্বাকিৰাকো গুৱাহাটীলৈ অনাৰ চিন্তা–চৰ্চা কৰিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

হয়তো সঁচাকে এদিন অসমলৈ শ্বাকিৰাও আহিব। প'ষ্ট মেলন বা শ্বাকিৰাৰ দৰে শিল্পীক অসমত আদৰণী জনোৱাতো অসমীয়াৰ আধুনিক ৰুচিক সূচায়, কিন্তু  সেয়া কোনো সাংস্কৃতিক ভেটি নহয়।

জুবিন গাৰ্গৰ স্থান সঁচাকৈয়ে অসমীয়াৰ হৃদয়ত, যিটো তেওঁৰ চিৰস্থায়ী উত্তৰাধিকাৰ। তেওঁৰ গীত আৰু সমাজৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আমাৰ সংস্কৃতিৰ শিপা। গতিকে চৰকাৰে ৰাইজৰ হৃদয়ত থকা এই মূল্যবোধক সন্মান কৰি নীতিগতভাৱে এই দুয়োটা ধাৰাৰ মাজত সুস্থিৰ সন্তুলন ৰক্ষা কৰাতো অতি আৱশ্যক।

জুবিন গাৰ্গ