/asomiyapratidin/media/media_files/2025/12/04/whatsapp-imag-2025-12-04-14-43-40.jpeg)
আজি আঘোণৰ পূৰ্ণিমা, নামনি অসমৰ ঠাই বিশেষে আজি মহোহো বা মহ খেদা উৎসৱ পালন কৰা হয়। গ্ৰাম্য সংস্কৃতিত জিলিকি থকা এই মহ খেদা উৎসৱ ক'ত, কিদৰে পালন কৰা হয় সেই সন্দৰ্ভত চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদন...
অ' হো হো মহো হো ৷
মহ খেদবা টাঙোন লৌ ।।
মহে বোলে মল্লুদে ।
টেপল পুৰা খালুদে ।।
টেপলত নহ'ল নুন ।
চাউল লাগে দোন দোন ...
নামনি অসমৰ ঠাই বিশেষে প্ৰচলিত এক বিশেষ লোক উৎসৱ হৈছে মহো-হো বা মহখেদা উৎসৱ ৷ আঘোণ মাহৰ পূর্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। এই উপলক্ষে গধূলি গাঁৱৰ চেমনীয়াসকলে হাতত লাঠি লৈ চোতালত ঘূৰি ঘূৰি বিভিন্ন প্রক্রিয়াৰে মহ খেদা গীত গাই গৃহস্থৰ কুশল-মংগল কামনা কৰে আৰু আশীর্বাদ দিয়ে।
এই উৎসৱটো কৃষিভিত্তিক সমাজৰ বিশ্বাস আৰু পৰম্পৰাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। ইয়াৰ মূল উদ্দেশ্য হৈছে খেতি-পথাৰৰ শস্যক অনিষ্টকাৰী কীট-পতংগ, মহ, আৰু কেতিয়াবা বন্য জন্তুৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰা আৰু গোটেই সমাজখনৰ পৰা অপায়-অমংগল দূৰ কৰা।
সাধাৰণতে আঘোনত খেতি চপোৱাৰ আগতে বা শস্য বৃদ্ধি পোৱাৰ সময়ত, যি সময়ত বতৰৰ পৰিৱৰ্তনৰ ফলত কীট-পতংগৰ উপদ্ৰৱ বাঢ়ি আহে, সেই সময়তে এই উৎসৱ পালন কৰা হয়। বিভিন্ন অঞ্চলত ইয়াৰ পালনৰ দিন বেলেগ বেলেগ হ’ব পাৰে, কিন্তু মূলতঃ এই উৎসৱটো সমগ্ৰ গাঁওবাসীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয়।
মহোহো খেদা উৎসৱৰ আচাৰ-অনুষ্ঠানসমূহ আনন্দ আৰু নিৰ্দিষ্ট লোক-সংস্কৃতিৰে ভৰা। গাঁৱৰ যুৱক-যুৱতী আৰু কিশোৰসকলে একত্ৰিত হৈ এই অভিযানৰ নেতৃত্ব দিয়ে। তেওঁলোকে ঢোল, পেঁপা, তাল আদি লোক-বাদ্যৰ লগতে ঘৰুৱা কাঁহী, বাটি বা বাঁহৰ লাঠিৰে জোৰেৰে শব্দ সৃষ্টি কৰে। এই শব্দৰ দ্বাৰা অপদেৱতা বা অনিষ্টকাৰী জীৱ-জন্তুবোৰক খেদি পঠিয়াবলৈ চেষ্টা কৰা হয় বুলি লোকবিশ্বাস আছে।
এই উৎসৱৰ লগত জড়িত কিছুমান নিৰ্দিষ্ট লোকগীত (মহোহো খেদা গীত) গোৱা হয়। এই গীতবোৰত অপায়-অমংগল দূৰ কৰাৰ বাবে আৰু খেতিৰ মংগলৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। উৎসৱ পালনকাৰী দলটোৱে গাঁৱৰ প্ৰতিটো ঘৰৰ খেতি-পথাৰ আৰু বাৰী চুকত গৈ গীত গাই শব্দ কৰে, যাতে অনিষ্টকাৰী শক্তিসমূহ গাঁও এৰি আঁতৰি যায়।
এই সামূহিক প্ৰচেষ্টাৰ অন্তত গাঁৱৰ ৰাইজে উমৈহতীয়াভাৱে এটি ভোজৰ আয়োজন কৰে, যিয়ে সমাজৰ বন্ধন আৰু ঐক্য শক্তিশালী কৰে। মহোহো খেদা উৎসৱ কেৱল এটি কৃষিভিত্তিক ৰীতি নহয়, বৰঞ্চ ই অসমীয়া লোক-সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ।
এই উৎসৱে পৰিৱেশৰ সৈতে মানুহৰ সহজীয়া সম্পৰ্কক প্ৰতিফলিত কৰে আৰু কঠিন সময়ত সমাজক একত্ৰিত কৰাত সহায় কৰে। আধুনিকতাৰ সোঁতত এই লোক-উৎসৱৰ কিছু কিছু ঠাইত প্ৰচলন কমি আহিছে যদিও, এতিয়াও বহু গ্ৰামাঞ্চলত ই এক সজীৱ পৰম্পৰা হিচাপে জীয়াই আছে। তাৰোপৰি, এই পৰাম্পৰা যেন হেৰাই যাবলৈ নিদিয়ে সচেতন ৰাইজ তথা দল সংগঠনে ।
এই খিনিতে উল্লেখ কৰা প্ৰয়োজন যে , মহ খেদা উৎসৱটি কোনো ধৰ্মীয় উৎসৱ নহয়। জাতি-ধৰ্ম নিবিশেষে অসমৰ সকলো ধৰ্মৰ লোকেই এই উৎসৱত ভাগ লয়। নামনি অসমৰ অবিভক্ত কামৰূপ,গোৱালপাৰা,নলবাৰী,দৰং.বৰপেটা আদিত ইয়াৰ প্ৰচলন অধিক।
ঠাই বিশেষ ইয়াক মহখুন্দা,ভাল ভৌলকা,এউৰিমাগা,ভাউল হোল, ওৰি মান্দি আদি নামেৰে জনা যায়। ৰাভা সকলে এই মহ খেদা উৎসৱটি তিনিদিনীয়াকৈ পালন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us