/asomiyapratidin/media/media_files/2025/09/18/ap-for-web-new-bikhekh-lekha-2-2025-09-18-21-54-59.jpg)
চয়নিকা শইকীয়া
"ই ফাষ্টিং বা ডিজিটেল উপবাস"- শব্দটো হয়তো আপোনাৰ বাবে নতুন সেয়ে অৰ্থ বুজি ইয়াক বিশ্লেষণ কৰাটো অতি প্ৰয়োজন। বৰ্তমান ডিজিটেল যুগ। এই সময়ছোৱাত ডিজিটেল গেজেট সমূহ যেনে মোবাইল, কম্পিউটাৰ,লেপটপ,আইপেড লগতে ইণ্টাৰনেট ইত্যাদি মানুহৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছিন্ন অংগ।
তথাপিও এই আধুনিকতাৰ মাজতে মানসিক বিশ্ৰাম আৰু সু স্বাস্থ্যৰ বাবে এই মাধ্যম সমূহ নিজৰ পৰা কিছু সময়ৰ বাবে আঁতৰাই ৰখাতো অতি প্ৰয়োজনীয়। এক উদ্দেশ্য আগত ৰাখি নিৰ্দিষ্ট সময়ৰ বাবে ডিজিটেল ডিভাইচ অথবা সামাজিক মাধ্যমৰ পৰা বিৰত থকাটোৱে হৈছে ই উপবাস বা ই ফাষ্টিং।
উপবাসৰ সংজ্ঞা সকলোৰে বাবে পৃথক পৃথক ৷ উপবাস মূলতে ধৰ্ম আৰু বিশ্বাসৰ সৈতে সম্পৰ্কিত বুলিয়েই আমি জানো যদিও এই বিষয়টো সিমানতেই সীমাৱদ্ধ নহয়। উপবাস প্ৰকৃততে স্বাস্থ্যৰ পক্ষেও অতি উপকাৰী। বিভিন্নজনে বিভিন্ন ধৰণে উপবাসে থাকি শৰীৰ চৰ্চা কৰে।
ই ফাষ্টিং অৱশ্যেই কোনো ধৰ্মীয় উপবাস নহয়। মানসিক স্বাস্থ্য উন্নত কৰি ৰখাই হৈছে ডিজিটেল ফাষ্টিঙৰ মূল উদ্দেশ্য। ডিজিটেল উপবাসৰ সময়ত মানুহ সামাজিক মাধ্যমৰ পৰা বিৰত থাকে। তাৰোপৰি ফোন, টেবলেট বা কম্পিউটাৰৰ দৰে ডিজিটেল ডিভাইচত স্ক্ৰীন টাইম সীমিত কৰে।
মানুহে সাধাৰণতে মোবাইল ফোনত থকা জাননীসমূহো বন্ধ কৰি দিয়ে যাতে বিশৃংখলতাৰ পৰা আঁতৰি থাকিব পাৰে। এই অভ্যাসৰ দ্বাৰা মানুহে নিজকে নিয়ন্ত্ৰণ কৰিবলৈ শিকে। অধিক সংযত হ’ব পাৰে। ই মানসিক চাপ কমাই মনটোক সতেজ কৰি তুলিব পাৰে।
বৰ্তমান সময়ত ইণ্টাৰনেট আৰু স্মাৰ্টফোনৰ ব্যৱহাৰৰ হাৰ দিনে দিনে বৃদ্ধি পাইছে। বিশেষকৈ যুৱ প্ৰজন্ম আৰু ছাত্ৰ-ছাত্ৰীসকলে অধিকাংশ সময় মোবাইল স্ক্ৰীনত কটায়। ফলস্বৰূপে যুৱ প্ৰজন্মৰ মাজত কিছু সমস্যাই দেখা দিছে।
মনোযোগৰ অভাৱ, চকুৰ সমস্যা, অবিৰতভাৱে সামাজিক মাধ্যমত সময় অপচয়, মানসিক চাপ আৰু উদ্বেগ, টোপনি হ্ৰাস, এনেবোৰ সমস্যাৰ সমাধান স্বৰূপে ই-ফাষ্টিঙে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই সমাধানে আপোনাৰ চিন্তাধাৰাত সৃষ্টিশীলতা আৰু ইতিবাচকতা অনাত সহায় কৰিব।
ই-ফাষ্টিং আৰম্ভ কৰাৰ কোনো জটিল নিয়ম-নীতি নাই। নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি প্ৰতিদিনে নিজকে সমাজিক মাধ্যম তথা স্ক্ৰীন টাইমৰ পৰা আঁতৰাই ৰাখিব লাগে। সপ্তাহটোত এদিন সম্পূৰ্ণভাৱে ই-ডিভাইচৰ পৰা আঁতৰি থকাৰ অভ্যাসে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰে বহু বিশ্লেষকে নিজ নিজ গৱেষনাত উল্লেখ কৰিছে।
ই ফাষ্টিং কোনো ফেশ্বন নহয়, বৰঞ্চ ই এক আৱশ্যকতা হৈ পৰিছে। মোবাইলত সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে আমি পৰিয়ালক সময় দিয়াতো অতি প্ৰয়োজন। পৰিয়াল তথা বন্ধু-বান্ধৱীৰে একেলগে বহি সময় অতিবাহিত কৰিলে আমাৰ সম্পৰ্কবোৰ ভালে থাকে।
ডিজিটেল উপবাসৰ এটা প্ৰধান উপকাৰ হ’ল ইয়াৰ দ্বাৰা উৎপাদনশীলতা বৃদ্ধি পায়। অৰ্থাৎ সামাজিক মাধ্যমত ব্যস্ত থকা পৰ্যন্ত আন কামত সময় উচৰ্গা কৰিবলৈ আপুনি অক্ষম। এই অনুশীলনে আপোনাৰ অন্য কামসমূহত উৎপাদনশীলতা বৃদ্ধি কৰাত সহায় কৰিব।
একাংশই নিয়মিতভাৱে ডিজিটেল উপবাসৰ অভ্যাস কৰে, যেনে প্ৰতিদিনে কেইঘণ্টামান ডিভাইচৰ পৰা আঁতৰি থাকে। আন একাংশই সময়ে সময়ে ই ফাষ্টিং কৰে, যেনে প্ৰযুক্তিৰ পৰা এদিন বা তাতোকৈ বেছি সময়ৰ বাবে বিৰতি লয়।
২০২৩ চনত আমেৰিকা চৰকাৰে প্ৰকাশ কৰা এক অধ্যয়নত কোৱা হৈছে যে দুবছৰৰ পৰা তিনি বছৰ বয়সৰ শিশুৰ মাজত ডিজিটেল ডিভাইচৰ আসক্তি বৃদ্ধি পাইছে। এই বিষয়টো জনস্বাস্থ্যৰ প্ৰতি এক গুৰুতৰ চিন্তাৰ বিষয় হৈ পৰিছে। এই অভ্যাসে শিশুৰ মানসিক, সামাজিক আৰু আৱেগিক বিকাশৰ ক্ষতি কৰিব পাৰে।
সেয়ে আমাৰ ডিজিটেল অভ্যাসমূহক নিয়ন্ত্ৰণ কৰাৰ এক সজাগ আৰু স্বাস্থ্যকৰ পথ হৈছে ই ফাষ্টিং, যি ব্যক্তিগত স্বাস্থ্যৰ উন্নতি কৰাৰ লগতে সামাজিক সম্পৰ্কও শক্তিশালী কৰিব। কেৱল শাৰীৰিক স্বাস্থ্যৰ ওপৰতেই নহয়, ডিজিটেল উপবাসে মানসিক আৰু আৱেগিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায় ৷
উপবাসে এজন ব্যক্তিক আৱেগিকভাৱে শান্ত হৈ থকা তথা সুখী অনুভৱ কৰাত সহায় কৰিব পাৰে ৷ অসমতো যদি ডিজিটেল ফাষ্টিঙৰ ধাৰণাই জনপ্ৰিয়তা লাভ কৰে তেন্তে ই এক সুস্থ সমাজ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।