অসমৰ পেডমেন...

, ভৃগু বৰঠাকুৰৰ এই যাত্ৰাত তেওঁ অকলে নহয়। তেওঁৰ সৈতে জড়িত হৈ আছে কেইবাগৰাকীও উদ্যমী মহিলা, যিসকলে কোনো ধৰণৰ পাৰিশ্ৰমিক বা মজুৰি নোলোৱাকৈ কেৱল সমাজৰ কল্যাণৰ বাবে নিজৰ শ্রম আগবঢ়ায়।

New Update
bikhekh lekha (4)

চয়নিকা শইকীয়া

অক্ষয় কুমাৰ অভিনীত বলিউডৰ জনপ্ৰিয় ছবি ‘পেডমেন’ৰ কাহিনী আমাৰ সকলোৰে মনত সজীৱ হৈ আছে। ছবিখনত এগৰাকী স্বামীয়ে তেওঁৰ পত্নীৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে সকলো বাধা আৰু সামাজিক উপহাস নেওচি কম খৰচী চেনিটাৰী পেড নিৰ্মাণ কৰি এক আদৰ্শ দাঙি ধৰিছিল। ঠিক তেনে এক বাস্তৱমুখী আৰু প্ৰেৰণাদায়ক কাহিনী বৰ্তমান অসমত নীৰৱে প্ৰতিফলিত হৈছে।

গুৱাহাটী মহানগৰীৰ বোন্দা নিবাসী ভৃগু বৰঠাকুৰ নামৰ এজন ব্যক্তিয়ে এই স্পৰ্শকাতৰ বিষয়টোক লৈ যি বিপ্লৱৰ সূচনা কৰিছে, সেয়া সঁচাকৈয়ে অতুলনীয়। ভৃগু বৰঠাকুৰৰ মনটো সদায় সমাজৰ দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ সেৱাৰ বাবে ব্যাকুল। তেওঁ অনুভৱ কৰিছিল যে আজিও আমাৰ ৰাজ্যৰ গ্ৰামাঞ্চল তথা চাহ বাগান এলেকাৰ মহিলাসকল ঋতুস্ৰাৱৰ দৰে এক প্ৰাকৃতিক প্ৰক্ৰিয়াক লৈ অন্ধবিশ্বাস আৰু সামাজিক সংকোচৰ মাজত আৱদ্ধ হৈ আছে।

WhatsApp Image 2026-01-10 at 10.30.23 AM

আৰ্থিক আৰু সঠিক জ্ঞানৰ অভাৱত আজিও  বহুত মহিলাই মাহেকীয়া চক্ৰৰ সময়ত অস্বাস্থ্যকৰ কাপোৰ ব্যৱহাৰ কৰে, ইয়াৰ পৰিণতি স্বৰূপে বহু সংখ্য মহিলা বৰ্তমান জৰায়ুৰ সংক্ৰমণৰ দৰে মৰাত্মক ৰোগত আক্ৰান্ত হৈ আহিছে। এই ভয়াবহ সমস্যাৰ সমাধানৰ বাবে ভৃগু বৰঠাকুৰে নিজৰ ঘৰতে চেনিটাৰী পেড নিৰ্মাণৰ এক সৰু উদ্যোগ আৰম্ভ কৰাৰ সিদ্ধান্ত লয়।

'কেয়াৰ ইউ ৩৬৫' নামৰ এটা বেচৰকাৰী সংস্থাৰ সভাপতি ভৃগু বৰঠাকুৰ। এই সংস্থাটোৰ জনহিতৰ কাম-কাজৰ অংশ হিচাপে তেওঁলোকে 'নিৰ্ময়ী' নামৰ এটা বিশেষ শাখাৰ জন্ম দিয়ে। এই 'নিৰ্ময়ী'ৰ তত্ত্বাৱধানতে বৰ্তমান সম্পূৰ্ণ পৰিষ্কাৰ-পৰিচ্ছন্ন পৰিৱেশত চেনিটাৰী নেপকিন প্ৰস্তুত কৰা হয়।

WhatsApp Image 2026-01-10 at 11.22.42 AM

বিগত ৩ বছৰ ধৰি ভৃগু বৰঠাকুৰে নিজ বাসগৃহতে এটা ছেমি-অটোমেটিক ইলেকট্ৰিক মেচিন আৰু প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰি এই উৎপাদন প্ৰক্ৰিয়া চলাই আহিছে। বৰ্তমান তেওঁৰ এই সৰু উদ্যোগটোত দৈনিক ২০০ৰ পৰা ৩০০ লৈকে চেনিটাৰী পেড তৈয়াৰ কৰা হয়।

উল্লেখ কৰা প্ৰয়োজন, ভৃগু বৰঠাকুৰৰ এই যাত্ৰাত তেওঁ অকলে নহয়। তেওঁৰ সৈতে জড়িত হৈ আছে কেইবাগৰাকীও উদ্যমী মহিলা, যিসকলে কোনো ধৰণৰ পাৰিশ্ৰমিক বা মজুৰি নোলোৱাকৈ কেৱল সমাজৰ কল্যাণৰ বাবে নিজৰ শ্রম আগবঢ়ায়। ইয়াৰ উপৰি বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ইণ্টাৰ্ণশ্বিপৰ বাবে অহা শিক্ষাৰ্থীসকলেও এই কামত হাত উজান দিয়ে।

WhatsApp Image 2026-01-10 at 10.30.19 AM (2)

ভৃগু বৰঠাকুৰৰ এই অভিযানৰ মূল লক্ষ্য কেৱল সামগ্ৰী নিৰ্মাণ কৰাই নহয়, বৰঞ্চ সেইবোৰ প্ৰকৃত হিতাধিকাৰীৰ ওচৰত গৈ পোৱাটো নিশ্চিত কৰা। নিৰ্ময়ীয়ে উৎপাদন কৰা এই চেনিটাৰী পেডসমূহ সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কৰা হয়। লক্ষ্যণীয় যে, গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ উপৰিও নিৰ্ময়ীৰ এই বিনামূলীয়া সেৱা কাৰ্বি অংলং,বিশ্বনাথ জিলাৰ দুৰ্গম গাঁও আৰু চাহ বাগান এলেকালৈ সম্প্ৰসাৰিত হৈছে। 

কেৱল নিজ ৰাজ্যতে সীমাৱদ্ধ নাথাকি নিৰ্ময়ীয়ে চুবুৰীয়া ৰাজ্য মিজোৰামৰ পিছপৰা অঞ্চলৰ মহিলাসকলৰ মাজতো এই পেডসমূহ বিতৰণ কৰি আহিছে। চেনিটাৰী পেড বিতৰণৰ সমান্তৰালভাৱে কেয়াৰ ইউ ৩৬৫ এ মহিলাসকলৰ মাজত স্বাস্থ্য সজাগতা শিবিৰৰ আয়োজন কৰি আহিছে। য'ত মাহেকীয়া চক্ৰৰ সময়ত ল'বলগীয়া সাৱধানতা, পেডৰ সঠিক ব্যৱহাৰ আৰু স্বাস্থ্যবিধিৰ বিষয়ে বিশদভাৱে বুজাই দিয়া হয়।

WhatsApp Image 2026-01-10 at 11.23.11 AM

উল্লেখযোগ্য যে, এই নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফলত বৰ্তমান এক ডাঙৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে। বহু মহিলাই জীৱনত প্ৰথমবাৰৰ বাবে চেনিটাৰী ব্যৱহাৰ কৰিবলৈ শিকিছে।ফলস্বৰূপে তেওঁলোকৰ মাজত কেৱল স্বাস্থ্য সুৰক্ষাই নিশ্চিত হোৱা নাই, লগতে তেওঁলোকৰ আত্মবিশ্বাসো বহুগুণে বৃদ্ধি পাইছে।

যিটো সময়ত ঋতুস্ৰাৱক লৈ মুকলিকৈ কথা পাতিবলৈ মানুহে লাজ কৰে, তেনে সময়ত ভৃগু বৰঠাকুৰে সামাজিক সংকোচ আৰু ভুল ধাৰণা দূৰ কৰিবলৈ যি পদক্ষেপ লৈছে, সেয়া সমাজৰ বাবে এক ডাঙৰ আশীৰ্বাদ। তাৰোপৰি ক’ভিডকালীন অতিমাৰীৰ সময়ত যি সময়ত মানুহ অসহায় হৈ পৰিছিল, তেনে সময়তে ২০২১ চনৰ ১৯ এপ্ৰিলত ভৃগু বৰঠাকুৰৰ নেতৃত্বত আৰম্ভ হৈছিল 'আহাৰ ফিডিং ইনিচিয়েটিভ'।

WhatsApp Image 2026-01-10 at 10.30.19 AM (1)

এই অভিযানৰ জৰিয়তে মহানগৰীৰ বিভিন্ন প্ৰান্তত আৰ্তজনৰ মাজত বিনামূল্যে খাদ্য বিতৰণ কৰি এক মানৱীয় নিদৰ্শন দাঙি ধৰিছে ভৃগু বৰঠাকুৰে। ২০২৩ চনত ভৃগু বৰঠাকুৰৰ এক সপোনৰ প্ৰকল্পই বাস্তৱ ৰূপ পায়। বোন্দাত তেওঁ স্থাপন কৰে 'জীৱনালয় শিশুগৃহ'। পিতৃ-মাতৃহাৰা বা নিৰাশ্ৰয় শিশুসকলক এটা সুৰক্ষিত ভৱিষ্যত আৰু ঘৰুৱা পৰিৱেশ প্ৰদান কৰাই এই শিশুগৃহৰ মূল লক্ষ্য। ইয়াৰ জৰিয়তে শিশুসকলৰ শিক্ষা আৰু স্বাস্থ্যৰো সম্পূৰ্ণ যত্ন লোৱা হয়।

চৰকাৰী অনুদান বা প্ৰচাৰৰ পৰা আঁতৰি থাকি নিজৰ সীমিত সামৰ্থ্যৰে তেওঁ যি সেৱা আগবঢ়াইছে, সেয়াই আমাক শিক্ষা দিয়ে যে সমাজ সেৱাৰ বাবে কেৱল ধনৰ নহয়, এক বিশাল হৃদয়ৰো প্ৰয়োজন। ইতিমধ্যে ৰাজ্য চৰকাৰ তথা ৰাজ্যপালে শ্ৰী বৰঠাকুৰৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে।

WhatsApp Image 2026-01-10 at 10.30.19 AM

শেহতীয়াকৈ ৰাজভৱনৰ এক সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই তেওঁক সম্বৰ্ধনাও জনায়। ভৃগু বৰঠাকুৰ আৰু 'নিৰ্ময়ী'ৰ এই যাত্ৰা কেৱল চেনিটাৰী পেড নিৰ্মাণৰ কাহিনী নহয়, এয়া হ’ল এক সুস্থ আৰু সজাগ সমাজ গঢ়াৰ সপোন...

বোন্দা