/asomiyapratidin/media/media_files/2025/12/30/whatsapp-imag-2025-12-30-15-12-37.jpeg)
বাংলাদেশৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম প্ৰভাৱশালী আৰু জনপ্ৰিয় নেত্ৰী বেগম খালেদা জিয়া। দেশখনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে তেওঁ কেৱল বাংলাদেশৰে নহয়, বৰঞ্চ দক্ষিণ এছিয়াৰ নাৰী নেতৃত্বৰ এক শক্তিশালী প্ৰতীক। খালেদা জিয়াৰ মৃত্যুৱে আজি বাংলাদেশৰ ৰাজনীতিত এটা সুদীৰ্ঘ আৰু গুৰুত্বপূৰ্ণ অধ্যায়ৰ সমাপ্তি ঘটায়। বেগম খালেদাৰ জীৱন আৰু ৰাজনৈতিক অৱদানৰ সন্দৰ্ভত চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদন...
ডিচেম্বৰৰ আৰম্ভণিতে ঢাকাস্থ এভাৰকেয়াৰ হাস্পতালৰ সন্মুখত বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ এজন তৃণমূল পৰ্যায়ৰ কৰ্মী ৪৮ বছৰীয়া টিপু চুলতানে এখন প্লেকাৰ্ড লৈ থিয় হৈ আছিল, য’ত লিখা আছিল— "মই মোৰ এটা কিডনী বেগম খালেদা জিয়াক দান কৰিব বিচাৰো।"
১৭ কোটি জনসংখ্যাৰ দেশ বাংলাদেশত চুলতান আৰু তেওঁৰ প্লেকাৰ্ডৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। যোৱা ২৩ নৱেম্বৰত বি এন পিৰ সভানেত্ৰী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী হাস্পতালত ভৰ্তি হোৱাৰ পিছৰে পৰা সমগ্ৰ দেশবাসী উদ্বিগ্ন হৈ আছিল। টিপু চুলতানে হাস্পতালৰ গেটৰ বিপৰীত ফালে থকা ফুটপাথতে দিনবোৰ অতিবাহিত কৰিছিল আৰু তেওঁৰ আৰোগ্যৰ খবৰ নোলোৱালৈকে তাৰ পৰা লৰচৰ নকৰাৰ প্ৰতিজ্ঞা কৰিছিল।
আল জাজিৰাক তেওঁ কৈছিল, "তেওঁ মোৰ মাতৃৰ দৰে। গণতন্ত্ৰৰ বাবে তেওঁ সকলো ত্যাগ কৰিছে। মোৰ একমাত্ৰ প্ৰাৰ্থনা যে ভগৱানে তেওঁক আগন্তুক নিৰ্বাচন চাবলৈ জীয়াই ৰাখক।" কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। ৩০ ডিচেম্বৰৰ পুৱা হাস্পতালত ৮০ বছৰীয়া খালেদা জিয়াৰ মৃত্যু ঘটে। বি এন পিয়ে ফেচবুকযোগে জনায়, "আমাৰ প্ৰিয় ৰাষ্ট্ৰীয় নেত্ৰীগৰাকী আৰু আমাৰ মাজত নাই। আজি পুৱা ৬ বজাত তেওঁ আমাক এৰি থৈ গ’ল।"
যিহেতু এই দুই ‘বেটলিং বেগমে’ দেশখনৰ ৰাজনীতিক নিয়ন্ত্ৰণ কৰি আহিছিল, আজি খালেদাৰ মৃত্যুৰ লগে লগে বাংলাদেশৰ ৰাজনীতিৰ ৩ দশকতকৈও অধিক কাল ধৰি চলা এটা অধ্যায়ৰ সমাপ্তি ঘটিল। তেওঁৰ চিৰবৈৰী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা বৰ্তমান ভাৰতত নিৰ্বাসনত আছে।
হাচিনাৰ দৰেই খালেদাৰ উত্তৰাধিকাৰো মিশ্ৰিত। দুয়োগৰাকী মহিলাই একনায়কত্ববাদৰ বিৰুদ্ধে আৰু গণতন্ত্ৰৰ বাবে যুঁজ দিছিল। যদিও হাচিনাৰ দৰে খালেদাৰ বিৰুদ্ধে বিৰোধীৰ ওপৰত গণ-অত্যাচাৰ চলোৱাৰ অভিযোগ কেতিয়াও উঠা নাছিল, তথাপিও তেওঁ এগৰাকী মেৰুকৰণকাৰী ব্যক্তি আছিল।
বিৰোধী দলত থকাৰ সময়ত তেওঁৰ আপোচবিহীন শৈলী, নিৰ্বাচন বৰ্জন আৰু দীৰ্ঘদিনীয়া ৰাজপথৰ আন্দোলন আৰু শাসনত থকাৰ সময়ত দুৰ্নীতিৰ অভিযোগৰ বাবে সমৰ্থকৰ মাজত তেওঁ অতিশয় জনপ্ৰিয় আছিল যদিও সমালোচকৰ মাজত তেওঁ আছিল অবিশ্বাসৰ পাত্ৰ।
প্ৰাৰম্ভিক জীৱন আৰু উত্থান- বেগম খালেদা জিয়াৰ জন্ম হৈছিল ১৯৪৬ চনৰ ১৫ আগষ্টত দিনাজপুৰত। তেওঁৰ পিতৃ ইস্কান্দাৰ মজুমদাৰ মূলতঃ ফেনিৰ আছিল। ভাৰত বিভাজনৰ পূৰ্বে তেওঁলোকে পূব বংগলৈ গুচি গৈছিল। দিনাজপুৰতে খালেদাই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল।
তেওঁৰ ৰাজনীতিত প্ৰৱেশ কোনো পূৰ্ব পৰিকল্পিত নাছিল। ১৯৮১ চনৰ ৩০ মে’ত এক সামৰিক বিদ্ৰোহত স্বামী ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ হত্যাকাণ্ডই বাংলাদেশত এক অনিশ্চয়তাৰ সৃষ্টি কৰিছিল। জিয়াউৰ ৰহমানৰ মৃত্যুৰ পিছত বি এন পিক একত্ৰিত কৰি ৰাখিবলৈ জ্যেষ্ঠ নেতাসকলে খালেদাক আগুৱাই আহিবলৈ অনুৰোধ কৰিছিল। ১৯৮৪ চনত তেওঁ দলৰ সভানেত্ৰী নিৰ্বাচিত হয় আৰু সামৰিক শাসক হুছেইন মহম্মদ এৰ্শাদৰ বিৰুদ্ধে নাগৰিক আন্দোলনৰ কেন্দ্ৰীয় মুখ হৈ পৰে।
শাসনকাল আৰু উত্তৰাধিকাৰ- ১৯৮০ ৰ দশকত সামৰিক শাসক হুছেইন মহম্মদ এৰ্শাদৰ বিৰুদ্ধে খালেদা জিয়াই যি আপোচহীন সংগ্ৰাম চলাইছিল, তাৰ বাবে তেওঁক 'দেশনেত্ৰী' আখ্যা দিয়া হৈছিল। ১৯৯০ চনত এৰ্শাদৰ পতনৰ পিছত হোৱা ঐতিহাসিক নিৰ্বাচনত বি এন পিয়ে জয়লাভ কৰে আৰু ১৯৯১ চনত তেওঁ বাংলাদেশৰ প্ৰথম নিৰ্বাচিত মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত লয়। তেওঁ মুঠ তিনিবাৰকৈ দেশৰ শাসনভাৰ গ্ৰহণ কৰিছিল।
খালেদা জিয়াই তিনিবাৰকৈ দেশৰ নেতৃত্ব দিছিল। তেওঁৰ চৰকাৰে অৰ্থনৈতিক উদাৰীকৰণ, ৰপ্তানি বৃদ্ধি, বস্ত্ৰ উদ্যোগৰ সম্প্ৰসাৰণ আৰু বিশেষকৈ ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ শেষ কাৰ্যকালত বাংলাদেশৰ জিডিপি বৃদ্ধিৰ হাৰ আছিল প্ৰায় ৭ শতাংশ, যিটো সেই সময়ত অত্যন্ত উচ্চ আছিল। বিশ্ব বেংকে তেতিয়া বাংলাদেশক ‘এছিয়াৰ পৰৱৰ্তী বাঘ’ বুলি অভিহিত কৰিছিল।
তথাপিও তেওঁৰ চৰকাৰ সমালোচিত হৈছিল। ১৯৯৫ চনৰ সাৰৰ নাটনিৰ বাবে হোৱা কৃষক বিদ্ৰোহ আৰু ২০০১-২০০৬ চনৰ ভিতৰত তেওঁৰ পুত্ৰ তাৰিক ৰহমানৰ বিৰুদ্ধে ‘হাৱা ভৱন’ক কেন্দ্ৰ কৰি সমান্তৰাল ক্ষমতা চলোৱা আৰু দুৰ্নীতিৰ অভিযোগ উঠিছিল। ২০০৪ চনৰ ২১ আগষ্টত শ্বেখ হাচিনাৰ ৰেলীত হোৱা গ্ৰেনেড আক্ৰমণৰ তদন্তৰ ক্ষেত্ৰতো তেওঁৰ চৰকাৰ বিফল হোৱাৰ অভিযোগ উঠিছিল।
কঠিন সময় আৰু শেষ যাত্ৰা- ২০০৭ চনৰ সামৰিক সমৰ্থিত তদাৰকী চৰকাৰৰ দিনৰে পৰা খালেদা জিয়াৰ ব্যক্তিগত আৰু ৰাজনৈতিক জীৱনত ধুমুহা আৰম্ভ হয়। তেওঁৰ পুত্ৰ তাৰিক ৰহমান নিৰ্বাসনলৈ যাবলগীয়া হয় আৰু আনজন পুত্ৰ অৰাফাত ৰহমানৰ নিৰ্বাসিত অৱস্থাতে মৃত্যু হয়। ২০১৮ চনত হাচিনা চৰকাৰৰ দিনত দুৰ্নীতিৰ গোচৰত তেওঁ কাৰাবাস খাটিবলগীয়া হয়।
২০২৪ চনৰ আগষ্টত হাচিনাৰ পতনৰ পিছত তেওঁ কাৰাগাৰৰ পৰা মুক্তি পায়। মুক্ত হৈয়েই তেওঁ নিজৰ সমৰ্থকসকলক কোনো ধৰণৰ প্ৰতিশোধমূলক কাৰ্য নকৰিবলৈ আহ্বান জনাইছিল। ইতিহাসবিদসকলৰ মতে, ইমান যন্ত্ৰণা আৰু অপমানৰ পিছতো তেওঁ দেশ এৰি পলাই যোৱা নাছিল, যিয়ে তেওঁক এগৰাকী শক্তিশালী নেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিলে।
বি এন পিৰ ভৱিষ্যত- খালেদা জিয়াৰ মৃত্যুৰ পিছত এতিয়া বি এন পিৰ উত্তৰাধিকাৰী তেওঁৰ একমাত্ৰ জীয়াই থকা পুত্ৰ তাৰিক ৰহমান। তাৰিক ৰহমান ইতিমধ্যে ২৫ ডিচেম্বৰত নিৰ্বাসনৰ পৰা ঢাকালৈ উভতি আহিছে আৰু তেওঁক এক বিৰাট জনসমুদ্ৰই আদৰণি জনাইছে। অনাগত নিৰ্বাচনে নিৰ্ধাৰণ কৰিব যে বাংলাদেশে খালেদা জিয়াৰ উত্তৰাধিকাৰীৰ ওপৰত কিমান ভৰসা কৰিব পাৰে।
উল্লেখ কৰা প্ৰয়োজন যে, বেগম খালেদাৰ দিনতে দিনতে ছোৱালীৰ বাবে দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়া শিক্ষা আৰু বিশেষ উপবৃত্তিৰ আঁচনি আৰম্ভ হৈছিল। বাংলাদেশৰ পোছাক শিল্প আৰু অৰ্থনৈতিক উদাৰীকৰণৰ ভেটি তেওঁৰ শাসনকালতে মজবুত হৈছিল।
বেগম খালেদা জিয়াৰ অৱদান অবিহনে বাংলাদেশৰ ইতিহাস আধৰুৱা। বহুতো জেল-জুলুম আৰু শোক সহ্য কৰিও তেওঁ কেতিয়াও দেশ এৰি যোৱা নাছিল। তেওঁৰ মৃত্যুৰ পাছত এতিয়া পুত্ৰ তাৰিক ৰহমানে দলৰ দায়িত্ব গ্ৰহণ কৰিছে। বাংলাদেশৰ মানুহে তেওঁক এজন সাহসী, স্বদেশপ্ৰেমী আৰু দুখীয়াৰ ত্ৰাণকৰ্তা হিচাপে সদায় স্মৰণ কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us