সুৰাৰ ৰাগীত মাতাল জনতাই কেনেকৈ প্ৰশ্ন কৰিব চৰকাৰক ?

ৰাজ্যত বৃদ্ধি হ'বলৈ গৈ আছে সুৰাৰ বিপনী। প্ৰতিখন জিলাতেই হ'ব সুৰাৰ দোকান। এই প্ৰস্তাৱৰ পাছতেই ৰাজ্যৰ বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠিছে।
সুৰাৰ ৰাগীত মাতাল জনতাই কেনেকৈ প্ৰশ্ন কৰিব চৰকাৰক ?

বৰষা শৰ্মা

তীব্ৰ আৰ্থিক সংকটত ভুগিছে ৰাজ্য চৰকাৰ। অতিৰিক্ত ৰাজহৰ সংগ্ৰহ কৰি সংকটৰ জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এটাৰ পাছত আনতো পদক্ষেপ। সেয়া লাগিলে বয়-বস্তুৰ দাম বৃদ্ধি, বিভিন্ন জৰিমণায়ে নহওক কিয়।

ৰাজ্যত মূল্যবৃদ্ধিয়ে কোঙা কৰিছে জনতাক। বিদ্যুতৰ বিল বৃদ্ধি, খোৱা খাদ্য, পেট্ৰ'ল-ডিজেল বা আন সকলো দিশতে দাম বৃদ্ধি কৰি চৰকাৰে অতিৰিক্ত ৰাজহ সংগ্ৰহ কৰাৰ লক্ষ্য বান্ধি ৰাখিছে। ইয়াৰ বাবে চৰকাৰৰ ৰাজভঁৰাল টনকিয়াল হৈছে যদিও পেটত গাঁঠি মাৰিব লগা হৈছে সাধৰণ জনতাই।

এইবাৰ চৰকাৰে গ্ৰহণ কৰিছে আন এক পদক্ষেপ। যি সময়ত বিশ্ব আগবাঢ়ি আছে শিক্ষা , স্বাস্থ্য আদি ক্ষেত্ৰত তেনে সময়তে অসম চৰকাৰৰ আবকাৰী বিভাগে লৈছে এক বিশেষ পদক্ষেপ। এতিয়াও ৰাজ্যৰ একাংশ চৰকাৰী শিক্ষানুষ্ঠানৰ অৱস্থা ইমান এটা ভাল নহয়। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ কথা নকলেও হ'ব। প্ৰতিদিনে পোহৰলৈ আহে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ। উদাহৰণ হিচাপে আমি মাজুলীৰ কথায়ে ক'ব পাৰো।

দল-সংগঠনে এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে। কিন্তু চৰকাৰৰ ওপৰত নপৰে কোনো ধৰণৰ প্ৰভাৱ। চৰকাৰে সময়ে সময়ে হিতাধিকাৰী সৃষ্টি কৰি জনতাৰ মুখ বন্ধ কৰি আহিছে। এয়া কোনো নতুন কথা নহয়। সমস্যাৰ সৃষ্টি হয়, প্ৰতিবাদ হয় আৰু সমাধান নোহোৱাকৈ সমস্যা সমূহ ৰাইজৰ মাজত থাকি যায়।

ইমানবোৰ সমস্যাৰ মাজতে পুনৰ অসম চৰকাৰৰ আবকাৰী বিভাগে আনিছে আন এক প্ৰস্তাৱ। জিলাই জিলাই হ'ব সুৰাৰ বিপনী। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ সকলো জিলা, মহকুমাত নতুনকৈ একাধিক সুৰাৰ বিপনী খোলাৰ পৰিকল্পনা হাতত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে। কেৱল ইমানেই নহয়, এই প্ৰস্তাৱ অনুসৰি প্ৰতিখন শ্বপিং মলতো বিলাতী সুৰাৰ খুচুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰ দিব ।

সূত্ৰ অনুসৰি জানিব পৰা মতে চৰকাৰৰ অতিৰিক্ত ৰাজহ সংগ্ৰহৰ স্বাৰ্থত ৰাজ্যৰ আবকাৰী বিভাগে জিলাই জিলাই সুৰাৰ দোকান খোলাৰ বাবে জাননী প্ৰেৰণ কৰিছে। এই অনুসৰি কামৰূপ গ্ৰাম্য অঞ্চলত ৩৯ খন নতুন সুৰাৰ দোকান খোলাৰ প্ৰস্তাৱ দিছে। এই স্থান সমূহ হৈছে - নগৰবেৰা, ছয়গাঁও বজাৰ, কুকুৰমাৰা, ঔগুৰি, গোৱৰ্ধন, বৰতাৰী চক, জামগুৰি , গুমি, বকো বজাৰ, বামুনীগাঁও, ৰাজাপাৰা,হাঁহিম, ধূপধৰা, গৰৈমাৰী, চমৰীয়া, শুৱালকুচী,উত্তৰ গুৱাহাটী, আমিনগাঁও, চকীগেট, চাংসাৰী, পলাশবাৰী বজাৰ, শিঙিমাৰী, দমদমা, কমলপুৰ, মদনপুৰ, বেজেৰা, মুক্তাপুৰ, তুলসীবাৰী কমাৰগাঁও, বঙৰা, পুঠিমাৰী, ৰঙিয়া,ভাতকুচি, বংশৰ, বিহদিয়া।

আনহাতে শিক্ষাৰ নৱদ্বীপ খ্যাত নলবাৰীতো সুৰাৰ দোকান বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্যৰ আবকাৰী বিভাগে। প্ৰস্তাৱ অনুসৰি নলবাৰীত ১৭ খন নতুন বিলাতী সুৰাৰ দোকান খুলিব। এই স্থান সমূহৰ ভিতৰত আছে- পাইকাৰকুচী, মুকালমুৱা, কাপলাবাড়ী, নাথকুচী, বিজুলীঘাট, লোহাৰঘাট, ৰামপুৰ, দৌলাশাল , শণিৰোড চক, পানীগাঁও আদি।

আবকাৰী বিভাগৰ বিভাগৰ এই প্ৰস্তাৱৰ পাছতেই গৰজি উঠিছে ৰাজ্যৰ বিভিন্ন দল -সংগঠনকে ধৰি সাধাৰণ জনতা। ছ'চিয়েল মিডিয়াৰ জৰিয়তেও বহু লোকে প্ৰকাশ কৰিছে ক্ষোভ। যি সময়ত ৰাজ্যৰ বৌদ্ধিক, শৈক্ষিক, স্বাস্থ্য আদি দিশ সমূহৰ উন্নতি গুৰুত্বপূৰ্ণ তেনেক্ষেত্ৰত এনে কিছুমান খবৰে সচেতন জনতাক চিন্তিত কৰি তোৱা স্বাভাৱিক।

উল্লেখ্য যে বৰ্তমান নলবাৰীত ৫৬ খন সুৰাৰ বিপনী আছে। গতিকে পুনৰ যদি নতুনকৈ ১৭ খন সুৰাৰ বিপনী খোলা হয় তেন্তে ৰাজ্যৰ ভিতৰত সুৰাৰ বিপনীত অভিলেখ গঢ়িব নলবাৰীয়ে। এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি নলবাৰী আম আদমী পাৰ্টীৰ জিলা সমিতিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

বিৰোধিতা কৰিছে ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি সংগঠনেও। এই ক্ষেত্ৰত নলবাৰীৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কি ভূমিকা লয় সেয়া হব লক্ষণীয়।

এনে কিছুমান সিদ্ধান্ত একেবাৰে গ্ৰহণযোগ্য নহয়। এফালে চৰকাৰে বন্ধ কৰিছে এখনৰ পাছত আনখন চৰকাৰী বিদ্যালয় আনফালে খুলিবলৈ পৰিকল্পনা কৰিছে সুৰাৰ দোকান। এই ক্ষেত্ৰত মন্ত্ৰী পৰিমল শুকবৈদ্যই কৈছে যে চুলাইতকৈ বিলাতী সুৰা সেৱন কৰা বেছি ভাল।

লগতে মন্ত্ৰী গৰাকীয়ে কয় যে, অৰুণাচল প্ৰদেশৰ পৰা অবৈধ সুৰাৰ চোৰাং ব্যৱসায় বন্ধ কৰাৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। লগতে কয়, "অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত সুৰাৰ অনুজ্ঞাপত্ৰৰ বাবে মাত্ৰ ২০ টা বিজ্ঞাপন ওলাইছে। ২০ টাৰ ভিতৰত ইতিমধ্যে ১০ টা সুৰা প্ৰতিষ্ঠানৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰিছো।"

যোৱা বিত্তীয় বৰ্ষত ৰাজ্যখনত সুৰা বিক্ৰীৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ পৰিমান ৩,০০০ কোটি টকা আছিল বুলিও মন্ত্ৰী গৰাকীয়ে কয়। লগতে শেহতীয়া তথ্যৰ কথা কলে দেৱালী আৰু দুৰ্গাপূজাৰ সময়ত সুৰা বিক্ৰীত অভিলেখ সৃষ্টি হৈছিল মহানগৰীত।

এনে ধৰণৰ কামে চৰকাৰৰ ৰাজভঁৰাল মজবুত কৰিলেও কোনো ধৰণৰ লাভ নহয় জনতাই। এটাৰ পাছত আনটো পন্থা গ্ৰহণ কৰি চৰকাৰে ৰাইজক হাৰাশাস্তি কৰি ৰাজহ সংগ্ৰহ কৰিব। তাৰ পাছত মুষ্টিমেয় লোক সকলক লৈ হিতাধিকাৰী সৃষ্টি কৰিব। ঘোষণা কৰিব এটাৰ পাছত আনটো আঁচনি। গতিকে একাংশ জনতাই চৰকাৰক প্ৰশ্ন কৰাৰ সকাহ পাব ক'ত?

ইংৰাজে কানি খুৱাই জাতিটোক কোঙা কৰিছিল। যাৰ বাবে আমি কিমান হেৰুৱাইছো সেয়া কোৱাৰ প্ৰয়োজন নাই। এতিয়াৰ চৰকাৰে ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে পৰিকল্পনা কৰিছে সুৰাৰ দোকান বৃদ্ধি কৰাৰ।এয়া হতাশাজনক। সমাজ এখন ধ্বংসৰ গৰাহলৈ ঠেলি আৰ্থিক দিশ উন্নতি কৰাৰ যুক্তি ক'ত?

শাসনাধিষ্ঠ দল এটাই সদায় চৰকাৰ খন নিজৰ মতে চলাব বিচাৰে। তাৰ বাবে চৰকাৰে লোৱা কিছুমান সিদ্ধান্তই জনতা হিত কম অহিত বেছি কৰিব পাৰে। যাৰ বাবে প্ৰয়োজন উপযুক্ত বিৰোধিৰ। কিন্তু যদি কোনো উপযুক্ত বিৰোধিয়েই নাথাকে কোনে কৰিব বিৰোধিতা। দল-সংগঠনৰ প্ৰতিবাদনো কিমান দিন চলিব। ৰাইজে কিমান দিন মনত ৰাখিব। গতিকে চৰকাৰে নিজৰ মতে কৰি যাবই।

সুৰাৰ দোকান বৃদ্ধি কাৰোৱেই উপকাৰ সাধন নকৰে। গতিকে চৰকাৰে কথাবোৰ ভাৱক। কেৱল ৰাজহ সংগ্ৰহকেই গুৰুত্ব নিদি সকলে দিশ চালিজাৰি চাওক। নিৰ্বাচনৰ পূৰ্বে দঢ়াই দঢ়াই কথা কোৱা মুখ্যমন্ত্ৰীয়ে কথাবোৰ ভাৱক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত জনতাৰ অগাধ বিশ্বাস আছে। গতিকে সেই বিশ্বাস অটুট ৰাখিব বুলি আশাবাদী জনতা। চৰকাৰে গুৰুত্ব দিয়ক আন দিশবোৰো। সুৰাৰ দোকানৰ সলনি চকু মেলি চাওক ৰাজ্যৰ ভিতৰ ভাগৰ স্বাস্থ্য,শিক্ষা দিশ। শিক্ষা, স্বাস্থ্য আদি দিশবোৰ উন্নতি হ'লেহে এখন ৰাজ্যৰ উন্নয়ন সম্ভৱ। অৱশ্যে শিক্ষা, স্বাস্থ্যৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপ আমি নুই কৰিব নোৱাৰো। বহু সময়ত শিক্ষা, স্বাস্থ্যৰ দিশত গুৰুত্ব দি অহা শৰ্মাই পৰৱৰ্তী সময়তো এই দিশ সমূহৰ বিষেয় চিন্তা কৰিব বুলি আশাবদী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in