/asomiyapratidin/media/media_files/2025/01/23/6i0yadAFiTauzpqiN1TB.jpg)
কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন? ব'হাগ বিহুৰ সময়তে অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰিলেও সঁচাকৈয়ে সম্ভৱ হ'বনে বিহুৰ সময়ত নিৰ্বাচন? নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আন্তৰিকতা থাকিলেও কাৰিকৰী অসুবিধা থাকিব নেকি? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
অনুষ্ঠিত নহ’ব নেকি পঞ্চায়ত নিৰ্বাচন? গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত থকা জটিলতা দূৰ কৰিলে যদিও এই নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব সেই লৈ কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই ৰাজ্য চৰকাৰে।
অৱশ্যে নিৰ্বাচন আয়োগে ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ পত্ৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু বুলি অৱগত কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ১২ জানুৱাৰীত পঞ্চায়ত ৯ খন পঞ্চায়তক বাদ দি নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছিল। পিছে সেই সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰি খণ্ড বিচাৰপীঠে আজি সকলো পঞ্চায়ততে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰিলে।
সেয়ে এতিয়া নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো ৰাজ্য চৰকাৰৰ ওপৰতেই নিৰ্ভৰ কৰিছে। লক্ষ্যণীয়ভাৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰ উদগ্ৰীৱ হৈ আছে বুলি কোৱাৰ পাছতো কিন্তু ন্যায়ালয়ৰ ৰায়ৰ পাছত তেওঁৰ স্থিতি সলনি কৰিছে।
মন কৰিবলগীয়া যে, ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা। মাৰ্চত এই দুই পৰীক্ষা অন্ত পৰাৰ পাছতে আহিব ৰঙালী বিহুৰ পৰিবেশ। বিহুৰ মাজত যে কোনো কাৰণতে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাযাব সেয়াও মুখ্যমন্ত্ৰীৰ ভাষ্যতে স্পষ্ট হৈছে।
ব’হাগ বিহুৰ পাছত আহিব বাৰিষাৰ বতৰ। এতিয়া প্ৰশ্ন হয়, বাৰিষা কৃষি, কৰ্ম এৰি গঞা ৰাইজে নিৰ্বাচনত মনোনিবেশ কৰিব নে পথাৰত কৃষি-কৰ্মত ধৰিব? বাৰিষা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰো যে প্ৰস্তুত নহয় সেয়াও স্পষ্ট। সেয়ে এনে পৰিস্থিতিত ২০২৫ ৰ আগষ্টলৈকে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কোনো সম্ভাৱনা নাই।
তেতিয়ালৈকে আকৌ ৰাজ্যত আৰম্ভ হ’ব ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি। ইতিমধ্যেই ২০২৬ ৰ নিৰ্বাচনক লক্ষ্য কৰি ৰাজনৈতিক দলসমূহে কাম-কাজ আৰম্ভ কৰিছে। গতিকে ছেপ্টেম্বৰৰ পৰা সেই সময়খিনিত স্বাভাৱিকতে পঞ্চায়তৰ পৰিবৰ্তে বিধানসভা নিৰ্বাচনৰহে বতাহ তীব্ৰতৰ হ’ব।
ৰাজ্য চৰকাৰৰ মুৰব্বী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত কৈছিল, "পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এমাহ সময় লাগে। সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নিবিচাৰে। বিশেষকৈ বিধানসভা নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে। আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে উদগ্ৰীৱ হৈ বহি আছো।
পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰাৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই আকৌ কয়, বৰ্তমান সময়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিৱেশ নাই। সন্মুখত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আছে। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এমাহ সময় লাগে। তেনেস্থলত ব'হাগ বিহুৰ আগে-পিছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব।"
মুখ্যমন্ত্ৰীৰ এই ভাষ্য অনুসৰিয়েই যদিও ধৰি লোৱা হয়, ব'হাগ বিহুৰ আগে, পিছে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব তথাপিও এই ক্ষেত্ৰত কেতবোৰ কাৰিকৰী সমস্যাৰো সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কিয়নো এইবাৰ পঞ্চায়ত নিৰ্বাচন পূৰ্বতকৈ বহু পৃথক হ’ব।
সমষ্টি পুনৰ নিৰ্ধাৰণে ৰাজ্যৰ পঞ্চায়তসমূহৰ গাঁথনিত পৰিবৰ্তন আনিছে। সলনি হৈছে পঞ্চায়তসমূহৰ চাৰি সীমা। ক’ৰবাত যদি পঞ্চায়ত বিলুপ্তি কৰা হৈছে আন ক’ৰবাত আকৌ নতুনকৈ গঠন কৰা হৈছে।
এইবাৰ পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত সংশোধনী আইন অনুসৰি অনুষ্ঠিত হ’ব। জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ত দলীয় প্ৰতীক থাকিব যদিও গাঁও পঞ্চায়ত পৰ্যায়ত নাথাকিব দলীয় প্ৰতীক। এই পৰ্যায়ত প্ৰাৰ্থীসমূহক দলীয় প্ৰতীক প্ৰদান কৰিব ৰাজ্যিক নিৰ্বাচন আয়োগে।
তাৰোপৰি এইবাৰ সকলো পদৰ বাবে প্ৰত্যক্ষ নিৰ্বাচনো নহ’ব। পূৰ্বে পঞ্চায়ত সভাপতিক জনসাধাৰণে প্ৰত্যক্ষভাৱে ভোট দি নিৰ্বাচিত কৰিছিল। এইবাৰ গাওঁ পঞ্চায়তৰ ১০ নিৰ্বাচিত সদস্যইহে নিৰ্বাচন কৰিব সভাপতিগৰাকীক।
আনহাতে পঞ্চায়তৰ নতুন সীমা অনুসৰি নতুনকৈ গঠন কৰা হৈছে পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ। সেয়ে পূৰ্বতকৈ ইয়াৰ সংখ্যাগত দিশটোলৈকো পৰিবৰ্তন আহিছে। পঞ্চায়তৰ দৰেই সলনি হৈছে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা আৰু সংখ্যা।
পঞ্চায়তসমূহৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰাৰ ফলত বিলুপ্তি হৈছে ২৩ খন জিলা পৰিষদৰ। পূৰ্বে ৰাজ্যত আছিল জিলা পৰিষদৰ সদস্যৰ সংখ্যা আছিল ৪২০। এতিয়া এই সংখ্যা ৩৯৭ লৈ হ্ৰাস পাইছে।
আঞ্চলিক পঞ্চায়তৰ সংখ্যা পূৰ্বৰ ১৮৫ ৰ পৰা ১৮৪ লৈ হ্ৰাস পাইছে। বিলুপ্তি হৈছে ৪ খন পঞ্চায়ত। পূৰ্বে ৰাজ্যত পঞ্চায়তৰ সংখ্যা আছিল ২১৯৭ খন। এতিয়া এই সংখ্যা হ্ৰাস পাইছে ২১৯৩ লৈ।
সেই অনুসৰি বজালীত পূৰ্বৰ ৩৭ ৰ পৰা ৩১ লৈ, বিশ্বনাথত ৭৬ৰ পৰা ৭৩ লৈ, ধুবুৰীত ১৩২ ৰ পৰা ১২৮ লৈ, যোৰহাটত ৯০ৰ পৰা ৮৬ লৈ, মৰিগাঁৱত ৮৫ৰ পৰা ৮৪ লৈ, নগাঁৱত ১৭২ৰ পৰা ১৬৪লৈ, কামৰূপ মহানগৰত ২১ ৰ পৰা ২০ লৈ পঞ্চায়তৰ সংখ্যা হ্ৰাস পাইছে।
বৰপেটাত আকৌ ৯৮ৰ পৰা ১০২ লৈ, গোলাঘাটত ১০২ৰ পৰা ১০৮ লৈ, হোজাইত ৬৭ ৰ পৰা ৬৮ লৈ, শ্ৰীভূমি (পূৰ্বৰ কৰিমগঞ্জ)ত ৯৫ৰ পৰা ৯৬ লৈ, শোণিতপুৰত ৮২ৰ পৰা ৮৮ লৈ, লখিমপুৰত ৮১ ৰ পৰা ৮২ লৈ, তিনিচুকীয়াত ৮৫ৰ পৰা ৮৬ লৈ পঞ্চায়তৰ সংখ্যা বৃদ্ধি হৈছে।
সেইদৰে জিলা পৰিষদৰ ক্ষেত্ৰত আকৌ শিৱসাগৰত ১৭ৰ পৰা ১২ খনলৈ, বজালীত ৬ ৰ পৰা ৫ লৈ, বৰপেটাত ২৩ৰ পৰা ১৯ লৈ, বিশ্বনাথত ১৩ ৰ পৰা ১২ লৈ, কাছাৰত ২৭ৰ পৰা ২৫ লৈ, ধুবুৰীত ২৪ ৰ পৰা ২০ লৈ, ডিব্ৰুগড়ৰ ২৩ ৰ পৰা ২২ লৈ, হাইলাকান্দিত ১১ৰ পৰা গৈ ৮লৈ, যোৰহাটত ১৯ ৰ পৰা ১৬ লৈ, কামৰূপত ২৬ ৰ পৰা ২৪ লৈ, শ্ৰীভূমিত ২০ ৰ পৰা ১৬ লৈ, মৰিগাঁৱত ১৩ ৰ পৰা ১২ লৈ, নগাঁৱত ২৯ৰ পৰা ২৭লৈ, নলবাৰীত ১৩ ৰ পৰা ১২ লৈ, দক্ষিণ শালমাৰাত ৫ ৰ পৰা ৪ লৈ, দৰঙত ১৪খনৰ পৰা ১২ লৈ জিলা পৰিষদৰ সংখ্যা হ্ৰাস পালে।
ইয়াৰ বিপৰীতে চৰাইদেউত ৭ৰ পৰা ৮ লৈ, ধেমাজিত ৭ৰ পৰা ১২ লৈ, গোলাঘাটত ১৭ ৰ পৰা ২০ লৈ, লখিমপুৰত ১৯ ৰ পৰা ২০ লৈ, তিনিচুকীয়াত ২০পৰা ২২ লৈ আৰু শোণিতপুৰত ২০ৰ পৰা ২২ লৈ জিলা পৰিষদৰ সংখ্যা বৃদ্ধি পাইছে।
এনে পৰিস্থিতিত এতিয়া নতুনকৈ পঞ্চায়ত গঠনৰ বিষয়টো সাধাৰণ ৰাইজৰ মাজলৈ কিমানদূৰ শিপাইছে সেয়া সন্দেহৰ বিষয় হৈ পৰিছে। বহু লোকেই এতিয়া নাজানে তেওঁলোকৰ বৰ্তমান পঞ্চায়ত কোনটো? পূৰ্বৰ পঞ্চায়তত এলেকাতেই আছে নে নতুন পঞ্চায়তৰ অন্তৰ্ভুক্ত হৈয়ে সেয়াও নাজানে।
এই সন্দৰ্ভত এতিয়ালৈকে সচেতনতা বৃদ্ধিৰ বাবে কোনো কাৰ্যকৰী পদক্ষেপো গ্ৰহণ কৰা নাই। এনে ক্ষেত্ৰত বিহুৰ সময়ত যে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ’ব সেয়া নিশ্চিত। এপ্ৰিলৰ পাছত যে পঞ্চায়ত নিৰ্বাচনৰ আৰু জটিলতাৰ মাজলৈ যাব তাৰো কোনো নিশ্চয়তা নাই।
এনে পৰিস্থিতিত এতিয়া বহুতেই ক’বলৈ আৰম্ভ কৰিছে হয়তো ২০২৫ ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহ’বও পাৰে। সময় বাগৰাৰ লগে লগে সকলো ব্যস্ত হৈ পৰিব বিধানসভা নিৰ্বাচনত। ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিতো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা, নকৰাক লৈ শাসক আৰু বিৰোধী কংগ্ৰেছৰ মাজত বোকা চটিওৱাৰ ৰাজনীতি আৰম্ভ হৈছে।