/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/spcl-wrtng-about-el-citi.jpg)
► মৃদুল কুমাৰ সন্দিকৈ
অসম অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ। 'অবৈধ বাংলাদেশী' বহুতৰ বাবে ৰাজনৈতিক শ্ল'গান। নেতা আহিল, নেতা গ'ল। প্ৰতিশ্ৰুতি দি শাসনত বহিল, শাসনৰ অন্ত পৰিল। কিন্তু অবৈধ বাংলাদেশী অসমতেই থাকিল। এটা জলন্ত ইছ্যু হৈ ৰৈ গ'ল এই সমস্যা। অসমৰ থলুৱা মানুহৰ বাবে অবৈধ বাংলাদেশী সমস্যা এতিয়া এক ডাঙৰ বোজা। ইয়াৰ গভীৰতা বুজিব পৰা লোক আজিলৈকে নোলাল। অবৈধ নাগৰিকক খেদোৱাৰ লক্ষ্যৰে অসম আন্দোলনত নেতৃত্ব দিয়া সকলেও এই উদ্দেশ্যৰ কথা পাহৰি গ'ল। বাঘে-ছাগে একলগ হৈ তেওঁলোকে পানী খায়।
এটা সৰু ঘটনা। ৰঙিয়া চহৰত দৰ্জীৰূপে কাম কৰি আছিল এজন যুৱক। নাম তেওঁৰ কিৰণ মণ্ডল। ৰঙিয়া ডাকঘৰৰ সমীপৰ এখন দোকানত কাম কৰিছিল কিৰণে। দীৰ্ঘদিন ধৰি ৰঙিয়াত থকাৰ সূত্ৰে চহৰখনৰ বহু লোকৰ সৈতে তাৰ বন্ধুত্ব গঢ়ি উঠিছিল। মানুহক সি কৈছিল- তাৰ ঘৰ আলিপুৰদুৱাৰত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/334ec848-f5bf-486c-ab4f-df0aa3f775cf.jpg)
ৰাজ্যত এন আৰ চিৰ উন্নীতকৰণৰ কাম আৰম্ভ হোৱা সময়ত নথিপত্ৰ আনিবলৈ বুলি আলিপুৰদুৱাৰলৈ গৈছিল কিৰণ। কিন্তু তাৰ পাছৰ পৰাই এই কিৰণৰ সন্ধান নাই। ৰঙিয়াতে আছে কিৰণৰ পত্নী আৰু কন্যা। দীৰ্ঘদিন ধৰি পৰিয়ালে কিৰণৰ সন্ধান নাপাই পূৰ্বতে আলিপুৰদুৱাৰৰ নিজৰ ঘৰ বুলি দিয়া ঠিকনালৈ পত্নীয়ে পঠাই দিলে স্থানীয় কেইজনমান যুৱকক। আৰক্ষীৰ সৈতেও যোগাযোগ কৰা হ'ল।
স্থানীয় লোকসকল গৈ আলিপুৰদুৱাৰৰ সেই নিৰ্দিষ্ট পৰিয়ালটো বিচাৰি উলিয়ালে। পৰিয়ালটোৰ মুৰব্বীজনে কিৰণক বিচাৰি যোৱা ৰঙিয়াৰ স্থানীয় লোককেইজনক জানিবলৈ দিলে কিৰণ তেওঁৰ সন্তান নহয়! তেওঁক পিতৃ বুলি সম্বোধনাহে কৰে। আচল ঘৰ শিলচৰৰ ফালেহে।
কলকাতাৰ পৰা পৰিয়ালটো ঘূৰি আহিল। এইবাৰ পত্নীয়ে কিৰণৰ সন্ধান আৰম্ভ কৰিলে শিলচৰত। শিলচৰত কিৰণৰ বিচাৰ-খোচাৰ কৰোতে এজন অট' চালকে বিচাৰি যোৱা লোকসকলৰ হাতত কিৰণৰ ফটোখন দেখি উচপ খাই উঠিল। অট' চালকজনে জনালে- কিছুদিনৰ পূৰ্বে এই যুৱকজনক ভাৰত-বাংলাদেশৰ সীমান্তৰ এটা নিৰ্দিষ্ট অঞ্চলত থৈ আহিছিল। আনকি যুৱকজনে বাংলাদেশৰ নিৰাপত্তাৰক্ষীৰ হাতত ধৰা পৰাৰ ভয়ত এই অট' চালকজনৰ হাতত অসমৰ ঠিকনা থকা পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ আদি সকলো দি থৈ গৈছিল।
এইজন কিৰণক বিচাৰি গৈ ৰঙিয়াৰ এই স্থানীয় লোকসকলে আৱিষ্কাৰ কৰা সত্য আছিল এইটো। অৰ্থাৎ এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰি অবৈধ নাগৰিকৰূপে ধৰা পৰাৰ ভয়ত পত্নী, কন্যাক এৰি বাংলাদেশলৈ পলাই গ'ল কিৰণ মণ্ডল।
তাৰ পাছৰ কাহিনী আৰু আচৰিত। এইবাৰ কিৰণ কটপ নামৰ এজন যুৱকে ৰঙিয়াৰ কেইজনমান যুৱকলৈ ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিল। যুৱকজনৰ ঠিকনা বাংলাদেশ। তেওঁৰ ঘৰ বাংলাদেশৰ ব্ৰাহ্মবাৰিয়া জিলাৰ শ্ৰীকোণাত। দীৰ্ঘসময় ধৰি ৰঙিয়াত ভুৱা পৰিচয়ৰে থকা কিৰণ যে প্ৰকৃতাৰ্থত এজন বাংলাদেশৰ অবৈধ নাগৰিক আছিল, সেই কথা এই ঘটনাই প্ৰমাণ কৰিলে।
ইয়াৰ পাছতো যদি কোনোবাই কয়- অসমত বাংলাদেশী ক'ত? বা অসমত থকা অবৈধ বাংলাদেশীক স্বদেশলৈ ঘূৰাই পঠিওৱা নহয় তেনেহ'লে অসমৰ থলুৱা ৰাইজৰ ভৱিষ্যত আৰু কিছুদিনৰ পাছতে কি হ'ব পাৰে সেয়া সহজে অনুমান কৰিব পৰা সময় এতিয়া।
২০১৪চনৰ ২২ ফেব্ৰুৱাৰী। শিলচৰত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহিছিল বিজেপিৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোডী। বিশাল জনসমাৱেশক সম্বোধন কৰি সেইদিনা হিন্দুত্ব কাৰ্ড খেলিছিল তেওঁ। জনসমাৱেশক সম্বোধন কৰি তেওঁ কৈছিল- 'হিন্দু যদি ক'ৰবাত নিৰ্যাতিত হয়, তেন্তে ক'লৈ আহিব? হিন্দুস্থানলৈ আহিব নে নাহে… আমেৰিকাত হিন্দু নিৰ্যাতনৰ বলি হ'লে, বা বিশ্বৰ কোনো দেশত হিন্দু সমস্যাৰ সন্মুখীন হ'লে তেওঁলোকৰ বাবে এখনেই ঠাই আছে, সেইখন হ'ল হিন্দুস্থান…। দিল্লীত আমাৰ চৰকাৰ হোৱাৰ পাছতেই ইয়াৰ ডিটেনশ্যন কেম্প যদি মই উঠাই দিব নোৱাৰো তেন্তে মোক ক'ব। '
এয়া আছিল মোডীৰ প্ৰতিশ্ৰুতি। হিন্দু বাংলাদেশীক লৈ তেওঁ এনেদৰেই ৰাজনীতি কৰি গৈছিল তেতিয়া। ধৰ্মীয় দৃষ্টিকোণেৰে অবৈধ নাগৰিকক তেওঁ বৈধ সজাবলৈ এইদৰেই ভাষণৰ ফুলজাৰি মাৰিছিল। তাৰপাছত ১৯ মাৰ্চ, ২০১৪। কলকাতাৰ এখন নিৰ্বাচনী সভাত মোডী ভাষণ দিবলৈ উঠি কৈছিল- 'মই কিছুদিনৰ আগতে অসমলৈ গৈছিলো। নিৰ্বাচনী সভাত অংশ ল'বলৈ। ওচৰৰ গাঁৱৰ মানুহ পুৰা উঠি আহিছিল। আৰু মোক কৈছিল- আপুনি আন কয়-নকয়, অবৈধ বাংলাদেশীৰ বিষয়ে কিছু কথা ক'ব। আমাক বৰ সমস্যাত পেলাইছে। মই তেতিয়া গাঁওবাসীক কৈছিলো- আপোনালোকৰ চুবুৰীয়া দেশ বাংলাদেশ, আমাৰো চুবুৰীয়া দেশ পাকিস্তান। কিন্তু এটা পাৰ্থক্য আছে। আপোনালোক বাংলাদেশীৰ বাবে চিন্তিত, আৰু পাকিস্তান মোৰ বাবে চিন্তিত। '
একেজন মোডীয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ঘোষণা কৰিছিল- অবৈধ বিদেশী সমস্যাৰে ভাৰাক্ৰান্ত অসমৰ পৰা অবৈধ বাংলাদেশী নাগৰিকক তেওঁলোকে খেদিবই। শাসনৰ গাদীলৈ বিজেপি অহাৰ পাছত দেশ এৰি বাংলাদেশলৈ গুচি যাবলৈ অবৈধ বাংলাদেশী নাগৰিকসকলে টালি-টোপোলা বান্ধক।
প্ৰায় ৪ বছৰ অতিক্ৰম হ'ল। মোডীৰ সেই হুংকাৰ, 'হুংকাৰ'তেই ৰ'ল।ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক মহাসভাত যোগ দিবলৈ যোৱা বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাই ৩০ ছেপ্টেম্বৰৰ দিনা যেন মোডীৰ মুখা খুলি দিলে। অসমত এন আৰ চি খচৰা প্ৰস্তুত হোৱাৰ পাছত এই খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰায় ৪০ লাখ লোকৰ ভিতৰত যথেষ্ট সংখ্যক বিদেশী চিনাক্ত হৈছিল। ভবা হৈছিল সেইসকল অবৈধ নাগৰিকক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হ'ব। লগতে যিসকল থলুৱা লোকৰ নাম বাদ পৰিছে, তেওঁলোকৰ নাম এন আৰ চিত উঠিব। এন আৰ চি খচৰাতো ইতিমধ্যে বহু অবৈধ বাংলাদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উঠিছে। সেই আশা অসমৰ ৰাইজে কৰি থকা সময়তে নিউয়ৰ্কত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ঘোষণা কৰিলে- অসমত অবৈধ বাংলাদেশী নাগৰিকে আশ্ৰয় লৈ থকা নাই। লগতে ইয়াকো ক'লে- মোডীয়ে প্ৰতিশ্ৰুতি দিছে, এন আৰ চিত নাম বাদ পৰা কোনো লোককে বাংলাদেশলৈ ঘূৰাই পঠিওৱা নহয়।
'ভইচ অৱ আমেৰিকা'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে এই কথা কৈছিল। সেই খবৰে অসমৰ ৰাইজক যথেষ্ট চিন্তিত কৰিছিল । প্রধানমন্ত্ৰী মোডীয়ে এনে এক প্ৰতিশ্ৰুতি বাংলাদেশৰ প্ৰধানমন্ত্ৰীক দিব পাৰেনে? সেই কথা সঁচা বুলি আনুষ্ঠানিকভাৱে অৱশেষত ঘোষণা কৰিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা হুছেইন তফিকুৰ ইমামে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/DophxCEU0AAusvS.jpg)
বিশ্বৰ সংবাদমাধ্যমৰ সন্মুখত আনুষ্ঠানিকভাৱে তেওঁ ক'লে- ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ব্যক্তিগতভাৱে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক এই প্ৰতিশ্ৰুতি দিছে যে, অসমত এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাসকলক কোনো কাৰণতেই বাংলাদেশলৈ ঘূৰাই পঠিওৱা নহয়।
এই প্ৰতিশ্ৰুতিৰ পাছতেই হাহাকাৰ সৃষ্টি হৈছে ৰাজ্যত। এজন মোডীৰ দুটা ৰূপ। এটা প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখাৰ সময়ত, আনটো প্ৰধানমন্ত্ৰী হোৱাৰ পাছত। আকৌ এবাৰ প্ৰমাণ হ'ল- 'অবৈধ বাংলাদেশী' এটা ইছ্যু। কংগ্ৰেছে অবৈধ বাংলাদেশীক ৰক্ষণা-বেক্ষণ দিয়ে বুলি অভিযোগ তুলিছিল স্বয়ং বিজেপিয়ে। নিৰ্বাচনৰ সময়ত সেয়া এক ডাঙৰ ইছ্যু আছিল। কিন্তু কাৰ্যতঃ অসমত অবৈধ বাংলাদেশীক ৰক্ষণা-বেক্ষণ দিয়াৰ এই দৌৰত মোডীয়েও বিশ্বাসঘাটকতা কৰিলে।
৬ বছৰীয়া অসম আন্দোলনৰ অন্তত স্বাক্ষৰিত হৈছিল অসম চুক্তি। ৮৫৫জন ছহিদে প্ৰাণ ত্যাগ কৰিছিল। কিন্তু পৰিণতিত অসমে কি পালে? শাসনলৈ আহিছিল আন্দোলনৰ জৰিয়তে বিদেশী নাগৰিক সমস্যাক তুলি ধৰা লোকসকল।কিন্তু তেওঁলোকে অবৈধ নাগৰিকক খেদাই সোণৰ অসম গঢ়িম বুলি প্ৰতিশ্ৰুতি দি নিজৰ সোণৰ সংসাৰ গঢ়িলে।সমস্যা হৈয়ে পৰি ৰ'ল 'অবৈধ বাংলাদেশী'ৰ সমস্যা।অথচ এই আন্দোলনত যোগ দিছিল ৰাজ্যৰ প্ৰায় প্ৰতিজন লোকেই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/25regbhupen.jpg)
অসমৰ বিদেশী সমস্যা, এক দীৰ্ঘদিনৰ সমস্যা। ২০০৪চনৰ ১৪ জুলাইত সেই সময়ৰ কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী শ্ৰীপ্ৰকাশ জয়ছোৱালে সদনত ঘোষণা কৰিছিল- দেশত প্ৰায় যথেষ্ট সংখ্যক অবৈধ বাংলাদেশী লোক আছে। প্ৰতি বছৰে প্ৰায় ৩ লাখকৈ বাংলাদেশী ভাৰতত সোমায়। কিন্তু তেওঁলোক যায় ক'ত? চুবুৰীয়া ৰাজ্য হোৱা সূত্ৰে অসম, পশ্চিমবংগ, ত্ৰিপুৰা আদিত ৰাজ্যতে গৰিষ্ঠ সংখ্যক বাংলাদেশীয়ে আশ্ৰয় লয়।
১৯৮০ চনত গৃহ মন্ত্ৰণালয়ে এক তথ্য প্ৰকাশ কৰিছিল। য'ত ১৯৬১ৰ পৰা ১৯৭১চনৰ ভিতৰত মুঠ ৯ লাখ ৬৮ হাজাৰ অবৈধ নাগৰিকে ভাৰতত প্ৰৱেশ কৰাৰ তথ্য সদৰী কৰা হৈছিল। কিন্তু এই ধাৰাবাহিকতা ১৯৭১চনৰ পাছতো অব্যাহত থাকিল। ইন্দিৰা গান্ধীয়ে প্ৰৱৰ্তন কৰা কুখ্যাত আই এম ডি টি আইনৰ জৰিয়তে অবৈধ বাংলাদেশী নাগৰিকক খেদাৰ সলনি ৰক্ষণা-বেক্ষণ দিয়াহে হ'ল। আঙুলিৰ মূৰত গণিব পৰাকৈ বিদেশী নাগৰিকক বহিষ্কাৰ কৰিলে।তাৰ মাজতে আহিল আন কিছু প্ৰসংগ। এফালে অবৈধ বাংলাদেশীক খেদাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে অবৈধ হিন্দু বাংলাদেশী সকলক ৰঙা দলিচা পাৰিবলৈ সাজু হৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৃষ্ঠপোষকতা কৰিলে। আনকি এই বিধেয়ক হ'ব বুলি ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত ঘোষণা কৰিলে খোদ বিজেপিৰ সভাপতি অমিত শ্বাহে।তাৰ মাজতেই বহু অবৈধ নাগৰিকে ভুৱা নথি পত্ৰ দি নিজকে স্বদেশী সাজিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/1.jpg)
এন আৰ চি উচ্চতম ন্যায়ালয়ৰ তত্বৱধানত উন্নীতকৰণ কৰি থকা সময়ত ভবা হৈছিল- এইবাৰ এই সমস্যাৰ কিবা এটা হ'ব। কিন্তু সেয়া যেন ফুটুকাৰ ফেন হোৱাৰ উপক্ৰম হৈছে। কংগ্ৰেছ, বিজেপি, অগপ কাৰোৰেই পাৰ্থক্য নাই। পক্ষ-বিপক্ষ আৰু ইছ্যু ৰূপত এই সমস্যাক তেওঁলোকে ৰাজনীতিকৰণ কৰি গৈছে।
অসমৰ জনবিন্যাস এই দিনকেইটাত যথেষ্ট সলনি হৈছে। বিশেষকৈ দুখন ৰাজ্যৰ জনগাঁঠনি লক্ষ্য কৰিলে দেখা যায় যে- ১৯৬১-১৯৭১চনত পশ্চিমবংগত হিন্দুৰ বৃদ্ধিৰ হাৰ আছিল ২৫.৭৫ %। ইয়াৰ বিপৰীতে মুছলমানৰ বৃদ্ধিৰ হাৰ সেই ১০ বছৰত আছিল ২৯.৭৬ %। ২০০১-২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি ৰাজ্যখনত হিন্দুৰ বৃদ্ধিৰ হাৰ ১০.৮১ % আৰু মুছলমানৰ বৃদ্ধিৰ হাৰ ২১.৮১ %। অসমত এই বৃদ্ধিৰ হাৰ এনেধৰণৰ-
১৯৬১-১৯৭১ঃ
হিন্দুৰ বৃদ্ধিৰ হাৰ ৩৪.৪৯%।
মুছলমানৰ বৃদ্ধিৰ হাৰ ২৯.৮৯%।
২০০১-২০১১ঃ
হিন্দুৰ বৃদ্ধিৰ হাৰ ১০.৮৯%।
মুছলমানৰ বৃদ্ধিৰ হাৰ ২৯.৫৯%।
সৰ্বভাৰতীয় পৰ্যায়ত ২০০১-২০১১ লোকপিয়লৰ অনুসৰি হিন্দুৰ বৃদ্ধিৰ হাৰ ১৬.৭৬ %। মুছলমানৰ বৃদ্ধিৰ হাৰ ২৪.৬৫%।
অৰ্থাৎ এই সময়চোৱাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ হাৰতকৈ অসমত মুছলমান লোকৰ বৃদ্ধিৰ হাৰ অধিক। ইয়াক সাধাৰণীকৰণ নকৰিলেও এই কথা মানি ল'ব লাগিব যে- ভাবিব নোৱাৰা হাৰত অবৈধ নাগৰিকে অসমত প্ৰৱেশ কৰিছে।
জিলা পৰ্যায়ত ১৯৭১চনৰ পৰা ১৯৯১ শতাংশ হাৰত জনসংখ্যা বৃদ্ধিৰ হাৰ লক্ষ্য কৰিলেই এই কথা অধিক স্পষ্ট হৈ পৰে-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/jflkpzpdwr-1516030879.png)
এন আৰ চিৰ উন্নীতকৰণৰ পাছত অবৈধ বাংলাদেশী নাগৰিকসকলক চৰকাৰে বাংলাদেশলৈ ঘূৰাই পঠিয়াব পাৰিব লাগিছিল। সেই কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰাত মোডী চৰকাৰ বিফল হ'ল। তাৰ সলনি কেন্দ্ৰই বাংলাদেশক দিয়া প্ৰতিশ্ৰুতিয়ে অসমৰ থলুৱা আৰু খিলঞ্জীয়া লোকসকলক আৰু অধিক অস্তিত্বৰ সংকটৰ মাজলৈ ঠেলি দিলে।
ইতিমধ্যে ৰাজ্যৰ ভিতৰত খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মাজত এক সংঘাতৰ বাতাবৰণ সৃষ্টি হৈছে। বড়ো জাতীয় সংগঠনসমূহৰ নেতৃত্বই স্পষ্ট কৰি দিছে যে- তেওঁলোকৰ পৃথক ৰাজ্যৰ লক্ষ্য পৰা কেতিয়াও আঁতৰি নাহে। অসমীয়াৰ সংজ্ঞাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। একেদৰে সংবিধানত ষষ্ঠ অনুসূচী সংশোধন ঘটাই সেই শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন থকা অঞ্চলসমূহত পাহাৰীয়া জনজাতি লোকৰ বাদে আন থলুৱা লোকক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰাৰো জোৰদাৰ আন্দোলন চলিছে।
এই সকলো স্থানৰ পৰা আন থলুৱা তথা তথাকথিত জাতি-জনগোষ্ঠীৰ লোকসকল ওলাই অহাৰ পাছত যিবোৰ স্থানত তেওঁলোকে বাস কৰিব, সেই স্থানবোৰত ভাষিক সংখ্যা লঘু আৰু ধৰ্মীয় সংখ্যা লঘু লোকসকলৰ সৈতে ৰাজনৈতিক প্ৰত্যাহ্বানত নামিব লাগিব।এক কথাত ক'বলৈ গ'লে ৰাজ্যৰ ৰাজনীতি নিয়ন্ত্ৰিত হ'ব এই সকল অবৈধ বাংলাদেশী লোকৰ দ্বাৰা। ইতিমধ্যে তেনে ৰাজ্যৰ জনগাঁঠনি, ৰাজনৈতিক আদি দিশ এই সমস্যাই সলনি কৰি দিছে।অসমত অসমীয়া এতিয়া ভগনীয়া হ'বলৈ আৰু বাকী নাই।
প্ৰধানমন্ত্ৰী মোডীয়ে যদি সঁচাকৈয়ে এজনো বাংলাদেশীক ৰাজ্যৰ পৰা বিতাড়ন নকৰাৰ সিদ্ধান্ত লৈছে, তেনেহ'লে তেওঁলোকক ৱৰ্ক পাৰ্মিট দি ৰাজ্যতে বসবাস কৰিবলৈ অনুমতি দিয়াৰ কথাও চিন্তা কৰিব পাৰে। এই পৰিস্থিতিত বাংলাদেশৰ পৰা প্ৰবজন ঘটা অবৈধ নাগৰিকৰ সমস্যা সমাধানৰ সূত্ৰ এন আৰ চিয়ে দিব নোৱাৰিব বুলি যি সন্দেহ ৰৈ গৈছিল, সেয়া অধিক ঘনিভূত হৈ পৰিব।
এই সমস্যা সমাধানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক বাধ্য কৰিবলৈ এতিয়া সকলো থলুৱা জাতি-জনগোষ্ঠী তথা খিলঞ্জীয়া লোক এক গোট হোৱাৰ সময়। নিজৰ মাজতেই খোৱা-কামোৰা কৰি থাকিলে ইয়াৰ সুযোগ অবৈধ বাংলাদেশী নাগৰিকে গ্ৰহণ কৰাতোৱেই স্বাভাৱিক।এইটো ঠিক যে, মুছলমান হ'লেই কেতিয়াও অবৈধ বাংলাদেশী হ'ব নোৱাৰে। এখন স্বাধীন দেশৰ নাগৰিক হিচাপে প্ৰকৃত লোকসকলক মৰ্যাদা সহকাৰে জীয়াই থকা সুবিধা চৰকাৰ তথা সমাজে দিব লাগিব। তাৰ বিপৰীতে মুখা পিন্ধা ৰাজনীতিবিদ সকলে যাতে এই সমস্যাৰ গইনা লৈ আৰু অধিক ৰাজনীতিৰ পাশা খেল খেলিব নোৱাৰে তাৰ প্ৰতিও ৰাইজ সজাগ হোৱাৰ চূড়ান্ত সময় এয়া। নহ'লে আকৌ আহি কোনোবাই ক'বহি- 'আমি চৰকাৰ গঠন কৰাৰ পাছত অবৈধ বাংলাদেশী নাগৰিকে টালি-টোপোলা বান্ধি যাব লাগিব।' কিন্তু সেই নেতাসকলে কোৱাৰ দৰে ১৬ মে' আহিব-যাব, কিন্তু বাংলাদেশীহে নাযাব।