ইন্ধন বিহীন বাহন! এই গৱেষণাত ব্ৰতী এজন অসমীয়া…

ইন্ধন বিহীন বাহন! এই গৱেষণাত ব্ৰতী এজন অসমীয়া…

author-image
asomiyapratidin
New Update
ইন্ধন বিহীন বাহন! এই গৱেষণাত ব্ৰতী এজন অসমীয়া…

► মৃদুল কুমাৰ সন্দিকৈ

Advertisment

দিল্লীৰ পৰা এটা বিশেষ পথেৰে ১০টন ওজনৰ সামগ্ৰী লৈ গুৱাহাটী অভিমুখে আহি আছে এখন বাহন। প্ৰায় ২হাজাৰ কিঃমিঃ পথ অতিক্ৰম কৰিব এইখন বাহনে। আপুনি ভাবিব পাৰেনে এই ১০ টন ওজনৰ বাহনখনে প্ৰতি ইঞ্চি পথ অতিক্ৰম কৰোতে আপোনাক দিব পাৰে ৯.৮ কিলোৱাট বিদ্যুৎ। যদি সেইদৰে পথবোৰ নিৰ্মাণ কৰা হয় আৰু নেন' টেকন'লজীৰ সহায়ত এই সামগ্ৰী পৰিবহণ কৰা ট্ৰাকখনৰ পটেঞ্চিয়েল এনাৰ্জী কাইনেটিক এনাৰ্জীলৈ পৰিৱৰ্তন কৰা হয় তেনেহ'লে সেই বাহনখনৰ পৰা আমাৰ প্ৰয়োজনীয় সকলো বিদ্যুৎ আহৰণ কৰিব পৰা যাব। এয়া এতিয়া কাৰোবাৰ বাবে সপোন বা অবাস্তৱ। কোনো ন'বেল বঁটা বিজয়ী বিজ্ঞানীয়ে আজিৰ তাৰিখত এনে কথা চিন্তা কৰা নাই। এই কথা চিন্তা কৰিছে এজন অসমীয়াই।

সেই বিশেষ পথটোৰ দুকাষে আন দুটা পথৰ কথা কল্পনা কৰক আপুনি। এইদৰে এই পথেৰে সামগ্ৰী কঢ়িওৱা বহু বাহন অহা-যোৱা কৰিব। প্ৰতিখন বাহনৰ পৰা এইদৰে উৎপাদিত হ'ব বিদ্যুৎ। নিৰ্দিষ্ট স্থানৰ মূৰে মূৰে সেই বিদ্যুৎ সংৰক্ষণ কৰাৰ ব্যৱস্থা থাকিব। আৰু এই সংৰক্ষিত বিদ্যুতেৰে পৰিচালিত হ'ব আপোনাৰ বাহনখন। সৰু এণ্টেনা এডাল গাড়ীৰ পৰা বাহিৰলৈ ওলাই পথটোৰ কোনো অংশত সংযোগ কৰি যাব আৰু বিনা ইন্ধনে চলিব আপোনাৰ বাহন। এনে অবাস্তৱক বাস্তৱ কৰাৰ সপোন দেখে এইজন অসমীয়াই। সেই পথেৰে আপোনাৰ বাহনখন যেতিয়া চলিব সেই বাহনৰ ইন্ধন ব্যয় শূন্য। আজি নহ'লেও এয়া এদিন বাস্তৱত পৰিণত হ'ব।

এতিয়া ইন্ধনৰ বৰ্ধিত মূল্যই আপোনাক জ্বলা-কলা খুৱাইছে। বিকল্প ইন্ধনৰ সন্ধান কৰিছে মানুহে। য'তেই কল্পনা থাকে, ত'তেই থাকে বাস্তৱ। এইজন অসমীয়াই এদিন কল্পনা কৰিছিল শূন্যত উৰি থাকিব মানুহ। ড্ৰ'নৰ ভিতৰত উঠি আকাশমাৰ্গেৰে মানুহে পৰিবহণ কৰিব। তেওঁৰ এই সপোন বাস্তৱত ৰূপান্তৰ কৰিবলৈ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত কেইদিন মানৰ বাবে ভাড়া লৈছিল এটা হল। তাৰ ভিতৰত তেওঁ পৰীক্ষা কৰিছিল এইবোৰ।

কিবা এটা নতুন আৱিষ্কাৰ কৰাতো তেওঁৰ নিচা। তেওঁৰ এই প্ৰতিভা জন্মগত। বিজ্ঞানৰ তাত্ত্বিক গভীৰতালৈ তেওঁ নাযায়। কিন্তু ব্যৱহাৰিকভাৱে তেওঁ সকলো কথা সম্ভৱ কৰিব পাৰে। যি ভাৱে তেওঁ, সেয়াই কৰি দেখুৱায়।

তেওঁৰ আৰু এটা সপোন আছে। যদি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে তেওঁক ১০০ মিটাৰ পথ দিয়ে, তেওঁ সেই পথেৰে চলাচল কৰা গাড়ীৰ পৰা বিদ্যুৎ উৎপাদন কৰি ৰাষ্ট্ৰীয় ঘাইপথত থকা ষ্ট্ৰীট লাইট জ্বলাই দিব খোজে। ইয়াৰ বাবে তেওঁক কেৱল লাগে এই পৰীক্ষা কৰিবলৈ এই পথসমূহ ব্যৱহাৰ কৰাৰ অনুমতি। ইতিমধ্যে তেওঁৰ সৈতে যোগাযোগ কৰিছিল বিদেশৰ এটা কোম্পানীয়ে। কিন্তু তেওঁ এই কাম কৰিব খোজে নিজ ৰাজ্যত।

এনে অনেক সপোন তেওঁ দেখি ভাল পায়। এনে অনেক কাম তেওঁ কৰিছে। তেওঁ যি কৰিছে সেয়া কোনেও কৰিব পৰা নাই। দেশ-বিদেশৰ পৰা তেওঁলৈ আহে বহু অনুৰোধ। আমেৰিকাৰ চিকাগোৰ পৰাও তেওঁৰ আৱিষ্কাৰক লৈ অনুসন্ধিৎসুজনে তেওঁক বিচাৰি যোগাযোগ কৰিছিল। তালৈ গৈও তেওঁ সেই আৱিষ্কাৰৰ বিষয়ে কৈছে। এদিন তেওঁ কৰা এটা আৱিষ্কাৰক লৈ আই আই টিৰ এজন অধ্যাপকে তেওঁৰ কাগজ আগবঢ়াই দি কৈছিল- 'শেহতীয়া আৱিষ্কাৰটো কেনেকৈ সম্ভৱ হ'ল? দেখুৱাই দিয়াচোন।' ২০০৭ত তেওঁ গৈছিল চিকাগোলৈ। তাতো তেওঁৰ এই আৱিষ্কাৰক লৈ সৰৱ চৰ্চা।

শেহতীয়াকৈ তেওঁ এক নতুন গৱেষণাক লৈ ব্যস্ত হৈ আছিল আজাৰাত থকা তেওঁৰ গৱেষণা কেন্দ্ৰত। যেতিয়াই যি কথা তেওঁৰ মনলৈ আহে, সেয়া তেওঁ সম্ভৱ বুলি ভাৱে সদায়। এক অদ্ভূত প্ৰতিভাধাৰী এইগৰাকী অসমীয়াই সেই গৱেষণা কেন্দ্ৰতেই এক নতুন কাম-কাজ আৰম্ভ কৰিছিল। কিন্তু হঠাৎ তেওঁৰ সেই গৱেষণা কেন্দ্ৰত সংযোগ হৈ থকা বিদ্যুৎ সংযোগ কৰ্তন কৰা হ'ল। পাঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যত এনেদৰে ব্যতিক্ৰমী প্ৰচেষ্টাৰে নতুন নতুন পৰীক্ষা-নিৰীক্ষাত ব্যস্ত লোকসকলক উৎসাহিত কৰা হয়। কিন্তু অসমত নিজৰ টকা ব্যয় কৰি গৱেষণাত নিমগ্ন এইজন অসমীয়াক উৎসাহিত কৰাৰ সলনি কৰ্তন কৰা হ'ল তেওঁৰ গৱেষণা কেন্দ্ৰৰ সৈতে জড়িত বিদ্যুৎ সংযোগ।

স্থানীয় অসম ৰাজ্যিক বিদ্যুৎ বিভাগৰ বিষয়াগৰাকীয়ে আহি আজাৰাত থকা তেওঁৰ গৱেষণা কেন্দ্ৰত তেওঁ নথকা সময়ত বিদ্যুৎ সংযোগৰ বিভিন্ন দিশ পৰীক্ষা কৰাৰ নামত এই বিদ্যুৎ সংযোগ কৰ্তন কৰি দিলে। অথচ তেওঁ এই গৱেষণা কেন্দ্ৰৰ বাবে বিচাৰিছিল ১০ কিলোৱাট শক্তি সম্পন্ন বিদ্যুৎ সংযোগ। যিটো কাম ৫ কিলোৱাট বিদ্যুৎ সংযোগৰ জৰিয়তেও সম্পূৰ্ণ হয়। তাৰপাছত এই তেওঁৰ গৱেষণাৰ কাম-কাজত বাধা সৃষ্টি হ'ল। স্থবিৰ হৈ পৰিল তেওঁৰ কাম-কাজ। বিদ্যুৎ সংযোগ কৰ্তন কৰা হ'ল। হতাশ হ'ল তেওঁ। যি উদ্যমেৰে এই কামত জড়িত হৈ পৰিছিল, তাত যেন এক মোক্ষম আঘাত।

আচলতে তেওঁৰ প্ৰতিভা আৰু দক্ষতাৰ উমান আজিও আমি পোৱাই নাই। এজন অসমীয়া হিচাপে তেওঁ যি স্তৰত কাম-কাজ কৰি আছে তাক আমি উপলব্ধি কৰিব পৰা নাই। যেতিয়া ইন্ধনৰ মূল্য শতকৰ ঘৰ চোৱাৰ উপক্ৰম হৈছিল, তেতিয়া তেওঁৰ কাষলৈ ইজনৰ পিছত সিজন মানুহ আহিছিল। সকলোৰে এটাই অনুৰোধ- ইন্ধনৰ মূল্য ব্যয় কেনেদৰে কমাব পাৰি? ২০১৮ চনত ইন্ধনৰ মূল্য বৃদ্ধিয়ে মানুহক চিন্তিত কৰিছে। এই কথা তেওঁ চিন্তা কৰিছিল বহু দিনৰ পূৰ্বে। ২০১০চনতেই তেওঁ নিৰ্মাণ কৰিছিল এখন বিশেষ গাড়ী। সেই গাড়ীখনৰ নাম দিছিল তেওঁ 'গ্ৰীণ ইলেক্ট্ৰিক'। বেটাৰীৰে চালিত আছিল এইখন গাড়ী। তেওঁ নিৰ্মাণ কৰা এই গাড়ীখন আছিল প্ৰদূষণমুক্ত আৰু কম ইন্ধন ব্যয়বহুল গাড়ী।

এই গাড়ীখন প্ৰস্তুত কৰাৰ পাছত গাড়ীখনৰ পঞ্জীয়নৰ বাবে তেওঁ অসমত চেষ্টা কৰিছিল। কিন্তু কোনো এগৰাকী পৰিবহণ বিষয়াই এই গাড়ীখনৰ পঞ্জীয়ন কৰিবলৈ সাহস কৰা নাছিল। গুণীজনে বুজে গুণীৰ মোল। তেওঁৰ এই গাড়ীখন শ্বিলঙত থকা ন্যায়াধীশ এছ আৰ সেনে লৈ গৈছিল। তাতে তেওঁ পঞ্জীয়ন কৰিছিল গাড়ীখনৰ। গাড়ীখনৰ নম্বৰ আছিল এম এল ০৫ পি ২২৩৩।

আৱিষ্কাৰৰ সৃষ্টিৰ জগতত তেওঁৰ এক বিৰল প্ৰতিভা। যেতিয়াই যি প্ৰয়োজন হয়, সেই আৱিষ্কাৰ কৰিব পৰাকৈ তেওঁ দক্ষ। তেওঁৰ এই আৱিষ্কাৰক লৈ আন ঠাইত হোৱা হ'লে চলিলহেঁতেন ব্যাপক চৰ্চা। কিন্তু এতিয়া তেওঁ আৱিষ্কাৰ কৰা কাম-কাজবোৰ পৰীক্ষা কৰিবলৈ সুযোগ বিচাৰি ফুৰিব লগা হৈছে। অথচ তেওঁৰ এই আৱিষ্কাৰলৈ আহিছে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি।

তেওঁ কোনো কাৰিকৰী শিক্ষাৰে শিক্ষিত নহয়। ব্যৱহাৰিক জ্ঞান আছে তেওঁৰ । তেওঁ যি কল্পনা কৰে সেই কল্পনাক বাস্তৱ কৰিব জানে তেওঁ। নীৰৱে তেওঁ কৰি যায় এই গৱেষণাৰ কাম-কাজ।

এইজন অসমীয়াক লৈ কিন্তু উদাস তথাকথিত জাতীয় সংগঠন তথা চৰকাৰ। বিশ্বৰ আন ঠাইত তেওঁৰ দৰে এজন প্ৰতিভাধাৰী লোকক লৈ হয়তো এই মুহূৰ্তত চলিল হেঁতেন অন্য ধৰণে চৰ্চা। যি কথা আজি আপুনি কল্পনাই কৰিব পৰা নাই। সেই কথা তেওঁ ভাবি থৈছে ১০-১৫ বছৰ পূৰ্বেই।

দক্ষতা আৰু বিকাশৰ কথা কোৱা চৰকাৰে কিন্তু আজিও চিনা নাই এইজন অসমীয়াক। উপলব্ধি কৰা নাই তেওঁ কি স্তৰত এই আৱিষ্কাৰ কৰিছে। আন্তৰ্জাতিক পৰ্যায়ত যি সময়ত তেওঁৰ আৱিষ্কাৰক লৈ সৰৱ চৰ্চা চলিছে, সেই সময়ত তেওঁৰ গৱেষণা কেন্দ্ৰত কৰ্তন কৰা হৈছে বিদ্যুৎ সংযোগ।

এফালে ইন্ধনৰ বৰ্ধিত মূল্য, বিদ্যুতৰ মূল্যবৃদ্ধি আদি সমস্যাক লৈ আমি ভাৰাক্ৰান্ত। তেনে সময়ত বিশ্বৰ আন উন্নত দেশসমূহৰ তথাকথিত বৈজ্ঞানিকে যি কথা কল্পনা কৰিব পৰা নাই, সেই কথা ভাবিছে আজি অসম মুলূকৰ এজন অসমীয়াই।  এনে উচ্চ স্তৰত চিন্তা-চৰ্চাক লৈ আজি কোনোবাই ভ্ৰুকুটি কৰিব পাৰে। কিন্তু পৃথিৱীত অসম্ভৱ বুলি একো নাই। গেলিলিঅ'ই যেতিয়া পৃথিৱী ঘূৰণীয়া বুলি কৈছিল, তেতিয়া মানুহে হাঁহিছিল। কিন্তু বাস্তৱ সত্যতো হ'ল- য'তেই কল্পনা আছে ত'তেই বাস্তৱ আছে।

আজিৰ পৰিৱেশ-পৰিস্থিতিক লৈ বহুদিনৰ পূৰ্বৰ পাই সেই গৱেষণা আৰু চিন্তা-চৰ্চাত ব্যস্ত হৈ আছে এইজন অসমীয়া। আমেৰিকা, ইংলেণ্ডত হোৱা হ'লে সেয়া হয়তো বহুতৰ বাবে হ'লহেঁতেন ডাঙৰ বাতৰি। কিন্তু আমি প্ৰতিজন অসমীয়াই গৌৰৱ কৰাৰ বিষয় এয়ে যে, সেই চিন্তু-চৰ্চা চলিছে অসম মুলূকত। গাড়ী এখন পাৰ হৈ যাওঁতে তাৰ পৰা বিদ্যুৎ উৎপাদন, স্পীড ব্ৰেকাৰৰ পৰা বিদ্যুৎ উৎপাদনেৰে ষ্ট্ৰীট লাইট জ্বলোৱা আদি অকল্পনীয় বিষয়বোৰ বাস্তৱত ৰূপান্তৰ কৰিবলৈ আজি নীৰৱে গৱেষণাত ব্ৰতী হৈ আছে এইজন অসমীয়া। তেওঁ আন কোনো নহয়, কনক গগৈ।