/asomiyapratidin/media/media_files/2025/06/07/5FwZG2BqTqaCw23aDYgz.jpeg)
ললিত মোদীৰ বাবেই কিনিছিল আৰচিবি
এসময়ত তেওঁ আছিল দেশৰ অন্যতম ধনাঢ্য লোক। তেওঁক জীৱন শৈলী আছিল সকলোৰে চৰ্চাৰ বিষয়। বিতৰ্কই কেতিয়াও লগ নেৰা এই ব্যক্তিজনে এদিন হঠাতে এৰিছিল দেশ। পিছে শেহতীয়াকৈ আৰচিবিয়ে আইপিএল জিকাৰ পিছত তেওঁক লৈ পুনৰ হৈছে চৰ্চা। তেনে সময়ছোৱাতে সূদীৰ্ঘ ৯ বছৰৰ পাছত এটি সাক্ষাৎকাৰত তেওঁ ক'লে আৰচিবিৰ জন্মৰ আঁৰৰ কাহিনী। এই সন্দৰ্ভত সকলো দিশ সামৰি ৰিম্পী গগৈৰ এক প্ৰতিবেদন-
বিজয় মালিয়া, এই নামটো নজনা বা নুশুনা মানুহ দেশত হয়তো খুব কমেহে ওলাব। "কিংফিচাৰ এয়াৰলাইনচ"ৰ মালিক আৰু "ইউনাইটেড স্পিৰিটছ লিমিটেড"ৰ চেয়াৰমেন হিচাপে মাত্ৰ কেইটামান বছৰৰ ভিতৰত তেওঁ ভাৰতৰ এক অন্যতম ধনী ব্যক্তি হিচাপে পৰিচিত হৈছিল।
পিছে তেওঁৰ সাফল্যৰ যাত্ৰাত বিতৰ্কই লগ এৰা নাছিল। সুৰাপান, নাৰী কেলেংকাৰী, বিত্তীয় অনিয়ম আৰু একেবাৰে শেষত দেউলীয়া হৈ দেশ এৰি পলায়ন- এনেবোৰ কাৰণত সদায় তেওঁ দখল কৰিছিল সংবাদ শিৰোনাম। তেওঁৰ বিৰুদ্ধে আছে ৯০০০ কোটি টকা জালিয়াতিৰ অভিযোগ।
আইপিএলৰ আৰম্ভণিতে তেওঁ ক্ৰয় কৰিছিল আৰচিবিক। এই দলটোক ৰাহুল দ্ৰাবিড়, অনিল কুম্বলে, বিৰাট কোহলী, ফাফ ডু প্লেছিছ, ডেনিয়েল ভেট্টৰী, এ বি ডি ভিলিয়াৰ্ছ, ক্ৰীছ গেইল, পিটাৰছনৰ দৰে কিংবদন্তিয়ে সমৃদ্ধ কৰিছে। শেহতীয়াকৈ এটা প’ডকাষ্টৰ সময়ত আৰচিবিৰ প্ৰথম মালিক বিজয় মালিয়াই সদৰি কৰে দলটো সম্বন্ধে কেইবাটাও তথ্য। তেওঁ উল্লেখ কৰে যে, আই পি এলৰ প্ৰতিষ্ঠাপক ললিত মোদী এদিন তেওঁৰ ওচৰলৈ আহিছিল। ললিত মোদীয়েই তেওঁক এটা দল ক্ৰয় কৰিবলৈ কৈছিল।
সেই সময়ছোৱাত ললিত মোদীয়ে তেওঁক বুজাই দিয়া কথাত আপ্লুত হৈ মালিয়া। ক্ৰিকেট সম্বন্ধে বিশেষ জ্ঞান নাথাকিলেও তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ দলটো কিনিব। তেওঁ কয়, "মই আৰচিবিৰ দলটো প্ৰায় ৪৭৬ কোটি টকা (১১১.৬ মিলিয়ন ডলাৰ)ত কিনিছিলো। এইটো সেই সময়ত দ্বিতীয় সৰ্বাধিক দামী আছিল, প্ৰথমটো আছিল মুম্বাই ইণ্ডিয়ানছ (১১১.৯ মিলিয়ন ডলাৰ)।
সেই সময়ত বিজয় মালিয়া ইউনাইটেড স্পিৰিটছ লিমিটেডৰ মালিক আছিল। সেয়েহে ইয়াৰ নামটো সুৰা ব্ৰেণ্ডৰ দৰেই ৰখা হৈছিল। ২০১৬ চনত বিজয় মালিয়াই এই কোম্পানীটোৰ নিয়ন্ত্ৰণ হেৰুৱাইছিল, তাৰ পিছত তেওঁৰ আৰ চি বিৰ মালিক নাছিল। সেই সময়ছোৱাতে বিজয় মালিয়াই দেশ এৰি পলায়ন কৰিছিল। তাৰ পিছত তেওঁ কেতিয়াও ভাৰতলৈ উভতি নাহিল। অৱশ্যে এই দলটোৰ শেহতীয়া জয়ত তেওঁ যথেষ্ট সুখী আৰু ১৮ বছৰৰ পাছত যেতিয়া আৰ চি বিয়ে ট্ৰফী লাভ কৰিছিল, তেতিয়া তেওঁ দলটোক অভিনন্দনও জনায়।
উল্লেখযোগ্য যে, আৰচিবিৰ জয়ৰ পাছত বিজয় মালিয়াই কৰা টুইটটোৱে ব্যাপক চৰ্চা লাভ কৰিছিল। তেওঁ সামাজিক মাধ্যমত এক্সত লিখিছিল, "আৰচিবি প্ৰতিষ্ঠা কৰাৰ সময়ত মোৰ সপোন আছিল যে, আই পি এলৰ ট্ৰফী বাংগালুৰুলৈ আহিব। এজন যুৱ খেলুৱৈ হিচাপে কিংবদন্তি কিং কোহলীক বাছি লোৱাৰ সৌভাগ্য মোৰ হৈছিল আৰু তেওঁ ১৮ বছৰ ধৰি আৰচিবিৰ সৈতে থকাটো লক্ষণীয়। ইউনিভাৰ্ছ বছ ক্ৰীছ গেইল আৰু মিষ্টাৰ ৩৬০ এ বি ডিক বাছি লোৱাৰ গৌৰৱো মোৰ হৈছিল।" আনকি শেহতীয়াকৈ এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত অনুৰাগীৰ অত্যধিক ভিৰৰ ফলত ১১ জন লোকে প্ৰাণ হেৰুৱা সন্দৰ্ভতো তেওঁ প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া।
ইফালে এই পডকাষ্টতে আন কেইবাটাও দিশত তেওঁ কৰে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য। দেশ এৰি পলায়ন কৰা সন্দৰ্ভত তেওঁ সদৰি কৰে, "আপুনি মোক পলাতক বুলি ক'ব পাৰে, কিন্তু মই পলাই যোৱা নাছিলো। মই পূৰ্ব নিৰ্ধাৰিত ভ্ৰমণত উৰা মাৰিছিলো। মই বৈধ বুলি ভবা কাৰণত ঘূৰি অহা নাছিলো।" আনহাতে দেশলৈ পুনৰ ঘৰলৈ ঘুৰি অহিব নে নাই সেই সম্বন্ধেও পডকাষ্টটোত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া। লগতে বিজয় মালিয়াই কিংফিচাৰ এয়াৰলাইন্সৰ প্ৰাক্তন কৰ্মচাৰী সকলৰ ওচৰতো ক্ষমাপ্ৰাৰ্থনা বিচাৰে। বিমান সংস্থাটোৰ আৰ্থিক বিফলতাক লৈ গভীৰ দুখ প্ৰকাশ কৰে মালিয়াই। মালিয়াৰ শেহতীয়া এই পডকাষ্টে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।