শীত! অনুভৱৰ একলম...

চহা কৃষক, দৰিদ্ৰতাৰ কৰাল গ্রাসত ডুব গৈ কোনোমতে জীৱন -যাপন কৰা লোকসকলক সুধক, শীত কি? শীতৰ সংজ্ঞা কি?

New Update
WhatsApp Image 2025-11-27 at 9.30.07 PM

চয়নিকা শইকীয়া

এয়া নৱেম্বৰ মাহ। এই সময়ছোৱাত অঞ্চলভেদে ঠাণ্ডাৰ প্ৰভাৱ বেলেগ বেলেগ। কংক্ৰিটৰ মহানগৰীত শীতৰ প্ৰভাৱ অতি কম যদিও গাঁৱলৈ শীত নামিছে। শীতৰ চেঁচা বতাহজাক, জুহালত বহি জুই সেকা, চোতালতে ৰ'দ পোওৱা আৰু নিহালিৰ ভিতৰত গা-ঢাকি শুই থকাৰ এতিয়া আমেজই সুকীয়া।

 শীত মানেই কিবা এটা আনন্দ আৰু উপভোগৰ সময়। ভাল লগা সময়। গাঁৱৰ মুকলি আকাশ, যান-বাহনবিহীন বাট-পথ আৰু চৌপাশৰ সেউজীয়াই শীতক আৰু গাঢ় কৰি তোলে।এই সময়ছোৱাতে ৰাস, ভাওনাকলৈ ব্যস্ত হৈ পৰে চহা ৰাইজ।

এইবাৰ অৱশ্যে গ্ৰামাঞ্চললৈও শীত বহু পলমকৈ আহিছে। ইয়াৰ কাৰণ গ্ল'বেল ৱাৰ্মিং বুলি ধাৰণা কৰা হৈছে। এসময়ত মানুহে দুৰ্গা পূজাৰ সময়ত নতুনকৈ ক্ৰয় কৰা গৰম কাপোৰ অৰ্থাৎ জেকেট-ছুৱেটাৰ পিন্ধি পূজা চাবলৈ গৈছিল। কিন্তু এইবাৰ নবেম্বৰ মাহৰ শেষৰ ভাগলৈও মহানগৰীৰ লগতে বিভিন্ন স্থানক শীতে সম্পূৰ্ণ ৰূপে চুব পৰা নাই।

অৱশ্যে এই পৰিবৰ্তনৰ বাবে দায়ী আমিয়েই। উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত চলা নিৰ্যাতন, ধ্বংসযজ্ঞৰ দৰে কৃতকাৰ্যৰ পৰিণাম এতিয়া এনেকৈয়ে ভূগিবলগীয়ৈ হৈছে মানৱ সমাজে। জলবায়ু পৰিবৰ্তনৰ বাবেই প্ৰকৃতিয়ে ধাৰণ কৰা উগ্ৰ ৰূপৰ বাবেই ঋতুৰ অস্বাভাৱিক পৰিবৰ্তনো চিন্তাৰ কাৰণ হৈ পৰিছে। 

উন্নয়ন আৰু প্ৰযুক্তিৰ অত্যাধিক ব্যৱহাৰে প্ৰকৃতিক ৰুষ্ট কৰি তুলিছে। বৰ বেছি দূৰলৈ নগৈ দিল্লীৰ পৰিবেশলৈ এবাৰ চকু দিলেই তাৰ এক পূৰ্বানুমান কৰিব পাৰি। দিল্লীত উশাহ ল’ব নোৱাৰা এক পৰিবেশ। প্ৰতিটো উশাহত জীৱন, মৰণৰ খেল। এই বিষয়ত আলোচনা কৰিবলৈ গ'লে হয়তো কাহানিও শেষ নহ'ব।

যিয়েই নহওঁক,পলমকৈ হ'লেও লাহে লাহে নামিছে শীত। এই ভাল লগা অনুভৱৰ মাজতে চকুৰ সন্মুখলৈ আহে সমাজৰ আঁওকাণ কৰিব নোৱাৰা অন্য কিছু ছবি। এই সময়ছোৱাত ৰেল ষ্টেচন, মন্দিৰ, বাছ আস্থানত ফঁটা কাগজ, পেলনীয়া সামগ্ৰী জ্বলাই চৌপাশে বহি থাকে বহু লোক।

শীত সকলোৰে বাবে একে নহয়, এক শ্রেণী লোকৰ বাবে শীত আৰামৰ কোমল দলিচা, সোণোৱালী সপোন দেখুওৱা সুখৰ টুকুৰা, কাৰোবাৰ বাবে শীত বিদেশ ভ্রমণৰ নিচা, আনন্দত মতলীয়া হৈ ইয়াৰ মাদকতা উপভোগ কৰে এইচামলোকে ।

কিন্তু চহা কৃষক, দৰিদ্ৰতাৰ কৰাল গ্রাসত ডুব গৈ কোনোমতে জীৱন -যাপন কৰা লোকসকলক সুধক, শীত কি? শীতৰ সংজ্ঞা কি? ফুটপাথতে শুই থাকে বহু মানুহ। ঠাণ্ডাতে পাতল কাপোৰ এখন লৈ টোপনি যাবলৈ চেষ্টা কৰে। তাৰ মাজতে আছে কণ কণ শিশু। গৰম কাপোৰ ক্ৰয় কৰি পিন্ধাৰ কথা চিন্তাই কৰিব নোৱাৰে তেওঁলোকে।এনেকৈয়ে প্ৰতিটো শীত পাৰ কৰিছে তেওঁলোকে। আমিবোৰেও প্ৰায়ে সন্মুখীন হোৱা এই বাস্তৱক আওঁকাণ কৰি প্ৰতিবছৰে শীতৰ আমেজ লৈছো।

শীতৰ অনুভৱ হৈছে শীতলতা আৰু উষ্ণতাৰ এক সংমিশ্ৰণ। ৰাতিৰ জাৰ যিমান কঠিন, পুৱাৰ কোমল ৰ’দৰ উত্তাপ সিমানেই আৰামদায়ক। প্ৰত্যাহ্বানৰ মাজতো এই বতৰে আমাক পৰিয়াল আৰু সমাজৰ সৈতে অধিক ঘনিষ্ঠ হোৱাৰ সুযোগ দিয়ে। সামাজিকভাৱে, শীতকাল হৈছে বনভোজৰ বতৰ। পৰিয়াল, বন্ধু-বান্ধৱী বা সহকৰ্মীৰ সৈতে নৈৰ পাৰত এসাঁজ খোৱাৰ আমেজেই সুকীয়া। 

ৰাজ্যৰ বিল, জলাশয় আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বাবে এই সময় আটাইতকৈ গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত চাইবেৰিয়া, হিমালয় আৰু ইউৰোপৰ পৰা হাজাৰ হাজাৰ প্ৰৱাসী পখীৰ (Migratory Birds) আগমন ঘটে। বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু দীপৰ বিলত বিদেশী চৰাইৰ কলৰৱে এক মনোমোহা পৰিৱেশ সৃষ্টি কৰে।

শীতকালৰ এই অনুভৱ কেৱল ঠাণ্ডাৰ আমেজতেই আৱদ্ধ হৈ নাথাকে, বৰঞ্চ ই ৰাজ্যখনৰ জীৱনশৈলী আৰু অৰ্থনীতিৰ বাবেও অতি গুৰুত্বপূৰ্ণ । এই ঋতুৱে কৃষকৰ বাবে ধান ক্ৰয়ৰ জৰিয়তে অৰ্থনৈতিক স্বস্তি আনে। ধান চপোৱাৰ পাছত আৰম্ভ হোৱা এই সময়ছোৱা কৃষকসকলৰ বাবে ৰবি শস্য উৎপাদনৰ জৰিয়তে দ্বিতীয় পৰ্যায়ৰ উপাৰ্জনৰ পথ মুকলি কৰে। সামৰণিত ক'ব পাৰি যে, শীতকাল হৈছে প্ৰত্যাহ্বান আৰু প্ৰাচুৰ্যৰ এক সংমিশ্ৰণ, যি অসমৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ।

শীত শীতৰ প্ৰকোপ