বন্দে মাতৰম...

১৫০ বছৰ পুৰণা হোৱাৰ পাছতো বন্দে মাতৰমৰ সুৰ আজিও জাতীয়চেতনাৰে ভৰা, উদ্দীপনাময় আৰু অনুপ্ৰেৰণামূলক। এই গীতটিয়ে দেশবাসীক প্ৰতিদিনে মাতৃভূমিৰ প্ৰতিশ্ৰুতি স্মৰণ কৰায়।

New Update
WhatsApp Image 2025-11-07 at 4.56.51 PM (1)
  • আজিৰ দিনটো ভাৰতবাসীৰ বাবে এক বিশেষ মাহাত্ম্যৰ দিন। দেশৰ ৰাষ্ট্ৰগীত “বন্দে মাতৰম”-এ আজি সম্পূৰ্ণ কৰিলে ১৫০ বছৰীয়া গৌৰৱময় যাত্ৰা। ১৮৭৫ চনত মহান সাহিত্যিক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে যি সংগীতৰ সৃষ্টি কৰিছিল, সেই গীত কেৱল কাব্যৰ এক উৎকৃষ্ট নিদৰ্শন নহয়,ই হৈছে ভাৰতীয় ৰাষ্ট্ৰচেতনাৰ এক পবিত্ৰ প্ৰতীক। এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ প্ৰতিবেদন...


৭ নৱেম্বৰ, ২০২৫, আজি জাতীয় গীত ‘বন্দে মাতৰম’ ৰচনাৰ ১৫০ বছৰ সম্পূৰ্ণ হ’ল। বন্দে মাতৰম- ইয়াৰ অৰ্থ হৈছে আইক বন্দনা কৰোএই গীতটো ১৮৭৫ চনত সাহিত্যিক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে সংস্কৃত-বাংলা মিশ্ৰিত ভাষাত ৰচনা কৰিছিল। পাছলৈ অৰ্থাত ১৮৮২ চনত চট্টোপাধ্যায়ৰ আনন্দমঠ উপন্যাসখনত এই গীতটি প্ৰকাশ কৰা হৈছিল।

মাতৃভূমিৰ প্ৰতি ভক্তি সুৰেৰে সমৃদ্ধ এই গীতটিয়ে ভাৰতীয় সাহিত্যৰ পৃষ্ঠাত চৰ্চা লাভ কৰে। ১৫০ বছৰীয়া যাত্ৰাৰ সাক্ষ্য বহন কৰা বন্দে মাতৰম গীতটিয়ে দেশবাসীৰ অন্তৰত সৰ্ব্বদা এক গভীৰ দেশপ্ৰেমৰ বোধ জাগ্ৰত কৰি আহিছে। ই কেৱল এটা গীত নহয় বৰঞ্চ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ আত্মাৰ প্ৰতীক, যিয়ে স্বাধীনতাৰ যুঁজত নতুন শক্তিৰ সঞ্চাৰ কৰাই নহয় ভাৰতীয় ভাষা-সাহিত্যকো শক্তিশালী কৰি নতুন মাত্ৰা প্ৰদান কৰিছিল।

১৯০৫ চনত বংগ-বিভাজনৰ সময়ত হোৱা আন্দোলনত প্ৰতিগৰাকী সংগ্ৰামীয়ে এই গীতটোক নিজৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছিল। বন্দে মাতৰম ধ্বনি প্ৰতিবাদৰ ভাষা হৈ পৰিছিল । লগতে দেশৰ মুক্তিৰ স্বাৰ্থত প্ৰতিটো শ্লোকে এক আহ্বান, এক প্ৰতিজ্ঞা ৰূপে থিয় দিছিল।

স্বাধীনতা আন্দোলনৰ সময়ত যিমানবাৰ বন্দে মাতৰম ধ্বনি উঠিছিল, সিমানেই ব্ৰিটিছ শাসক আতংকিত হৈ পৰিছিল। কলকাতাৰ পথছোৱাৰ পৰা পাঞ্জাব, মহাৰাষ্ট্ৰলৈ প্ৰতিটো প্ৰতিবাদত, প্ৰতিটো শোভাযাত্ৰাত এই সংগীতেই উৎসাহ, সাহস আৰু ঐক্যৰ প্ৰতীক হিচাপে স্থান লাভ কৰিছিল।

বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল, অৰুণাচল দত্ত, হেমচন্দ্ৰ গোস্বামী আদি স্বদেশী নেতা সকলে এই গানৰ জৰিয়তে স্বাধীনতাৰ বাণী জনতাৰ মাজলৈ লৈ গৈছিল। ১৯০৫ চনৰ কংগ্ৰেছ অধিবেশনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমবাৰ বন্দে মাতৰম গীতটিক সুৰ দি গাইছিল। তাৰ পিছত সংগীতজ্ঞ হেমেন্দ্ৰ কুমাৰ দত্তই ইয়াক নতুন সুৰত বন্দনা ৰূপে সাজে।

১৫০ বছৰ পুৰণা হোৱাৰ পাছতো বন্দে মাতৰমৰ সুৰ আজিও জাতীয়চেতনাৰে ভৰা, উদ্দীপনাময় আৰু অনুপ্ৰেৰণামূলক। এই গীতটিয়ে দেশবাসীক প্ৰতিদিনে মাতৃভূমিৰ প্ৰতিশ্ৰুতি স্মৰণ কৰায়। দুৰ্গাৰ দৰে হিন্দু দেৱীৰ উল্লেখেৰে সমৃদ্ধ গীতটোৰ পিছৰ শ্লোকসমূহে স্বাধীনতাৰ পূৰ্বৰ ভাৰতত বিতৰ্কৰ সূচনা কৰিছিল।

একাংশ নেতাই আশংকা কৰিছিল যে ই অহিন্দু সম্প্ৰদায়ক বিচ্ছিন্ন কৰি পেলাব পাৰে। ১৯৩৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে সংকল্প লয় যে চৰকাৰী অনুষ্ঠানত মাতৃভূমিৰ সৌন্দৰ্য্য বৰ্ণনা কৰা প্ৰথম দুটা স্তৱকহে ব্যৱহাৰ কৰা হ’ব। ভাৰত যেতিয়া গণৰাজ্য হৈছিল, তেতিয়া সংবিধান সভাই, ১৯৫০ চনৰ ২৪ জানুৱাৰীত বন্দে মাতৰামক জাতীয় গীত হিচাপে ঘোষণা কৰিছিল।

বন্দে মাতৰম কেৱল এটা সংগীত নহয়, ই হৈছে মাতৃভূমিৰ প্ৰতি পূৰ্ণ আত্মসমৰ্পণৰ প্ৰতীক। আজিৰ এই ১৫০ বছৰীয়া যাত্ৰা দেশৰ আত্মা, সংস্কৃতি আৰু একতাৰ প্ৰতিধ্বনিৰ ৰূপত ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব।

 ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নতুন দিল্লীত বছৰজোৰা বিশেষ স্মৃতিচাৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। তেওঁ লগতে এটা স্মাৰক ডাক টিকট আৰু মুদ্রাও মুকলি কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ৰাজহুৱা স্থানত বন্দে মাতৰমৰ পূৰ্ণ সংস্কৰণ গোৱা হয়।

 সমাজৰ সকলো শ্ৰেণীৰ লোকে ইয়াত অংশগ্ৰহণ কৰে। অসমতো সকলো জিলা আৰু সম-জিলাত দেশ মাতৃৰ প্ৰতি সমর্পিত দেশভক্তি আৰু আধ্যাত্মিকতাৰ ভাবেৰে পূৰ্ণ বন্দে মাতৰমৰ ১৫০ সংখ্যক বর্ষপূর্তি উপলক্ষে গীতটি সমূহীয়াকৈ পৰিৱেশন কৰে। দিছপুৰৰ জনতা ভৱন চৌহদত এই উপলক্ষে আয়োজিত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী মন্ত্ৰীয়ে এই গীতটি পৰিৱেশন কৰে।

বন্দে মাতৰম