স্নেহ বন্ধন...

বৰ্তমানৰ হিংসা-হত্যা তথা নাৰীজনিত অপৰাধেৰে জৰ্জৰিত সমাজখনত অপৰাধ প্ৰতিৰোধ কৰা ক্ষেত্ৰত এই দিনটোৱে বিশেষ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে .......

New Update
ap BIKHEKH LEKHA (23)

চয়নিকা শইকীয়া

আজি পবিত্ৰ ৰাখী পূৰ্ণিমা। এডাল ৰঙীন সূতা বান্ধি আজি প্ৰতিগৰাকী ভাতৃ-ভগ্নীয়ে পালন কৰিলে ৰক্ষা বন্ধন। এই ৰঙীন সূতাডাল কেৱল এডাল সাধাৰণ সূতা নহয়,সেই ৰাখীডালতে সোমাই আছে ইজনৰ আনজনৰ প্ৰতি থকা দায়িত্ব,মৰম-চেনেহ আৰু ভাতৃত্ববোধ।

ৰাখী বন্ধন হৈছে ভাৰতৰ এটা উৎসৱ। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ৰাখী বন্ধন উৎসৱটি অতি পুৰণি যদিও আমাৰ অসমীয়া সমাজত কিছু বছৰৰ পৰাহে এই উৎসৱটি উদযাপন কৰা হৈছে। বৰ্তমান আমাৰ সমাজত ৰাখী বন্ধনৰ জনপ্ৰিয়তা দিনক  দিনে বৃদ্বি পাইছে।

বিশেষকৈ বৰ্তমান সময়ত ৰাখী বন্ধনৰ প্ৰাসংগিকতা নিশ্চকৈ নুই কৰিৱ নোৱাৰি। কিয়নো তেজৰ সম্পৰ্কৰ ভাতৃ আৰু ভগ্মীৰ মাজতে এই উৎসৱটো সীমাদ্ধতা নাথাকি সম্পৰ্কীয় তথা দূৰ-সম্পৰ্কীয় মাজতো অতিশয় প্ৰচলিত এই উৎসৱটিয়ে  বৰ্তমান সমাজত এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।

সংস্কৃতত ৰাখী বন্ধনৰ অৰ্থ হ'ল "সুৰক্ষা নিশ্চিতকৰণৰ বাবে বান্ধোন"। বিশেষকৈ বৰ্তমানৰ হিংসা-হত্যা তথা নাৰীজনিত অপৰাধেৰে জৰ্জৰিত সমাজখনত অপৰাধ প্ৰতিৰোধ কৰা ক্ষেত্ৰত এই দিনটোৱে বিশেষ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।

এই ৰাখীডালৰ বান্ধোনতে বান্ধ খাই থাকে ভাতৃ-ভগ্নীৰ মাজৰ মৰম-চেনেহ,একতা, দায়িত্ববোধ আৰু ৰক্ষণশীলতা।ইয়াৰ আক্ষৰিক অৰ্থ হৈছে ৰক্ষাৰ বান্ধোন। পবিত্ৰ ৰাখী পূৰ্ণিমাৰ তিথিতে ভগ্নীয়ে ভাতৃৰ হাতত বান্ধা ৰাখীটোৱে তেওঁক কবচৰ দৰে সুৰক্ষা প্ৰদান কৰে। লগতে ভাতৃয়েও ভগ্নীক নিৰাপত্তাৰ আশ্বাস দিয়ে।

আজি  ৯ আগষ্টত ৰাখী বন্ধন পালন কৰা হ’ব। বৈদিক পঞ্জিকা অনুসৰি, ৰাখী বন্ধনৰ শুভ সময় হ'ল শাওন মাহৰ পূৰ্ণিমা অৰ্থাৎ ৮ আগষ্টৰ নিশা ২:১২ বজাৰ পৰা ৯ আগষ্টৰ নিশা ১:২৪ বজালৈ। ইফালে, দৃক পাঞ্চাঙৰ মতে,  এই উৎসৱ পুৱা ৫:৪৭ বজাৰ পৰা ১:২৪ বজাৰ ভিতৰত পালন কৰিব লাগিব। 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, আজি শ্ৰৱণ নক্ষত্ৰৰ সময়ত সৌভাগ্য যোগ আৰু সৰ্বৰ্থ সিদ্ধি যোগ একেলগে গঠনহৈছে। এনে যোগাসন প্ৰায় ৯৫ বছৰত এবাৰহে গঢ় লৈ উঠে।

ৰাখী বন্ধন কেতিয়াৰ পৰা আৰম্ভ হ'ল সেই সন্দৰ্ভত সঠিক তথ্য কোনেও দিব নোৱাৰে যদিও ৰাখীক লৈ কেইবাটাও পুৰণি আখ্যান আছে। ইয়াৰে শ্ৰী কৃষ্ণ আৰু দ্ৰৌপদীৰ আখ্যান উল্লেখনীয়। কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণ আঘাতপ্ৰাপ্ত হোৱাত পাণ্ডৱৰ স্ত্ৰী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচলখন ফালি কৃষ্ণক আঘাতপ্ৰাপ্ত ঠাই ডোখৰত বান্ধি দিছিল।

দ্ৰৌপদীৰ এই কাৰ্য্যত কৃষ্ণ অভিভূত হৈ পৰিছিল আৰু তেওঁক সদায় ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। হস্তিনাপুৰৰ ৰাজদৰবাৰত দ্ৰৌপদীয়ে ৰাজহুৱা অপমানৰ সন্মুখীন হোৱাৰ সময়ত শ্ৰী কৃষ্ণই এই প্ৰতিশ্ৰুতি পূৰণ কৰিছিল। তেতিয়াৰ পৰাই কিছু লোকৰ মতে ৰাখীবন্ধন প্ৰচলন হৈছিল। 

আন এক বিশ্বাস অনুসৰি ৰজা বালিয়ে যজ্ঞ কৰি স্বৰ্গৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিবলৈ চেষ্টা কৰিছিল। বালিৰ তপস্যাত ভয় খাই দেৱৰাজ ইন্দ্ৰই ভগৱান বিষ্ণুৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। বিষ্ণুয়ে ব্ৰাহ্মণৰ ৰূপ লৈ বালি ৰজাৰ পৰা দান-বৰঙণি বিচাৰি গৈছিল।

গুৰু শুক্ৰাচাৰ্য্যই অস্বীকাৰ কৰাৰ পিছতো বালিয়ে সংকল্প এৰি নিদি তিনিখোজ মাটি দান কৰিছিল। ভগৱান ব্ৰাহ্মণে তিনি খোজত আকাশ, পাতাল আৰু পৃথিৱী জুখি বালি ৰজাক অগাধলৈ পঠিয়াই দিছিল। তেওঁৰ ভক্তিৰ আধাৰত বালিয়ে বিষ্ণুৰ পৰা সকলো সময়তে তেওঁৰ সন্মুখত থাকিবলৈ প্ৰতিশ্ৰুতি লৈছিল।

ইয়াৰ বাবে লক্ষ্মী চিন্তিত হৈ পৰিছিল। নাৰদৰ পৰামৰ্শমতে লক্ষ্মীয়ে বালিলৈ গৈ ৰক্ষাসূতা বান্ধি তেওঁক ভায়েক কৰি লৈছিল আৰু সংকল্পত বিষ্ণুক বালিৰ পৰা লগত লৈ আহিছিল। সেই সময়ৰ পৰাই আৰম্ভ হৈছিল ৰাখী বান্ধি ৰখাৰ পৰম্পৰা যিটো আজিও চলি আছে। 

আনহাতে,যেতিয়া চিট্টৰৰ ৰাণী কৰ্ণৱতীয়ে নিজৰ ৰাজ্য ৰক্ষাৰ বাবে মোগল সম্ৰাট হুমায়ুনৰ ওচৰলৈ ৰাখী পঠিয়াইছিল, তেতিয়া হুমায়ুনে তেওঁক নিজৰ ভগ্নী বুলি গণ্য কৰি ৰাখীৰ সন্মান ৰক্ষা কৰি ৰাজ্য ৰক্ষা কৰিছিল। কিছু লোকৰ মতে তেতিয়াৰ পৰাই ৰাখী বন্ধনৰ প্ৰচলন হৈছিল। 

বৰ্তমান সময় সলনি হ'ল যদিও ৰাখী বান্ধনৰ সেই মাদকতা আজিও তেনেদৰেই আছে। আধুনিক সমাজৰ প্ৰভাৱ এই উৎসৱ সমূহত যোগাত্মকভাৱে পৰা পৰিলক্ষিত হৈছে। ই কমাৰ্চৰ ৱেব চাইড সমূহৰ জৰিয়তে বিদেশত থকা ভাতৃলৈ ৰাখী প্ৰেৰণ কৰা হয়।

প্ৰতি বছৰে শাওণ মাহৰ পূৰ্ণিমা তিথিত হিন্দু,জৈন,শিখ আদি সকলোৱে ৰাখী বন্ধন পালন কৰে। এই ৰাখীডালৰ মাজতে লুকাই থাকে ভাতৃ-ভগ্নীৰ মাজৰ মৰম-ভালপোৱাৰ লগতে ইজনৰ আনজনৰ বাবে মঙ্গলকামনা আৰু আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি।

ৰাখী বন্ধন