ৰাজধানীৰ সুৰক্ষাত সুৰুঙা...

এই বিস্ফোৰণত ব্যৱহৃত বাহনখনৰ মালিকীস্বত্ব কাশ্মীৰৰ পুলৱামাৰ এজন ব্যক্তিৰ সৈতে জড়িত, যি ফৰিদাবাদত উৎখাত হোৱা সন্ত্ৰাসবাদী নেটৱৰ্কৰ অংশ। কেন্দ্ৰীয় সংস্থাসমূহে এতিয়া এই দুটা গুৰুত্বপূৰ্ণ ঘটনাৰ মাজত থকা সম্ভাৱ্য সংযোগ সন্দৰ্ভত তদন্ত চলাই আছে।

New Update
AP FOR WEB NEW  bikhekh lekha (8)

চয়নিকা শইকীয়া

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো বোমা বিস্ফোৰণত ৰক্তাক্ত হৈ পৰিল দেশৰ ৰাজধানী চহৰ। নতুন দিল্লীত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ঘটনাৰ পাছতে এতিয়া বিৰোধীৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছে শাসনাধিষ্ঠ বিজেপি চৰকাৰ। বিৰোধীয়ে লক্ষ্য কৰি লৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থাকো।

১০ নৱেম্বৰৰ সন্ধিয়া নতুন দিল্লীৰ ফৰিদাবাদস্থিত লালকিল্লাৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। এই  ঘটনাই কঁপাই যায় সমগ্ৰ ৰাজধানী চহৰ দিল্লী। দেওবাৰে সন্ধিয়া লালকিল্লা মেট্ৰ' ষ্টেচনৰ গেট নং ১ৰ সমীপৰ এটা ব্যস্ত পথত এখন চলি থকা বাহনত এই বিস্ফোৰণ সংঘটিত হয়। য'ত এই পৰ্যন্ত ১৩ জন লোক নিহত হোৱা লগতে কেইবাজনো আহত হৈছে।

দিল্লীৰ অন্যতম জনবহুল আৰু গুৰুত্বপূৰ্ণ স্থান ফৰিদাবাদত সংঘটিত এই ঘটনাৰ পাছতে ক্ষন্তেকতে চাৰিওফালে ধোঁৱা আৰু ধূলিয়ে আৱৰি ধৰে। পথচাৰীৰ মাজত ত্ৰাসৰ সৃষ্টি হয়। লগে লগে ঘটনাস্থলীত আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

প্ৰাথমিক তদন্তৰ পাছতে এখন হুন্দাই আই২০ (Hyundai i20) বাহনত এই বিস্ফোৰণ সংঘটিত হোৱাৰ কথা প্ৰকাশ কৰে আৰক্ষীয়ে। লগে লগে সমগ্ৰ দেশতে নিৰাপত্তা বৃদ্ধি কৰা লগতে বিভিন্ন স্থানত তালাচী আৰম্ভ কৰে আৰক্ষীয়ে। কিন্তু বিস্ফোৰণৰ পাছতহে দিল্লী প্ৰশাসন সতর্ক হোৱা ঘটনাই এতিয়া কেবাটাও প্ৰশ্নৰ উত্থাপন কৰিছে।

লক্ষ্যণীয় যে, বিগত ৭ মাহত সন্ত্ৰাসবাদীৰ হাতত ৪১ জন ভাৰতীয়ই প্ৰাণ হেৰুৱাইছে। ফলস্বৰূপে বৰ্তমান বিৰোধীৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছে চৰকাৰ। কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা এই ঘটনা সন্দৰ্ভত উত্তৰ বিচাৰিছে। তাৰোপৰি কংগ্ৰেছে এই ঘটনাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এজন ব্যৰ্থ গৃহমন্ত্ৰী বুলি ক্ষোভ প্ৰকাশ কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে,দিল্লী বিস্ফোৰণ সংঘটিত হোৱাৰ কিছু সময় পূৰ্বেই হাৰিয়ানাৰ ফৰিদাবাদৰ ধৌজ অঞ্চলত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰাৰ ঘটনা পোহৰলৈ আহিছিল। সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত ফৰিদাবাদৰ পৰা ডাঃ আদিল আহমেদ ৰাথোৰ আৰু ডাঃ মুজাম্মিল নামৰ দুগৰাকী শিক্ষকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

 দিল্লী, হাৰিয়ানা, আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানত ১০ দিন পূৰ্বে দুয়োজনকে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।  ইয়াৰ পিছতো ৰাজধানীৰ অতি জনবহুল অঞ্চলত সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সফলতাৰে চলোৱাটোৱে চোৰাংচোৱা আৰু কাৰ্য্যকৰী ব্যৱস্থাৰ ব্যৰ্থতা উদঙাই দিছে।

আৰক্ষীয়ে সন্দেহ কৰিছে যে এই বিস্ফোৰণত ব্যৱহৃত বাহনখনৰ মালিকীস্বত্ব কাশ্মীৰৰ পুলৱামাৰ এজন ব্যক্তিৰ সৈতে জড়িত, যি ফৰিদাবাদত উৎখাত হোৱা সন্ত্ৰাসবাদী নেটৱৰ্কৰ অংশ। কেন্দ্ৰীয় সংস্থাসমূহে এতিয়া এইদুটো গুৰুত্বপূৰ্ণ ঘটনাৰ মাজত থকা সম্ভাৱ্য সংযোগ সন্দৰ্ভত তদন্ত চলাই আছে।

ইফালে বোমা বিস্ফোৰণ আৰু ইয়াৰ কেইঘণ্টামান পূৰ্বে ফৰিদাবাদত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ হোৱাৰ ঘটনাই দেশৰ আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত এক প্ৰশ্নবোধক চিহ্ন লগাইছে। এই দুয়োটা ঘটনাৰ সময়ৰ সংযোগে স্পষ্টকৈ ইংগিত দিছে যে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত সন্ত্ৰাসবাদীৰ এক বৃহৎ ষড়যন্ত্ৰক ভেটা দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰাপত্তা সংস্থাসমূহ চূড়ান্তভাৱে ব্যৰ্থ হৈছে।

বিশেষজ্ঞ আৰু ৰাজনৈতিক মহলৰ পৰা গৃহ বিভাগ আৰু নিৰাপত্তা প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ সমালোচনাৰ ঢৌ উঠিছে। মুখ্যতঃ তিনিটা দিশত এই ব্যৰ্থতা পৰিলক্ষিত হৈছে। দিল্লীৰ পৰা মাত্ৰ ৪০ কিলোমিটাৰ দূৰত থকা ফৰিদাবাদৰ দৰে এক জনবহুল অঞ্চলত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ সদস্যসকলে প্ৰায় ২,৯০০ কিলোগ্ৰাম আই.ই.ডি. তৈয়াৰ কৰাৰ সামগ্ৰীৰে গোপন আস্থান চলাই থকাৰ তথ্য আগতীয়াকৈ লাভ নকৰাটো চোৰাংচোৱা সংস্থাৰ চৰম বিফলতা বুলি গণ্য কৰা হৈছে।

ফৰিদাবাদৰ এই চক্ৰটো পূৰ্বেই উৎখাত কৰা হ'লে, লালকিল্লাৰ ঘটনা সংঘটিত হোৱাৰ প্ৰশ্নই উত্থাপন নহয় বুলি একাংশই নিজৰ মত প্ৰকাশ কৰিছে। ১০ নৱেম্বৰৰ দিনৰ ভাগত ফৰিদাবাদত বিস্ফোৰক জব্দ হোৱাৰ পিছতো দিল্লী আৰক্ষী আৰু গৃহ বিভাগে তৎক্ষণাত সমগ্ৰ ৰাজধানী অঞ্চলত হাই এলাৰ্ট জাৰি নকৰাটো এটা ডাঙৰ ত্ৰুটি।

 এজন জ্যেষ্ঠ নিৰাপত্তা বিশ্লেষকে মত প্ৰকাশ কৰে যে, "যদি বিস্ফোৰক জব্দ হোৱাৰ পিছতেই দিল্লীৰ সীমান্তত যান-বাহনৰ কঠোৰ তালাচী আৰু গুৰুত্বপূৰ্ণ স্থানসমূহৰ নিৰাপত্তা কটকটীয়া কৰা হ'লহেঁতেন, তেন্তে সন্ত্ৰাসবাদীয়ে লালকিল্লাৰ দৰে সংবেদনশীল অঞ্চলত বিস্ফোৰক কঢ়িয়াই নিয়াৰ সুযোগ নাপালেহেঁতেন।

উল্লেখযোগ্য যে, লালকিল্লা দিল্লীৰ এক ঐতিহাসিক কীৰ্তিচিহ্ন আৰু বিদেশী পৰ্যটকৰ মূল আকৰ্ষণৰ কেন্দ্ৰ। তেনে এক অতি সংবেদনশীল অঞ্চলৰ মেট্ৰ' ষ্টেচনৰ ওচৰত সন্ত্ৰাসবাদীয়ে এখন গাড়ীত উচ্চ ক্ষমতাসম্পন্ন আই.ই.ডি. সফলতাৰে ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱাটোৱে সেই অঞ্চলৰ নিৰাপত্তা বেষ্টনী যে দুর্বল, তাকে প্ৰমাণ কৰে। তাৰোপৰি এই ঘটনাই পথৰ নিৰীক্ষণ, গাড়ীৰ নিয়মিত তালাচী আৰু ভিৰ নিয়ন্ত্ৰণৰ মানদণ্ডৰ ওপৰতো গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। 

নতুন দিল্লী