/asomiyapratidin/media/media_files/2025/11/26/1-2025-11-26-22-42-24.jpg)
ধান খেতি ৰাজ্যৰ কৃষিৰ এক মুখ্য অংশ আৰু অৰ্থনৈতিক উন্নয়নৰ মূল স্তম্ভ। অসমত ধান খেতিৰ সামগ্ৰিক স্থিতি পূৰ্বৰ তুলনাত উল্লেখযোগ্যভাৱে উন্নত হৈছে। ২০২৪-২৫ বৰ্ষত ৰাজ্য চৰকাৰে ধান উৎপাদনৰ ক্ষেত্ৰত কিদৰে ঐতিহাসিক অভিলেখ গঢ়াৰ দিশে আগবাঢ়িছে সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন...
২০২৪-২৫ বৰ্ষত ধান উৎপাদনৰ ক্ষেত্ৰত সৰ্বকালৰ অভিলেখ গঢ়িবলৈ সাজু হৈছে ৰাজ্যৰ কৃষি খণ্ডই। এই পর্যন্ত খাৰিফ বিপণন কালত ২০২৪-২৫ বৰ্ষত ৬ লাখ ৯৭ হাজাৰ মেট্রিক টন ধান ক্ৰয় কৰা হৈছে। ক্ৰমাত উৎপাদন বৃদ্ধি পোৱা বাবে এই ক্ৰয় সম্ভৱ হৈ উঠিছে।
ধান কেৱল ৰাজ্যখনৰ এক প্ৰধান খাদ্য শস্যই নহয়, ই লক্ষ লক্ষ কৃষক পৰিয়ালৰ জীৱিকা, খাদ্য সুৰক্ষা আৰু গ্ৰাম্য অৰ্থনৈতিক স্থিতিশীলতাৰ মূল উৎস। ধানৰ উৎপাদন ৰাজ্যখনৰ খাদ্য সুৰক্ষাৰ বাবে অতি জৰুৰী। যিহেতু অসমৰ প্ৰায় সকলো লোকৰে প্ৰধান আহাৰ ভাত, সেয়েহে ধানৰ উৎপাদন হ্ৰাস হ'লে খাদ্য সংকটৰ সৃষ্টি হয়।
শেহতীয়াকৈ চৰকাৰৰ ধান ক্ৰয় নীতি আৰু নিম্নতম সমৰ্থন মূল্য (MSP) প্ৰদানৰ ফলত কৃষকৰ হাতলৈ পোনপটীয়াকৈ বৃহৎ পৰিমাণৰ পুঁজি আহিছে। পূৰ্বতে ধানৰ চৰকাৰী মূল্য আছিল ১৯০০ টকা। বৰ্তমান সময়ত ধানৰ চৰকাৰী মূল্য হৈছে ২৩৪৯ টকা। কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যযোগে ধান ক্ৰয় কৰা ব্যৱস্থাই উৎসাহিত কৰি তুলিছে ৰাজ্যখনৰ কৃষকক।
পঞ্জাৱ ,হাৰিয়নাৰ দৰে উন্নত কৃষি পদ্ধতিৰ অভাৱ তথা চৰকাৰী পৃষ্ঠপোষকতা অবিহনেই ৰাজ্যৰ কৃষকে এইবাৰ ধান উৎপাদনত অভিলেখ গঢ়িছে ৷ চৰকাৰী জলসিঞ্চনৰ সুবিধা নোপোৱা ৰাজ্যৰ লাখ লাখ কৃষকে পৰম্পৰাগত পদ্ধতিৰে খেতি কৰি স্বাৱলম্বী হৈছে। ফলত একোখন জিলাত প্ৰায় ২৫ লাখ মেট্ৰিক টন ধান উৎপাদনৰ সম্ভাৱনা প্ৰকট হৈছে ৷
২০২৪-২৫ বৰ্ষত ৰাজ্যত বাৰিষাৰ বতৰ ধান উৎপাদনৰ বাবে অনুকুলে আছিল। বছৰৰ প্ৰথম ছয় মাহত খৰাং বতৰ আৰু শেষৰ ফালে শুৰ পোকৰ প্ৰকোপে কৃষকক কিছু চিন্তিত কৰিছিল যদিও সেয়া নিয়ন্ত্ৰণত আছিল ৷
ইফালে এইবাৰ বানমুক্ত বাৰিষাৰ বতৰ কৃষকৰ বাবে আশীৰ্বাদস্বৰূপ। অসমৰ কৃষি খণ্ডৰ বাবে এইটো এক ডাঙৰ স্বস্তিৰ খবৰ। ইয়াৰ ফলত ৰাজ্যখনৰ খেতি-বাতিৰ ওপৰত এক ইতিবাচক আৰু অভূতপূৰ্ব প্ৰভাৱ পৰিছে। প্ৰতি বছৰে বানপানীয়ে শস্যৰ বৃহৎ ক্ষতি কৰে। বানমুক্ত বতৰত ধান, মৰাপাট, আৰু অন্যান্য খৰিফ শস্যৰ কোনো ক্ষতি নহয়, যাৰ ফলত খেতিয়কসকলে তেওঁলোকৰ সকলো শস্য নিৰাপদে চপাবলৈ সক্ষম হয়।
সঠিক সময়ত আৰু উপযুক্ত পৰিমাণত হোৱা বৰষুণে ধান আৰু অন্যান্য শস্যৰ বৃদ্ধিৰ বাবে উত্তম পৰিৱেশ দিয়ে। বানমুক্ত পথাৰত কৃষকসকলে উন্নত সাৰ আৰু বীজ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰে। এইবেলি ৮০% কৃষকে উন্নত জাতৰ ধানৰ বীজৰ খেতি কৰিছে ফলত উৎপাদন বাঢ়িছে ৷
উল্লেখ্য যে, ৰাজ্যৰ মুঠ মাটিকালিৰ ৪১% হে কৃষি ভূমি ৷ এই কৃষি ভূমিৰ প্ৰায় ২৩ লাখ হেক্টৰত ধান খেতি হয়। লখিমপুৰত আছে ৯২,৭৪০হেক্টৰ কৃষি ভূমি ৷ বিগত সময়ত এই কৃষি ভূূমিত ধানৰ উৎপাদন হৈছিল ২৩ লাখ ৩২ হাজাৰ ৭৭৫ মেট্ৰিকটন ৷ প্ৰতি হেক্টৰত উৎপাদন হৈছিল ২'৫ টন ৷
এইবাৰ এই পৰিসংখ্যা ৩'৫ টনলৈ বৃদ্ধি হোৱাৰ অৱকাশ আছে। আনহাতে ধেমাজিত গড়ে উৎপাদন হৈছিল প্ৰতিহেক্টৰত ৩'৩৪ টন ৷ধেমাজিৰ মুঠ উৎপাদন আছিল ২৩ লাখ ২২ হাজাৰ ৮৫২ মেট্ৰিক টন ধান ৷ এইবাৰ এই পৰিসংখ্যা সলনি হৈ প্ৰতি হেক্টৰত গড়ে ৫ টন ধান উৎপাদনৰ সম্ভাৱনা আছে ৷
উল্লেখ কৰা প্ৰয়োজন যে, ২০১১-১২ বিত্তীয় বৰ্ষত ধান উৎপাদন হৈছিল ৪৭১৫৬৭৮ টন। ২০১২-১৩ বিত্তীয় বৰ্ষত ধান উৎপাদন হৈছিল ৫১২৮৫০৮ টন। ইয়াৰ পিছতে ক্ৰমান্নয়ে প্ৰতিটো বৰ্ষতে বৃদ্ধি পাইছে ধানৰ উৎপাদন।
কৃষি সঞ্চালকালয়ৰ তথ্য অনুসৰি, ২০১১ বৰ্ষৰ পৰা ২০২১ বৰ্ষলৈকে প্ৰায় ১০.৫২ শতাংশ ধান উৎপাদন বৃদ্ধি পাইছে প্ৰতিটো বৰ্ষত। ২০১৫-১৬ আৰু ২০১৬-১৭ বিত্তীয় বৰ্ষত ধানৰ উৎপাদন তুলনামূলকভাৱে হ্ৰাস পাইছিল যদিও ২০১৮-১৯ বৰ্ষত ধান উৎপাদনে অভিলেখ সৃষ্টি কৰিছিল।
এই বিত্তীয় বৰ্ষত ৫৪৩৭৩৭২ টন ধান উৎপাদন হৈছিল। ২০১১ ৰ পৰা ২০২১ চনলৈকে এই বৰ্ষটোতে সৰ্বাধিক ধান উৎপাদন হৈছিল অসমত। এই দশকটোত ৰাজ্যত সৰ্বমুঠ ধান উৎপাদন হৈছিল ৫১৬৬২৪৩৫ টন।
লক্ষ্যণীয় যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভোটৰ অংকৰ স্বাৰ্থত হিতাধিকাৰী সৃষ্টিত অধিক গুৰুত্ব দিয়াত বিভিন্ন ক্ষেত্রত নেতিবাচক প্ৰভাৱ পৰাও পৰিলক্ষিত হৈছ । বিশেষকৈ বিনামূলীয়া চাউলৰ যোগান আৰু হিতাধিকাৰীমূলক আঁচনিৰ পৰিপ্ৰেক্ষিতত কৃষিপ্রধান ৰাজ্যখনত বিগত বৰ্ষসমূহত চিন্তনীয় ৰূপত কমিছিল ধানৰ উৎপাদন ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us