/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/56fgfg.jpg)
♦ ডি জে ধনন্তৰি
প্ৰসংগ অবৈধ বাংলাদেশী, ধৰ্মক লৈ ৰাজনীতি, ভাষাক লৈ বিভাজন। ক্ৰমশঃ জটিল হৈ পৰিছে সময়। এটা পক্ষই আনটো পক্ষক এদিন ঘৰত গৈ মাৰি থৈ অহাৰ হুংকাৰ দিছে। আনটো পক্ষৰ পৰাও আহিছে একেই প্ৰত্যুত্তৰ। এনে এক সন্ধিক্ষণতে তিনিচুকীয়াত গুলীৰ শব্দ। এজন এজনকৈ ঢলি পৰিল ৫ নিৰীহ লোক। একাংশৰ প্ৰৰোচনামূলক বাক্যবাণৰ বিপৰীতে চৰকাৰৰ নীৰৱতাৰ মৰ্মান্তিক পৰিণতি!
আকৌ ৰক্তাক্ত হ'ব নেকি অসম? শেহতীয়া পৰিস্থিতিলৈ চাই কঁপি উঠিছে সকলোৰে মন। তাতে আকৌ নিজ স্বাৰ্থ সিদ্ধিৰ বাবে বিগত সময়ছোৱাত বিভিন্নজনে প্ৰৰোচনামূলক মন্তব্যৰে ঘৃণা বিয়পোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। মুঠৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৌদিশে দেখা গৈছে এক অস্থিৰ পৰিৱেশ।
জাতীয়তাবাদী দল-সংগঠনসমূহে কোনো কাৰণতে ধৰ্মৰ ভিত্তিত অবৈধ বাংলাদেশীক ভাগ ভাগ কৰাতো মানি লোৱা নহয় বুলি স্পষ্ট কৰি দি অসম চুক্তিক উলংঘা কৰি কোনো অবৈধ নাগৰিকক স্থান দিয়া নহ'ব বুলি চৰকাৰক জনাই দিছে। কিছুদিন পূৰ্বে এই দাবীৰে অসম বন্ধৰো আহ্বান জনাইছিল জাতীয়তাবাদী দল-সংগঠনসমূহে।
চৰকাৰে বন্ধ ব্যৰ্থ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছিল যদিও ৰাজ্যবাসীয়ে স্বতঃস্ফূৰ্তভাৱে বন্ধ পালন কৰাটোৱে সমগ্ৰ বিষয়টো সন্দৰ্ভত সংশ্লিষ্ট পক্ষক নতুনকৈ ভাবিবলৈ বাধ্য কৰি তোলে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনকাৰীসকলে জাতীয়তাবাদী দল-সংগঠনসমূহৰ বিৰোধিতা কৰাৰ লগতে নিজৰ সমৰ্থনত বিভিন্ন প্ৰৰোচনামূলক মন্তব্য কৰা পৰিলক্ষিত হৈছে।
একেদৰে বিধেয়কখনৰ বিৰোধিতা কৰা সকলেও বিভিন্ন মন্তব্য কৰা দেখা গৈছে। দুই পক্ষৰ এনে পৰস্পৰ বিৰোধী মন্তব্যক লৈ সমগ্ৰ ৰাজ্যখনতে ভিতৰি ভিতৰি সৃষ্টি হৈছে এক অস্থিৰ পৰিস্থিতিৰ। এনে অস্থিৰ পৰিৱেশৰ উমান পায়ো চৰকাৰ প্ৰশাসনে কিন্তু বিষয়টোক লৈ যিমান সতৰ্ক হ'ব লাগিছিল তেনেধৰণ সতৰ্ক নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে।
হিন্দু বাংলাদেশীক নাগৰিকত্ব সংস্থাপনৰ বিৰোধিতা জনোৱাসকলে সমৰ্থনকাৰীসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈ মন্তব্য কৰাৰ লগে লগে আৰক্ষী-প্ৰশাসন কঠোৰ হোৱাৰ বিপৰীতে সমৰ্থনকাৰীসকলে কৰা প্ৰৰোচনামূলক মন্তব্যৰ ক্ষেত্ৰত নমনীয় স্থিতি গ্ৰহণ কৰাতো প্ৰায় স্পষ্ট হৈ পৰিছে। আনকি শাসকীয় পক্ষৰ এগৰাকী বিধায়কে দীৰ্ঘদিন ধৰি বিষয়টো সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰি আহিছে যদিও সেই সন্দৰ্ভত সম্পূৰ্ণ নীৰৱ ভূমিকা পালন কৰিছে চৰকাৰে। হিন্দু বাংলাদেশীক সংস্থাপনৰ বিৰোধিতা জনাই সংবাদ মাধ্যমত মন্তব্য কৰাৰ লগতে জাতীয়তাবাদী সংগঠনৰ নেতাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ তৎপৰ হৈ পৰা জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰখনে কিন্তু বিধায়কজনক প্ৰৰোচনামূলক মন্তব্য কৰিবলৈ সুবিধা কৰি দিয়াহে পৰিলক্ষিত হৈছে।
বিষয়টোক লৈ সৃষ্টি হোৱা এনে জটিল পৰিস্থিতিক অনুধাৱন কৰাৰ চেষ্টা নকৰি গা এৰা দিয়া মনোভাৱ পোষণ কৰাৰ ফলতে বৃহস্পতিবাৰে ৰক্তাক্ত হৈ পৰে তিনিচুকীয়া। নিৰীহৰ তেজেৰে আকৌ আই অসমী ৰাঙলী হৈ পৰা এই ঘটনাক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। কি দোষ আছিল তেওঁলোকৰ? দোকানত বহি দিনটোৰ ভাগৰ জিৰাই পাতিছিল সুখ-দুখৰ কথা! তেওঁলোকে কি জানে হিন্দু বাংলাদেশীক সংস্থাপন কৰিবলৈ এই মুলুকত কেনে পৰিস্থিতিৰ উদ্ভৱ হৈছে।
তেনেই সাধাৰণ শ্ৰেণীৰ লোক আছিল আটাইকেইজন। এসাজ খাই আন এসাজলৈ তেওঁলোকৰ চিন্তা। এনে লোকৰ ওপৰতে নিৰ্বিচাৰ আক্ৰমণ। আক্ৰমণকাৰীয়ে কি বুজাব খুজিছে এই আক্ৰমণৰ জৰিয়তে? উদ্দেশ্য কি তেওঁলোকৰ? কোন জড়িত ইয়াৰ আঁৰত? এই প্ৰশ্নবোৰৰ কোনো উত্তৰ পোৱাতো বৰ্তমান অসম্ভৱ। কিন্তু এটা কথা স্পষ্ট যে নিজ স্বাৰ্থ সিদ্ধিৰ বাবেই কোনো দুষ্ট চক্ৰই এনেদৰে নিৰীহৰ তেজেৰ ফাকু খেলিছে।
নিৰীহৰ তেজেৰে আগতেও ভিন্ন সংগঠনৰ লগতে চৰকাৰেও নিজ স্বাৰ্থ সিদ্ধিৰ বাবে ফাঁকু খেলি আহিছে। এতিয়াও অন্ত পৰা নাই এনে জঘন্য কাণ্ডৰ। সংঘাত লাগে শক্তিশালী পক্ষৰ। পিছে সেই সংঘাতত প্ৰাণ দিবলগীয়া হয় সাধাৰণজনে। আপোনজনক হেৰুৱাই চকুৰ পানীৰে বাট নেদেখা হয় সাধাৰণজনে। এই সমস্যাৰ অন্ত কেতিয়া?
ঘটনা সংঘটিত হোৱাৰ পিছত চৰকাৰে তদন্ত ঘোষণা কৰে। বছৰৰ পিছত বাগৰি যায় বছৰ। সেই তদন্তৰ ফাইল ক'ত হেৰাই তাৰ খবৰ কোনেও নাৰাখে। সকলো পাহৰি পেলাই চৰকাৰ-প্ৰশাসনে। নীৰৱে উচুপে আত্মীয়সকলে। আত্মীয়সকলৰ উচুপনিক লৈয়ে ৫ বছৰৰ মূৰে মূৰে তৎপৰ হৈ পৰে ৰাজনৈতিক দলসমূহ। আৰম্ভ হয় প্ৰতিশ্ৰুতিৰ ফুলজাৰি। পিছে শাসনৰ গাদী দখল কৰাৰ পিছত জাতি-মাটি-ভেটিৰ কথা কোৱাসকলেই জাতি-মাটি-ভেটি ধ্বংসত নামি পৰে।
ইমানৰ পিছতো যদি আমি সতৰ্ক নহও, প্ৰৰোচনামূলক মন্তব্যত ভোল যাও, তেন্তে পৰিস্থিতি যে অধিক ভয়াৱহ হৈ পৰিব সেয়া নিশ্চিত। অতীতৰ ইতিহাসেও তাকেই কয়। সেই ইতিহাসৰ দুঃসহ স্মৃতি সুৱৰি আমি সাৱধান হ'ব লাগিব। অন্যাথাই কোনে কি হেৰুৱাবলগীয়া হয় তাৰ কোনো নিশ্চয়তা নাথাকিব।
সেয়ে আহক সময় থাকোতেই আমি সতৰ্কতা অৱলম্বন কৰো। এটা ঘটনাৰ আলমত যাতে আন কোনো ঘটনাৰ উদ্ভৱ নহয় তালৈ মন-কাণ দিলেই শান্ত অসম প্ৰতিটো দিনতে শান্ত হৈয়ে থাকিব বুলি ন দি ক'ব পাৰি। অৱশ্যে এই ক্ষেত্ৰত ৰাজ্যবাসীতকৈও অধিক কৰণীয় আছে চৰকাৰৰ। তিনিচুকীয়াৰ এই ঘটনাৰ পিছত চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি ৰাজ্যবাসীক সুৰক্ষা প্ৰদান কৰিব বুলি আশা কৰাৰ বাহিৰে এই মুহূৰ্তত আমাৰ দৰে সাধাৰণ লোকসকলেনো কি কৰিব পাৰো!