/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/04assam3-copy.jpg)
ডি জে ধনন্তৰি
(১)
ৰামেশ্বৰে আকৌ পঞ্চায়তত উঠিছে। ৫ বছৰ আগতে সদস্য পদত উঠিছিল। এইবাৰ সভাপতি পদত খেলিছে। সেইবাৰ ভোট কেইটামানহে পালে। চিনাকি সকলোৱে কৈছিল, 'ৰামেশ্বৰ তই চিন্তাই নকৰিবি, জয় তোৰেই হ'ব। বাকীকেইজনে এবিচিডিখনকে ভালকে মাতিব নাজানে। আমি তোকেই ভোট দিম।'
ভোট গণনাৰ দিনা পুৱাই স্নান কৰি নামঘৰলৈ গৈ সেৱা জনাই নেদেখাজনক কৈছিল, 'হে প্ৰভু মোক জয় কৰি দিয়া। নহ'লে কমখন লাজ পামনে?' দুপৰীয়াৰ ভাগত যেতিয়া ফলাফল ওলাইছিল 'ক'ৰ চুকটো কাটিব নজনা এজনহে জয় হৈছিল। দুদিনমান সি লাজে-অপমানে ঘৰৰ ভিতৰতে সোমাই আছিল।
এইবাৰ আইন সলনি হ'ল। পঢ়া-শুনা কৰিব নোৱাৰিলে, ল'ৰা-ছোৱালী এপাল থাকিলে পঞ্চায়তত উঠিব নোৱাৰিব। লগৰবোৰে আকৌ জোৰ দিয়াত এইবাৰো সি মনোনয়ন দাখিল কৰিছে। ৰামেশ্বৰৰ দৰে হাজাৰজনৰ চকুত এতিয়া টোপনি নাই। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আছে অহা ৫ ডিচেম্বৰত। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৯ ডিচেম্বৰত।
সকলোৱে তুংগত কৰি তুলিছে প্ৰচাৰ অভিযান। প্ৰচাৰ অভিযান যিমানে তুংগত উঠিছে সিমানে ভোটাৰসকলৰো চিন্তা বাঢ়িছে ভোট কাক দিব বুলি। দলৰ সমৰ্থকসকলে কাক ভোট দিব সেই লৈ নিশ্চিত যদিও সাধাৰণ ভোটাৰসকল পিছে এতিয়াও নিশ্চিত হ'ব পৰা নাই। তেওঁলোকৰ মনত অজস্ৰ প্ৰশ্ন। দল চাই ভোট দিব নে প্ৰাৰ্থী চাই!
(২)
নিৰ্বাচন আয়োগে আগতীয়াকৈ নিৰ্ধাৰণ কৰি দিছে কোনে কিমান ধন প্ৰচাৰৰ নামত ব্যয় কৰিব পাৰিব। জিলা পৰিষদৰ সদস্যই ব্যয় কৰিব পাৰিব ৬ লাখ ৪০ হেজাৰ, আঞ্চলিক পঞ্চায়তৰ সদস্যই আৰু গাওঁ পঞ্চায়তৰ সভাপতি পদত অৱতীৰ্ণ হোৱাসকলে ১লাখ ৬০ হাজাৰ আৰু গাঁও পঞ্চায়তৰ সদস্যই ১৬ হাজাৰ টকাহে খৰছ কৰিব পাৰিব।
৫ বছৰ পূৰ্বে গাওঁ পঞ্চায়তৰ সদস্য পদত অৱতীৰ্ণ হোৱা ৰামেশ্বৰৰ দৰে বহুজনৰ তেতিয়াই খৰছ হৈছিল ৫০-৬০ হাজাৰ টকা। তাতে আকৌ মূল্যবৃদ্ধিয়ে সকলোকে জুৰুলা কৰি তুলিছে। এনে পৰিস্থিতিত এইবাৰ সভাপতি পদত অৱতীৰ্ণ হোৱা ৰামেশ্বৰ আৰু হাজাৰজনে ধাৰ-ঋণ কৰি হ'লেও ২-৩ লাখ টকা সংগ্ৰহ কৰিছে।
এখন ফ্লেক্স ডিজাইন আৰু প্ৰিণ্ট কৰোতেই ১০০০ টকা পৰে। লগত যোৱাসকলক চাহ-পানী খুওৱা, গাড়ীৰ তেল ভৰোৱা, গাড়ী ভাৰা কৰাৰ পৰা আৰম্ভ কৰি কিমান যে খৰছ। ৰাইজৰ মাজত চলা চৰ্চা অনুযায়ী বেছিভাগৰে মনোনয়ন দাখিল কৰাৰ ৪-৫ দিন পিছতে ১লাখমান টকা খৰছ হ'লেই।
এনেকৈয়ে আনুষ্ঠানিকভাৱে খৰছ যিমানেই ধৰি-বান্ধি নিদিয়ক কিয় পঞ্চায়ত নিৰ্বাচন খেলিলেই লাখ লাখ টকা খৰছ কৰিবলৈ বাধ্য হৈ পৰে প্ৰাৰ্থীসকল। কথাতেই কয় যে নিৰ্বাচন মানেই টকাৰ খেল। ৰাজনৈতিক দলবোৰক দোষ দিয়াতেই জানো সকলো শেষ! পইছা দিলেহে ভোট দিয়া ভোটাৰৰো অভাৱ নাই এই দেশত। সাতে সোতৰে মিলি এইবাৰো পঞ্চায়ত নিৰ্বাচনত আঁৰকাপোৰৰ আঁৰত টকাৰ খেল চলিছে বুলিয়েই দাবী বহুতৰ।
(৩)
লাখ লাখ টকা খৰছ কৰি নিৰ্বাচনত জয় হোৱাৰ পিছত সেই টকাবোৰ কেনেকৈ ঘূৰাই পাব ৰামেশ্বৰহঁতে? দুই-এজনৰ হয়তো ধনৰ অভাৱ নাই। পিছে বহুতেই ধাৰ-ঋণ কৰি হ'লেও ৰাইজক সেৱা কৰাৰ মনোভাৱেৰে ওলাই আহিছে। মনোনয়ন দাখিল কৰি প্ৰচাৰ অভিযান চলোৱাৰ পিছতহে বুজি উঠিছে যে খোজে প্ৰতি দেখোন টকাৰেই খেল। বিনা পইছাত প্ৰচাৰ চলাবলৈ চিনাকি কেইজনেও যাব নোখোজে। প্ৰচাৰ অভিযান চলাই ঘূৰি আহিয়েই সকলোৱে কয়, 'দাদা ৰাতি পাৰ্টিটো দিব ভালকৈ। জয় আপোনাৰ হ'বই।'
জয়ৰ আশাত কৃপণালি নকৰাকৈ ৰামেশ্বৰ দাদাই লগত যোৱা সকলোকে ঢালি-বাকি খুৱাই দিয়ে। মনত মাথো এটাই আশা। যোৱাবাৰ টকা খৰছ নকৰাকৈ হাৰিল, এইবাৰ সেয়া হ'বলৈ দিব নোৱাৰে। এৰি দিয়েই বা কেনেকৈ?
চকুৰ সমুখতে 'ক'ৰ চুক কাটিব নজনাজনে পঞ্চায়তৰ সাধাৰণ মেম্বাৰ হৈ এতিয়া চাৰি-পাঁচখনকৈ গাড়ীৰ মালিক হ'ল। সকলোবোৰ দেখি-শুনি ৰামেশ্বৰৰো লোভ এটা জাগি উঠিছে। মাজে মাজে ৰামেশ্বৰহঁতে কোৱা শুনে যে পঞ্চায়তত হেনো আজিকালি আগতকৈও বহু টকা আহে। লগে লগে তীব্ৰতকৈয়ো তীব্ৰ হৈ আহে জয়ৰ আশা।
(৪)
প্ৰতিটো পঞ্চায়তলৈ বছৰি পোনপটীয়াকৈ কেন্দ্ৰ চৰকাৰৰ পৰা আহে কেবা কোটি টকা। জাতিৰ পিতা মহাত্মা গান্ধীৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু গ্ৰাম স্বৰাজৰ সপোনক বাস্তব ৰূপ দিবলৈকে এই পদক্ষেপ চৰকাৰৰ। এই ধনবোৰৰ যদিহে সদব্যৱহাৰ হয় তেন্তে দেশৰ কিমান প্ৰগতি হ'ব সেয়া কৈ শেষ কৰিব নোৱাৰি। পিছে সেয়া হৈ নুঠে। সমগ্ৰ ব্যৱস্থাটোত ৰৈ যোৱা একাধিক আসোঁৱাহ তথা ইয়াৰ সৈতে জড়িত হৈ পৰা মানুহখিনিৰ সদিচ্ছাৰ অভাৱৰ বাবেই মূৰকত সকলো ফুটুকাৰ ফেন হৈ পৰে।
বছৰে বছৰে একোখনকৈ গাঁও পঞ্চায়তে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰে শ্ৰেষ্ঠত্বৰ সন্মান। সন্মান লাভ কৰাৰ পিছতে গৌৰৱত বুকু ফুলি উঠে পঞ্চায়তখনৰ প্ৰতিনিধি বৰ্গৰ। ৰাইজৰ কিন্তু অৱস্থাৰ কোনো পৰিৱৰ্তন নঘটে। একেই থাকে ৰাস্তা-ঘাট, একেই থাকে খোৱাপানীৰ সমস্যা।
তেন্তে সেই পঞ্চায়তে শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰে কেনেকৈ? তাৰ উত্তৰ সকলোৰে মুখে মুখে। কিছুদিন পূৰ্বে নামনি অসমৰ এখন জিলাৰ এনেদৰে শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰা পঞ্চায়তৰ শোচনীয় অৱস্থাৰ ছবি প্ৰকাশ পাইছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো। তেতিয়াই সকলোৱে মুখ ফুটাই নকলেও ইজনে আনজনক কাণে কাণে কৈছিল, 'টকাৰ খেল বুইছ, সকলো টকাৰ খেল। টকা দি শ্ৰেষ্ঠ হৈছিল বাবে গাঁৱৰ বাট-পথ এতিয়া বিধ্বস্ত।'
(৫)
ইমান লাখ টকা ধাৰ-ঋণ কৰি হ'লেও খৰছ কৰাৰ পিছত যেতিয়া ৰামেশ্বৰহঁতে জয় লাভ কৰিব তেতিয়া সেই ধাৰ-ঋণবোৰ পৰিশোধ কৰিব কেনেকৈ? নিৰ্বাচন আয়োগেটো ইমান টকা খৰছ কৰিবলৈ কোৱা নাছিল। হ'লেও ১লাখ ৬০ হাজাৰ টকা ইমান কমো নহয় বহু ৰামেশ্বৰৰ বাবে। টকাৰ বাবেই বহুতে মন গ'লেও ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিব নোৱাৰিলে।
এইবোৰৰ মাজতে ৰামেশ্বৰহঁতৰ দৰে সাহসীসকলে আগবাঢ়ি আহিছে। নিৰ্বাচনত জয়ী হৈ ৰাইজৰ সেৱা কৰিব। গাঁওখনৰ মানুহৰ পৰিৱৰ্তন সাধন কৰিব। কিন্তু নিজৰ কি হ'ব? পঞ্চায়তৰ সভাপতিয়ে মাহিলি দৰমহা কিমাননো পায়? জিলা পৰিষদৰ সদস্যইনো কিমান টকা পায় দৰমহা? বৈঠক তথা মেল-মিটিঙৰ বাবদ ভাট্টাহে লাভ কৰে তেওঁলোকে। চৰকাৰি চাকৰিয়ালৰ দৰেকৈ তেওঁলোকৰচোন মাহিলি দৰমহাৰ ব্যৱস্থাই নাই। ৰাইজৰ সেৱা কৰিবৰ বাবে আগবাঢ়ি আহিছে যেতিয়া দৰমহা দিবই বা কিয়?
কথা হ'ল ৰাইজৰ সেৱা কৰিবলৈকো দেখোন লাখ টকা খৰছ কৰিবলগীয়া হয়। তাতে আকৌ পৰাজয়ৰ আংশকা আছেই। সেয়ে জয়ী হোৱাৰ পিছদিনাৰে পৰা চিন্তা বাঢ়ে ৰামেশ্বৰহঁতৰ। আঁচনিবোৰ ৰূপায়ণৰ শেষত নিজৰ হাতলৈ অকণ অকণ ৰাখিব পাৰি নেকি তাৰেই চিন্তাত মগ্ন হৈ পৰে বহুজন। আৰু এনেকৈয়ে ইখনৰ পিছত সিখন কাণ বাগৰি যায় কথাবোৰ- পঞ্চায়তত জয় হৈয়েই ৰামেশ্বৰৰ দেখোন টকাই টকা হ'ল! সেই কথা শুনি কোনোজনে বিজ্ঞৰ দৰেকৈ কৈ উঠে, ক্ষমতাৰ ভালকৈয়ে বিকেন্দ্ৰীকৰণ হ'ল! এতিয়া দেখিছো দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ হোৱা বুলিলেহে সঁচা কোৱা হ'ব।
(৬)
এনেকৈয়ে এতিয়া জমি উঠিছে পঞ্চায়ত নিৰ্বাচন। তাৰ মাজতে একাংশ সংবাদ মাধ্যমে পৰীক্ষা লৈছে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাসকলৰ। ৰাষ্ট্ৰপতিৰ নাম কি, প্ৰধানমন্ত্ৰীৰ নাম কি, অসমৰ মুখ্যমন্ত্ৰী কোন? বহুতেই ভুলকৈ দিছে তাৰ উত্তৰ। আনহে নালাগে এম এ উত্তীৰ্ণ জুনিয়ৰ কলেজৰ ভাইচ প্ৰিন্সিপালেও নাজানে অসমৰ জিলা কেইখন!
এইবোৰ দেখি-শুনি ভোটাৰ ৰাইজ বিভ্ৰান্তিত পৰিছে। ভোটটো দিবনো কাক? সচেতনসকলে তেনে সমস্যাৰ মাজতে কৈ উঠিছে- আণ্ডাৰমেট্ৰিক ক'ত এম এল এ, এম পি, মিনিষ্টাৰ আছে এই দেশত। পঞ্চায়তত এইবাৰ নতুন আইন কৰি 'ক'ৰ চুক কাটিব নোৱৰাসকলক খেলিব নোৱৰা কৰি থৈছেই। গতিকে এইবোৰৰ মাজতে কোনো এজনকে ভোটটো দিলেই হ'ল।
কথাবোৰ পিছে ইমানতে শেষ নহয়। সমস্যাবোৰ বাঢ়ি গৈহে থাকে। আশাও বাঢ়ি আহে, যেতিয়া কোনো পঞ্চায়তত আমেৰিকাত উচ্চ শিক্ষা গ্ৰহণ কৰি অহা ৰীনা পাটোৱাৰীৰ দৰে প্ৰতিভাৱানে লাখটকীয়া দৰমহাৰ চাকৰি এৰি ৰাইজৰ সেৱা কৰাৰ মনোভাৱেৰে পঞ্চায়ত প্ৰতিদ্বন্দিতা কৰাৰ খবৰ পোৱা যায়।
(৭)
এনেকৈয়ে ১২ ডিচেম্বৰত ঘোষিত হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। বিজেপি, কংগ্ৰেছ, অগপ সকলোৱে দাবী কৰিছে জয় তেওঁলোকৰেই হ'ব। নিৰ্দিষ্ট দিনটোত কোন জয় হয় সেয়া পোহৰলৈ আহিব। তাৰ পূৰ্বে আমি মাথো ইয়াকে আশা কৰিব পাৰো যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনে অসমত নতুন দিগন্তৰ সূচনা কৰক।
পঞ্চায়ত আইনত যিদৰে সংশোধন কৰা হৈছে ঠিক তেনেকৈ ইয়াৰ কাম-কাজ কৰাৰ ধৰণো সলনি হওক আৰু উন্নতিৰ পথত আগবাঢ়ি যাওক গ্ৰাম্য অসম। কিয়নো গ্ৰাম্য অসমৰ উন্নতিয়েই হৈছে অসমৰ প্ৰগতি। একমাত্ৰ পঞ্চায়তীৰাজ ব্যৱস্থাৰহে আছে গ্ৰামোন্নয়ন সাধন কৰিব পৰা প্ৰকৃত
শক্তি!