জয় আই অসম… সাৱধান বিশ্বাসঘাতক!

জয় আই অসম… সাৱধান বিশ্বাসঘাতক!

author-image
asomiyapratidin
New Update
জয় আই অসম… সাৱধান বিশ্বাসঘাতক!

♦ ডি জে ধনন্তৰি

Advertisment

এই জুই জ্বলিছে এই জুই জ্বলিবই। এনেদৰে এদিন জ্বলি উঠিছিল জুই। ৰাজপথলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল লক্ষ লক্ষ অসমীয়া। লক্ষ্য এটাই। বিদেশীয়ে অসম এৰিবই লাগিব। এটা দুটা নহয়, কেবাটাও বছৰ জ্বলি থাকিল সেই জুই। জ্বলি ছাই হ'ল বহুতৰে সপোন। চকুৰ সমুখতে হেৰাই গ'ল এজন দুজনকৈ ৮৫৫ জন তেজাল যুৱক।

সেইসকল শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত জন্ম হ'ল বহু নেতাৰ। এদিন নেতাসকল মন্ত্ৰী-বিধায়ক হ'ল। ডিঙিৰ শিৰ ফুলাই শাসনৰ গাদীত বহা নেতাৰ উদাত্ত ভাষণ। অসমক বিদেশীৰ চৰণীয়া পথাৰ হ'বলৈ দিয়া নহ'ব। ঘোষণা পিছে ঘোষণা হৈয়ে ৰ'ল। বিদেশীক খেদাৰ প্ৰতিশ্ৰুতি পাহৰি ধনৰ পাহাৰ গঢ়াৰ প্ৰতিযোগিতাতহে নামি পৰিল তেওঁলোক।

বছৰ বাগৰিল। নেতা সেই একেসকলেই। পুনৰ সেই উদাত্ত ভাষণ। বিদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব। আকৌ আশা জাগি উঠিল অসমবাসীৰ। এই জুই জ্বলিছে এই জুই জ্বলিবই বুলি ভমককৈ জ্বলি উঠা জুইত সপোন ছাৰখাৰ হোৱা অসমীয়াই আকৌ সাহস পালে। জাতি-মাটি-ভেটি ৰক্ষা হওক বুলি ভোট দিবলৈ দলে-বলে ওলাই আহিল।

চন ২০১৮। এতিয়া চৌদিশে পূজাৰ বতৰ। শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উছাহত ব্যস্ত সকলো। ধানখেৰৰ জুই জ্বলাই ভাল পোৱা অসমীয়াই মুক্তমনে উপভোগ কৰিছে শৰতৰ সুষমা। মূল্যবৃদ্ধিৰ কথা পাহৰি পূৰ্বৰ দৰেই ব্যস্ত হৈ পৰিছে দেৱী আৰাধনাত। মনত এটাই আশা দুৰ্গতিনাশিনীয়ে আগতে নকৰিলেও এইবাৰ দুৰ্গতি নাশ কৰিবই। এনেকৈয়ে মহিষমৰ্দিনীৰ হাতত মহিষৰূপী প্ৰতিজন অসুৰ নিধন হ'ব বুলি ভাবি থকাৰ সময়তে সংগোপনে আৰম্ভ হৈছে ষড়যন্ত্ৰ।

মাত্ৰ ৬ মাহ আগৰ কথা। হিন্দু বাংলাদেশীক সংস্থাপনৰ বিৰুদ্ধে তেতিয়া সৰ্বত্ৰে ক্ষোভৰ জুই বিয়পি পৰিছে। শদিয়াৰ পৰা ধুবুৰীলৈ যিফালে যোৱা যায় সিফালেই শুনা গৈছে বাংলাদেশী হুছিয়াৰ ধ্বনি। ফেচবুক, হোৱাটছএপতো সেই একেই পৰিৱেশ। লক্ষজনে প্ৰফাই পিকচাৰত 'মই ধৰ্ম নিৰ্বিশেষে বাংলাদেশীক সংস্থাপনৰ বিৰোধিতা কৰো' ধৰণৰ ফ্ৰেমেৰে বন্দী কৰিছে নিজৰ ফেচবুক একাউণ্টৰ প্ৰফাইল পিকচাৰ।

অসমীয়াৰ বুকুত ধানখেৰৰ দৰেকৈ ভমককৈ জ্বলি উঠা সেই জুই দেখি ভয়ত বিতত হৈ পৰিছিল শতৰু। অসমীয়াৰ জাত্যভিমান দেখি সেও মানিবলৈ বাধ্য হৈ পৰিছিল অসমতে থাকি অসমীয়াৰ বিৰুদ্ধে মাত মতা বহু নেতা। এনে নেতাসকলৰে এজন সুকুমাৰ বিশ্বাস। ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ছহীদক অপমান কৰি কাৰাগাৰত বন্দী হৈ থকা সুবোধ বিশ্বাসৰ ঘনিষ্ঠ।

অসমীয়াৰ বলিষ্ঠ পদক্ষেপ আৰু ঐক্যৱদ্ধ শক্তিৰ ফলত সতীৰ্থ নেতা কাৰাগাৰত আৱদ্ধ হৈ পৰাত শংকিত হৈ পৰা সুকুমাৰ বিশ্বাসে টিভিৰ ষ্টুডিঅ'ত বহি হাত মিলালে জাতীয়তাবাদী সংগঠনৰ সৈতে। অসমবাসীক প্ৰতিশ্ৰুতি দিলে যে তেওঁ আৰু অসম বিৰোধী কোনো কাৰ্যকলাপতে লিপ্ত নহয়। বিশ্বাসৰ সেই আশ্বাস লাভ কৰি উদাৰ অসমীয়াসকলে সন্তুষ্টিৰ হাঁহি মাৰে।

সহজতে সকলোকে আপোন কৰি লোৱাৰ অভ্যাস অসমীয়াৰ। কেৱল মানুহেই নহয়, সংস্কৃতিও। আনকি পৰিস্থিতি এনে পৰ্যায় পাই যে কোনো কোনো মুহূৰ্তত নিজৰখিনি বিসৰ্জন দি হ'লেও অইনৰ সংস্কৃতিকে আপোন কৰি লয়। নিজক পাহৰি যোৱা আপোনভোলা অসমীয়াই বিশ্বাসৰ আশ্বাসত নিশ্চিন্ত হৈ পৰে।

পিছে কিমান দিনলৈ? ৯ মে'ৰ পৰা ১৫ অক্টোবৰলৈ ৬ মাহৰো ব্যৱধান নহয়। এই সময়ছোৱাৰ ভিতৰতে ওলাই পৰে বিশ্বাসৰ প্ৰকৃত স্বৰূপ। বিশ্বাসে যি আশ্বাস দিছিল সেয়া প্ৰকৃততে আছিল অভিনয়হে। জাতি-মাটি-ভেটিৰ কথা কৈ শাসন লাভ কৰাসকলৰ সাহসতে অসম বিৰোধী বিশ্বাস আৰু তেওঁৰ সাংগো-পাংগোসকলেও হয়তো বুজি উঠিছে যে অসমীয়াৰ আৱেগ কেৱল ধানখেৰৰ জুইহে।

তাৰ পিছত আৰু তেওঁলোক ৰৈ থকা নাই। এটা দুটা নহয়, একেবাৰে ২৬টাকৈ বাঙালী দল-সংগঠন গোপনে একত্ৰিত হৈছে। একত্ৰিত হোৱাৰ উদ্দেশ্য এটাই। অসমত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবই লাগিব। অসম আৰু অসমীয়াৰ অস্তিত্ব বিপন্ন কৰি অসমত বিদেশীৰ অাধিপত্য বিস্তাৰ কৰিবলৈকে ৰচনা কৰা এই ষড়যন্ত্ৰত হাত-উজান দিছে স্বয়ং এসময়ত এই জুই জ্বলিছে এই জুই জ্বলিবই বুলি চিঞৰি সকলোকে আৱেগিক কৰি তোলা সকলেই।

বিদেশীক বৰপীৰা পাৰি দিয়াত যাতে তেওঁলোকে এইবাৰ কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে অস্ত্ৰ হিচাপে লৈছে ধৰ্মক। এই ধৰ্মাস্ত্ৰৰ জৰিয়তে অতি সংগোপনে সহজ-সৰল অসমীয়াক এজন এজনকৈ নিজৰ ফলীয়া কৰি ল'বলৈ প্ৰায় সক্ষম হৈছে অসম আৰু অসমীয়া বিৰোধী চক্ৰটো।

ধৰ্মাস্ত্ৰৰ আঘাতৰ ভয়ত জাতি-মাটি-ভেটিৰ কথা কোৱাসকলৰ হাতত নিজৰ ভেটি-মাটি এৰি দি জাতি ধ্বংস প্ৰক্ৰিয়াত লিপ্ত হোৱাসকলৰ বাবেই ক্ৰমাৎ অধিক সাহসী হৈ পৰিছে বিশ্বাসঘাতক সুকুমাৰ বিশ্বাস বাহিনী। বিশ্বাসঘাতক সুকুমাৰৰ নেতৃত্বতে অহা ১৭ নৱেম্বৰত মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হিন্দু বাংলাদেশীক সংস্থাপনৰ দাবীৰে একত্ৰিত হ'বলৈ ওলাইছে ২৬টাকৈ বঙালী দল-সংগঠন৷ শাসনাধিষ্ঠিত দলটোৱে মাজুলীত অনুষ্ঠিত কাৰ্যনিৰ্বাহকত হিন্দু বাংলাদেশীক সংস্থাপনৰ দাবীত আন্দোলন কৰিব বুলি ঘোষণা কৰাৰ সময়তে এই বঙালী দল-সংগঠনসমূহে সমাৱেশৰ আয়োজন কৰা বিষয়টোৱে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷

এনে প্ৰতিক্ৰিয়াৰ বাবে সুৰ সলনি কৰি সমাৱেশৰ সৈতে জড়িত কেবাজনো উদ্যোক্তাই নৰম স্থিতি গ্ৰহণ কৰিবলৈ সংবাদ মেলৰ আয়োজন কৰে। সংবাদমেলত হিন্দু বাংলাদেশীক সমৰ্থন কৰিবলৈ সমাৱেশৰ আয়োজন কৰা নাই বুলিও দাবী কৰে তেওঁলোকে। পিছে এই নৰম স্থিতিৰ কাৰণ কি? স্থিতি নৰম কৰিলেই অসমীয়াই অসম বিৰোধী শক্তিক মৰম কৰিলে তাৰ পৰিণাম যে অধিক ভয়াৱহ হৈ পৰিব সেয়া নিশ্চিত।

ইতিমধ্যে বিশ্বাসৰ আশ্বাস পাই অসমবাসী নিশ্চিত হৈ থকাৰ সময়তে তেওঁৰ নেতৃত্বতেই মহানগৰীৰ মাজমজিয়াত অসমতে থাকি অসম আৰু অসমীয়া বিৰোধী আন্দোলনৰ সূচনা কৰিবলৈ সমাৱেশ অনুষ্ঠিত কৰাৰ সকলো পৰিকল্পনা ৰচিছে সুকুমাৰ বিশ্বাসে। বিশ্বাসৰ  বিশ্বাসঘাতকতাৰ পিছতো ধানখেৰৰ জুইৰ দৰেকৈ জ্বলিবলৈ ভালপোৱা অসমীয়াই যদি সুৰ সলনি কৰি নৰম হৈ পৰাসকলক মৰম কৰিবলৈ তেন্তে হিতে বিপৰীতে হোৱাৰ সম্ভাৱনাই অধিক।

এইখিনিতে আৰু এটা কথা স্পষ্ট কৰি থোৱা ভাল। এই জুই জ্বলিছে এই জুই জ্বলিবই বুলি অতীতৰ দৰেকৈ অসম আৰু অসম বিৰোধী শক্তিৰ বিৰুদ্ধে ৰাজপথ কঁপাই তুলিবলৈ যোৱাটোও সম্প্ৰতি সমস্যাৰ উপযুক্ত সমাধান নহয়। এই সমস্যাৰ সমাধান কৰিব লাগিব আধুনিক উপায়েৰে। তাৰ বাবে প্ৰতিজন অসমীয়াই কথাবোৰ নতুনকৈ চিন্তা কৰিব লাগিব। তাতোকৈ ডাঙৰ কথা হৈছে অসমীয়া জাতিৰ সমুখত আহি পৰা প্ৰতিটো সংকটৰ সময়ত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে প্ৰতিজন অসমীয়াই এক হৈ মাৰবান্ধি থিয় হ'ব লাগিব। তেতিয়াহে চিৰদিনলৈ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰতিজন অসমীয়াই বুকুত হাত থৈ ক'ব পাৰিব- জয় আই অসম!