আকৌ তাৰা প্ৰসাদৰ দুই নম্বৰী...

কিয়নো এই ৰংপুৰহাটীত বাস কৰা কোনো লোকে নমঃশুদ্ৰ নহয়। সেইহেতু এইজন ব্যক্তিক কেনেকৈ অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ল তাক লৈ সন্দেহ আৰু প্ৰশ্ন উঠিছে।

author-image
Asomiya Pratidin
New Update
ap BIKHEKH LEKHA (8)

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ৰাজ্যত এতিয়া এখন অদৃশ্য ক'লা বজাৰ গঢ় লৈ উঠিছে। এই বজাৰৰ কৃপাত হাজাৰ হাজাৰ লোকে চৰকাৰী, ৰাজনৈতিক আৰু আন সা-সুবিধা ভোগ কৰি আহিছে। শেহতীয়াকৈ এই বজাৰত এজন গ্ৰাহক হ'ল এসময়ৰ চূড়ান্ত বিতৰ্কৰে দুৰ্নীতিৰ অভিলেখ গঢ়া এজন লোক।

কিহৰ বাবে তেওঁ এইখন বজাৰৰ গ্ৰাহক হ'ব লগা হ'ল সেয়া শুনিলে বা জানিলে এই বজাৰত ক্ৰয় কৰা সামগ্ৰীৰ মাহাত্ম্য বুজি পাৰিব। আজিৰ পৰা কেইদিনমানৰ আগতে এইজন ভদ্ৰ লোকে ক্ৰয় কৰিছে সেই বজাৰৰ বহুমূলীয়া সামগ্ৰীবিধ।

২৬ জুন ২০২৫ ত তেওঁ সংগ্ৰহ কৰা সামগ্ৰীবিধ এখন কাগজ যদিও সেই কাগজখনৰ মূল্য লাখ টকাৰো অধিক। বৰপেটাৰ ৰংপুৰহাটীত তেওঁৰ আচল ঘৰ। সেই স্থানত তেওঁ বংশৰ তথা পৰিয়ালৰ বহু লোক বাস কৰি আহিছে। তেওঁ অৱশ্যে গুৱাহাটীৰ বাসিন্দা যদিও উপৰিপুৰুষ সেই স্থানৰ বাসিন্দা বুলি দেখুৱাই এই সামগ্ৰীৰ অধিকাৰী হৈছে।

বৰপেটা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা তেওঁ শেহতীয়াকৈ সংগ্ৰহ কৰা নথিখন হ'ল এখন জাতিগত প্ৰমাণ পত্ৰৰ নথি। ৰংপুৰহাটীৰ আন লোকে এই ব্যক্তিজনক অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাক লৈ আশ্বাৰ্য্য ব্যক্ত কৰিছে।

কিয়নো এই ৰংপুৰহাটীত বাস কৰা কোনো লোকে নমঃশুদ্ৰ নহয়। সেইহেতু এইজন ব্যক্তিক কেনেকৈ অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ল তাক লৈ সন্দেহ আৰু প্ৰশ্ন উঠিছে। ব্যক্তিজনক প্ৰদান কৰা এই প্ৰমাণ পত্ৰ ভুৱা আখ্যা দিছে অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে।

তেওঁ জালিয়াতিৰে অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ তীব্ৰ বিৰোধিতা কৰি ইয়াৰ উচিত তদন্তৰে সেই ব্যক্তিজনৰ লগতে ৰাজ্যজুৰি আন যিসকল ব্যক্তিয়ে এনে প্ৰমাণ পত্ৰৰ অধিকাৰী হৈছে, সকলো বাতিলৰ দাবী তুলিছে।

ক'লা বজাৰৰ পৰা অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰা এই ব্য়ক্তিজনৰ নাম তাৰা প্ৰসাদ দাস। এপিএছচিৰ অধ্যক্ষ হৈ থাকোতে তেওঁ সংঘটিত কৰা দুৰ্নীতিৰ হিচাব আজিও নহ'ল। ধনৰ বিনিময়ত এপিএছচিৰ চাকৰি বিক্ৰী কৰা বুলি অভিযুক্ত হোৱা তাৰা প্ৰসাদ দাসে কিন্তু অধ্যয়নৰ সময়ত এনে প্ৰমাণ পত্ৰ সংগ্ৰহ কৰা নাছিল।

১৯৭২ চনত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমবিবিএছ ডিগ্ৰী লৈছিল সাধাৰণ শ্ৰেণীৰ ছাত্ৰ হিচাপে। তাৰ পাছত তেওঁ ২০০১ চনত প্ৰথমবাৰ নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰিছিল। ২০০৬ আৰু ২০১১ টো সৰুক্ষেত্ৰী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।

তেতিয়াও মনোনয়নৰ সৈতে তেওঁ অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ গাঁঠি দিয়া নাছিল। কিন্তু হঠাৎ এই বৃদ্ধ বয়সত তেওঁক এনে এখন প্ৰমাণ পত্ৰ প্ৰয়োজন হোৱাৰ কাৰণ সম্পূৰ্ণ ৰাজনৈতিক। এইবাৰ তেওঁ অনুসূচীত জাতিৰ লোক হিচাবে প্ৰতিদ্বন্দিতা কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বাবে এনে এখন প্ৰমাণ পত্ৰ যোগাৰ কৰি লৈছে।

বৰপেটা জিলা অনুসূচীত জাতি পৰিষদে বিষয়টো জিলাখনৰ আয়ুক্তৰ দৃষ্টি গোচৰ কৰিছে। কিহৰ ভিত্তিত তাৰা প্ৰসাদ দাসক অনুসূচীত জাতিৰ লোক বুলি প্ৰমাণ পত্ৰ দিয়া হ'ল তাৰ  আধাৰ আৰু তথ্য বিচাৰিছিল। বৰপেটা জিলা আয়ুক্তই SSDG/ED/CASTE/108118458 নং তাং ২৬.০৫.২০২৫ ত এই প্ৰমাণ পত্ৰত অনুমোদন জনাইছিল।

অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ বিচাৰি জনোৱা আৱেদনত উল্লেখ কৰিছিল দাসে ভাৰতীয় সংবিধানৰ ৩৪১ নং অনুছেদৰ অধীনত ১৯৫০ চনৰ ১০ আগষ্ট তাৰিখে SRO জাননী অসমৰ বাবে নিৰ্ধাৰিত ১৬ টা উপজাতিৰ এটাৰ অন্তৰ্ভুক্ত তেওঁ।

সেয়েহে ৬৭ বছৰ বয়সত নিজকে নমুঃশুদ্ৰ সম্প্ৰদায়ৰ বুলি দাবী কৰি এই আৱেদন জনাই তেওঁ অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিছিল। ইফালে এই ব্যক্তিজনৰ আধাৰ কাৰ্ডত উল্লেখ থকা জন্ম তাৰিখ আৰু নিৰ্বাচন আয়োগক জমা দিয়া তথ্যক লৈও বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।

আধাৰ কাৰ্ডত তেওঁৰ জন্ম তাৰিখ উল্লেখ আছে ১/০৯/১৯৫৮ । আনহাতে নিৰ্বাচন আয়োগক তেওঁ জানিবলৈ দিছিল যে ১৯৬৪ ত তেওঁ বৰপেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পি ইউ উত্তীৰ্ণ হৈছিল। ১৯৭২ চনত তেওঁ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লোৱা বুলি উল্লেখ আছে নিৰ্বাচন আয়োগক দিয়া তথ্যত। সেয়ে হ'লে এই ভদ্ৰ লোকে ৬ বছৰ বয়সত পি ইউ আৰু ১৪ বছৰ বয়সত এমবিবিএছ ডিগ্ৰী গ্ৰহণ কৰিছে।

এনেদৰেই বিভিন্ন জালিয়াতিৰ অভিযোগত অভিযুক্ত তাৰা প্ৰসাদ দাসে শেহতীয়াকৈ অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰা বিষয়টো সৰু বিষয় নহয়। যি সময়ত প্ৰকৃত অনুসূচীত জাতিৰ লোক সকলে তেওঁলোকৰ বাবে সংৰক্ষিত সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে সেই সময়ত এচাম ছপ্নবেশী ক্ষমতাশালী লোকে অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি সুবিধা গ্ৰহণ কৰিছে।

তাৰা প্ৰসাদ দাস এটা উদাহৰণ হে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, টংলা চিভিল হাস্পতালৰ চিকিৎসক, দাস উপাধিৰ সহকাৰী অভিযন্তা, মাজবাট কলেজৰ প্ৰৱক্তা আদিয়েও ভুৱা অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ লোৱা অভিযোগ আছে।

বহু চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হোৱাৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাত এই জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ ক'লা বজাৰখন বাঢ়ি গৈ আছে। কেৱল চৰকাৰী চাকৰিত সংৰক্ষনৰ সুবিধা, পদোন্নতি, ৰাজনৈতিক মুনাফা লাভ কৰাৰ স্বাৰ্থত লাখ টকা ব্যয় কৰি অনুসূচীত জাতিৰ ভুৱা প্ৰমাণ পত্ৰ সংগ্ৰহ কৰা ঘটনা এতিয়া এক সামাজিক ব্যাধি আৰু বৃহৎ দুৰ্নীতিলৈ পৰিণত হৈছে।

বৰপেটা তাৰা প্ৰসাদ দাস