/asomiyapratidin/media/media_files/2025/07/12/bikhekh-lekha-new-1-2025-07-12-22-01-21.jpg)
চয়নিকা শইকীয়া
"লিভিং টুগেদাৰ" আধুনিক পৃথিৱীৰ এটা চিনাকি শব্দ ! পৰম্পৰাগত সামাজিক ধাৰণাৰ মাজতে নৱ প্ৰজন্মৰ মাজত এক নতুন ধৰণৰ জীৱন শৈলীয়ে প্ৰভাৱ পেলাইছে "সহবাস" বা লিভ-ইন ৰিলেচনশ্বিপ। এই প্ৰথাটোত বিবাহৰ পূৰ্বে প্ৰেমিক-প্ৰেমিকাই একেটা ঘৰত একেলগে জীৱন-যাপন কৰে।
অসমত পূৰ্বে খুবেই কম দেখা- শুনা এই ধৰণৰ সম্পৰ্ক বৰ্তমান বিশেষকৈ নগৰাঞ্চলত উল্লেখযোগ্য হাৰত বৃদ্ধি পাইছে। সহবাস প্ৰথাক আত্মনির্ভৰতা, পাৰস্পৰিক বুজাবুজি আৰু বিবাহৰ পূৰ্বে নিজৰ উপযুক্ততা পৰীক্ষা কৰাৰ এটা পন্থা হিচাপে বাছি লৈছে যুৱচামে।
বিবাহৰ পাছত যিদৰে স্বামী-স্ত্ৰীয়ে ইজনে আনজনৰ প্ৰতি, দুখন ঘৰ বা সমাজখনৰ প্ৰতি কিছু দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে, এনে ধৰণৰ দায়িত্বৰ পৰা মুক্ত এই লিভ ইন টুগেদাৰ বাছি লোৱা সকল। একাংশৰ মতে লিভিং টুগেদাৰৰ ধাৰণাই প্ৰেমিক-প্ৰেমিকাৰ মাজত বহু ইতিবাচক দিশ লৈ আহিছে।
লিভিং ৰিলেচনশ্বিপত থকা একাংশৰ মতে, সময়ৰ সৈতে সমাজ সলনি হ'ব লাগে। বৰ্তমানৰ সমাজখনে এই সহবাসৰ চিন্তাধাৰাক খোলা হৃদয়ৰে গ্ৰহণ কৰিলে বহু অবাঞ্ছিত বিবাহ বিচ্ছেদ, গাৰ্হস্থ্য হিংসা, যৌতুক প্ৰথাৰ বলি হোৱাৰ দৰে ঘটনা ৰোধ হ’ব। বিবাহৰ পূৰ্বে পাৰস্পৰিক বুজাবুজিয়ে সম্পৰ্ক এটা অধিক শক্তিশালী কৰিব পাৰে বুলিও বহু লোকে নিজৰ মত প্ৰকাশ কৰিছে।
অন্যহাতে লিভিং ৰিলেচনশ্বিপৰ ফলত সংঘটিত হোৱা বহু অপৰাধজনিত ঘটনা আজিকালি বাতৰিৰ পৃষ্ঠাই পৃষ্ঠাই। শেহতীয়াকৈ গুৱাহাটী মহানগৰীত কেইবাটাও চৰম সিদ্ধান্তৰ ঘটনা পোহৰলৈ আহিছে। পঢ়া-শুনা বা চাকৰি সূত্ৰে অন্য স্থানলৈ অহা বহু যুৱক-যুৱতীয়ে বাছি লৈছে আত্মহননৰ দৰে পথ। আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহে তেওঁলোক লিভিঙত থকাৰ কথা।
অসমত যুৱ প্ৰজন্মৰ জীৱনশৈলীত দ্ৰুত গতিত পৰিৱৰ্তন ঘটিছে। মাজ নিশালৈ পাৰ্টী, ডিস্ক'-পাব, সুৰা, নিচাযুক্ত সামগ্ৰীৰ প্ৰতি আসক্তিৰ সমান্তৰালকৈ যুৱচামৰ মাজত লিভিং টুগেদাৰৰ প্ৰচলন অধিক চিন্তাজনক বিষয় হৈ পৰিছে। অতি কম বয়সৰ একাংশ চিন্তা শক্তি হেৰুৱাই পেলোৱাৰ লেখীয়া। ফলস্বৰূপে পৰিপক্কতাৰ পাছত বহুতৰে মাজত মানসিক সমস্যা উদ্ভৱ হয়।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মনোবিজ্ঞান বিভাগৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, ২০২৪-২৫ বৰ্ষত বিভাগটোত চিকিৎসাৰ বাবে অহা যুৱচামৰ অধিকাংশই প্রেম, ভগ্ন সম্পৰ্ক বা লিভিং টুগেদাৰৰ সৈতে জড়িত মানসিক অৱসাদৰ স্বীকাৰ আছিল। তাৰ মাজৰ বহু ৰোগী আছিল চৰম সিদ্ধান্তৰ চেষ্টা কৰাৰ ভুক্তভোগীও।
লক্ষ্যণীয় যে, বিশেষকৈ নগৰাঞ্চলত শিক্ষিত যুৱক-যুৱতীৰ মাজত বিয়াৰ পূৰ্বে একেলগে বাস কৰাৰ ধাৰণাই স্থান লাভ কৰিছে। কিন্তু এই সম্পৰ্কৰ অসফলতাৰ ফলত তেওঁলোক মানসিকভাৱে ভাগি পৰাৰ ঘটনাও দ্ৰুত গতিত বৃদ্ধি পাইছে।
মনোবিজ্ঞানী ডা০ ঋতুপৰ্ণা হাজৰিকাই এই সন্দৰ্ভত কয়, “লিভিং টুগেদাৰ এটা ব্যক্তিগত সিদ্ধান্ত হ’লেও অসমীয়া সমাজত ইয়াক এতিয়াও সহজভাৱে গ্ৰহণ কৰা হোৱা নাই। প্ৰেম অথবা লিভি ইন ৰিলেচনশ্বিপৰ বিচ্ছেদৰ পাছত ভুক্তভোগী যুৱক-যুৱতীয়ে পৰিয়াল তথা সমাজৰ বিভিন্ন প্ৰশ্ন আৰু মানসিক হেঁচাৰ সন্মুখীন হয়। এনে ধৰণৰ পৰিস্থিতিৰ ফলত যুৱ চাম চৰম সিদ্ধান্তৰ বশবৰ্ত্তী হয়।
অসম আৰক্ষীৰ ২০২৪ বৰ্ষৰ তথ্য অনুসৰি, আত্মহননৰ ৩৮% ঘটনাই ১৮ ৰ পৰা ৩৫ বছৰ বয়সৰ লোকৰ মাজত সংঘটিত হৈছে। যাৰ ভিতৰত উল্লেখযোগ্য সংখ্যক ঘটনাই প্ৰেম বা দাম্পত্য সম্পৰ্কৰ অসফলতাৰ সৈতে জড়িত। বহু ক্ষেত্ৰত দেখা গৈছে যে, লিভি ইনত থকা লোকসকলে সমাজিক অপবাদ, পৰিয়ালৰ চাপ, অথবা সম্পৰ্কত থকা অবিশ্বাসৰ বাবে মানসিকভাৱে ভাঙি পৰে। শেষত এনে একাংশৰ নাম বিভিন্ন অপৰাধজনিত ঘটনাৰ সৈতে সাঙোৰ খায়।
অন্যহাতে, সমাজ বিজ্ঞানীসকলৰ মতে, লিভ ইন সম্পৰ্কৰ ক্ষেত্ৰত দুয়োপক্ষৰ পৰিপক্কতা অধিক প্ৰয়োজন যদিও বাস্তৱত যুৱক-যুৱতীসকলে সচেতনতা আৰু মনস্তাত্ত্বিক সহায়ৰ অভাৱত আত্মবিধ্বংসী পথ বাচি লয়। সেয়ে এই ক্ষেত্ৰত অভিভাৱকৰ সজাগতা অতি প্ৰয়োজন।
শিক্ষা প্ৰতিষ্ঠানসমূহত মানসিক স্বাস্থ্য বিষয়ক সজাগতা বঢ়োৱা,অভিভাৱকে প্ৰেম তথা সংবেদনশীল বিষয়সমূহত সন্তানৰ সৈতে মুকলিকৈ আলোচনা কৰা লগতে সন্তানৰ মানসিক স্থিতি অনুযায়ী তেওঁলোকক সমৰ্থন কৰা আৰু পৰামৰ্শ দিয়া একান্তই প্ৰয়োজন।
এই ক্ষেত্ৰত যুৱক-যুৱতীসকলেও নিজ আৱেগ-অনুভূতিক কিছু সংযত কৰি ৰখা উচিত। খৰখেদাকৈ বা আনক দেখি লোৱা লিভ ইনৰ সিদ্ধান্তৰ বাবে পিছলৈ অনুশোচনা কৰিবলগীয়া হয়। জীৱনটো অপ্ৰয়োজনীয়ভাৱে জটিল হৈ পৰে।
সময়ৰ লগে লগে যুৱ সমাজৰ মাজত নতুন জীৱনশৈলীৰ বিকাশ হোৱা স্বাভাৱিক। কিন্তু সেই বিকাশৰ লগত সংগতি ৰাখি মানসিক স্বাস্থ্য আৰু সামাজিক দৃষ্টিভংগীৰো উন্নয়ন অনিবার্য।