অতীত হৈ পৰক ভাইৰেল ভলুকা বাঁহ, বন্দুকৰ গুলী আৰু বন্ধ…

অতীত হৈ পৰক ভাইৰেল ভলুকা বাঁহ, বন্দুকৰ গুলী আৰু বন্ধ…

author-image
asomiyapratidin
New Update
অতীত হৈ পৰক ভাইৰেল ভলুকা বাঁহ, বন্দুকৰ গুলী আৰু বন্ধ…

♦ ডি জে ধনন্তৰি

Advertisment

(১)

'ভাষা আৰ সেতু নয়
ভাষা আজ অন্তৰায়…'

বন্ধ প্ৰদেশ অসম! এটা সময়ত অসমক লৈ এই মন্তব্য কৰিছিল বহুতেই। ১২ ঘণ্টীয়া, ২৪ ঘণ্টীয়া, ৩৬ ঘণ্টীয়া, ৪৮ ঘণ্টীয়া, উজনি, নামনি, মধ্য, বিটিএডি, অমুক জিলা, অমুক মহকুমা….। মুঠৰ ওপৰত হৰেক ৰকমৰ বন্ধ। বন্ধ কিমান আছিল তাৰ হিচাপ কৰাতকৈ কিমান দিন বন্ধ নাই সেই হিচাপ কৰাতোহে উজু আছিল।

লাহে লাহে সময় সলনি হ'ল। বন্ধৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিলে। ছ'চিয়েল মিডিয়া আহিল। ছ'চিয়েল মিডিয়াক প্ৰথমে ডেকা-ডেকেৰীৰ টাইমপাছ বুলিয়েই জ্ঞান কৰিলে সকলোৱে। মধ্যপ্ৰাচ্যত ছ'চিয়েল মিডিয়াই যেতিয়া বসন্ত বিপ্লৱৰ সূচনা কৰিলে তেতিয়াই সকলোৱে ইয়াৰ শক্তিৰ উমান পালে। চকুৰ পচাৰতে ছ'চিয়েল মিডিয়াই কেনেকৈ সকলোকে নিজৰ অধীনস্থ কৰি পেলালে তাৰ কোনো উম-ঘামেই নাপালে।

বহু কথাই এতিয়া ছ'চিয়েল মিডিয়াই নিয়ন্ত্ৰণ কৰে। জনমত গঠনত বৰ্তমান সময়ত সংবাদ মাধ্যমতকৈও আগত ছ'চিয়েল মিডিয়া। আনকি সংবাদ মাধ্যমসমূহেও নিজৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে ছ'চিয়েল মিডিয়াৰ সহায় ল'বলৈ বাধ্য হৈ পৰিছে। এতিয়া ছ'চিয়েল মিডিয়াত কাৰ একাউণ্ট নাই? প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ অসম আৰক্ষীয়েও ছ'চিয়েল মিডিয়াত প্ৰতি মুহূৰ্ততে সষ্টম হৈ থাকে।

এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে ২-৩ বছৰ পূৰ্বে বন্ধৰ বিৰুদ্ধে গঠন হৈছিল প্ৰবল জনমতৰ। ফেচবুক, হোৱাটছএপত বন্ধৰ বিৰুদ্ধে এনে প্ৰচাৰ চলিছিল যে অসমত দুই-এটা সংগঠনে কোনো গুৰুতৰ বিষয়ত বন্ধ দিয়াৰ বাদে আন বন্ধবোৰক কোনোৱে কেৰেপ নকৰা হ'ল। আলফা আৰু ছাত্ৰ সন্থাৰ বন্ধত আগতে স্তব্ধ হৈ পৰিছিল সমগ্ৰ অসম। পিছলৈ সেয়াও হ্ৰাস পায়।

(২)

হিন্দু বাংলাদেশীক সংস্থাপনক লৈ অসমৰ চৌদিশ উত্তাল। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৃষ্টি হোৱা এনে উত্তাল পৰিৱেশৰ উমান পোৱা গৈছে ছ'চিয়েল মিডিয়াতো। ফেচবুকত সৃষ্টি হৈছে এক আৱেগ। আগতে ইংৰাজীত পোষ্ট দিয়াসকলেও সম্প্ৰতি অসমীয়া ভাষাতে ফেচবুক, হোৱাটছএপত পোষ্ট-মেছেজ লিখিবলৈ আৰম্ভ কৰিছে। অসমীয়া ভাষাৰ ভৱিষ্যতৰ বাবে এয়া এক আশাৰ বতৰা। ইয়াৰ মাজতে পুনৰ বন্ধৰ প্ৰসংগ আহি পৰে।

৬০টাকৈ জাতীয়তাবাদী দল-সংগঠনে যোৱা ২৩ অক্টোবৰত আহ্বান জনায় ১২ ঘণ্টীয়া অসম বন্ধৰ। ছ'চিয়েল মিডিয়াত বন্ধ বিৰোধী যি আন্দোলন নীৰৱে গঢ় লৈ উঠিছিল তৎসত্বেও জাতীয়তাবাদী চিন্তাৰে পৰিপুষ্ট ভিন্নজনে সেই বন্ধক মুকলিকৈ সমৰ্থন জনাবলৈ আগবাঢ়ি আহে। এই বন্ধক জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা চৰকাৰে প্ৰতিশ্ৰুতি পাহৰি পেলোৱাৰ প্ৰতিবাদ হিচাপে গণ্য কৰা পৰিলক্ষিত হয়। ফলত চৰকাৰে বন্ধ ব্যৰ্থ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেও সেই দিনা সমগ্ৰ ৰাজ্যতে দেখা যায় বন্ধৰ পূৰ্ণ প্ৰভাৱ।

(৩)

আকৌ বন্ধ। তিনিচুকীয়াত সংঘটিত হত্যাকাণ্ডৰ প্ৰতিবাদত এই বন্ধ। ব্যৱধান প্ৰায় ৭ দিনৰ। এইবাৰ পিছে বন্ধৰ কোনো প্ৰভাৱ পৰা দেখা নগ'ল। বন্ধৰ যে কোনো প্ৰভাৱ নপৰে তাৰ উমান পোৱা গৈছিল আগদিনাখনেই। ছ'চিয়েল মিডিয়া ভৰি পৰিছিল বন্ধ বিৰোধী পোষ্টেৰে। ফেচবুকৰ টাইমলাইনত সকলোৰে এটাই মন্তব্য-এই বন্ধ তেওঁলোকে পালন নকৰে।

অৱশেষত আজি পুৱাৰে পৰা সন্ধিয়ালৈ বন্ধৰ সামান্য প্ৰভাৱহে পৰে ৰাজ্যখনত। বন্ধৰ আহ্বান জনোৱা সংগঠনটোৱে ২৪ ঘণ্টীয়া বন্ধৰ কথা ঘোষণা কৰিছিল যদিও ৰাইজে সঁহাৰি নজনোৱাত ১২ঘণ্টালৈ সময়সীমা হ্ৰাস কৰে।

(৪)

ভলুকা বাঁহ। শনিবাৰৰ দিনটোত অধিক চৰ্চিত হৈ পৰা এটা বিশেষ শব্দ। বন্ধৰ সমৰ্থনত ওলাই আহিছিল ৫০-৬০ জনীয়া এটা দল। ২ নৱেম্বৰত ছৈখোৱা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আহ্বান জনোৱা তিনিচুকীয়া বন্ধৰ সময়তে জিলাখনৰ এক স্থানত বাইকেৰে সমদল কৰি গৈছিল বন্ধ সমৰ্থনকাৰীসকল।

বন্ধ সমৰ্থনকাৰীসকলে দোকান-পোহাৰ বন্ধ কৰিবলৈ দাবী-ধমকি দিবলৈ চেষ্টা চলোৱাত এজন লোকে হাতত তুলি লয় এডাল ভলুকা বাঁহ। সেই বাঁহডাল লৈ যুৱকজনে বন্ধ সমৰ্থনকাৰীসকলক এফালৰ পৰা প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। দীঘল ভলুকা বাঁহ লৈ এনেদৰে আক্ৰমণাত্মক হৈ পৰা বন্ধ বিৰোধী লোকজনক দেখি বন্ধ সমৰ্থনকাৰীসকলে উক্ত স্থানৰ পৰা পলাই পত্ৰং দিয়ে।

ভলুকা বাঁহ হাতত লৈ বন্ধৰ বিৰোধিতা জনোৱা লোকজনৰ সমগ্ৰ কাণ্ড কোনো লোকে কেমেৰাত বন্দী কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰে। লগে লগে ভাইৰেল হৈ পৰে ভিডিঅ'টো। হাজাৰ হাজাৰ লোকে ভিডিঅ'টো প্ৰত্যক্ষ কৰি ভলুকা বাঁহক লৈ meme ক্ৰিয়েট কৰিবলৈ আৰম্ভ কৰে। একাংশ লোকে 'আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই'ৰ দৰেকৈ 'আছে ভলুকা বাঁহ লোৱা নাই, ল'লে ভলুকা বাঁহ ৰক্ষা নাই' জাতীয় সংলাপেৰে meme ক্ৰিয়েট কৰি শ্বেয়াৰ কৰাও দেখা গৈছে।

এনেকৈয়ে শনিবাৰৰ দিনটোত ৰাজ্যৰ ছ'চিয়েল মিডিয়া গৰম কৰি ৰাখে ভলুকা বাঁহে। বহুতে ভলুকা বাঁহক অসমীয়া জাতিৰ ৰক্ষক বুলি কোৱাও দেখা গৈছে। আনকি ৩-৪ ঘণ্টাৰ ভিতৰতে ভলুকা বাঁহৰ নামত কোনো লোকে পেৰ'ডী ফেচবুক একাউণ্টো ক্ৰিয়েট কৰিছে।

(৫)

ধূসৰ সময়। কেনেকৈ এনে পৰিস্থিতিৰ উদ্ভৱ হ'বলৈ পালে সেয়া আমাৰ বাবে অজ্ঞাত। কাৰ কি উদ্দেশ্য সেয়াও আমি নাজানো। আমি এটা কথাই জানো তেওঁলোকে তেজেৰে খেলি ভাল পায়। আমি যদি জীয়াই থকাৰ সপোন দেখো, তেওঁলোকে দেখে আমাক হত্যা কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰাৰ সপোন।

তেওঁলোকৰ এই জিঘাংসু সপোনৰ সমুখত আমি তেনেই অসহায়। গোপনে জুই জ্বলোৱাটোৱেও তেওঁলোকৰ স্বভাৱ। ১৯৮৩তো তেনে লোকসকলেই জুই জ্বলাইছিল। এতিয়াও যেন তাৰেই কুচ-কাৱাজ চলিছে।

আমি কি ভাগ ভাগ আছিলো? আমি একেলগেই আছিলো। সাগৰৰ পানী মিলি আছে। সেই সাগৰৰ পানী মেঘ হৈ আকাশলৈ উঠিছে। মেঘবোৰো একেলগেই আছে। বৰষুণ হৈ সৰিছে মেঘবোৰ। টোপালবোৰ একেই, পানীৰে পৰিপূৰ্ণ। সেই টোপালবোৰেই ভৰাই তোলে নৈৰ বুকু। জীপাল কৰে হাবি-বন, শস্যৰ পথাৰ। পিছে ক'ৰপৰা জানো এজাক কাল ধুমুহা আহে আৰু মেঘবোৰক কোনো অজ্ঞাত অঞ্চললৈ উৰুৱাই নি টোপালবোৰৰ মাজত সৃষ্টি কৰে সংঘৰ্ষৰ। কাল ধুমুহাৰ কোবত টোপালবোৰ খুন্দা খাই আৰু নিমিষতে নাইকিয়া হৈ পৰে বৰষুণ।

ভাষানো কি? সাধাৰণ অৰ্থত "মানুহে মনৰ ভাৱ এজনে আন এজনক প্ৰকাশ কৰাকে ভাষা বোলে ৷'' সেইবুলি দূৰৰ মানুহ এজনক হাত বাউল দি মতা, মূৰ দুপিওৱা অথবা কাঁহ মাৰোতে, হাঁচি মাৰোতে হোৱা শব্দক ভাষা বুলি ক'ব নোৱাৰি ৷ ভাষা হ'ল- "কোনো বিশিষ্ট জন-সমষ্টিৰ মাজত পাৰস্পৰিক মনৰ ভাৱ আদান-প্ৰদানৰ অৰ্থে ব্যৱহাৰ হোৱা স্পষ্ট অৰ্থযুক্ত ধ্বনি সমষ্টি৷

বিজ্ঞজনে কয় যে ভাষাই মানুহৰ মাজত সেঁতু গঢ়ে। ভাষাৰ জৰিয়তেই আমি উপলব্ধি কৰো আপোনজনৰ দুখ-বেদনা। ভাষা আছে বাবেই আমি আপোনজনক ক'ব পাৰো বুকুৰ ভিতৰৰ কথা। পিছে এতিয়া সেই সেঁতু কালধুমুহাই উৰুৱাই নিবৰ উপক্ৰম ঘটিছে। এনে পৰিস্থিতিৰ কথা উপলব্ধি কৰিয়েই বংগৰ শিল্পী নচিকেতাই গীতেৰে কৈছে- 'ভাষা আৰ সেতু নয়/ভাষা আজ অন্তৰায়…'

সঁচাকৈয়ে আমি ক'ব নোৱাৰাকৈয়ে কোনো স্বাৰ্থান্বেষী চক্ৰৰ বাবে আজি ভাষাৰ বাবে পৃথক হৈ পৰিছে মানুহ। আচলতে মানুহ ভাষাৰ বাবে পৃথক হোৱা নাই। পৃথক কৰা হৈছে বলপূৰ্বকভাৱে।

(৬)

এতিয়া অশান্ত হৈ পৰিছে দিন। জীয়াই থকাৰ আশাও তেনেই ক্ষীণ। তথাপি আশাবাদী মানুহ। সেয়ে মানুহে সপোন দেখে যে অশান্ত দিনবোৰ আঁতৰিব আৰু পোহৰৰে উপচি পৰিব পৃথিৱী। মানুহৰ মাজত থকা এলান্ধুকলীয়া চিন্তাবোৰ নাইকিয়া কৰি উজলাই তুলিব মন-প্ৰাণ। ওপৰত উল্লেখ কৰা একেগৰাকী শিল্পীৰ ভাষাত, 'একদিন ঝড় থেমে যাবে/পৃথিৱী আবাৰ শান্ত হবে…।'

শিল্পীগৰাকীৰ দৰেকৈ আমিও আশা কৰো যি অশান্ত পৰিস্থিতি সৃষ্টি হোৱাৰ উপক্ৰম ঘটিছে সংঘটিত হ'বলৈ পোৱাৰ পূৰ্বেই তাৰ অৱসান ঘটিব। ভাষা অন্তৰায় নহৈ পুনৰ হৈ পৰিব সমন্বয়ৰ সেতু। সকলোৱে সমস্বৰে গাব সুধাকণ্ঠৰ কালজয়ী গান- 'মানুহে মানুহৰ বাবে…।' আৰু এনেকৈয়ে হেৰাই যাব বন্দুকৰ গুলী। হেৰাই যাব বন্ধৰ আহ্বান। হেৰাই যাব ভলুকা বাঁহৰ ভাইৰেল হৈ পৰা সেই 'প্ৰহাৰ' ৰূপ।