/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/boat-special-dp.jpg)
► ধ্ৰুৱজ্যোতি ধনন্তৰি
আজি হাতত খবৰ কাকত। কাইলৈ খবৰ হ'ব পাৰে এই দুই হাত। যিখন হাতেৰে আজি আপুনি-মই মোবাইলটো চুই ফেচবুক, হোৱাটছএপ খুলিছো আৰু দুখৰ বাতৰি পঢ়ি উচুপি উঠিছো, কাইলৈ সেই হাত দুখনৰ সৈতে আপোনাৰ-মোৰ ফটোখন দেখি হয়তো ইস-আস কৰি উঠিব আনসকল। এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে তেনে সম্ভাৱনা।
মানুহজনে অলপ আগলৈকে টিভি চাই আছিল। দিখৌত সংঘটিত সেই মৰ্মান্তিক ঘটনাৰ বাহনখন আৰু পাঁচটাকৈ মৃতদেহ উদ্ধাৰৰ দৃশ্য চাই দুচকু সেমেকি উঠিছিল মানুহজনৰ। ঠিক সেই সময়তে টিভিত বাজি উঠিছিল উত্তৰ গুৱাহাটীত নাও দুৰ্ঘটনাৰ ব্ৰেকিং নিউজ। অজান আংশকাত কপি উঠিছিল মানুহজনৰ বুকু।
কিছুসময় পূৰ্বে নাও এখনত উঠি ঘৰলৈ আহি থকা বুলি ফোনযোগে মানুহজনক জনাইছিল তেওঁৰ কন্যাই। ফোনত দিখৌত হৰেন বৰাৰ পৰিয়ালটোৰ সন্ধান পোৱাৰ দৃশ্য ফেচবুকত লাইভযোগে চাই থকাৰ কথাও কৈছিল কন্যাই। এইবোৰৰ মাজতে নতুন ব্ৰেকিং নিউজটো পাই বুকুৰ ঢপঢপনি বাঢ়িছিল মানুহজনৰ।
কন্যালৈ ফোন লগাইছিল। ফোন ৰিং হৈছিল, পিছে ৰিচিভ কৰা নাছিল। কেবাবাৰো ৰিং হৈ কাটি যোৱাত শংকিত মনেৰে যেনেকৈ আছিল তেনেকৈয়ে ঘাট পাইছিল মানুহজন। আৰু ঘাটত ৰৈ আছিল সেই দুসংবাদে। তেওঁৰ মৰমৰ কন্যা অংকিতা আৰু নাই। উত্তৰ গুৱাহাটীত বুধবাৰে দুপৰীয়া সংঘটিত হোৱা শোকাৱহ নাও দুৰ্ঘটনাত প্ৰাণপণে প্ৰাণ বচাবলৈ চেষ্টা কৰিও প্ৰাণ হেৰুৱাই এটা নিথৰ দেহ হৈ পৰিছিল কটন বিশ্ববিদ্যালয়ত শিক্ষক দিৱস উপলক্ষে শিক্ষাগুৰুক প্ৰণাম জনাই ঘৰমুৱা হোৱা অংকিতা।
অংকিতাৰ লগতে তেওঁৰ বান্ধৱী দিম্পী দাসৰো প্ৰাণ কাঢ়িছিল এই নাও দুৰ্ঘটনাই। ভয়াৱহ এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে অতি কমেও ১২ গৰাকী যাত্ৰীৰ। নাওখনত কিমান যাত্ৰী আছিল সেয়া এতিয়ালৈ নিশ্চিত কৰিব নোৱৰাত নিহত আৰু সন্ধানহীন লোকৰ প্ৰকৃত তথ্য এই পৰ্যন্ত পোৱা হোৱা নাই।
পাবই বা কেনেকৈ? ২০১২ চনৰ ৩০ এপ্ৰিলত ধুবুৰীৰ মেদেৰটাৰীত সংঘটিত শোকাৱহ দুৰ্ঘটনাৰ পৰাও কোনো শিক্ষা নোলোৱা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ পৰা এনে আশা কৰিবই বা কেনেকৈ?
মেদেৰটাৰীৰ সেই শোকাৱহ নাও দুৰ্ঘটনাৰ সময়ত চৰকাৰ তথা বৰমূৰীয়াসকলে ৰাজ্যবাসীক আশ্বাস দিছিল ব্যৱস্থা গ্ৰহণৰ। কিন্তু কি ব্যৱস্থা লোৱা হ'ল ইমান বছৰে? ঘোষণা কৰিছিল অসমত আৰু মেদেৰটাৰীৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নঘটে। পিছে ক'তা? দিখৌৰ কৰুণ ঘটনাই ৰাজ্যবাসীক শোকাকুল কৰি তোলাৰ মাজতে আজি কিয় সংঘটিত হ'বলৈ পালে উত্তৰ গুৱাহাটীৰ নাও দুৰ্ঘটনা?
প্ৰশ্ন আমি কাক কৰিম? কোনে দিব উত্তৰ? আমি কেৱল কান্দিম আৰু কান্দিম। তাৰ মাজতে অংকিতাৰ মৃতদেহৰ কাষত থিয় হৈ কান্দি কান্দি পিতৃয়ে প্ৰশ্ন কৰিছে অবৈধ ভটভটী চলাচল কিয় বন্ধ নহয় বুলি? আভ্যন্তৰীণ জল পৰিবহণ বিষয়াৰ ঘোঁচখোৰ কৰ্মচাৰীৰ বাবেই আজিও বিপদজনকভাৱে এই ভটভটীবোৰ চলি থকা বুলিও অভিযোগ তুলিছে অংকিতাৰ দুৰ্ভগীয়া পিতৃয়ে।
এনেদৰে দীৰ্ঘদিন ধৰি অনিয়মৰ মাজেৰেই উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত চলাচল কৰি আহে অসংখ্যা ফেৰী। এই ফেৰীসমূহত নাই দুৰ্ঘটনাৰ সময়ত বিপদৰ পৰা হাত সাৰিব পৰা কোনো ব্যৱস্থা। লাইফ জেকেট তথা আন সুৰক্ষা ব্যৱস্থা নোহোৱা ফেৰীসমূহেৰেই প্ৰতিদিনে ইপাৰ-সিপাৰ হৈ আহিছে উত্তৰ গুৱাহাটীৰ হাজাৰ হাজাৰ লোক। এনেদৰেই আহ-যাহ কৰিবলৈ বাধ্য উত্তৰ গুৱাহাটীবাসী।
কেইবছৰমান পূৰ্বে চৰকাৰে উত্তৰ গুৱাহাটীবাসীক ৰোপ ৱেৰ সপোন দেখুৱাইছিল যদিও সেয়া সপোন হৈয়ে ৰ'ল। দলং নিৰ্মাণৰ কথাও মাজে মাজে শুনিবলৈ পাই উত্তৰ গুৱাহাটীবাসীয়ে। শৰাইঘাট দলঙেৰে ঘূৰি আহিলেও ট্ৰেফিক জামৰ বাবে অধিকাংশ লোকে দূৰত্ব চমু কৰা ফেৰী সেৱাকেই আগস্থান দি আহিছে।
এনে এক গুৰুত্বপূৰ্ণ জল পৰিবহণ সেৱাক উন্নত কৰি তোলাৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰসমূহৰ দৰেই তেনেই উদাসীন বৰ্তমানৰ শাসনাধিষ্ঠিত চৰকাৰখন। পৰিৱৰ্তনৰ শ্লোগান দিয়া চৰকাৰখনে বাৰিষা লুইত ফেনে-ফুটুকাৰে ওফন্দি উঠিলেই সাময়িকভাৱে ফেৰী সেৱা বন্ধৰ নিৰ্দেশ দিয়েই দায়িত্ব সামৰে।
আচৰিত কথা এয়ে যে যি সময়ত চুবুৰীয়া বাংলাদেশত জলপৰিবহণ সেৱা অত্যাধুনিক হৈ পৰিছে সেই সময়ত উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ব্ৰহ্মপুত্ৰৰ বুকুত চলে আওপুৰণি বিপদজনক মেচিন নাও বা ভটভটী। মানুহৰ জীৱনৰ কথা চিন্তা কৰি ব্ৰহ্মপুত্ৰৰ কোবাল সোত ভেদি ইপাৰ-সিপাৰ অতিক্ৰম কৰিব পৰা জাহাজ চলাচলৰ ব্যৱস্থা কৰাতকৈও পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰে আগস্থান দিয়ে নদী পূজনত।
নদীক পূজা কৰিলেই সকলো সমস্যাৰ শেষ হয় বুলি ভবা অতি ভক্তিবাদী চৰকাৰে লুইতৰ পাৰত ভৰ বাৰিষা ৰাজকোষৰ কোটি কোটি টকা শৰাধ কৰি আয়োজন কৰে নমামি মহোৎসৱৰ। এয়াই চৰকাৰৰ জনসাধাৰণৰ প্ৰতি দায়িত্ব। এই আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ যুগত নদীক পূজা কৰিয়েই নদী কেন্দ্ৰিক সকলো সমস্যা সমাধান কৰিব পাৰে বুলি ভবা চৰকাৰখনৰ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজতে ইংলেণ্ড-আমেৰিকা বাদেই দিলো বাংলাদেশৰ নদীত চলাৰ দৰে জাহাজ চলাচলৰ ব্যৱস্থা কৰি দিবলৈকো ধনৰ অভাৱ!
অথচ সেই একেখন চৰকাৰৰ অধীনস্থ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বিলাসী 'জলপৰী'ক নতুন প্ৰেয়সীক প্ৰেমিকে দিয়া গুৰুত্বতকৈও অধিক গুৰুত্ব আৰোপ কৰি সকলোধৰণৰ ব্যৱস্থা কৰি দিবলৈ অহৰ্নিশে সাজু হৈ থাকে। এনে গুৰুত্বৰ বাবে চকুৰ সমুখতে একাধিক যাত্ৰীসহ এখন নাও নিখোজ হৈ পৰাৰ পিছতো নিশা এপৰলৈ জলপৰীত চলে প্ৰমোদ বিহাৰ।
দিখৌৰ বুকুত এখন ছুইফট ডিজায়াৰৰ সন্ধান উলিয়াওতে দেশ তথা ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগক প্ৰয়োজন হয় ৫টাকৈ দিনৰ। অত্যাধুনিক যন্ত্ৰপাতি লৈ উদ্ধাৰ অভিযানত নামিও হাৰ মানে বিশাখাপট্টনমৰ পৰা অহা নৌসেনাৰ বিশেষভাৱে প্ৰশিক্ষিত বিশেষ বাহিনী। এয়াই আমাৰ দেশৰ বাস্তৱ। আমি যদি কেৰালাৰ বানৰ উদ্ধাৰ অভিযানক লৈ গৌৰৱ কৰো, আমি যদি ছিয়াঙৰ পৰা হেলিকপ্টাৰেৰ আৱদ্ধ বহু লোকক তাৎক্ষণিকভাৱে উদ্ধাৰ কৰাক লৈ আশ্বস্ত হৈ পৰো ক্ষন্তেক পিছতে সেই সকলো গৌৰৱ, সেই সকলো সন্তুষ্টি ডুব যায় দিখৌৰ বোকা মিহলি পানীত, উটি যায় ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত।
তাৰ পিছত আকৌ সেই একেই দশা। আমি মেদেৰটাৰীৰ অৰ্ধশতাধিক যাত্ৰীয়ে প্ৰাণ হেৰুওৱা নাও দুৰ্ঘটনাটোক পাহৰি যোৱাৰ দৰেকৈ পাহৰি পেলাম সকলো। দুদিনলৈ উত্তৰ গুৱাহাটী-গুৱাহাটীৰ মাজত বন্ধ থাকিব ফেৰীৰ চলাচল। চাৰি দিনৰ পিছত পুনৰ দেখা যাব সেই একেই দৃশ্য। বুঢ়া ইঞ্জিনেৰে ঘট ঘটকৈ বিকট শব্দ কৰি লুইতৰ উটুৱাই নিও উটুৱাই নিও কৰা সোঁত ফালি চলিবলৈ ল'ব ভটভটী।
সেই ভটভটীত আমিবোৰেই উঠিম। কাৰণ আমাৰ হাতত আন কোনো বিকল্প নাই। আমি আজি মেদেৰটাৰীৰ পৰা আৰম্ভ কৰি বিশ্বৰ সমগ্ৰ নাও দুৰ্ঘটনা নেটত ছাৰ্চ কৰি চাই লৈ ফেচবুকত আপডেট দি, হোৱাটছএপত ফৰৱাৰ্ড কৰি সকলোকে সতৰ্ক হ'বলৈ কৈ পুনৰ আগৰ দৰেই আহ-যাহ কৰিম বিপদসংকুল ফেৰীত। আমি অসহায়। সতৰ্ক হও বুলিলেও সতৰ্ক হোৱাৰ কোনো উপায়েই আমাৰ হাতত নাই। এয়াই হৈছে জীয়া বাস্তৱ। এই জীয়া বাস্তৱে কাক কেতিয়া ব্ৰেকিং নিউজ কৰি তোলে তাৰ কোনো নিশ্চয়তা নাই!