'অসম শিশু নাট্য বিদ্যালয়ৰ' বিশেষ কৰ্মশালা

অসমত শিশু নাট্যৰ ক্ষেত্ৰত এক বিশেষ বাট মুকলি কৰা যশস্বী নাট্যকাৰ,পৰিচালক,অভিনেতা মানিক ৰয়ে জন্ম দিয়া 'অসম শিশু নাট্য বিদ্যালয়ে' বিগত প্ৰায় তিনিটা দশক ধৰি অসমত শিশু নাট্য আন্দোলনটোৰ গুৰি ধৰি আহিছে।

author-image
Asomiya Pratidin
New Update
fjngf

ডিজিটেল ডেস্ক : অসমত শিশু নাট্যৰ ক্ষেত্ৰত এক বিশেষ বাট মুকলি কৰা যশস্বী নাট্যকাৰ,পৰিচালক,অভিনেতা মানিক ৰয়ে জন্ম দিয়া 'অসম শিশু নাট্য বিদ্যালয়ে' বিগত প্ৰায় তিনিটা দশক ধৰি অসমত শিশু নাট্য আন্দোলনটোৰ গুৰি ধৰি আহিছে। ইতিমধ্যেই গুৱাহাটী মহানগৰীৰ সীমা অতিক্ৰমী দেশৰ ভিন্ন প্ৰান্তত তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়তো আয়োজিত শিশু নাট্য উৎসৱ আদিত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা গুৱাহাটী শিশু নাট্য বিদ্যালয়ে নিয়মীয়া প্ৰশিক্ষণৰ লগতে প্ৰতি বছৰে শিশু নাট্য উৎসৱ আৰু কৰ্মশালাৰ আয়োজন কৰি আহিছে।

Advertisment

এই কৰ্মশালাৰ জৰিয়তে শিশু নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে অন্য শিশু, চেমনীয়া শিক্ষাৰ্থীসকলেও অভিনয়,নৃত্য,সংগীত আদিৰ বুনিয়াদী কিন্তু পৰিপক্বতাৰ মূল শিক্ষা লাভ কৰি আহিছে। এইবেলিও অহা ৫জুলাইৰ পৰা ২০ জুলাইলৈ বিষ্ণু নিৰ্মলা ন্যাসৰ সহযোগত গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে।

৬বছৰ বয়সৰ পৰা ১৪ বছৰ বয়সলৈ যিকোনো শিশু-চেমনীয়াই এই কৰ্মশালাত অংশ ল'ব পাৰিব। পুৱা ৯ বজাৰ পৰা বিয়লি ১.৩০বজালৈ এই কৰ্মশালাত প্ৰশিক্ষণ দিয়া হ'ব। গুৱাহাটীৰ লতাশিলত থকা বিষ্ণু নিৰ্মলা ভৱনত এই কৰ্মশালা আয়োজন কৰা হৈছে।

অহা ৩জুলাই আৰু ৪ জুলাইত সন্ধিয়া ৫বজাৰ পৰা ৭বজাৰ ভিতৰত এই কৰ্মশালাত প্ৰ-পত্ৰ প্ৰদান কৰা হ'ব। প্ৰ-পত্ৰ সংগ্ৰহ তথা অন্য যাৱতীয় সকলো তথ্যৰ বাবে 98640 47363 7002605792নম্বৰ দুটাত যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। লগতে যোগাযোগৰ বাবে এটা ই-মেইলো দিয়া হৈছে- gsnv1998@gmail.com। আগ্ৰহীসকলে যোগাযোগ কৰিব পাৰে। এই কৰ্মশালাৰ পৰিচালক তথা তত্ত্বাৱধায়ক হৈছে মানিক ৰয়।

কৰ্মশালা নাট কৰ্মশালা