/asomiyapratidin/media/media_files/2024/12/25/JVcFhWv00awrSa2mQtjg.png)
guwahati press club
ডিজিটেল ডেস্ক : অসমৰ ডিজিটেল মিডিয়াৰ জগতলৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে দুগৰাকী সাংবাদিক আৰু এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাক গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে 'ই-শিৰোমণি’ সন্মান প্ৰদান কৰা হয়। এই সন্মান প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে ই-সংবাদৰ মুখ্য সম্পাদক ড০ দীনেশ বৈশ্য।
/asomiyapratidin/media/media_files/2024/12/25/Dtn1BEDqr7VpDT9B3sUO.jpg)
গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি তথা পিটিআইৰ জ্যেষ্ঠ সাংবাদিক সুস্মিতা গোস্বামী, প্ৰতিদিন ডিজিটেলৰ জ্যেষ্ঠ সাংবাদিক, লেখক মৃদুল কুমাৰ সন্দিকৈ আৰু চলচ্চিত্ৰ নিৰ্মাতা তথা সামাজিক মাধ্যমৰ যোগেদি জনমত গঠনত সক্ৰিয় ভূমিকা পালন কৰি অহা লুইত কুমাৰ বৰ্মনক এই সন্মান প্ৰদান কৰা হয়। ই-শিৰোমণি সন্মান প্ৰদান কৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি 'অসমৰ সাংবাদিকতাত ডিজিটেল মিডিয়া আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ' শীৰ্ষক বিষয়ত বক্তব্য প্ৰদান কৰে আন এজন যুৱ সাংবাদিক চক্ৰপাণি পৰাশৰে।
নিজৰ অভিজ্ঞতাৰ পৰা পৰাশৰে কয় যে মোবাইল ফোনে সমগ্ৰ দেশতে চমকপ্ৰদ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে আৰু এই মোবাইলৰ যোগেদি ডিজিটেল মাধ্যমে দেশৰ সকলো ক্ষেত্ৰতে বিশেষকৈ ভাৰতৰ দৰে বিশাল জনবহুল দেশত ব্যাপক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/media_files/2024/12/25/28L18e0FfcEPn1XJcEG4.jpg)
মুক্ত আৰু স্বতন্ত্ৰ নিউজ ৱেবছাইট newsnextone.comৰ অনলাইন দৈনিক 'ই-সংবাদ’ৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত 'ই-শিৰোমণি’ সন্মান লাভ কৰি জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামীয়ে কয় যে ডিজিটেল প্লেটফৰ্মে সংবাদ মাধ্যমৰ ব্যৱস্থাটোক সহজ কৰি তুলিছে ৷ লিখা মাধ্যম গুৰুত্বপূৰ্ণ বুলি কৈ গোস্বামীয়ে কয় যে আমি সকলোৱে প্ৰথমে লিখা মাধ্যমক গুৰুত্ব দিবলগীয়া হয় ৷
লিখাৰ সময়ত শুদ্ধ কৰিব পৰাৰ ব্যৱস্থা থাকে ৷ লিখোতে আমি অশুদ্ধটো কেনেধৰণে শুদ্ধ কৰিব পাৰে তাৰ পৰা আমি ডিজিটেল মিডিয়াৰ কামখিনি শিকিব পাৰো ৷ লিখাৰ সময়ত শব্দৰ প্ৰয়োগ নাজানিলে সফল হ’ব নোৱাৰি বুলিও কয় সুস্মিতা গোস্বামীয়ে।
/asomiyapratidin/media/media_files/2024/12/25/UVQrEXNB7nsgc8YaLS6C.jpg)
আনগৰাকী সন্মান প্ৰাপক সাংবাদিক মৃদুল কুমাৰ সন্দিকৈয়ে সামাজিক মাধ্যমত কেনেকৈ দায়িত্বশীল হৈ থাকিব পাৰি সেই কথাক গুৰুত্ব দি কয় যে ভিউৱাৰ্ছ কিমান পাইছে, টকা উপাৰ্জন কিমান কৰিছে সেয়া ডাঙৰ কথা নহয়, এগৰাকী সাংবাদিক হিচাপে দায়বদ্ধ হোৱাতোহে আচল কথা। ছ’চিয়েল মিডিয়াৰ এক্টিভিষ্ট লুইত কুমাৰ বৰ্মনে সন্মান গ্ৰহণ কৰি কয় যে বঁটা লাভ কৰিলে ভাল পায় ৷
বৰ্মনে দাবী কৰি কয় যে এতিয়া ছ’চিয়েল মিডিয়াত সকলোৱে একো একোগৰাকী সাংবাদিক ৷ সকলোৱে সত্যৰ হকে লিখা-মেলা কৰিবলৈ ওলাই আহক ৷ তেতিয়া মই বেছি সুখী হ’ম ৷ এজন লুইত কুমাৰ বৰ্মনে সমাজ সলনি কৰিব নোৱাৰে ৷ মোক কমেণ্টত দাদা লগত আছো বুলি কোৱাতকৈ সকলোৱে নিজেই নিজেই কথাবোৰ কোৱা আৰম্ভ কৰক ৷
/asomiyapratidin/media/media_files/2024/12/25/V1lvPiuihfieCTJc1QzC.jpg)
ৰাজ্যত যিবোৰ ঘটনা ঘটি আছে সকলোবোৰৰ বিৰুদ্ধে মানুহক মাত মতাৰ আহ্বান জনাই লুইত কুমাৰ বৰ্মনে সামাজিক মাধ্যমত লিখাৰ বাবে এগৰাকী আইএএছে তেওঁৰ বিৰুদ্ধে মানহানি গোচৰ তৰাৰ প্ৰসংগ উল্লেখ কৰি গোচৰ তৰাৰ বাবে আনন্দিত হোৱা বুলিও কয় ৷ আজিৰ এই অনুষ্ঠানত 'ই-সংবাদ’ৰ অন্যতম শুভকাংক্ষী ছফি জামাল হুছেইনকো এখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ।
অনুষ্ঠানৰ শেষত ভাষণ প্ৰদান কৰি অনলাইন দৈনিক 'ই-সংবাদ’ৰ মুখ্য সম্পাদক, বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ, লেখক ড০ দীনেশ বৈশ্যই অসমৰ সংবাদমাধ্যমৰ বৰ্তমান স্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে ৷ তেওঁ কয় যে যিসকলে সামাজিক মাধ্যমত বিভিন্নধৰণে সক্ৰিয় হৈ থাকে, সেই সকলোৱে একোগৰাকী দায়বদ্ধ সাংবাদিক। এই সকলোৰে সমাজৰ প্ৰতি দায়বদ্ধতা আছে। যিসকল সাংবাদিকে সামাজিক দায়বদ্ধতা এৰি দিছে, সেইসকলৰ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ মাজত পাৰ্থক্য কি থাকিল বুলিও প্ৰশ্ন কৰে ড০ বৈশ্যই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us