ঐ ৰাম বাংলাদেশৰ অনিৰ্বাণৰ সৈতে অনুপ চেতিয়াৰ কন্যা বন্যাৰ বিয়া হে...

anup chetia
anup chetia
অনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱা। বিয়া হ'ল বন্যাৰ। দৰাৰ সাজত বাংলাদেশৰ অনিৰ্বাণ। স্কুলত পঢ়ি থকাৰ সময়তেই ঢাকাত হৈছিল প্ৰেম। বাংলাদেশৰ যুৱকৰ সৈতে আলফা নেতাগৰাকীৰ কন্যাৰ বিয়াক লৈ কি চলিছে চৰ্চা? অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

চাবুৱাৰ জেৰাই এখন ঘৰত ধুমধামেৰে চলিছে বিয়াৰ আয়োজন। আয়তী, উৰুলী আৰু মংগল ধ্বনিৰে মুখৰিত হৈছে সেই ঘৰৰ চৌপাশ। বিয়াৰ উপলক্ষে ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ গ'ল ন-পুৰুষৰ সকাম।

১ অক্টোবৰত স্থানীয় মহিলাসকলে তুলিলে পানী। ২ অক্টোবৰত ৰাইজক মাছে-মঙহেৰে এসাজ খোওৱা হ'ল। ৩০ অক্টোবৰৰ পৰা ২ অক্টোবৰলৈ সামাজিক নীতি-নিয়মেৰে বিয়াত কৰিবলগীয়া নিয়মবোৰ কৰা হ'ল যদিও মূল বিয়াখন হ'বগৈ অষ্ট্ৰেলিয়াত।

২৫ নম্বেম্বৰ ২০২২ ত মেলবৰ্ণৰ ইছকন মন্দিৰত বিবাহপাশত বহিব বন্যা বৰুৱা। কিন্তু বিয়াখনক লৈ কিয় ইমান চৰ্চা। বন্যাৰ দৰা হ'ব অনিৰ্বাণ। সম্পূৰ্ণ নাম অনিৰ্বাণ চৌধুৰী। অষ্ট্ৰেলিয়াত থকা অনিৰ্বাণৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিব বন্যাই।

অসমৰ বন্যা হ'ব বাংলাদেশৰ বোৱাৰী। কিয়নো অষ্ট্ৰেলিয়াত থাকিলেও অনিৰ্বাণৰ ঘৰ বাংলাদেশত। বন্যাই বাংলাদেশত থাকোঁতেই অনিৰ্বাণৰ সৈতে চিনাকী। দেউতাক মাকৰ সৈতে ঢাকাত থকাৰ সময়ত ধনগুৰি মাষ্টাৰমাইণ্ড ইণ্টাৰনেশ্যনেল স্কুলত অনিৰ্বাণৰ সৈতে একেলগে পঢ়িছিল বন্যাই।

সেই প্ৰেমৰ সম্পৰ্কৰে পূৰ্ণ ৰূপ এয়া। পিতৃৰ পৰিচয় জানিলে আপুনি হয়তো ভাবিব বাংলাদেশতেই দীৰ্ঘদিন থকা পিতৃয়ে বাংলাদেশৰে জোৱাই পালে। এসময়ত সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফাৰ শীৰ্ষ নেতাসকলৰ ভিতৰত অন্যতম আছিল অনুপ চেতিয়া।

প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল চেতিয়া। গোলাপ বৰুৱা নামেৰেও পৰিচিত অনুপ চেতিয়াক ১৯৯৭ চনৰ ২১ ডিচেম্বৰত ঢাকাৰ মহম্মদপুৰ অঞ্চলৰ পৰা বাংলাদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

অবৈধ ভাৱে বাংলাদেশত বাস কৰা বিদেশী মুদ্ৰা ৰখোৱাকে ধৰি তিনিটাকৈ গোচৰত গ্ৰেপ্তাৰ কৰা অনুপ চেতিয়াক এটা গোচৰত ৩ বছৰ, আন এটা গোচৰত ৪ বছৰ আৰু তৃতীয়টো গোচৰত ৭ বছৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছিল।

২০১৫ চনৰ ১২ নৱেম্বৰত কাচিনপুৰৰ কাৰাগাৰৰ পৰা বাংলাদেশে ভাৰতক গতাই দিছিল অনুপ চেতিয়াক। সেইজন অনুপ চেতিয়াৰে কন্যা বন্যা বৰুৱা। অনুপ চেতিয়াৰ কন্যাৰ বিবাহৰ খবৰে সামাজিক মাধ্যমতো খলকনিৰ সৃষ্টি কৰিছে।

কন্যাৰ ইচ্ছাক পিতৃয়ে সন্মান জনাই বাংলাদেশৰ যুৱক অনিৰ্বাণৰ সৈতে বিবাহ পাশত আবদ্ধ হ'বলৈ দিয়াৰ খবৰে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমত কোনো কোনোৱে এই বিষয়টোক লৈ সমালোচনা কৰিছে অনুপ চেতিয়াক।

কটাক্ষ কৰি একাংশই লিখিছে- জাতীয় জীৱনৰ কথা কোৱা আলফাৰ নামত সংগ্ৰাম কৰা নেতা সকলে নিজৰ কন্যাৰ বাবে অসমত জোৱাই বিচাৰি নাপালে। অৱশ্যে বহুতেই অনুপ চেতিয়াক শুভেচ্ছাও জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in