তাজমহল নহয়, পত্নী প্ৰেমৰ আন এক নিদৰ্শন টাটা কেন্সাৰ মেম'ৰিয়েল ফাউণ্ডেশ্যন...

tata trast
tata trast
কৰ্কট ৰোগৰ বাবে টাটা ট্ৰাষ্টে দেশজুৰি অব্যাহত ৰাখিছে প্ৰচেষ্টা। বিভিন্ন স্থানত নিৰ্মাণ কৰিছে কৰ্কট প্ৰতিষ্ঠান। টাটা ট্ৰাষ্টৰ এই কৰ্কট বিৰোধী যুঁজৰ আঁৰত আছে এক প্ৰেম কাহিনী। শ্বাহজাহানৰ পত্নী প্ৰেমৰ অমৰ নিদৰ্শনতকৈ কোনো গুণে কম নহয় এই প্ৰেম কাহিনী। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

তাজমহল...। প্ৰেমৰ এক অনন্য় স্মৃতি সৌধ। নিজ পত্নীৰ স্মৃতি যুগমীয়া কৰিবলৈকে মোগল সম্ৰাট শ্বাহজাহানে ১৬০০ শতিকাৰ মাজ ভাগতে নিৰ্মাণ কৰোৱাইছিল আগ্ৰাত তাজমহল। ১৬৩২ খৃষ্টাব্দৰ পৰা নিৰ্মাণ আৰম্ভ কৰা তাজমহলৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল ১৬৪৮ খৃষ্টাব্দত। ১৯৮৩ চনত আকৌ তাজমহলে লাভ কৰিছিল ইউনেস্কোৰ বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি।

বিশ্বৰ সপ্তম আশ্চৰ্যৰ অন্যতম এই তাজমহল। পত্নী প্ৰেমৰ অপূৰ্ব নিদৰ্শন তাজমহল জগতজুৰি খ্যাত। তাজমহলক বাদ দিও এইখন ভাৰতত আছে আন বহু এনে প্ৰেমৰ অপূৰ্ব নিদৰ্শন। আজি আমাৰ এই প্ৰতিবেদনৰ বিষয় তাজমহল নহয় যদিও পত্নী প্ৰেমৰ এক অপূৰ্ব নিদৰ্শনৰ বিষয়ে ইয়াত উল্লেখ কৰা হ'ব।

এইখন ভাৰততে আছে এন এক পত্নী প্ৰেমৰ বিৰল দৃষ্টান্ত যি সমষ্ট জগততে বিৰল। পত্নী প্ৰেমৰ এই বিৰল দৃষ্টান্ত দাঙি ধৰি উল্লেখ কৰিব বিচৰা ব্যক্তিজনে নিৰ্মাণ কৰা নাই কোনো স্মৃষ্টি সৌধ অথবা সুউচ্চ প্ৰতিমূৰ্তি। পত্নী প্ৰেমক অমৰত্ব প্ৰদান কৰিবলৈ, পত্নীৰ অৱদানৰ স্মৃতি ধৰি ৰাখিবলৈ এইজন ব্যক্তিয়ে নিৰ্মাণ কৰিছিল বিশ্ব প্ৰসিদ্ধ এক অুষ্ঠান।

ক'বলৈ বিচৰা হৈছে টাটা কেন্সাৰ মেমৰিয়েল ফাউণ্ডেশ্যনৰ কথা। যি ফাউণ্ডেশ্যনৰ অধীনত সমগ্ৰ দেশজুৰি এতিয়া কৰ্কট ৰোগৰ বিৰুদ্ধে এখন যুদ্ধ ঘোষণা হৈছে। বাদ পৰি ৰোৱা নাই অসমো। অসমতো টাটা গ্ৰুপে ৰাজ্য চৰকাৰৰ সৈতে যৌথ উদ্যোগত নিৰ্মাণ কৰিছে বহু কেইখন কৰ্কট প্ৰতিষ্ঠান।

টাটা গ্ৰুপে যিবোৰ সামাজিকহিতকৰ কাম কৰে সেইবোৰৰ ভিতৰত কৰ্কটৰোগৰ বিৰুদ্ধে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ উল্লেখযোগ্য। কিন্তু কৰ্কট ৰোগৰ বাবে টাটা গ্ৰুপ কিয় ইমান সংবেদনশীল? কিয় টাটা গ্ৰুপে কৰ্কটৰ বিৰুদ্ধে চলাই আছে যুঁজ? এই বিষয়ে জানিবলৈ আমি ঘূৰি যাব লাগিত প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱালৈ।

১৯২০ চনৰ কথা। তেতিয়াৰ টিস্কো তথা এতিয়াৰ টাটা ষ্টীল এক বৃহৎ বিত্তীয় সংকটৰ সন্মুখীন হৈ উদ্যোগটো ধ্বংসৰ দিশে গতি কৰিছিল। পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে উদ্যোগটোৰ কৰ্মচাৰীসকলক দৰমহা দিবলৈও ধনৰ অভাৱ হৈছিল।

এই সমস্যাৰ সমাধান কৰিবলৈ, টিস্কো উদ্যোগক ৰক্ষা কৰিবলৈ টাটা পৰিয়ালৰ বোৱাৰী তথা দোৰাবজী টাটাৰ পত্নী মেহেৰবাই টাটাই পৰিধান কৰা জুবিলী হীৰা টুকুৰা ইম্পেৰিয়েল বেংকত বন্ধকত দিয়া হ'ল।

এই জুবিলী হীৰা টুকুৰা আছিল ২৪৫ কেৰেটৰ। ই আছিল কহিনুৰ হীৰাৰ দুগুণ। মেহেৰবাই টাটাই বিভিন্ন অনুষ্ঠানত পৰিধান কৰিছিল এই হীৰা টুকুৰা। মেহেৰবাই টাটা আছিল সেই সময়ৰ নাৰীবাদী মহিলাসকলৰ ভিতৰত অন্যতম। নাৰী মুক্তিৰ বাবে সেই সময়তে মেহৰবাই টাটায়ে গ্ৰহণ কৰিছিল বহু পদক্ষেপ।

নাৰী শিক্ষাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা মেহেৰবাই টাটা আছিল নেশ্যনেল কাউন্সিল অফ ৱ'মেনৰ প্ৰতিষ্ঠাপক। এইগৰাকী মেহৰাবাই টাটাই পৰিধান কৰা জুবিলী হীৰা টুকুৰা বিক্ৰী কৰিয়েই টিস্কো ৰক্ষা কৰাৰ লগতে টাটা ট্ৰাষ্ট গঠন কৰা হৈছিল। ১৯৩১ চনত এইগৰাকী মহিয়সী মহিলাৰ ৫২ বছৰ বয়সতে কৰ্কট ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু ঘটে।

তেতিয়াৰ টিস্কো তথা এতিয়াৰ টাটা ষ্টীল উদ্যোগ ৰক্ষা কৰিবলৈ আৰু ভাৰতীয় সমাজখনলৈ মেহৰাবাই টাটাই যি ত্যাগ কৰিলে সেই ত্যাগক সন্মান জনাই গঠন কৰা হ'ল টাটা ট্ৰাষ্ট। যি ট্ৰাষ্টে কৰ্কট ৰোগৰ পৰা মানুহৰ জীৱন ৰক্ষা কৰিবলৈ ১৯৪১ চনত নিৰ্মাণ কৰিলে মুম্বাইত টাটা মেমৰিয়েল হাস্পটাল। পৰৱৰ্তী সময়ত গঠন কৰা হ'ল টাটা মেম'ৰিয়েল ফাউণ্ডেশ্যন। যি ফাউণ্ডেশ্যনৰ উদ্যোগত টাটাই দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে কৰ্কটৰ বিৰুদ্ধে যুঁজ।

এই বিখ্যাত টাটা পৰিয়ালৰে বংশজ ৰতন টাটাই শেহতীয়াকৈ অসমত অসম চৰকাৰৰ যৌথ উদ্যোগত নিৰ্মাণ কৰিছে কেইবাখনো কৰ্কট প্ৰতিষ্ঠান। অসমত শেহতীয়াকৈ টাটা ট্ৰাষ্টৰ সহযোগত ৭ খনকৈ কৰ্কট প্ৰতিষ্ঠান নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰতন টাটাৰ উপস্থিতিত এই ৭ খন কৰ্কট প্ৰতিষ্ঠান শুভ উদ্বোধন কৰিলে। আনহাতে ৰাজ্যৰ আন ১০ টা স্থানত নিৰ্মাণ কৰি থকা হৈছে কেইবাখনো কৰ্কট প্ৰতিষ্ঠান।

উল্লেখ্য যে ভাৰতৰ কৰ্কটৰোগীৰ প্ৰায় ৬০ শতাংশই বৰ্তমান টাটাৰ কৰ্কট প্ৰতিষ্ঠানত প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰাৰ লগতে ৭০ শতাংশৰো অধিক লোকে প্ৰায় বিনামূলীয়াকৈ চিকিৎসা লাভ কৰি আছে। কৰ্কট ৰোগৰ বিৰুদ্ধে যাতে সাধাৰণ ৰাইজেও যুঁজ দিব পাৰে তাৰ বাবে টাটা ট্ৰাষ্টে ১৯৪২ চনৰ পৰা বৰ্তমানলৈকে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in