/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4590b435-2315-41c8-9a2d-7cde06d63ff4/AP_FOR_WEB_new_format_pratibedon_tarun_gogoi.jpg)
tarun gogoi
প্ৰকৃততে প্ৰয়াত মুখ্যমন্ত্ৰীৰ জন্মদিন কেতিয়া? ১ এপ্ৰিল নে ১১ অক্টোবৰ? কংগ্ৰে, তৰুণ গগৈৰ পৰিয়ালে জন্মদিন পালন কৰাত কিয় একাংশই সৃষ্টি কৰিছে বিতৰ্ক? গৌৰৱ গগৈ, কংগ্ৰেছে নাজানে নেকি তৰুণ গগৈৰ প্ৰকৃত জন্মদিন? প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন বিতৰ্কৰ আঁত ধৰি অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন।
আজি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে সাংসদ পুত্ৰ গৌৰৱ গগৈয়েও প্ৰয়াত পিতৃৰ জন্মদিন উপলক্ষে পালন কৰিছে বিশেষ কাৰ্যসূচী।
পুৱা প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে এক ফেচবুক পোষ্টৰ জৰিয়তে প্ৰয়াত পিতৃলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ ফেচবুকত লিখিছে- 'ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী,অসমৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী,স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰে অসমবাসীৰ মৰমৰ চানেকীৰে আধুনিক অসমৰ সপোন ৰচোতা মোৰ পিতৃ "পদ্মভূষণ" তৰুণ গগৈ দেৱৰ ৮৮তম জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছো।'
ইয়াৰ উপৰিও তেওঁ সেই একেটা পোষ্টতে লিখিছে- 'দেউতা য'তেই আছা তাৰেই পৰা মুল্যবোধসহ স্বচ্ছতাৰে দেশৰহৈ কাম কৰি যাবলৈ আমাক আশীৰ্বাদ কৰিবা ।'
আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়েও প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰে। এই অনুষ্ঠানত উপস্থিত থাকে গৌৰৱ গগৈৰ লগতে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী অকন বৰা।
প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে ৰাজীৱ ভৱনতো অনুষ্ঠিত কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে অসম বিধানসভাৰ উপ-দলপতি দেবব্ৰত শইকীয়া, কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পূৰকায়স্থ, বিধায়ক ৱাজেদ আলি চৌধুৰী, বিধায়ক আব্দুচ সোভান আলি চৰকাৰ, বিধায়িকা শিৱামনি বৰা আৰু আন জ্যেষ্ঠ নেতা কৰ্মীসকলৰ লগতে গৌৰৱ গগৈয়েও অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ পুস্পাঞ্জলি অৰ্পণ কৰা হয়।
সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছে এনেদৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন উদযাপন কৰাৰ বিপৰীতে ৰাজ্যজুৰি সৃষ্টি হৈছে কিছু বিতৰ্ক। একাংশৰ মতে আজি তৰুণ গগৈৰ জন্মদিন নহয়। ভুল তাৰিখত অনুষ্ঠিত কৰা হৈছে তেওঁৰ জন্মদিন।
উইকিপেডিয়াত উল্লেখ থকা অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জন্ম হৈছিল ১৯৩৬ চনৰ ১ এপ্ৰিলত। উইকিপেডিয়াত অসমীয়াত লিখা আছে এইদৰে- ১৯৩৬ চনৰ ১ এপ্ৰিলত যোৰহাট জিলাৰ ৰঙাজান চাহ বাগিচাত এটা আহোম পৰিয়ালত তৰুণ গগৈৰ জন্ম হয়। গগৈয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰাপৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/924dfc95-ab8a-4049-8b37-4c3e30180a3e/f28078f8_8db6_420c_bfaa_625897c9b1b3.jpg)
উইকিপেডিয়াৰ অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষাত চালে দেখিব, প্ৰথমতে তেওঁৰ জন্ম ১ এপ্ৰিল ১৯৩৬ বুলি উল্লেখ আছে যদিও সেই পৃষ্ঠাৰ তলৰ ফালে থকা প্ৰাৰম্ভিক জীৱন (Early life ) শিতানত তেওঁৰ জন্ম ১১ অক্টোবৰ ১৯৩৬ বুলি উল্লেখ আছে।
বহুতেই প্ৰথমতে উল্লেখ থকা ১ এপ্ৰিল তাৰিখটোকেই তৰুণ গগৈৰ জন্মদিন বা তেওঁৰ প্ৰকৃত জন্ম দিনৰ তাৰিখ বুলি উল্লেখ কৰিছে আৰু আজিৰ জন্মদিনৰ কাৰ্যসূচীক লৈ কিছু বিতৰ্কৰ সূচনা কৰিছে। কিন্তু ভালকৈ পঢ়িলে সেই একেটা পৃষ্ঠাতে তেওঁৰ জন্মদিন ১১ অক্টোবৰ বুলিয়েই উল্লেখ আছে। পৰিয়ালৰ লোকৰ লগতে কংগ্ৰেছ দলেও ১১ অক্টোবৰতেই তেওঁৰ জন্ম দিন উদযাপন কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/35ed0110-c58b-436a-9cdd-8f0cd158eab9/5af97452_79f3_43d2_9f6f_8350b00be5af.jpg)
দৰাচলতে উইকিপেডিয়াত বিভিন্ন বিষয়ৰ ওপৰত, বিভিন্নজনৰ ওপৰত সকলো ব্যক্তিয়েই তথ্য সন্নৱিষ্ট কৰে। প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ সম্পৰ্কে ইয়াত তথ্য অন্তৰ্ভুক্ত কৰাৰ সময়ত হোৱা কিছু ভুলৰ বাবেই এই খেলিমেলিৰ সৃষ্টি হৈছে। ইচ্ছা কৰিলে উইকিপেডিয়াৰ বিষয়ে জ্ঞান থকা কোনো লোকেই এই তথ্যগত ভুল দূৰ কৰিব পাৰিব।
কিন্তু পৰিতাপৰ কথা হ'ল এই সাধাৰণ শুধৰণিটোকে আজি পৰ্যন্ত কৰিব নোৱাৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। একেই অৱেহলা ৰাজ্য চৰকাৰৰো। ৩ টাকৈ কাৰ্যকাল অসমৰ মুখ্যমন্ত্ৰী হোৱা এইগৰাকী প্ৰসিদ্ধ ৰাজনীতিবদিৰ তথ্য এইদৰে ভুলকৈ উল্লেখ থকাৰ পিছতো যে কোনো সংশ্লিষ্ট কৰ্তৃপক্ষয়েই গুৰুত্ব দিয়া নাই সেই বিষয়টোৱে এতি আশ্চৰ্যকৰ কথা।