আহি গ'ল ৫ জি...

JIO 5G
JIO 5G
দেশত আজিৰে পৰা আৰম্ভ হ'ল ৫ জি সেৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভ উদ্বোধন কৰিলে এই সেৱা। ২ জি সেৱাৰ পৰা পৰ্যায়ক্ৰমে আহি আজিৰ এই ৫ জি সেৱাত উপনীত হৈছে দেশবাসী। ইণ্টাৰনেটৰ এই যাত্ৰা সম্পৰ্কে অসমীয়া প্ৰতিদিন ডিজিটেলৰ জয়দ্বীপ নাৰায়ণ দেৱৰ এক বিশেষ প্ৰতিবেদন।

প্ৰধানমন্ত্ৰী মোডীয়ে গাড়ী চলাইছে। ষ্টেৰিয়েঙত হাত থৈ বাৰে বাৰে তেওঁ মনিটৰলৈ চাইছে। কাৰণ তেওঁ ভাৰততেই থাকি ৫ জিৰ জৰিয়তে আমেৰিকাত এই গাড়ী চলাইছে। এতিয়া আমি বহু আগবাঢ়ি গ'লো।

সৌ সিদিনা লৈকে মোবাইলত এটা ভিডিঅ' বা ইণ্টাৰনেট খোলাটো এক প্ৰকাৰৰ অসম্ভৱেই আছিল। ২ জিৰ দিনত ভিডিঅ' এটা চাবলৈ কিমান অসুবিধা হৈছিল সেয়া ভুক্তভোগীয়ে জানে। তাৰ পাছত আহিল ৩ জি।

উন্নত হ'ল ইণ্টাৰনেটৰ স্পীড। তাৰ পাছত ৪ জি, আৰু এইবাৰ ৫ জি। আগষ্ট মাহত অনুষ্ঠিত এক নিলামত এই ৫-জি সেৱাৰ মালিকীস্বত্ব লাভ কৰা ৰিলায়েঞ্চে আৰম্ভ কৰিব এই সেৱা । ২০২৩ বৰ্ষৰ ডিছেম্বৰ মাহলৈ সমগ্ৰ দেশতে উপলব্ধ হ'বলগীয়া এই সেৱা শনিবাৰে এক অনুষ্ঠানত উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

উল্লেখ্য যে, ৫-জি এতিয়া কেৱল এক সেৱা নহয়, ইয়াৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছে দেশৰ তথ্য-প্ৰযুক্তি বিদ্যাৰ ইতিহাসৰ এক অধ্যায় । ১৯৮৬ চনত কেৱল শিক্ষা আৰু গৱেষণাৰ বাবে মুকলি কৰি দিয়া ইন্টাৰনেট সেৱা ২০২০ চনৰ তথ্য অনুসৰি দেশৰ ৭১.৮৪ কোটি অৰ্থাৎ ৫৪ শতাংশ লোকে ব্যৱহাৰ কৰে ।

১৯৮৬ চনত এডুকেশ্যনেল ৰিছাৰ্চ নেটৱৰ্কে দেশত আৰম্ভ কৰা ইন্টাৰনেট সেৱা আছিল কেৱল ৮ খন প্ৰখ্যাত শিক্ষানুষ্ঠানৰ বাবে । এই কেইখন আছিল নেশ্যনেল চেন্টাৰ ফ'ৰ চফ্টৱেৰ টেকনলজি (বোম্বে), ইণ্ডিয়ান ইনষ্টিটিউট অৱ চায়েঞ্চ, দেশৰ ৫ খন আই আই টি (দিল্লী, মুম্বাই, কানপুৰ, খড়গপুৰ আৰু চেন্নাই) আৰু নতুন দিল্লীৰ ডাইৰেক্টৰ অৱ এডুকেশ্যন ।

আনহাতে, ১৯৯৫ চনৰ স্বাধীনতা দিৱসৰ দিনা সমগ্ৰ দেশবাসীৰ বাবে মুকলি কৰি দিয়া হৈছিল ইন্টাৰনেট সেৱা । ৫,২০০ টকাৰ বিনিময়ত ৯.৬ কিলো বিট/ছেকেণ্ডৰ বেগত ২৫০ ঘন্টাৰ বাবে ব্যৱহাৰ কৰিব পৰা গৈছিল এই সেৱা । বৰ্তমানৰ ৫-জি সেৱাই এই বেগ বৃদ্ধি কৰিব ১০০-৩০০ মেগা বাইট/ছেকেণ্ডলৈ ।

৩৬ বছৰীয়‍া এই স্পেকট্ৰাম যাত্ৰা সাক্ষী হৈ ৰয় দেশৰ তথ্য প্ৰযুক্তিৰ উন্নতিৰ সকলো পদক্ষেপৰ । ইন্টাৰনেট অবিহনে আজি অচল আন বহু আনুসংগিক সেৱা । আৰু কেৱল সেৱাই নহয় বৰং ইন্টাৰনেট অবিহনে অচল আমাৰ জীৱন ধাৰা ।

নিমিষতে স্তব্ধ হৈ পৰিব দেশ । তেনে এক সময়তে, দেশত আৰম্ভ হোৱা ৫-জি সেৱাই সূচনা কৰিব এক নতুন যুগৰ । কিন্তু তাৰ সৈতেই জড়িত হৈ আছে আন বহু সমস্যা । উন্নত ৰাষ্ট্ৰ সমুহে কাহানিবাই ৫-জি সেৱা লাভ কৰাৰ পাছতো ভাৰতত আছে কোটি কোটি ২-জি ব্যৱহাৰকাৰী ।

অৱশ্যে ইন্টাৰনেটৰ বাবে নহয় বৰং ফোন আৰু এছ এম এছৰ ক্ষেত্ৰত হে বৰ্তমান ব্যৱহাৰ কৰা হয় ২-জি । অনুমান কৰা হয় যে, ২-জি উপভোক্তা সকলৰ বেছি সংখ্যকেই জ্যেষ্ঠ নাগৰিক যি কেৱল যোগাযোগৰ বাবে হে ব্যৱহাৰ কৰে ফোন ।

কিন্তু এই সকল ব্যৱহাৰকাৰীৰ পৰা উপযুক্ত ৰাজহ সংগ্ৰহ কৰিব পৰা নাই টেলীকম সেৱা সংস্থাসমূহে । যাৰ বাবে লোকচানত চলাই নিব লগীয়া হৈছে ব্যৱসায় । ৰিলায়েঞ্চ জিঅ'ৰ বাহিৰে আন সকলো টেলীকম সেৱাৰে ২-জিৰ কোটি কোটি উপভোক্তা থকাৰ বাবে বন্ধ কৰিব পৰা নাই ২-জি সেৱা ।

এই সেৱাসমূহ উন্নত কৰি অন্তত ৩-জি লৈ নিলেও উপভোক্তাৰ বাবে আটাইতকৈ কম খৰচী উপায় হ'ব শোচনীয় অৱস্থাৰ বি এচ এন এল অথবা জিঅ' । তেনে স্থলত আটাইতকৈ বেছি লোকচান হ'ব ভোডাফোন-আইডিয়া আৰু ভাৰতী এয়াৰটেলৰ ।

৫-জি সেৱাই কেৱল ইন্টাৰনেট সেৱাই উন্নত নকৰে, ইয়াৰ উপৰিও উন্নত কৰিব দেশৰ অৰ্থনীতি । ২০৩৫ বৰ্ষলৈ ৫-জিৰ জৰিয়তে ৪৫০ বিলিয়ন ডলাৰ অৰ্জন কৰাৰ লক্ষ্য কৰা হৈছে সমগ্ৰ দেশত । যাক গণ্য কৰা হৈছে দেশৰ অৰ্থনীতি আৰু সামাজিক ক্ষেত্ৰৰ উন্নয়নৰ আহিলা ৰূপে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষ্য অনুসৰি, নৱ ভাৰত এতিয়া কেৱল প্ৰযুক্তিৰ উপভোক্তাই নহয় বৰং প্ৰযুক্তিৰ ৰূপায়ক ৰূপেও জনাজাত হ'ব সমগ্ৰ বিশ্বত । আনহাতে, আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ কুমাৰ বিৰলাৰ মন্তব্য অনুসৰি ৫-জিৰ জৰিয়তেই অহা তিনি বছৰত ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হ'ব ভাৰত । এনে মন্তব্যসমূহৰ পৰা সহজেই অনুমান কৰিব পাৰি দেশত ৫-জিৰ প্ৰভাৱ ।

কিন্তু এই সমগ্ৰ উন্নয়নৰ সৈতে জড়িত হৈ আছে আন এক ক'লা ইতিহাস । সেইয়া হৈছে ২০০৭ বৰ্ষৰ ২-জি স্পেকট্ৰাম কেলেংকাৰী । সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি কৰা এই কেলেংকাৰীৰ ফলত ভাৰতৰ ক্ষতি হৈছিল প্ৰায় ১,৭৬০ বিলিয়ন ডলাৰৰ ।

২০০৭ চনতে ১,৭৬০ বিলিয়ন ডলাৰৰ ক্ষতি আছিল ভাৰতীয় অৰ্থনীতিৰ ওপৰত এক মোক্ষম আঘাত । সেই সময়ৰ টেলীকম মন্ত্ৰী এ. ৰাজাৰ তত্বাৱধানত সংঘটিত হৈছিল এই কেলেংকাৰী ।

এই কেলেংকাৰীৰ পাছতেই অত্যাধিক সাৱধানতা অৱলম্বন কৰিব লগীয়া হৈছিল দেশৰ টেলীকম বিভাগে । তাৰ পাছত ২০১৬ চনত দেশত আৰম্ভ হয় ৰিলায়েঞ্চ জিঅ'ৰ ৪-জি সেৱা । ৪-জি সেৱাৰ জৰিয়তেই সমগ্ৰ দেশৰ টেলীকম সেৱাৰ এক প্ৰকাৰৰ একছত্ৰী সম্ৰাট হৈ পৰে ৰিলায়েঞ্চ ।

তাৰ পাছতেই যেন ইন্টাৰনেট সেৱাৰ অশ্বমেধ ঘোৰাৰ বেগ লয় ৰিলায়েঞ্চে । প্ৰায় ৮৮,০৭৮ কোটি টকাত ৫-জি ৰ মালিকীস্বত্ব ক্ৰয় কৰে ৰিলায়েঞ্চে । এই দূৰন্ত ঘোৰাই পঞ্চম প্ৰজন্মৰ ইন্টাৰনেট সেৱাৰ বাবদ খৰচ কৰিব প্ৰায় ২ ট্ৰিলিয়ন টকা । তেন্তে এই সেৱাৰ বাবদ লাভ কৰিব লগীয়া অংক ৰাশি সহজেই অনুমেয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in