শেহতীয়াকৈ চলিত মাহত ঘটা বিমান দুৰ্ঘটনাই সকলোকে আচৰিত কৰি তুলিছে ।কিয়নো চলিত মাহৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ২৩৪ গৰাকী লোকে । চলিত মাহৰ বিমান দুৰ্ঘটনাক লৈ মৃগেন ডেকাৰ এক প্ৰতিবেদন...
বিভিন্ন সময়ত ভিন ভিন ঠাইত বিমান দুৰ্ঘটনাত পতিত হোৱাৰ বাতৰি শুনি আহিছো বা দেখিছো । আন আন দুৰ্ঘটনাৰ দৰে বিমান দুৰ্ঘটনাও বৰ্তমানলৈ বহু লোকৰ প্ৰাণ কাঢ়িছে । কিন্তু আন দুৰ্ঘটনাৰ দৰে বিমান দুৰ্ঘটনা নিয়মীয়া নহয় বা কাচিৎহে দুই-এক দুৰ্ঘটনাৰ খবৰ শুনা যায় । সৰু-ডাঙৰ বিমান দুৰ্ঘটনাই বিশ্বৰ প্ৰায় সকলো দেশকেই স্পৰ্শ কৰিছে ।
ডিচেম্বৰ মাহত ধাৰাবাহিকভাৱে সংঘটিত হোৱা ভয়াৱহ বিমান দুৰ্ঘটনাই বিমান পৰিবহণৰ সুৰক্ষাৰ ক্ষেত্ৰত চিন্তাৰ সৃষ্টি কৰিছে। চলিত মাহৰ বহু কেইটা বিমান দুৰ্ঘটনাই বিশ্বক ত্ৰাসিত কৰি ৰাখিছে । আটাইতকৈ ভয়াৱহ কাণ্ডটো সংঘটিত হৈছে দক্ষিণ কোৰিয়াত জেজু এয়াৰৰ এখন বিমানত। য’ত ১৭৭ জন লোকৰ মৃত্যু ঘটে ।
ডিচেম্বৰ মাহত ধাৰাবাহিকভাৱে হোৱা মাৰাত্মক বিমান দুৰ্ঘটনাত ৩ শতাধিক লোকৰ মৃত্যু হোৱাৰ লগতে বিমান উদ্যোগৰ সুৰক্ষা প্ৰট’কল আৰু সঁজুলিৰ বিকলতাৰ ওপৰতো শংকাৰ সৃষ্টি কৰিছে ।
দেওবাৰ অৰ্থাৎ ২৯ ডিচেম্বৰত দক্ষিণ কোৰিয়াৰ মুয়ান বিমানবন্দৰত জেজু এয়াৰৰ এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। বেংককৰ পৰা উভতি অহা বিমানখনৰ সন্মুখৰ লেণ্ডিং গিয়াৰ ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত ৰাণৱেৰ পৰা পিছলি পৰি পকী বেৰত খুন্দা মাৰে।
এই সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ ফলত বিমানখৰ কমেও ১৭৭ জন লোকৰ মৃত্যু হয়। বিমানখনত ১৮১ জন লোক আছিল। জৰুৰীকালীন সহায়ৰ বাবে নিয়োজিত লোকসকলে জুই নিয়ন্ত্ৰণৰ কাম কৰাৰ বাবে ৩২খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু হেলিকপ্টাৰ সেই স্থানত উপস্থিত হৈছিল ।
উল্লেখযোগ্য যে উক্ত বিমান দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰিছিল মাত্ৰ দুজন লোকৰ ।লেণ্ডিং গিয়াৰ বিকল হোৱাৰ কাৰণ বিচাৰি এতিয়াও তদন্ত চলি আছে । দক্ষিণ কোৰিয়াৰ অন্যতম ভয়াৱহ বিমান দুৰ্যোগ হিচাপে চিহ্নিত হোৱা এই কাণ্ডৰ ভয়াৱহতাক লৈ বিষয়াসকলে শোক প্ৰকাশ কৰিছে। ২০০৫ চনত স্থাপন কৰা দক্ষিণ কোৰিয়াৰ অন্যতম বৃহৎ কম খৰচী বিমান সংস্থা জেজু এয়াৰৰ ইতিহাসত এইটোৱেই প্ৰথম মাৰাত্মক দুৰ্ঘটনা।
আজাৰবাইজানৰ এয়াৰলাইন্স দুৰ্ঘটনা...
সমান্তৰালভাৱে ২৫ ডিচেম্বৰত কাজাখাস্তানৰ আকটাউ বিমানবন্দৰৰ সমীপত আজাৰবাইজান এয়াৰলাইন্সৰ এম্ব্ৰায়াৰ ই আৰ জে ১৯০এ আৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু ৩৮ জন লোকৰ মৃত্যু হৈছিল। বাকুৰ পৰা গ্ৰ’জনীলৈ বিমানখনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়তে কাৰিকৰী সমস্যা আৰু প্ৰত্যাহ্বানমূলক বতৰৰ বাবে বিমানখন ডাইভাৰ্ট কৰিবলৈ বাধ্য হয়।
মূল গন্তব্যস্থান গ্ৰ’জনি বিমানবন্দৰত ধাৰাবাহিকভাৱে অৱতৰণৰ প্ৰচেষ্টা বিফল হোৱাৰ পিছত অৱশেষত বিমানখনে আকটাউৰ ওচৰৰ মাটিৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। ৬৭ জন লোকৰ সৈতে যাত্ৰা কৰা বিমানখন দুৰ্ঘটনাৰ ফলত ৩৮ জন লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল । লগতে কেইবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱো হৈছিল ।
ব্ৰাজিলৰ বিমান দু্ৰ্ঘটনাগ্ৰস্ত...
যোৱা ২২ ডিচেম্বৰত দক্ষিণ ব্ৰাজিলৰ গ্ৰেমাডো চহৰত এখন ব্যক্তিগত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ এটা পৰিয়ালৰ দহজন সদস্য নিহত হয়। বিমানখনৰ পাইলট হিচাপে থকা ব্ৰাজিলৰ ব্যৱসায়ী লুইজ ক্লাউডিঅ’ গালেজীৰ পত্নী, তিনিগৰাকী কন্যা আৰু অন্যান্য আত্মীয়ৰ এই দুৰ্ঘটনাত মৃত্যু হয় বুলি তেওঁৰ কোম্পানীয়ে প্ৰকাশ কৰা এক বিবৃতিত প্ৰকাশ পাইছে।
সৰু বিমানখনে অৱতৰণৰ সময়ত এটা অট্টালিকাৰ চিমনি, ঘৰ আৰু দোকানত খুন্দা মাৰিছিল বুলি বাতৰিত প্ৰকাশ পাইছে । স্থানীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি এই ঘটনাত তলত থকা ১৭ জন লোক আহত হয়, য’ত দুজনৰ অৱস্থা গুৰুতৰ আছিল ।
পাপুয়া নিউ গিনিয়াৰ দুৰ্ঘটনা....
যোৱা ২২ ডিচেম্বৰত পাপুয়া নিউগিনিত নৰ্থ ক’ষ্ট এভিয়েশনে পৰিচালিত ব্ৰিটেন-নৰ্মান বিএন-২বি-২৬ আইলেণ্ডাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনত থকা পাঁচজন লোকৰ মৃত্যু হয়। ৱাছু বিমানবন্দৰৰ পৰা লা-নাডজাব অভিমুখী আছিল চাৰ্টাৰ বিমানখন ।
ঘটনাৰ পিছদিনা বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হয় যদিও কোনো লোক জীৱিত নাছিল। বিমানখনৰ সৈতে শেষৰটো সংযোগ স্থাপন হৈছিল বিমানখন দুৰ্ঘটনাৰ মাত্ৰ কেইমিনিটমানৰ আগতেই । উল্লেখযোগ্য যে উক্ত বিমান দুৰ্ঘটনাৰ সম্পূৰ্ণ তদন্ত বৰ্তমানেও অব্যাহত আছে ।
আৰ্জেণ্টিনাৰ মাৰাত্মক দুৰ্ঘটনা
আৰ্জেণ্টিনাৰ ছান ফাৰ্নাণ্ডো বিমানবন্দৰৰ সমীপত এখন বোম্বাৰ্ডিয়াৰ বিডি-১০০-১এ ১০ চেলেঞ্জাৰ ৩০০ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ দুয়োজন পাইলটৰ মৃত্যু হয়। পুন্টা ডেল এষ্টে বিমানবন্দৰৰ পৰা ছান ফাৰ্নাণ্ডো বিমানবন্দৰ অভিমুখী আছিল বিমানখন।
বিমানখনে ৰাণৱে অতিক্ৰম কৰি পেৰিমিটাৰ বেৰ আৰু গছৰ সৈতে খুন্দা মৰাৰ ফলত অৱশেষত জুই লাগি যায়। বিমানখনৰ বাওঁফালৰ ডেউকা ফিউজেজৰ পৰা পৃথক হৈ পৰে আৰু এই অগ্নিকাণ্ডত পাইলটদুজনৰ মৃত্যু হয়। ছান ফাৰ্নাণ্ডো বিমানবন্দৰৰ ৰাণৱেটো বিমানখনৰ বাবে অপৰ্যাপ্ত বুলি গণ্য কৰা হৈছিল, যাৰ ফলত ৰাণৱেৰ অপৰ্যাপ্ত দৈৰ্ঘ্যৰ বাবে এই ট্ৰেজেডী সংঘটিত হৈছিল । এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে বিভাগীয় কৰ্তৃপক্ষই ।
হাৱাই বিমান দুৰ্ঘটনা...
১৭ ডিচেম্বৰত হাৱাইৰ হনোলুলুৰ ডেনিয়েল কে ইন’ৱে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত কামাকা এয়াৰ এল এল চিৰ দ্বাৰা পৰিচালিত চেছনা ২০৮বি গ্ৰেণ্ড কেৰাভান দুৰ্ঘটনাগ্ৰস্ত হয় আৰু বিমানখনৰ দুয়োজন পাইলটৰ মৃত্যু হয়। বিমানখন আছিল নিৰ্দেশনামূলক বিমান।
এটিচিৰ যোগাযোগৰ মতে, বিমানখনে ওপৰলৈ উঠাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাইছিল। তদন্তকাৰীয়ে দুৰ্ঘটনাটোৰ কাৰণ পৰীক্ষা কৰি আছে যদিও প্ৰশিক্ষণৰ সময়ত বিমানখনৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।
চলিত মাহত সংঘটিত ৬টাকৈ বিমান দুৰ্ঘটনাই বাৰুকৈয়ে চিন্তাত পেলাইছে সততে বিমান যাত্ৰা কৰা লোকসকলক । লগতে অতি কম দিনৰ ভিতৰতে ২৩৪ গৰাকী লোকৰ প্ৰাণ যোৱাত শংকিত হৈছে সাধাৰণ ৰাইজো । এই দুৰ্ঘটনাবোৰে প্ৰমাণ কৰে যে বিমান যাত্ৰা এতিয়াও সম্পূৰ্ণৰূপে নিৰাপদ হৈ উঠা নাই । এই দিশত বিশেষজ্ঞসকলৰ কৰণীয় এতিয়াও প্ৰয়োজনবোধ কৰিব পাৰি । ভিন ভিন ঠাইত ঘটা এই দুৰ্ঘটনাবোৰে যে বিমান সুৰক্ষাকলৈ নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে তাত কোনো সন্দেহ নাই ।
এই দুৰ্ঘটনাবোৰৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিছে যদিও এই তদন্তই কেতিয়াও হেৰুৱা লোকক উভতাই আনিব নোৱাৰে । সেয়ে বিমান উদ্যোগবোৰে সুৰক্ষা প্ৰট’কল পুনৰ মূল্যায়ন আৰু বিমানৰ ৰক্ষণাবেক্ষণৰ মানদণ্ড উন্নত কৰাৰ বাবে নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে ।